মাহ অনুসৰি আজিৰ উদ্ধৃতি :
জানুৱাৰী - ফেব্ৰুৱাৰী - মাৰ্চ - এপ্ৰিল - মে’ - জুন - জুলাই - আগষ্ট - ছেপ্টেম্বৰ - অক্টোবৰ - নৱেম্বৰ - ডিচেম্বৰ << যোৱা মাহ — চলিত মাহ >>
আজি বুধবাৰ ৪ অক্টোবৰ, ২০২৩সময়: ৭:২৪ PM (IST)
ফেব্ৰুৱাৰী << মাৰ্চ: ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১ >> এপ্ৰিল
২০২৩
“আমাক শিক্ষাই লাগে, যাৰ দ্বাৰা চৰিত্ৰ গঠন হয়, মানসিক শক্তি বাঢ়ে, মেধা বৃদ্ধি পায় আৰু মানুহে নিজৰ ভৰিত থিয় দিব পাৰে৷”
~ স্বামী বিবেকানন্দ ~
২০২৩
“শৰীৰৰ বিকাশৰ কাৰণে যেনেকৈ পুষ্টিকৰ সুষম আহাৰৰ প্ৰয়োজন, মনৰ বিকাশৰ কাৰণে পুষ্টিকৰ মানসিক আহাৰৰ প্ৰয়োজন তাতোকৈ কোনো গুণেই কম নহয়। মনে তাৰ আহাৰ সংগ্ৰহ কৰে ঘাইকৈ অধ্যয়ন, আলোচনা আৰু সৎ-সংগৰ পৰা।”
~ হোমেন বৰগোহাঞি ~
২০২৩
“অসম এখন সুশোভন বননিৰ দেশ। এই দেশৰ কিছুমান নদীৰ সৌন্দৰ্য ইমানেই মোহনীয় যে পৃথিৱীৰ আন কোনো সৌন্দৰ্যই ইয়াক চেৰ পেলাব নোৱাৰে। টেমছ নদীৰ মোহনীয় ৰূপ মই দেখিছোঁ। কিন্তু প্ৰকৃতিয়ে অতি বিলাস-বহুলভাৱে সজাই তোলা যি নিজৰাৰ পাৰত বহি মই এই টোকাবোৰ লিখি আছো তাতকৈ ওখ খাপৰ সৌন্দৰ্য ক’ৰবাত দেখা মোৰ মনত নপৰে।”
~ মহাত্মা গান্ধী ~
২০২৩
২০২৩
“নিজৰ মনক নিয়ন্ত্ৰিত কৰিব পাৰিলে আপুনি সমগ্ৰ পৃথিৱী শাসন কৰিব পাৰিব৷ ক’বলৈ গ’লে সূৰ্যই যেতিয়া নিজক নিয়ন্ত্ৰিত কৰে তেতিয়াহে ই উজ্জ্বল পোহৰৰ শক্তিশালী উৎস হৈছিল৷ শস্যলৈ ৰূপান্তৰ বা বিৱৰ্তন হোৱাৰ অনুশাসন লাভ কৰাৰ পিছতহে উদ্ভিদে আহাৰ যোগোৱা আৰম্ভ কৰিছিল৷ আমাৰ দেৱদূত আছে, জন্তু জানোৱাৰ আছে, আৰু আছে এক নিযুত দুৰ্বিনীত, সংগ্ৰামী মানৱ সন্তান৷ এই মানুহখিনিয়ে যেতিয়া দৰিদ্ৰতাৰ ওচৰত হাৰ নামানি নিজৰ অস্তিত্বক সন্মান কৰিবলৈ ধৰিব, তেতিয়া আমাৰ দেশ ভাৰতবৰ্ষই সকলোকে অতিক্ৰমি যাব৷”
~ এ পি জে আব্দুল কালাম ~
২০২৩
“জীৱনত সুখী হোৱাৰ আৰু সফল হোৱাৰ একমাত্ৰ উপায় হ'ল কিবা এটা লক্ষ্য ঠিক কৰি লৈ সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰা। লক্ষ্যত উপনীত হ'ব নোৱাৰিলেও কোনো ক্ষতি নাই। কিবা এটা উদ্দেশ্য আগত ৰাখি কৰা কঠোৰ পৰিশ্ৰমেই জীৱনটো অৰ্থ-পূৰ্ণ কৰি তুলিব আৰু চৰিত্ৰক গঢ় দিব।”
