অটল বিহাৰী বাজপায়ী

ৱিকিউদ্ধৃতিৰ পৰা

অটল বিহাৰী বাজপায়ী (ইংৰাজী: Atal Bihari Vajpayee; ২৫ ডিচেম্বৰ ১৯২৪ - ১৬ আগষ্ট ২০১৮) স্বাধীন ভাৰতৰ ১০ম প্ৰধানমন্ত্ৰী। তেখেত মুঠ তিনিবাৰৰ বাবে, পোনপ্ৰথমবাৰ ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে (১৬ মে' ১৯৯৬-১ জুন ১৯৯৬), তাৰপাছত ১৯৯৮ - ১৯৯৯ চনত ১৩ মাহৰ বাবে (১৯ মাৰ্চ ১৯৯৮ , দ্বাদশ লোকসভা) আৰু চুড়ান্তভাৱে ১৯৯৯ চনৰ পৰা ২০০৪ (ত্ৰয়োদশ লোকসভা-২২ মে' ২০০৪) চনলৈ মুঠ ৫ বছৰকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৬ আগষ্ট ২০১৮ তাৰিখে সন্ধিয়া ৫-০৫ বজাত দিল্লীৰ এইমছত (অখিল ভাৰতীয় আয়ুৰ্বি়জ্ঞান সংস্থান, নতুন দিল্লী) তেখেতৰ মৃত্যু হয়।

বাজপেয়ী ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) অন্যতম সহ-প্ৰতিষ্ঠাপক আৰু জ্যেষ্ঠ নেতা আছিল। তেওঁ হিন্দু জাতীয়তাবাদী স্বেচ্ছাসেৱক সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত নথকা প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী আছিল যি সম্পূৰ্ণ কাৰ্যকাল পালন কৰিছিল। তেওঁ কবি আৰু লেখক হিচাপেও প্ৰসিদ্ধ আছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. আপুনি বন্ধুক সলনি কৰিব পাৰিব কিন্তু ওচৰ-চুবুৰীয়াক নোৱাৰে।[১]
  2. চৰকাৰ আহিব আৰু যাব, দল গঠন হ'ব আৰু ভাঙিব, কিন্তু এই দেশখন থাকিব লাগিব।[১]
  3. যদি আপুনি কোনো নিৰ্দিষ্ট কিতাপত একো ভাল নাপায়, তেন্তে বহি আলোচনা কৰক। কিতাপ এখন নিষিদ্ধ কৰাটো কোনো সমাধান নহয়। আমি আদৰ্শগতভাৱে ইয়াৰ মোকাবিলা কৰিব লাগিব।[১]
  4. যদি ভাৰত ধৰ্মনিৰপেক্ষ নহয়, তেন্তে ভাৰত মুঠেই ভাৰত নহয়।[২]
  5. সফল জীৱন যোগাত্মক চিন্তাৰ উপহাৰ৷[৩]
  6. ভাৰত কেৱল এক ভূখণ্ড নহয়, এয়া এক জীৱিত সত্তা।
  7. একাংশ লোকে বিজেপিক ভোট নিদিবলৈ মুছলমানসকলক কৈছে আনহাতে সত্যটো হ’ল বিজেপিয়ে কেতিয়াও মুছলমানকে ধৰি কোনো সংখ্যালঘুৰ বিৰুদ্ধে কাম কৰা নাই।[৪]
  8. ভাৰতবৰ্ষ সম্পৰ্কে মোৰ এক দৃষ্টিভংগী আছে: ক্ষুধা-ভয়মুক্ত ভাৰত, নিৰক্ষৰতা আৰু অভাৱমুক্ত ভাৰত। মই এখন সমৃদ্ধিশালী, শক্তিশালী আৰু যত্নশীল ভাৰতৰ সপোন দেখিছোঁ। এনে এখন ভাৰত, যিয়ে মহান জাতিৰ সংমিশ্ৰণত পুনৰ এক সন্মানজনক স্থানত উপবিষ্ট হয়।[৫]
  9. দূৰণিৰ ক’ৰবাত কাৰোবাৰ ক্ৰন্দন
    বন্দী শৰীৰত অস্থিৰ মন,
    লগৰী কেৱল একাকীত্ব
    হেৰাল নেকি কোনোবা কাৰোবাৰ আপোন,
    কান্দোন যে সদায় কৰুণ।[৬]
  10. মই হিন্দু পৰম্পৰাৰ প্ৰতি গৰ্ব অনুভৱ কৰোঁ, কিন্তু ভাৰতীয় পৰম্পৰাৰ প্ৰতি তাতোতকৈ অধিক গৰ্ব অনুভৱ কৰোঁ।[উৎসৰ প্ৰয়োজন]

অটল বিহাৰী বাজপায়ীৰ বিষয়ে উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ভাৰতৰত্ন তথা ভাৰতবৰ্ষৰ এজন সফল প্ৰাক্তন প্ৰধানমন্ত্ৰী হোৱাৰ উপৰিও তেও আছিল প্ৰকৃতাৰ্থত মূল্যবোধৰ ৰাজনীতিৰ মহানায়ক, যুগদ্ৰষ্টা মহাপুৰুষ।
    • মৃণাল কুমাৰ মিশ্ৰ‌[৭]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ Atal Bihari Vajpayee Death Anniversary: 10 famous quotes by former Prime Minister
  2. Bharat Ratna Atal Bihari Vajpayee: Inspiring quotes by great leader
  3. উক্তি সঞ্চয়ন, ৰামচন্দ্ৰ ভূঞা, পৃ নং ৫২, প্ৰকা: ৰীণা বৰা ভূঞা
  4. “There are some people who are telling the Muslims not to vote for the BJP whereas the truth is that the BJP has never worked against any minority, including the Muslims.” - February 19, 2002, Jaihind . Quoted in Madhu Purnima Kishwar: Modi, Muslims and Media. Voices from Narendra Modi’s Gujarat, Manushi Publications, Delhi 2014.
  5. Extract and translate from Suo Motto statement made in the Parliament, after India’s underground nuclear tests conducted on 11 May 1998.Sujata K. Dass (1 January 2004)। Atal Bihari Vajpayee: Prime Minister of India। Gyan Publishing House। ISBN: 978-81-7835-277-0
  6. অটল বিহাৰী বাজপায়ীৰ কবিতা: দূৰণিৰ ক্ৰন্দন, মূল কবিতা: दूर कहीं कोई रोता है, অনুবাদক: ৰূপজ্যোতি গোস্বামী
  7. মৃণাল কুমাৰ মিশ্ৰ‌. “মহাযুগৰ পৰিসমাপ্তি”- অটল বিহাৰী বাজপেয়ীদেৱলৈ একাজলি শ্ৰদ্ধাঞ্জলি. আহৰণ কৰা হৈছে: ১৩ জুলাই ২০২২.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]