চৈয়দ আব্দুল মালিক
চৈয়দ আব্দুল মালিক (ইংৰাজী: Syed Abdul Malik, ১৯১৯-২০০০) অসমীয়া সাহিত্যৰ এজন গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি। তেওঁ ২৫ খনৰো অধিক গল্প সংকলন, ৫০ খনতকৈ অধিক উপন্যাস, পাঁচখন কবিতা সংকলন, তিনিখন শিশু সাহিত্য আৰু ২০খন মঞ্চ অনাতাঁৰ নাট আৰু অলেখ প্ৰবন্ধ ৰচনা কৰিছিল। তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি হয়। তেওঁ “অঘৰী আত্মাৰ কাহিনী’’ উপন্যাসৰ বাবে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ উপৰিও ১৯৯২ চনত অসম উপত্যকা সাহিত্য বঁটা, ১৯৯৯ চনত শংকৰদেৱ বঁটা আৰু পদ্মশ্ৰী, পদ্মভূষণ সন্মান লাভ কৰে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- চুটিগল্পৰ বিষয়বস্তু মানুহ, মানুহৰ কাৰ্যকলাপ আৰু চৰিত্ৰ, মানুহৰ সমাজ জীৱনত প্ৰকাশ পোৱা বিচিত্ৰ ভূমিকা৷ একোটা চুটিগল্পই কেতিয়াবা একোখন সমাজৰ, একোটা যুগৰ একোটা বিশেষ প্ৰমূল্যৰ আভাস ডাঙি ধৰিব পাৰে৷ কিন্তু এইবোৰ পৰোক্ষহে, প্ৰত্যক্ষ হ’ব নোৱাৰে৷[১]
- মই এখন পুৰণি গাঁৱৰ কৃষকৰ ল’ৰা৷ মাটি, পানী, বন, বোকাৰ লগত মোৰ আশৈশৱ সম্পৰ্ক৷ নগৰ বা নাগৰিক জীৱনৰ প্ৰতি মোৰ কোনো অশ্ৰদ্ধা বা বিৰাগ নাই৷ তথাপি গাঁৱৰ প্ৰতি মোৰ দুৰ্বলতা আছে৷[২]
- আমাক বহুত কবি লাগে আৰু বহুত ভাল কবিতা লাগে৷ আমাক বহুত চুটিগল্প লিখক লাগে আৰু বহুত ভাল চুটিগল্প লাগে৷ আমাক বহুত ঔপন্যাসিক লাগে আৰু বহুত ভাল উপন্যাস লাগে৷[৩]
- এটা চুটি গল্প আকাৰত দীঘলো হ’ব পাৰে, কিন্তু এটা চুটি গল্পই যাতে তাৰ পৰিসৰ একেটা কাহিনী বা বিষয়বস্তুতে আৱদ্ধ ৰাখে তাৰ প্ৰতি দৃষ্টি ৰখা ভাল৷ সাধুকথাত থকাৰ দৰে চুটি গল্পৰ কোনো সাৰ কথা বা হিতোপদেশজাতীয় মন্তব্য নথকাই বাঞ্ছনীয়৷ বৰ্ণিত গলপ্টোৱাই গল্পটোৰ উদ্দেশ্য প্ৰকাশ কৰিব লাগে, গল্পটো গল্পান্তৰলৈ গ’লে ৰসভংগ হোৱাৰ আৰু চুটিগল্পৰ চৰিত্ৰ ক্ষুণ্ণ হোৱাৰ আশংকা থাকে৷[১]
- চুটিগল্পৰ বিষয়বস্তু মানুহ, মানুহৰ কাৰ্যকলাপ আৰু চৰিত্ৰ, মানুহৰ সমাজ জীৱনত প্ৰকাশ পোৱা বিচিত্ৰ ভূমিকা৷ একোটা চুটিগল্পই কেতিয়াবা একোখন সমাজৰ, একোটা যুগৰ একোটা বিশেষ প্ৰমূল্যৰ আভাস দাঙি ধৰিব পাৰে৷ কিন্তু এইবোৰ পৰোক্ষহে, প্ৰত্যক্ষ হ’ব নোৱাৰে৷ [১]
- আমাৰ মাজতে থকা, আমাৰে ভাই-ককাই চাহ বনুৱা আমাৰ বিভিন্ন জনগোষ্ঠীৰ সমাজখন -- বড়ো, মিছিং, কাৰ্বি, লালুং, কছাৰী ছুটীয়া আদি লোকসকলৰ জীৱন ধাৰণৰ ৰীতি-নীতি, সমস্যা আৰু সংঘাতৰ কথা, আশা আৰু নিৰাশাৰ কথা অসমীয়া সাহিত্যিকেই যদি শ্ৰদ্ধা আৰু আস্থাৰে লিখি নুলিয়ায়, আন কোনে লিখিব?[৪]
- পৰাধীনতাৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ কালত ক,খ নজনা এটা ভলণ্টিয়াৰে যিমান একাগ্ৰতা আৰু ত্যাগৰ আদৰ্শ লৈ কাম কৰিছিল, আজি স্বাধীনাত পোৱা পিছত ডাঙৰ ডাঙৰ নেতাসকলেও সেইবোৰ পাহৰি গৈছে৷...ৰাজনীতি ধন ঘটা ব্যৱসায় হৈ পৰিছে৷[৫]
- বৰ্তমান আমাৰ জীৱনত বহুত সঁচা ঘটনাও বিশ্বাস কৰিবলৈ আমি ভয় কৰোঁ৷ আমিসভ্য মানুহ৷[৬]
- যাৰ অহাৰ বাটত মই এচপৰা মাটি দিয়া নাই, তাৰ যোৱাৰ বাটত হেঙাৰ দিয়াৰ কোনো অধিকাৰ মোৰ নাই৷[৭]
- মৰা মানুহৰ জীৱনী লিখাটো টান হ’লেও বিপদজনক নহয়; কাৰণ মৰা মানুহে নিজে কোনো কথাৰে প্ৰতিবাদ নকৰে৷[৮]
- জন্ম-নিয়ন্ত্ৰণ, জন্ম-নিৰোধ যি বিজ্ঞানে কৰিব পাৰে, সেই বিজ্ঞানে জন্মদান এদিন কৰিব পাৰিব৷ এই কথা শুনিবলৈ আজিৰ মানুহৰ অস্বাভাৱিক লগা অন্যায়৷ [৯]
বিভিন্নজনৰ মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]১. (অঘৰী আত্মাৰ কাহিনী) লেখত ল’বলগীয়া কিতাপ। মিঠা মিঠা ভাষাৰ কিচিৰ-মিচিৰ ইয়াত নাই। আমাৰ বিপুল ফিলিষ্টিন মধ্যবিত্ত সমাজৰ অন্তৰ সুত লগাবলৈ ফৰ্মাচী ভাবাবেগ নাই। ইয়াত আছে অনলস পৰ্যবেক্ষণ, সজাগ সাধুতা আৰু পৰিমিত বস্তুনিষ্ঠ ভাষা। অপ্ৰিয় আৰু কটু সত্য প্ৰকাশ কৰিবলৈ তেওঁ ইয়াত কোঁচ খোৱা নাই। তেওঁৰ ৰাজনৈতিক মতবাদ ওপৰে ওপৰে লগাবলৈ নগৈ তেওঁ অভিজ্ঞতাৰ কষটিত সকলো পৰীক্ষা কৰিছে। আনহাতে তেওঁৰ পূৰ্বৰ সদৃদয় মন আৰু আশাবাদে এই কঠোৰ শৃংখলাত প্ৰাণ সঞ্চাৰ কৰিছে। (ড৹ হীৰেন গোহাঁই)[১০]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ ৰক্তাভ জ্যোতি বৰা। উদ্ধৃতি অভিধান। উৎপল হাজৰিকা, বাণী মন্দিৰ, পৃষ্ঠা:৯৯।
- ↑ চৈয়দ আব্দুল মালিকৰ উপন্যাসত গ্ৰাম্য জীৱনৰ প্ৰতিফলন, ড° লুণামণি বৰা, মনপুৰম মৌচন্দা, অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনৰ স্মাৰক গ্ৰন্থ, পৃ: নং, ৫০৩
- ↑ সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া, সমীন কলিতা, পৃ: নং, ৬৫, চন্দ্ৰ প্ৰকাশ
- ↑ আগকথা, প্ৰাচীৰ আৰু প্ৰান্তৰ, চৈয়দ আব্দুল মালিক, ষ্টিডেণ্টচ্ ষ্টোৰচ, ২০১৭
- ↑ কণ্ঠহাৰ, চৈয়দ আব্দুল মালিক, পৃ:নং; ১০৩, ষ্টুদেণ্টচ্ ষ্টোৰচ্, ২০১৮
- ↑ চৈয়দ আব্দুল মালিক (২০১৪)। জীয়াজুৰিৰ ঘাট। চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা:এষাৰ কথা।
- ↑ ড° অৰুণাভৰ অসম্পূৰ্ণ জীৱনী, চৈয়দ আব্দুল মালিক, পৃ:নং; ২৪৭, ষ্টুদেণ্টচ্ ষ্টোৰচ্, ২০১৭
- ↑ ড° অৰুণাভৰ অসম্পূৰ্ণ জীৱনী, চৈয়দ আব্দুল মালিক, পৃ:নং; ৯, ষ্টুদেণ্টচ্ ষ্টোৰচ্, ২০১৭
- ↑ মৰম মৰম লাগে, চৈয়দ আব্দুল মালিক, পৃ:নং; ১০৮, ষ্টুদেণ্টচ্ ষ্টোৰচ্, ২০১৮
- ↑ 'সাহিত্যৰ সত্য', ড৹ হীৰেন গোহাঁই। প্ৰথম প্ৰকাশঃ আগষ্ট, ১৯৭০। প্ৰকাশকঃ 'বৰুৱা এজেঞ্চি'।