~ হোমেন বৰগোহাঞি ~
২০২৩
“ৰাজহুৱা ঠাইত ব্যক্তিগত সকলো যন্ত্ৰণা হেঁচা মাৰি ৰাখি, শান্ত, নম্ৰভাৱে আচৰণ কৰিব পৰা শক্তি আহৰণ কৰিব পাৰিলে এক নিৰ্মল আনন্দ পোৱা যায়৷ এজন মানুহক ভাল ব্যৱহাৰ কৰিলোঁ, এজন মানুহৰ বিষয়ে ভালকৈ ক’লোঁ- এই ভাবটোৱে, এই কামটোৱে মনলৈ যে কি আনন্দ আনে, এনে কামে মনটো যে কিমান বহল কৰে, সেই উপলব্ধি এক ডাঙৰ সম্পত্তি৷”
~ ড° ভবেন্দ্ৰ নাথ শইকীয়া ~
২০২৩
“পৰিবৰ্তন জগতৰ ধৰ্ম৷ কালৰ অবিৰাম সোঁতে জগতক একেথিৰে ৰখা নাই৷ কেৱল ঢৌৰ উপৰি ঢৌ৷ পৰিবৰ্তনৰ পিছত পৰিবৰ্তন৷ এটা কথাৰে পৰিবৰ্তনৰ মাজেদি বিকাশ আৰু আনটোৰে পৰিবৰ্তনৰ মাজেদি বিনাশ৷ বিকাশৰ পৰিবৰ্তনেই উন্নতি আৰু বিনাশৰ পৰিবৰ্তনেই অৱনতি৷”
~ ৰত্নকান্ত বৰকাকতি ~
২০২৩
“সচেতনতা আৰু জাগৰণৰ মাজত পাৰ্থক্য হ’ল- সচেতনতা হ’ল ইন্ধন, জাগৰণ হ’ল এক প্ৰকাৰ অগনি যি অগনিয়ে দুষ্কৃতিক পুৰি ন সৃষ্টিৰ ন গজালি গজাত সহায় কৰে৷”
~ ড॰ ভূপেন হাজৰিকা ~
২০২৩
“শোষণকাৰীক শেষ কৰিবই লাগিব; কিন্তু অস্ত্ৰৰ সহায়েৰে নহয়, জনগণক জগাই তুলি, মহা-বিপ্লৱৰ সৃষ্টি কৰি৷ তাকে কৰিবলৈ মই হাতত কলম তুলি লৈছোঁ৷”
~ বিষ্ণু প্ৰসাদ ৰাভা ~
২০২৩
“যি শিল্পই মানুহৰ জীৱনৰ কথা ক’বলৈ গৈছে সেই শিল্পই স্থায়ী হৈছে, সাৰ্থক হৈছে।”
~ অৰূপা পটংগীয়া কলিতা ~
২০২৩
২০২৩
“যাৰ অহাৰ বাটত মই এচপৰা মাটি দিয়া নাই, তাৰ যোৱাৰ বাটত হেঙাৰ দিয়াৰ কোনো অধিকাৰ মোৰ নাই৷”
~ চৈয়দ আব্দুল মালিক ~
২০২৩
“আপুনি যদি নিজৰ সন্তানক বুদ্ধিমান কৰিবলৈ বিচাৰে, তেনেহ’লে তেওঁলোকক পৰীৰ দেশৰ সাধু শুনাওক৷ তেওঁলোকক যদি আৰু অধিক বুদ্ধিমান কৰিবলৈ বিচাৰে, তেনেহ’লে তেওঁলোকক আৰু অধিক পৰীৰ দেশৰ সাধু শুনাওক৷”
~ এলবাৰ্ট আইনষ্টাইন ~
২০২৩
“যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি।”
~ লায়'নেল ৰবিন্স ~
২০২৩
