সমললৈ যাওক

ৱিকিউদ্ধৃতি:আজিৰ উদ্ধৃতি/আগষ্ট

ৱিকিউদ্ধৃতিৰ পৰা
মাহ অনুসৰি আজিৰ উদ্ধৃতি:
জানুৱাৰী - ফেব্ৰুৱাৰী - মাৰ্চ - এপ্ৰিল - মে’ - জুন - জুলাই - আগষ্ট - ছেপ্টেম্বৰ - অক্টোবৰ - নৱেম্বৰ - ডিচেম্বৰ
<< যোৱা মাহ — চলিত মাহ >>

আজি বৃহস্পতিবাৰ
২১ নৱেম্বৰ, ২০২৪
সময়: ৫:০৭ PM (IST)


জুলাই << আগষ্ট: ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১ >> ছেপ্টেম্বৰ



২০২৩
“অসমীয়াই সকলো এৰিব পাৰে, কিন্তু কামাখ্যা গোঁসানী, শংকৰদেৱৰ ভাগৱত আৰু ৰাম সৰস্বতীৰ মহাভাৰত এৰিলে অসমীয়াৰ অস্তিত্ব নিৰৰ্থক, নিষ্প্ৰভ৷”
~ সূৰ্য্যকুমাৰ ভূঞা ~



২০২৩
“সময় আপোনাৰ জীৱনৰ মুদ্ৰা৷ কেৱল আপুনি এই মুদ্ৰা খৰচ কৰিব। আনক আপোনাৰ হৈ খৰচ কৰিবলৈ নিদিব।”
~ কাৰ্ল ছেণ্ডবাৰ্গ ~
 



২০২৩
“নিজক কষ্ট নিদিবা। প্ৰতিশোধ ল'বলৈ যোৱাটো কষ্টৰে প্ৰতিফলন। জীৱনটো সুন্দৰ কৰিবলৈ উঠি-পৰি লাগা, শান্ত হোৱা। নদীৰ তলত বোকা শিলো থাকে, নদীয়ে সেইবোৰ ঢাকি সৌন্দৰ্যৰ গান গায়। এনেকুৱাই হোৱা। জীৱনৰ প্ৰত্যেক ক্ষণ নিজৰ উন্নতিৰ বাবে কামত লগোৱা। নিজক প্ৰাণ ভৰি ভাল পাবলৈ শিকা, তোমাৰ কোনো দুখ নাথাকিব।”
~ সোণ হৰিণৰ চেঁকুৰ, (অনুৰাধা শৰ্মা পূজাৰী) ~

২০২৩
“নভবা নিচিন্তাকৈ কোনো প্ৰতিশ্ৰুতি নিদিবা৷ এবাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত জীৱন দি হ’লেও পালন কৰিবা৷”
~ মহাত্মা গান্ধী ~
 

২০২৩
“এখন অৰণ্যৰ সৃষ্টি হ’বলৈ মাত্ৰ কেইজোপামান বিশাল বনস্পতিয়েই যথেষ্ট নহয়। সৰু-বৰ অসংখ্য বৃক্ষ, লতা-গুল্ম আৰু তৃণপুঞ্জ লৈ যি বিচিত্ৰ ৰহস্যময় অৰণ্য সৃষ্টি হয়, সিহে আমাৰ অন্তহীন আনন্দ আৰু বিস্ময়ৰ উৎস।”
~ হোমেন বৰগোহাঞি, (আত্মানুসন্ধান) ~

২০২৩
“ভাল বন্ধু লাভৰ একমাত্ৰ উপায় হৈছে নিজে সেই ভাল বন্ধুজন হ’বলৈ চেষ্টা কৰা৷”
~ ৰাল্ফ ৱাল্ডো এমাৰছন ~

২০২৩
“আমাৰ গুণ আৰু আমাৰ বিফলতাবোৰ বল আৰু পদাৰ্থৰ দৰে অবিচ্ছেদ্য। যেতিয়া সিহঁতৰ বিচ্ছেদ হয়, তেতিয়া মানুহৰ অস্তিত্ব নাথাকে৷”
~ নিক'লা টেছলা ~

