ভূপেন হাজৰিকা
অৱয়ব

ড॰ ভূপেন হাজৰিকা (ইংৰাজী: Bhupen Hazarika; ১৯২৬-২০১১) অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবঙ্গ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]
- সচেতনতা আৰু জাগৰণৰ মাজত পাৰ্থক্য হ’ল- সচেতনতা হ’ল ইন্ধন, জাগৰণ হ’ল এক প্ৰকাৰ অগনি যি অগনিয়ে দুষ্কৃতিক পুৰি ন সৃষ্টিৰ ন গজালি গজাত সহায় কৰে৷[১]
- মহান ৭৬ বছৰীয়া সংস্কাৰখিনি একেদিনাই কৰিব লাগিব; মই ভূপেন হাজৰিকাই৷ গতিকে হাল বাই দিব পাৰোঁ নে গুটি সিঁচিব পাৰোঁ— সেইটো নাজানো, ৩৬৫টা দিনত৷ কোনোবা বুদ্ধিজীৱিয়ে যদি কয়— ভূপেন হাজৰিকাই কিডাল কৰিব বা কৰিলে, তেওঁক মই দোষ নিদিওঁ৷ কাৰণ, মই নাজানো, ৩৬৫টা দিনত মই কি কৰিব পাৰিম৷ মই ভীত৷[২]
- Gun নহয়; গানহে মোৰ অস্ত্ৰ৷[৩]
- জীৱনৰ অৰ্থ হ’ল হাঁহি, হাঁহিখিনি বিলাই দিবা, যিমানেই পাৰা সিমানেই বিলাই দিবা৷ টকা যদি পোৱা বহুতো সেইটো বিলাই দিবা৷ যিমানেই বিলাই দিবা সিমানেই মহান হ’বা৷ হাঁহিখিনি আনক বিলাই দিবা আৰু কান্দোনখিনি লুকুৱাই ৰাখিবা৷[৪]
- এজন মানুহে যদি কলৰ পানী বিচাৰে, এজন মানুহে টেক্স দি উঠি ’ৰাস্তাটো ভাল কৰি দিব লাগে, কিয় ভাল কৰি দিয়া নাই’ বুলি যদি প্ৰশ্ন কৰে, তেন্তে সেইটো ৰাজনীতি কৰা নহয়৷ সেইটো সমাজ সচেতনতা৷ সেই সমাজ সচেতনতা লৈয়েই মই সৃষ্টি কৰি যাম আৰু সমাজ সচেতনতা লৈয়েই মই চকু মুদিম৷[৫]
- হাইড্ৰ’জেন দুভাগ, অক্সিজেন এভাগ লৈ সকলো দেশতে পানীৰ সৃষ্টি হয়৷ নিউয়ৰ্ক, মস্কো বা পেৰিছ, হেলচিংকি, শিৱসাগৰ বা বেলজিয়াম- য’লৈকে গৈছোঁ- মানুহ- মানুহ- একে ধাতুৰে তৈয়াৰী৷[৫]
- এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগন৷[৬]
- লোকসংগীত বিচাৰি হাবাথুৰি খোৱাটো মোৰ জন্ম ’হবি’ হয়তো৷ নিউয়ৰ্ক, লণ্ডন, পেৰিছ, মস্কো, মোম্বাচা, লিওগোলডিন আৰু কতনা ঠাইত এ জয় ৰঘুৰ নন্দন গালোঁ৷ আনকি লোকসংগীত বিচাৰি ৰোমৰ আটাইতকৈ ডাঙৰ হোটেলটোত থকাৰ সুবিধাকণ নেওচি তেৰদিন আদ্ৰিয়াটিক সাগৰৰ মাছমৰীয়াৰ নাৱত ঘূৰি ফুৰা বলিয়ালিখিনি অকল বিষ্ণুদাৰ শিষ্য বুলিয়েই বোধহয় মোৰ স্বভাৱজাত৷[৭]
- মই জীয়াই আছোঁ সময়ৰ আগে আগে, আত্মপ্ৰত্যয়ৰ বাবে৷ সাধাৰণৰ লগত থাকিম অসাধাৰণ ভাবে৷ [৮]
