সমললৈ যাওক

এ পি জে আব্দুল কালাম

ৱিকিউদ্ধৃতিৰ পৰা
এ পি জে আব্দুল কালামৰ আলোকচিত্ৰ

এ পি জে আব্দুল কালাম (ইংৰাজী: A. P. J. Abdul Kalam) হৈছে এজন ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।

  1. আনৰ লগত নহয়, সদায় নিজৰ লগত যুঁজক। আপুনি সফলতা লাভ কৰিব নোৱাৰিব পাৰে, কিন্তু জীৱনৰ প্ৰতিটো আঘাতেই একোটা শিক্ষা দিয়ে আৰু সেই শিক্ষাই আপোনাক সফলতা দিব।[১]
  2. মই নতুন প্ৰজন্মৰ লগত থাকি বেছি ভাল পাওঁ, বি‍শেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগত। এতিয়াৰ পৰা মই তেওঁলোকৰ লগত মোৰ অভিজ্ঞতা বিনিময় কৰিম, তেওঁলোকৰ কল্পনা শক্তিক জাগ্ৰত কৰিবৰ চেষ্টা কৰিম, আৰু তেওঁলোকক এখন উন্নত ভাৰতবৰ্ষৰ বাবে কাম কৰিবলৈ সাজু কৰি তুলিম, যাৰ বাবে পথচিত্ৰ ইতিমধ্যে তৈয়াৰ কৰা হৈছে।[২]
  3. মোৰ বাবে যিকোনো সময়েই শুভ৷[৩]
  4. নিজৰ মনক নিয়ন্ত্ৰিত কৰিব পাৰিলে আপুনি সমগ্ৰ পৃথিৱী শাসন কৰিব পাৰিব৷ ক’বলৈ গ’লে সূৰ্যই যেতিয়া নিজক নিয়ন্ত্ৰিত কৰে তেতিয়াহে ই উজ্জ্বল পোহৰৰ শক্তিশালী উৎস হৈছিল৷ শস্যলৈ ৰূপান্তৰ বা বিৱৰ্তন হোৱাৰ অনুশাসন লাভ কৰাৰ পিছতহে উদ্ভিদে আহাৰ যোগোৱা আৰম্ভ কৰিছিল৷ আমাৰ দেৱদূত আছে, জন্তু জানোৱাৰ আছে, আৰু আছে এক নিযুত দুৰ্বিনীত, সংগ্ৰামী মানৱ সন্তান৷ এই মানুহখিনিয়ে যেতিয়া দৰিদ্ৰতাৰ ওচৰত হাৰ নামানি নিজৰ অস্তিত্বক সন্মান কৰিবলৈ ধৰিব, তেতিয়া আমাৰ দেশ ভাৰতবৰ্ষই সকলোকে অতিক্ৰমি যাব৷[৪]
  5. তোমাৰ যিকণ প্ৰতিভা আছে তাকেই কামত লগাবা৷ আটাইতকৈ ভাল গান গাব পৰা চৰাইকেইজনীৰ বাহিৰে আনবোৰ চৰায়ে যদি গান নাগায়, তেন্তে অৰণ্যখন সদায় নীৰৱ হৈ থাকিব৷[৫]
  1. ভাৰতৰ মহাকাশ, পাৰমাণৱিক, আৰু ক্ষেপণাস্ত্ৰ অভিযানত কালামে অপৰিসীম অৰিহণা যোগাইছিল আৰু দেশে তেওঁক ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত কৰি আৰু অজস্ৰ মৰম- চেনেহেৰে তেওঁক ইয়াৰ প্ৰতিদান দিছিল। ৰাষ্ট্ৰপতি কালামৰ সৰলতা আৰু নম্ৰতাই মোক আটাইতকৈ বেছি মুগ্ধ কৰিছিল। মই লগ পোৱা মানুহৰ ভিতৰত তেওঁ আছিল আটাইতকৈ সহজ-সৰল। চৰকাৰী ভোজতো প্ৰায়ে তেওঁ নিজৰ অতিথিসকলক প্লেট আৰু খাদ্য আগবঢ়াইছিল।(এছ এম খান, কালামৰ জীৱনী লিখোঁতা)[৬]
  1. নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰ, ২০২১
  2. Bhushan, K.; Katyal, G. (2002); A.P.J. Abdul Kalam: The Visionary of India.
  3. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা
  4. এ পি জে আব্দুল কালাম। পথ প্ৰদৰ্শক আত্মা, পৃষ্ঠা:১২৮।
  5. উক্তি সঞ্চয়ন, ৰামচন্দ্ৰ ভূঞা, পৃ নং ৫৫, প্ৰকা: ৰীণা বৰা ভূঞা
  6. মৃত্যুৰ প্ৰাকক্ষণত.... আহৰণ কৰা হৈছে: 28 জুন 2024.