২০২৩
“প্ৰকৃত ছাত্ৰই কেতিয়াও খ্যাতি, ক্ষমতা নাইবা আমোদ নিবিচাৰে৷ তেওঁ বিচাৰে কেৱল জ্ঞান আৰু সত্য৷ সত্য আৱিষ্কাৰ কৰিবৰ বাবে তেওঁ সকলো কৰিবলৈ সাজু৷”
~ জগদীশ চন্দ্ৰ বসু ~

২০২৩
“নাৰী সবল নে দুৰ্বল সঁচাকৈ যদি চাব খোজে, গাঁৱলৈ যাব লাগিব, পাহাৰলৈ যাব লাগিব, চাহবাগিছাবোৰলৈ যাব লাগিব৷ দেখিব মহিলাসকলে পথাৰত কাম কৰি আছে, খৰি ছিৰি আছে, পানী আনিবলৈ গৈছে, ভাত ৰান্ধি আছে, সন্তান-পতি-শহুৰৰ সেৱ কৰি আছে, গিৰিয়েকৰ কোবো খাই আছে৷ মুঠতে জৈৱিকভাৱে তেওঁলোক পুৰুষতকৈ অধিক৷ মৰেও পুৰুষতকৈ দেৰিকৈ৷ চহৰৰ মহিলাসকল তুলনামূলকভাৱে অলপ আৰামত থাকে, সেয়ে বহুতে নিজকে দুৰ্বল বুলি ভাবে৷”
~ অনিমা গুহ ~

২০২৩
“মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে।”
~ জৱাহৰলাল নেহৰু ~

২০২৩
“সুখ আৰু দুখক হাঁহি মুখেৰে গ্ৰহণ কৰিব পৰাজনেহে জীৱনৰ সৌন্দৰ্য উপভোগ কৰে৷”
~ বল্লভভাই পেটেল ~
 



২০২৩
“জীৱনৰ হৈ কামে ৰূপান্তৰ ঘটায়। আত্মা আৰু জগতৰ মাজৰ সম্পৰ্ক পাৰস্পৰিক হোৱাৰ বাবে প্ৰথমে জ্ঞান লাভ বা ৰক্ষা পোৱা আৰু তাৰ পিছত কাম কৰাৰ প্ৰশ্ন নহয়। আমি পৃথিৱীখনক সুস্থ কৰিবলৈ কাম কৰাৰ লগে লগে পৃথিৱীয়ে আমাক সুস্থ কৰে।”
~ ৰবিন ৱাল কিমাৰাৰ ~

২০২৩
“তুমি যেতিয়া জন্মিছিলা, তেতিয়া তুমি কান্দিছিলা, কিন্ত আনসকলে হাঁহিছিল৷ এতিয়া তুমি যাতে জীৱনত এনে কিছুমান কাম কৰা যাৰ দ্বাৰা তুমি পৃথিৱীৰ পৰা হাঁহি হাঁহি আঁতৰি যাবা আৰু আনবিলাকে যেন কান্দি উঠে৷”
~ তুলসীদাস ~
 



২০২৩
“স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দৰেই মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে। কেতিয়াবা মই মজদুৰৰ কাম কৰিছোঁ, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়াৰ কাম।… অতীত যিয়েই নহওক, লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যৎ সুন্দৰ হৈ উঠে।”
~ আব্ৰাহাম লিংকন ~
 



২০২৩
“আমি যেতিয়া থিয় দিম, আজাদ হিন্দ ফৌজটো তেতিয়া গ্ৰেনাইটৰ বেৰৰ দৰে হ’ব লাগিব; আমি যেতিয়া মাৰ্চ কৰিম, তেতিয়া আজাদ হিন্দ ফৌজটো ষ্টীমৰোলাৰৰ দৰে হ’ব লাগিব।”
~ সুভাষ চন্দ্ৰ বসু ~