- প্ৰতিজন মানুহক পাৰিপাৰ্শ্বিকতাই বিশ্বাস কৰিবলগীয়া যেন নকৰিলেও প্ৰতিজন মানুহৰ অন্তৰ্নিহিত সততাকণক মই বিশ্বাস যদি নকৰোঁ, মই ভাবো ১, মই হৈ যাম এটি অকলশৰীয়া দ্বীপ৷[৮]
- মই মাৰ্ক্সবাদত বিশ্বাসী৷ কিন্তু, মই ক’ৰবাত কৈছোঁ, কমিউনিজম কাৰটো ল’ম? ডাঙ্গেৰ নে জ্যোতি বসুৰ, নে ফণী বৰাৰ, নে...? মাৰ্ক্সবাদ এটা বিজ্ঞান৷ কিন্তু এ বি চি ডি কৈ নিৰ্লজ্জভাৱে মানুহৰ নামে নামে দল ওলাইছে৷ এইটো মাৰ্ক্সে নিশ্চয় ভবা নাছিল৷[৩]
- মোৰ আইক ভালপাওঁ বুলিলে, আনৰ আইক জানো ঘিণ কৰাটো বুজাব?[৩]
- যিসকল নবীন শিল্পীয়ে মোৰ গীতসমূহ এতিয়ালৈ গাইছে তাৰ ভিতৰত মৌচুমীয়ে মোৰ উচ্চাৰণ আৰু প্ৰকাশভংগী, মোৰ গায়কীৰ কাষ চাপিব পৰিছে। মৌচুমীলৈ মোৰ মৰমসনা শুভেচ্ছা আৰু আশীৰ্বাদ থাকিল।[৯]
- যিখিনি আমাৰ আছিল, যিখিনি সময়ৰ ধুমুহাক নেওচিও আজিলৈকে বাচি আছে, সেইখিনিকে ৰখা আমাৰ জৰুৰী সমস্যা বুলি আমাৰ বিশ্বাস৷ (সুন্দৰৰ ন দিগন্ত, ১৯৬৭, পৃ ৭৪)[১০]
- অসমীয়া শাস্ত্ৰীয় সংগীতৰ ব্যাকৰণ সৰল নহয়৷ সেয়ে তাৰ শিক্ষাৰ আৰু সাধনাৰ বাবে বৈজ্ঞানিক শিক্ষা পদ্ধতিত ভেটি কৰা শিক্ষালয়ৰ প্ৰয়োজন৷ পলম কৰিলে বিপদ হ’ব৷(সুন্দৰৰ ন দিগন্ত, ১৯৬৭, পৃ ৭৪)[১০]
- জ্যোতি ককাইদেৱে (জ্যোতিপ্ৰসাদ আগৰৱালা) আকাশ আৰু বিষ্ণু ককাইদেৱে (বিষ্ণু প্ৰসাদ ৰাভা) মোক এখন ভৰি মাটিত থ’বলৈ শিকালে।[১১]
- যিসকল অন্য ৰাজ্যৰ পৰা আহি অসমবাসী হৈ গ’ল, তেওঁলোকে নিজ স্বাৰ্থতে অসমখনক সন্মানসহকাৰে আপোন কৰি লোৱাটোৱেই স্বাভাৱিক নৈতিকতা।[১২]
- আজিৰ অসম তথা ভাৰতৰ তথা পূৰ্ব ভাৰতৰএই ’বহিৰাগত’ সমস্যাটো পৰৰাষ্ট্ৰৰ অভাৰতীয়ৰ বহিৰাগতহে সমস্যা। বাৰে বাৰে কওঁ, বিশেষ ভাষা বা ধৰ্মৰ কথা ইয়াত নাহে- ই ভাৰতীয় সমস্যা।[১২]
- আজিৰ অসম তথা ভাৰতৰ তথা পূৰ্ব ভাৰতৰএই ’বহিৰাগত’ সমস্যাটো পৰৰাষ্ট্ৰৰ অভাৰতীয়ৰ বহিৰাগতহে সমস্যা। বাৰে বাৰে কওঁ, বিশেষ ভাষা বা ধৰ্মৰ কথা ইয়াত নাহে- ই ভাৰতীয় সমস্যা
মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ভাৰতৰ কোনো এখন ৰাজ্যত আধুনিক গীতে ইমান জনপ্ৰিয় তথা বৈভৱপূৰ্ণ হৈ উঠা নাই, যিটো হৈ উঠিছে অসমীয়া আধুনিক গীতত, এই বৈভৱপূৰ্ণ অৱস্থালৈ আধুনিক অসমীয়া গীতক লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ অৱদান আগ বঢ়াইছে ড০ ভূপেন হাজৰিকাই।
- ভূপেন হাজৰিকাই গীতেৰে ছবি আঁকিছিল।
- ভূপেন হাজৰিকাৰ গীতৰ সুকীয়া শক্তি আছে। তেওঁৰ এটা এটা সুৰত আছে একোখন সমাজ। তেওঁৰ সুৰত সমাজখন দেখা পাওঁ বাবেই গীতবোৰে মনত খুন্দিয়াই। সুৰতো যে ‘কমপ্লেক্স’, ‘ইমোচন’ থাকিব পাৰে সেয়া তেওঁ প্ৰমাণ কৰিছে। সুধাকণ্ঠৰ সুৰত তিনিটা ধাৰা আছে— লোক, ৰাগ আৰু ধ্ৰুপদী। ভূপেন হাজৰিকাক অসমীয়াই হৃদয়ত গোপনে কঢ়িয়াই ফুৰিছে। যাযাবৰী মানুহজনে মনত থূপ খাই থকা ভাববোৰ কথাৰ লগতে সুৰেৰে জাগ্ৰত কৰিছিল। ভূপেন হাজৰিকা গানে, সুৰে, সংগীতে সূৰ্য। তেওঁক আলোচনাহে কৰিব পাৰি স্পৰ্শ কৰিব নোৱাৰি।
- আমি জানো, ভূপেন হাজৰিকা কাহানিও ক’তো নিজে ’লিডাৰ’ হ’বলৈ যোৱা নাই৷ কিন্তু যেতিয়াই তেওঁ অনুকূল পৰিৱেশ পাইছে; বিশ্বাসযোগ্য, গ্ৰহণযোগ্য এচাম মানুহ পাইছে, তেতিয়াই তেওঁলোকৰ সৈতে তেওঁ সংগ্ৰামৰ সতীৰ্থও হ’ব পাৰিছে৷
- লোক-সংগীতৰ সুৰক আধুনিক গীতত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ দক্ষতা অসাধাৰণ৷ গীতৰ কথাৰ সৈতে স্বত:স্ফূৰ্তভাৱে বিভিন্ন লোক-সংগীত সুৰ যেন গাঁথ খাই পৰেহি৷ খাটিখোৱা মানুহৰ কথা ক'বলৈ সেই খাটিখোৱা মানুহৰ প্ৰাণৰ সুৰবোৰকেই তেওঁ বুটলি লৈছিল৷ আৰু সেই লোক-সুৰ আৰু লোক-কথাক নিজৰ অপৰিসীম সৃষ্টিশীলতাৰে গণ-সংগীতলৈ ৰূপান্তৰিত কৰিছিল৷
- বৰ্ণালী বৰুৱা[১৬]
- ভূপেন হাজৰিকাৰ কণ্ঠস্বৰ ইংৰাজীত TENOR বুলি উল্লেখ কৰা প্ৰকাৰৰ ভিতৰত পৰে৷ কিন্তু ভূপেন হাজৰিকাৰ 'মহাবাহু ব্ৰহ্মপুত্ৰ' শব্দকেইটা যি গাম্ভীৰ্যৰে উচ্চাৰিত হৈছে, 'বুকু হম হম কৰে'ত বেদনা বিধৌত যি গহীন ধ্বনি শুনা গৈছে তাতকৈ 'কামেং সীমান্ত দেখিলোঁ, শত্ৰুৰ পশুত্ব চিনিলোঁ' শাৰীটোত তাতকে উচ্চ গ্ৰামৰ বিননি শুনা যায়৷ আমাৰ টোকাৰী গীত আদিত সচৰাচৰ প্ৰয়োগ হোৱা স্বৰটোও তেওঁ ক'ৰবাত-ক'ৰবাত ব্যৱহাৰ কৰিছে৷ আকৌ প্ৰয়োজনবোধে অতি অন্তৰংগ, নিৱিড় স্বৰো ফুটাই তুলিছে৷ এইবোৰ স্বৰসাধনাৰ ফল৷