“মাটিৰে কোনোবাই বল এটাও সাজিব নাজানে, আন কোনোবাই আকৌ তাৰপৰাই ধুনীয়া মূৰ্তি সজাই তোলে। গণিতৰ সূত্ৰ, সংজ্ঞা, উপপাদ্য জনাৰ পিছতো কোনোবাই এটা অংকও নিজাকৈ কৰিব নোৱাৰিব পাৰে, আন কোনোবাই আকৌ সেই একেখিনি সূত্ৰ, সংজ্ঞা, উপপাদ্য ব্যৱহাৰ কৰি অংকবোৰ নিজেই কৰি পেলাব পাৰে। ধুনীয়াকৈ।”
~ বকুল ফুলৰ দৰে (মৃণাল কলিতা ) ~
২০২৩
“বিদ্যা মানৱ মনৰ দীপ্তি; তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাৰে মন পোহৰাই নল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। এতেকে উদগতিৰ পথৰ যাত্ৰা কৰিবৰ আগেয়ে বিদ্যা যুগুত কৰি লোৱা উচিত।”
~ সাৰথি (সত্যনাথ বৰা ) ~
২০২৩
“আপুনি পৃথিৱীখনক ভাল পায় সেই অনুভৱটোৱে আপোনাক সলনি কৰে। এই পৃথিৱীক ৰক্ষা আৰু উদযাপন কৰিবলৈ আপোনাক অনুপ্ৰেৰণা দিয়ে। কিন্তু যেতিয়া আপুনি অনুভৱ কৰে যে পৃথিৱীয়ে আপোনাকো ভাল পায়, তেতিয়া সেই অনুভৱে সম্পৰ্কটোক একমুখী পথৰ পৰা পবিত্ৰ বন্ধনলৈ ৰূপান্তৰিত কৰে।”
~ ৰবিন ৱাল কিমাৰাৰ ~
২০২৩
“মই এটা কথা শিকিছোঁ: আপুনি কাজিয়া লগাৰ পাছতহে মানুহ এজনক জানিব পাৰে। কেৱল তাৰপিছতহে আপুনি তেওঁলোকৰ প্ৰকৃত চৰিত্ৰ বিচাৰ কৰিব পাৰে!”
~ আনে' ফ্ৰাংক ~
২০২৩
“যুক্তি, পৰ্যবেক্ষণ আৰু অভিজ্ঞতা — বিজ্ঞানৰ পবিত্ৰ ত্ৰিত্বই — আমাক শিকাইছে যে সুখেই একমাত্ৰ সুপ্ৰাপ্য; এতিয়াই সময় সুখী হোৱাৰ, আৰু সুখী হোৱাৰ উপায় হ’ল আনকো সুখী কৰা।”
~ ৰবাৰ্ট জি. ইনগাৰ্ছল ~
২০২৩
প্ৰেমে সদায় অংক ভুল কৰে, কিন্তু কবিতা ভাল লেখে, জ্যামিতিৰ বাহু নিমিলে, কিন্তু তাৰ ওপৰতে এটা ঘৰ সাজে, এই একো নজনাকৈ, ভুল কৰি, অনিয়ম কৰি, নিবিচৰাকৈ যেতিয়া ভাল লাগে সেয়াই প্ৰেম।”
চাহেবপুৰাৰ বৰষুণ, (অনুৰাধা শৰ্মা পূজাৰী)
২০২৩
“‘পুৰণি ’ নে ‘নতুন ’ নহয়, সদায় প্ৰশ্ন হ’ব লাগে- ভাল নে বেয়া৷ ভাল হ’লে পুৰণিও গ্ৰহণীয়, বেয়া হ’লে নতুনো বৰ্জনীয়৷”
~ দেৱকান্ত সন্দিকৈ ~
২০২৩
“ভাৰতবৰ্ষ সম্পৰ্কে মোৰ এক দৃষ্টিভংগী আছে: ক্ষুধা-ভয়মুক্ত ভাৰত, নিৰক্ষৰতা আৰু অভাৱমুক্ত ভাৰত। মই এখন সমৃদ্ধিশালী, শক্তিশালী আৰু যত্নশীল ভাৰতৰ সপোন দেখিছোঁ। এনে এখন ভাৰত, যিয়ে মহান জাতিৰ সংমিশ্ৰণত পুনৰ এক সন্মানজনক স্থানত উপবিষ্ট হয়।”