২০২৩
“আত্মসন্মানে এজন লোকক দৃঢ়ভাৱে থিয় দিবলৈ, আগলৈ চাবলৈ, নিজৰ বুদ্ধিৰ বিকাশ ঘটাবলৈ আৰু আপোন অৱস্থাৰ উন্নতি শাধিবলৈ উদ্গনি দিয়ে। আত্মসন্মানবোধেই হ’ল, পৰিষ্কাৰ-পৰিচ্ছন্নতা, পৱিত্ৰতা, শ্ৰদ্ধা, সততা, সংযম আদি সৰহভাগ সদগুণৰ মূল।”
~ চেমুৱেল স্মাইলছ্ ~



২০২৩
“এখন গ্ৰন্থ যৌৱনৰ খাদ্য, প্ৰৌঢ়ত্বৰ আলোক, প্ৰগতিৰ অলংকাৰ, দুৰ্ভাগ্যৰ পৰা নিৰাপত্তা, ঘৰ এখনৰ পোহৰ আৰু যাত্ৰাৰ সংগী।”
~ মাৰ্কাছ টুলিয়াছ চিচেৰো ~
 

২০২৩
“নিজৰ ওপৰত বিশ্বাস ৰাখক। আপুনি নিজে ভবাতকৈ বেছি সাহসী, আপুনি জনাতকৈও অধিক প্ৰতিভাশালী, আৰু আপুনি নিজে কল্পনা কৰাতকৈও অধিক কৰিবলৈ সক্ষম।”
~ ৰয় টি বেনেট ~
 

২০২৩
“সৰু ল’ৰা-ছোৱালীৰ ওপৰত পৃথিৱীয়ে যি আস্থা ৰাখে, তাতকৈ পবিত্ৰ কোনো আস্থা নাই। তেওঁলোকৰ অধিকাৰক সন্মান জনোৱা, তেওঁলোকৰ কল্যাণ সুৰক্ষিত হোৱা, তেওঁলোকৰ জীৱন যাতে ভয় আৰু অভাৱৰ পৰা মুক্ত হয় আৰু শান্তিৰে ডাঙৰ-দীঘল হয়, ইয়াতকৈ ডাঙৰ কৰ্তব্য নাই।”
~ কফি আন্নান ~
 

২০২৩
“যেতিয়া এজন মানুহে বিবেচনা কৰে যে নিজ জাতি আৰু দেশৰ প্ৰতি তেওঁ দায়িত্ব পালন কৰিছে, তেতিয়া তেওঁ শান্তিতে মৃত্যু বৰণ কৰিব পাৰে।”
~ নেলছন মেণ্ডেলা ~
 

২০২৩
“মই নাজানো সফলতাৰ চাবিকাঠীনো কি, কিন্তু বিফলতাৰ মূলতেই হ'ল সকলোকে সন্তুষ্ট কৰাৰ বাবে চেষ্টা কৰা।”
~ বিল কযবি ~
 

২০২৩
“সমাজৰ পৰা কানি, মদ, ভাং – এই তিনিটা বৰবিহ একেবাৰে আঁতৰাবলৈ হ’লে মতা-মাইকী উভয়ে শিক্ষিত হ’ব লাগিব। বিশেষকৈ তিৰোতা জাতিটো। তিৰোতা জাতিটো শিক্ষিত হ’লে আগলৈ জন্ম লোৱা সন্তানবিলাকো শিক্ষিত হ’ব। কিয়নো সন্তানে পোন প্ৰথমে মাকৰ পৰাহে শিক্ষা পায়”
~ ৰজনীকান্ত বৰদলৈ ~
 

২০২৩
“হাইড্ৰ’জেন দুভাগ, অক্সিজেন এভাগ লৈ সকলো দেশতে পানীৰ সৃষ্টি হয়৷ নিউয়ৰ্ক, মস্কো বা পেৰিছ, হেলচিংকি, শিৱসাগৰ বা বেলজিয়াম- য’লৈকে গৈছোঁ- মানুহ- মানুহ- একে ধাতুৰে তৈয়াৰী৷”
~ ভূপেন হাজৰিকা ~
 