- ছাত্ৰসকলৰ সভাত এটি অতি কম বয়সীয়া ল’ৰাই (শিশু বুলিলেই হয়) হাৰমনিয়ামৰ লগত অতি সুন্দৰকৈ এটি গীত গাইছিল৷ মই মুগ্ধ হৈ আসনৰ পৰা উঠি সভাতে ল’ৰাটিৰ গালত চুমা এটা খালোঁগৈ৷
- সুন্দৰৰ লীলা-খেলাত আজীৱন মগ্ন হৈ থকা ভূপেন হাজৰিকাৰ গীতসমূহ অহেতুক সৃষ্টি লীলা নহয়; অনিৰ্বচনীয় সৃষ্টি লীলাহে৷
- ড° মহেন্দ্ৰ বৰা৷[১৮]
- ভূপেনদা নিজেই আছিল সংগীতৰ এক ঘৰাণা৷ পৃথিৱীৰ কোনো সংগীত শিল্পীৰ সৈতে তেওঁৰ তুলনা কৰিব নোৱাৰি৷ তেওঁ নিৰুপম৷
- ভূপেন হাজৰিকা হ’ল, বহু আস্থাহীনতাৰ বিপৰীতেএক গভীৰ আস্থাৰ গান গোৱা গায়ক- যি গীত, সুৰ আৰু কণ্ঠেৰে অসমৰ প্ৰতিটো সৰু-বৰ জনগোষ্ঠীক একেডাল এনাজৰীৰে বান্ধি ৰাখিব পাৰিছিল, যি কেৱল এটা কণ্ঠেৰেই লুইত বা গংগাৰ পৰা মিচিচিপি হৈ ভল্গাৰ ৰূপ চাব পাৰিছিল, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটিৱ পাৰিছিল, মাৰ্ক টোৱেইনৰ সমাধিত বহি গৰ্কীৰ কথা ক’ব পাৰিছিল৷
- বিদ্যুত কুমাৰ ভূঞা৷ [১৯]
- উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো জনগোষ্ঠীৰ অব্যক্ত প্ৰাণৰ কথা ব্যক্ত হৈছে ভূপেন হাজৰিকাৰ গীতত৷ ভূপেন হাজৰিকা অসামান্য কবি, ভূপেন হাজৰিকাৰ গীতসমূহ অসামান্য সাহিত্য সৃষ্টি৷
- হোমেন বৰগোহাঞি[২০]
- “তুমি কি নিছক এক শিল্পীৰ নাম৷
মিথ্যে কথা,
তুমি প্ৰগতি পাগল
এক জীবনেৰ সংজ্ঞা
পৃথিৱীৰ জীবনেৰা
জীবন যেখানে
পায় খুঁজে৷
- তুমি বিশ্ব বাউল-তাই
আস্থাহীনতাৰ বিপৰীতে
গাও গভীৰ আস্থাৰ গান৷
-পৃথিবীৰ যাযাবৰ৷
তোমাকে যে দেখলাম
মনে হয়
পৃথিৱীকে দেখলাম৷- ঢাকা বিশ্ববিদ্যালয়ৰ পৰা বাংলা ভাষাত কবিতাৰে দিয়া অভিনন্দন পত্ৰ৷
বিষ্ণু ককাইদেউ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ক্লাছ ছিক্সৰ পৰা টেনলৈকে মই য'লৈকে যাওঁ,তাতে একো একোজন সাংঘাটিক প্ৰতীক পাব লাগেনে? চাইকেলখন লৈ অলপ দূৰ গ'লেই জ্যোতিপ্ৰসাদৰ পিয়ানো শুনো। জ্যোতিপ্ৰসাদৰ যিটো পকীঘৰ, সেইটো আমাৰ বৰ ডাঙৰ ডাঙৰ লাগে। বজাৰলৈ গ'লে আমি জুমি জুমি এনেয়েই চাই যাওঁ। জৱাহৰলাল, মহাত্মা গান্ধী আদি আহিলেও ইয়াতে থাকেহি। বিষ্ণু ৰাভাকতো ভয় কৰিছিল মানুহে। সিফালে যাওঁ আনন্দ চন্দ্ৰ আগৰৱালা, 'অসম বন্তি' সম্পাদনা কৰি থাকে পদ্মনাথ গোহাঞি বৰুৱাই। ইফালে ক্লাছলৈ যাওঁ, দণ্ডীনাথ কলিতাই অসমীয়া পঢ়ায়। গতিকে এই গোটেই পৰিৱেশটোৱেই এটা সৃষ্টিশীল পৰিৱেশ আছিল।[২১]
