সমললৈ যাওক

জোৱলা বৰা

ৱিকিউদ্ধৃতিৰ পৰা

জোৱলা বৰা হৈছে নগাঁও, অসমৰ এগৰাকী লেখিকা। ২০১০ চনত অসমীয়া সাহিত্যৰ জগতত আত্মপ্ৰকাশ কৰা জোৱলা বৰাৰ আত্মজীৱনীখনৰ নাম হৈছে 'মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ'৷ [] গ্ৰন্থখন ২০১৬ চনত প্ৰকাশিত হৈছিল৷ তেওঁৰ আন এখন গ্ৰন্থ হৈছে মৌনতাৰ কোলাহল[]

  1. "জীৱনত বহু সুযোগ আহে বিপদৰ ৰূপ লৈ আৰু বহু বিপদ আহে সুযোগৰ ৰূপ লৈ।" []
  2. "জীৱনটোক সুন্দৰকৈ আগুৱাই নিবলৈ জীৱন সম্পৰ্কে এটি স্পষ্ট ধাৰণাৰ খুবেই প্ৰয়োজন।" []
  3. "কামৰ ব্যস্ততাই মানুহক সকলো পাহৰাই ৰাখে।"[]
  4. "সম্পৰ্ক গঢ়াটো সহজ কথা, সম্পৰ্ক ভঙাটো তাতোকৈ সহজ কথা, কিন্তু, সম্পৰ্ক জীয়াই ৰখাটো টান কাম।" []
  5. "আমি আমাৰ চৌপাশে থকা প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত সহজে চকু নিদিওঁ।" []
  6. "বিজ্ঞানৰ আৱিষ্কাৰ, প্ৰযুক্তিসমূহৰ ব্যৱহাৰ মানৱ জাতিৰ মংগলৰ বাবে। কিন্তু মানৱ জাতিয়ে ইয়াক যদি সহজভাৱে প্ৰয়োগ নকৰে, তেন্তে বিপদ অনিবাৰ্য।"[]
  7. "এবছৰ মহত্ব বুজি জীৱন নিৰ্ধাৰণ কৰা মাক-দেউতাকে কি বুজিব এদিনৰ মহত্ব! এদিনৰ মহত্ব দিন-হাজিৰা কৰি জীৱন নিৰ্ধাৰণ কৰা সেই ককাইজনে বুজাব পাৰিব, যি এদিন কাম নাপালে গধূলিলৈ আৰু পিছদিনা পুৱালৈ লঘোণে থাকে।"[]
  8. "সময় গতিশীলতাৰ জগততেই আৱৰ্তিত আমাৰ জীৱনৰ গতি। বৰ্তমানক লৈ সঁচকিত হোৱাৰ আগতেই যেন আঙুলিৰ ফাঁকেৰে সৰি পৰে গতিশীল সময়ৰ ঠিকনা! স্মৃতিৰ সঁফুৰা চহকী কৰি হয়তো দি যায় সীমাহীন অভিজ্ঞতা। অনিচ্ছা সত্ত্বেও এই গতিশীল সময়ৰ হাতত হাত থৈ আগবাঢ়িবলগা হয়।"[]
  9. "সভ্যতাৰ উৰ্বৰতাত আধুনিকতাই প্ৰাণ পাই উঠে। আধুনিকতা মানেই সহজ ভাষাত নতুনত্ব আৰু নতুনত্ব মানেই যুৱপ্ৰজন্ম।"[]
  10. "আমি এই অমূল্য জীৱনটো এবাৰহে পাওঁ আৰু দুনাই নোপোৱা জীৱনটো যদি আমি ভালদৰে যাপন নকৰোঁ তেনেহ'লে নিৰৰ্থক হ'ব আমাৰ এই জীৱন।"[]
  11. "কেতিয়াবা দুখতকৈ দায়িত্ববোধ ডাঙৰ হৈ উঠে।"[]
  12. "মানুহক কেন্দ্ৰ কৰিয়ে কাহিনীবোৰে গঢ় লয়, চলি থাকে নিৰন্তৰ। ঠিক কোনখিনিত কাহিনীবোৰৰ আৰম্ভণি হয় কোনেও নাজানে।"[]
  13. "হয়তো জীৱন নিজেই এখন অনাহুত উপন্যাস।"[]
  1. বৰা, জোৱলা (২০১৬, ডিচেম্বৰ)। মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ। গুৱাহাটী। ষ্টুডেণ্টচ; ষ্টৰচ্, পৃষ্ঠা:১৬৬। ISBN: ৯৭৮৮১৭৬৬৫৬৪৪৩
  2. ২.০০ ২.০১ ২.০২ ২.০৩ ২.০৪ ২.০৫ ২.০৬ ২.০৭ ২.০৮ ২.০৯ ২.১০ ২.১১ ২.১২ ২.১৩ জোৱলা বৰা (মাৰ্চ,২০২০)। মৌনতাৰ কোলাহল। কল্যাণী।