২০২৩
“জীৱশূন্য মৃতদেহটো এডোখৰ কাঠৰ নিচিনা, তাক যত্ন কৰি সৎকাৰ কৰাৰ নিমিত্তে বৃথা খৰচ বা পৰিশ্ৰম কৰাৰ কোনো প্ৰয়োজন নাই। মৃতদেহ মাটিত পোতা ভাল নহয়, কাৰণ তাৰ পৰা ওচৰত থকা মানুহৰ স্বাস্থ্য হানি হ’ব পাৰে। এতেকে মৃতদেহটি এখন গৰুৰ গাড়ীত তুলি নি লোকৰ বাসস্থান পৰা দূৰ ঠাইত পেলাই দিয়াই ভাল।”
~ হেমচন্দ্ৰ বৰুৱা ~
 

২০২৩
“সাহিত্যৰ জাত নাই, ধৰ্ম নাই৷ সেইদৰে সাহিত্যিকৰো জাত নাই, ধৰ্ম নাই৷ সাহিত্যিকৰ ধৰ্ম সদায় মানৱ ধৰ্ম৷ লিখিলেই গীত, লিখিলেই গল্প নহয়৷ জীৱনৰ অভিজ্ঞতাৰ নিটোল নিৰ্যাস হ’লেহে সাহিত্য৷”
~ নিৰ্মলপ্ৰভা বৰদলৈ ~
 

২০২৩
“সমগ্ৰ বিশ্বই বছৰটোৰ সাতদিন লকডাউন দিব লাগে৷ পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ লকডাউন সাতদিনৰ বাবে বছৰটোত দিয়া জৰুৰী৷”
~ যাদৱ পায়েং ~
 

২০২৩
“বৰ্তমানে প্ৰচলিত কোনো শব্দকে সাহিত্যৰ পৰা বাদ দিয়া উচিত নহয়। সেয়া কৰিলে ভাষাৰ বুৰঞ্জী লোপ পাব আৰু অংগহীন হ’ব। শব্দত ব্ৰাহ্মণ-শূদ্ৰ বিচাৰিলে বা আৰ্য-দস্যু বাছিলে জাতীয় ভাষা নাথাকে; জাতীয় সাহিত্য নহয়। জাতীয় ভাষাত ডাঙৰ-সৰু নাই, হিন্দু-মুছলমান নাই, ৰজা-প্ৰজা নাই আৰু পণ্ডিত-মূৰ্খ নাই।”
~ কালিৰাম মেধি ~
 

২০২৩
“সমালোচনা মানে শিল্পবস্তুৰ নৱজন্ম, সেইবাবেই সমালোচনাও সৃষ্টিধৰ্মী সাহিত্যকৰ্মৰ সমান্তৰাল শিল্পবস্তু৷”
~ মহেন্দ্ৰ বৰা ~

২০২৩
“জীৱনটো যিমানেই কঠিন নহওক কিয়, আপুনি কৰিব পৰা তথা সফল হ'ব পৰা সদায় কিবা এটা থাকিবই।”
~ ষ্টিফেন হকিং ~
 

২০২৩
“ভাৰতবৰ্ষ সম্পৰ্কে মোৰ এক দৃষ্টিভংগী আছে: ক্ষুধা-ভয়মুক্ত ভাৰত, নিৰক্ষৰতা আৰু অভাৱমুক্ত ভাৰত। মই এখন সমৃদ্ধিশালী, শক্তিশালী আৰু যত্নশীল ভাৰতৰ সপোন দেখিছোঁ। এনে এখন ভাৰত, যিয়ে মহান জাতিৰ সংমিশ্ৰণত পুনৰ এক সন্মানজনক স্থানত উপবিষ্ট হয়।”
~ অটল বিহাৰী বাজপায়ী ~
 

২০২৩
“জীৱিকা উপাৰ্জনৰ কাৰণে নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত কৃতকাৰ্য হ’বৰ কাৰণে মানুহে কৰা পৰিশ্ৰম খুব প্ৰয়োজনীয় হ’ব পাৰে৷ কিন্তু সেইধৰণৰ পৰিশ্ৰমে মানুহৰ জীৱনটোক সুন্দৰ আৰু মহৎ নকৰে৷ জীৱনটোক সুন্দৰ আৰু মহৎ কৰে কেৱল মানুহে আজৰি সময়ত কৰা কামবোৰেহে৷”
~ এৰিষ্ট'টল ~