- ধুনীয়া গাড়ীখনৰ দুজন ধুনীয়া মানুহ নামিছে। তেওঁলোকেই আছিল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু প্ৰসাদ ৰাভা।তেওঁলোক যেতিয়া আমাৰ ঘৰলৈ আহে, তেতিয়া মই স্কুললৈ যাবৰ বাবে গা ধুবলৈ যাম আৰু।এনেতে তেওঁলোক সোমালহি। মই লাহেকৈ ওলাই আহি ভাত ৰান্ধি থকা মাৰ ওচৰলৈ গৈ কলোঁ - মা, কোন আহিছে জান? জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভা আহিছে।ককাইদেউ-চকাইদেউ কি ক'ব লাগে নেজানো। অলপ পাছত দেউতা সোমাই আহি মোক তালৈ মাতি লৈ গ'ল। জ্যোতিদাই সুধিলে, "এইটো কাৰ?" দেউতাই এটা জাপানী পিয়ানো কিনি দিছিল, পুতলাৰ নিচিনা, সেইটোকে জ্যোতিপ্ৰসাদে টুংটুঙাই বজাই আছিল। তেওঁ এটা গান বজাইছে। মই যোৱাত সুধিলে, "এইটো কি গান কোৱাচোন।" মই ক'লোঁ - "ৰৈ ৰৈ কেতেকী বিনাৱ"।[২১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ গোস্বামী, ত্ৰিদিব (২০১২)। মহৎ লোকৰ বাণী। গুৱাহাটী। বনলতা। আহৰণ কৰা হৈছে: ৮ ছেপ্টেম্বৰ ২০২১।
- ↑ অসম সাহিত্য সভাত ভূপেন হাজৰিকা, গ্ৰন্থমালিতা, ৰতিমোহন নাথ
- ↑ ৩.০ ৩.১ ৩.২ হাজৰিকা, ড° ভূপেন (১৯৯৩)। বহ্নিমান লুইতৰ পাৰে পাৰে। বাণী মন্দিৰ, পৃষ্ঠা:৮৭,৭০।
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ৩৭৮, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ, ২০০৩
- ↑ ৫.০ ৫.১ ৰতিমোহন নাথ (২০১৬)। ভূপেন হাজৰিকাৰ গীতত সমন্বয়-সম্প্ৰীতিৰ সুৰ(বৰ্ণিল বৰাইল)। অসম সহিত্য সভাৰ হাফলং অধিৱেশন।
- ↑ হাৰিজান, ৪ৰ্থ বৰপেটা গ্ৰন্থ উৎসৱ, ২০২৩, পৃ:নং ১৭১
- ↑ ভূঞা, শেখৰজ্যোতি (২০১১)। ধৰাৰ দিহিঙে দিপাঙে ভূপেন হাজৰিকা। চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা:৮। ISBN: 978-81-244-0194-1।
- ↑ ৮.০ ৮.১ গগৈ, মণিমালা (২০১২)। অসমা। তথ্য আৰু জনসংযোগ, পৃষ্ঠা:২৬।
- ↑ সাক্ষাৎকাৰ – জনপ্ৰিয় কণ্ঠশিল্পী মৌচুমী চহৰীয়াৰ সৈতে এখন্তেক. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (অক্টোবৰ, ২০১৯). আহৰণ কৰা হৈছে: 23 মে' 2024.