~ অটল বিহাৰী বাজপায়ী ~
২০২৩
“অফুৰন্ত কৌতূহল অথবা অনুসন্ধিৎসাই হ’ল বলিষ্ঠ মানুহৰ মনৰ প্ৰথম পৰিচয়।”
~ ছেমুৱেল জনছন ~
২০২৩
২০২৩
“আমি এই অমূল্য জীৱনটো এবাৰহে পাওঁ আৰু দুনাই নোপোৱা জীৱনটো যদি আমি ভালদৰে যাপন নকৰোঁ তেনেহ’লে নিৰৰ্থক হ’ব আমাৰ এই জীৱন।”
~ মৌনতাৰ কোলাহল , (জোৱলা বৰা ) ~
২০২৩
“থিয়েটাৰ চলিয়েই থাকিব, বাচ চলিয়েই থাকিব৷ নিজৰ যাত্ৰা নিজে ঠিক কৰি লোৱা৷ তোমাক যদি আকৌ থিয়েটাৰত লগ নাপাওঁ, তেনেহ’লে এইখিনিত, এইখিনিত (অৰ্থাৎ মুখত) মই দুখ পাম, কিন্তু এইখিনিত, এইখিনিত (অৰ্থাৎ অন্তৰত) মই আনন্দ পাম৷”
~ আৱৰ্তন (চলচ্চিত্ৰ) , (ভবেন্দ্ৰ নাথ শইকীয়া ) ~
২০২৩
“জীৱনৰ প্ৰতি মুহূৰ্তৰে একোটা মহান উদ্দেশ্য থাকে৷ সেই উদ্দেশ্য সাধনৰ কাৰণে কৰা কঠোৰ প্ৰচেষ্টাতেই জীৱনৰ অৰ্থ লুকাই থাকে৷”
~ মেক্সিম গৰ্কী ~
২০২৩
“এটা সুখী জীৱন যাপন কৰিবলৈ জীৱন-যাপনৰ কলা আয়ত্ত কৰা অতি প্ৰয়োজনীয় হৈ পৰে। কবিতা আৰু চিত্ৰকলাৰ নিচিনাকৈয়ে জীৱন-যাপনৰ কলাও ঘাইকৈ প্ৰকৃতিৰ দান। কিন্তু সকলো মানুহেই ইয়াৰ অনুশীলন কৰি উৎকৰ্ষ সাধন কৰিব পাৰে। সেই কাম কৰিবলৈ পিতৃ-মাতৃ আৰু শিক্ষকে দিহা-পৰামৰ্শ দি ল’ৰা-ছোৱালীক সহায় কৰিব পাৰে; কিন্তু তাৰ চৰম বিকাশ সম্ভৱ হয় নিজৰ চেষ্টাৰ দ্বাৰাহে। জীৱন-যাপনৰ কলা শিকিবলৈ প্ৰখৰ বুদ্ধিমত্তাৰ প্ৰয়োজন। বুদ্ধি অবিহনে ইয়াক শিকিব নোৱাৰি।”
~ চেমুৱেল স্মাইলছ্ ~
২০২৩
“খাদ্যক আপোনাৰ ঔষধ হিচাপে ব্যৱহাৰ কৰক। নহ’লে আপুনি ঔষধক খাদ্য হিচাপে ব্যৱহাৰ কৰিব লাগিব৷”
~ ৰতন টাটা ~
২০২৩
“সাংবাদিক সৈনিকৰ দৰে হ’ব লাগে। ন’ ইম’শ্যন, ন’ ৰিগ্ৰেট, অনলী নিউজ— ট্ৰুথফুল নিউজ। সৈনিকে যুদ্ধক্ষেত্ৰত আবেগবৰ্জিতভাৱে যিদৰে যুদ্ধ কৰে। আবেগ মাত্ৰ এটাই— সেই সময়ত দায়িত্ব ভালদৰে পালন কৰা। সাংবাদিক হ’ব লাগে আবেগবৰ্জিত। বাতৰি পৰিৱেশনৰ সত্যতা আৰু দায়িত্বই মূল কথা।”
~ ইয়াত এখন অৰণ্য আছিল , (অনুৰাধা শৰ্মা পূজাৰী ) ~