চাহেবপুৰাৰ বৰষুণ (গ্ৰন্থ)
অৱয়ব
(চাহেবপুৰাৰ বৰষুণৰ পৰা পুনঃনিৰ্দেশিত)
চাহেবপুৰাৰ বৰষুণ অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা এখন অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৩ চনত।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মানুহক কান্দিবলৈ বিশেষ কাৰণ নালাগে। মানুহে চকুপানী উলিয়াই নাকান্দিলেও বহু কাৰণত কান্দে। কান্দোন জীৱনৰ অপৰিহাৰ্য প্ৰিমিটিভ ছেন্স। মানৱ শিশু পৃথিৱীত ভূমিষ্ঠ হৈয়ে কান্দে। অতি দুখীয়া ঘৰৰ সন্তানেও কান্দে, ৰাজপ্ৰসাদৰ শিশুৱেও কান্দে। ইয়েই সত্য জীৱনৰ।[২]
- প্ৰেমৰ পৰিধি নাথাকে, সংজ্ঞা নাথাকে, ই পানীৰ দৰে, নাদত থ'লে নাদৰ আকাৰ লয়, মহাসাগৰত থ'লে মহাসাগৰৰ। পানীৰ দৰেই ই স্বাধীন, নিজ ইচ্ছাৰে গতিপথ সলায়, মানুহে বৰ ভুল কৰে প্ৰেমক হাতৰ মুঠিত ৰাখিবলৈ যত্ন কৰি, পানীক হাতৰ মুঠিত জানো বন্দী কৰিব পাৰি?[৩]
- মানুহক নিৰ্বাসিত কৰে মানুহে, মানুহৰ আশ্ৰয়ো মানুহেই।[৪]
- বিছনাক গুৰুত্ব দিলে কৰ্মক্ষমতা কমে, এলেহুৱা হয়। বিশ্ৰাম যেতিয়া বিলাসিতা হ'বলৈ আৰম্ভ কৰে, তেতিয়াই মানুহৰ নৈতিক স্খলনৰো সূচনা হয়।[৫]
- যিকোনো ভালপোৱা বস্তুৰ বাবে হেলাৰঙে কষ্ট কৰিব পাৰি। কিন্তু তুমি অন্তৰেৰে ভাল নোপোৱা কাম বাধ্যত পৰি কৰিলে চকীত বহি থাকিও ভাগৰ লাগিব। ক্লান্তি আৰু বিৰক্তিত তুমি ভাগি পৰিবা।[৬]
- যি কাম কৰিলে মনত কোনো অন্তৰ্দ্বন্দ্ব নহয়,চৌব্বিশ ঘণ্টা তুমি প্ৰশান্তিত থাকিব পাৰা, সেয়াই নিশ্চয় ভাল কাম।[৭]
- প্ৰেমে সদায় অংক ভুল কৰে, কিন্তু কবিতা ভাল লেখে, জ্যামিতিৰ বাহু নিমিলে, কিন্তু তাৰ ওপৰতে এটা ঘৰ সাজে, এই একো নজনাকৈ, ভুল কৰি, অনিয়ম কৰি, নিবিচৰাকৈ যেতিয়া ভাল লাগে সেয়াই প্ৰেম।[৮]
- একোটা অঞ্চল নতুবা একোজন মানুহ ক'ব নোৱাৰাকৈয়ে প্ৰতিনিধিত্ব কৰি পেলায় একোখন দেশক। দেশ একেটা ভৌগোলিক খণ্ড, নেদেখিলে বা নগʼলে এখন চহৰ বা দেশক অনুভৱ কৰিব নোৱাৰি। কিন্তু ভৌগোলিক খণ্ডক লৈ হোৱা বিমূৰ্ত ধাৰণাক সৰলীকৰণ কৰে একোজন মানুহে। মানুহজনক ভাল পালেই ভাল পোৱা হয় তেওঁৰ দেশকো। একোজন মানুহে দিয়া তিক্ততাই নাশ কৰে তেওঁ থকা চহৰৰ সৌন্দৰ্যকো।[৯]