- ↑ ১০.০ ১০.১ মজুমদাৰ, ড° পৰমানন্দ (2024)। ৰংগশালা। শিল্পী সমাজ, অসম, পৃষ্ঠা:20।
- ↑ ভাগৱতী, প্ৰকল্প ৰঞ্জন (মাৰ্চ ২০২৫). "ভূপেন হাজৰিকাৰ মানৱতাবাদ সত্য প্ৰশস্তিৰ ধ্যান". গৰীয়সী (দ্বাত্ৰিংশ বছৰ, পঞ্চম সংখ্যা).
- ↑ ১২.০ ১২.১ মহন্ত, ননী গোপাল (মাৰ্চ ২০২৫). "ভূপেন হাজৰিকাৰ ৰচনাত সাম্প্ৰতিক অসমৰ ইতিহাস". গৰীয়সী (দ্বাত্ৰিংশ বছৰ, পঞ্চম সংখ্যা).
- ↑ ভূপেন হাজৰিকাৰ গীত. আহৰণ কৰা হৈছে: 2 জুন 2024.
- ↑ ১৪.০ ১৪.১ অসমীয়া প্ৰতিদিন, ৮ নৱেম্বৰ, ২০২১
- ↑ বন্দিত ভুপেনদা, নিন্দিত ভূপেন হাজৰিকা, লোকনাথ গোস্বামী, পৃ: নং; ১৯, আঁক-বাক, ২০০৯
- ↑ বৰ্ণালী বৰুৱা দাস (২০২১)। গভীৰ আস্থাৰ গান। গুৱাহাটী। ষ্টুডেণ্টচ ষ্ট'ৰছ, পৃষ্ঠা:৫৪।
- ↑ সাম্প্ৰতিক অসমীয়া গান (২০২১)। শিল্প-সংস্কৃতিৰ ৰণাঙ্গন। গোলাঘাট। ঐকান্তিক, পৃষ্ঠা:৩০৮। ISBN: ৯৭৮-৮১-৯৫১৪৪৮-৪-৬।
- ↑ ১৮.০ ১৮.১ ১৮.২ (২০২৩) নাৰায়ণপুৰ দৰ্পণ। নাৰায়ণপুৰ। অসম সাহিত্য সভাৰ অধিৱেশনৰ স্মৃতিগ্ৰন্থ, পৃষ্ঠা:১৫০।
- ↑ ভূঞা, বিদ্যুত কুমাৰ (২০১২)। অসমা। তথ্য আৰু জনসংযোগ, পৃষ্ঠা:৭।
- ↑ হাকাচাম, ড° উপেন ৰাভা (২০১৩)। ভাষা সাহিত্যৰ দ্ৰষ্টা-স্ৰষ্টা আৰু সমাজ নিৰ্মাতা। আঁক-বাক, পৃষ্ঠা:২৭৬। ISBN: 978 93 82726 10 4।
- ↑ ২১.০ ২১.১ হাজৰিকা ড° ভূপেন (১৯৯৩)। বিষ্ণু ককাইদেউ। গুৱাহাটী। সূৰ্য্য হাজৰিকা, পৃষ্ঠা:১,২।