সমললৈ যাওক

কফি আন্নান

ৱিকিউদ্ধৃতিৰ পৰা
২০১২ চনত কফি আন্নান

কফি আন্নান (ইংৰাজী: Kofi Atta Annan; ৮ এপ্ৰিল ১৯৩৮ – ১৮ আগষ্ট ২০১৮) আছিল ঘানাৰ এগৰাকী কূটনীতিবিদ। তেওঁ ১৯৯৭ চনৰ জানুৱাৰীৰ পৰা ২০০৬ চনৰ ডিচেম্বৰলৈকে ৰাষ্ট্ৰসংঘৰ সপ্তম প্ৰধান সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আন্নান আৰু ৰাষ্ট্ৰসংঘ ২০০১ চনৰ শান্তিৰ নোবেল বঁ‌টাৰ যুটীয়া-প্ৰাপক আছিল।

  1. পৃথিৱীখন ৰাখিবলৈ আমাৰ নহয়। আমি ইয়াক ভৱিষ্যত প্ৰজন্মৰ বাবে আস্থাত ৰাখিছোঁ।
  2. আমি এনে এখন পৃথিৱী সৃষ্টি কৰিব লাগিব যিখন ন্যায্য, যিখন সুস্থিৰ আৰু এনে এখন পৃথিৱী য’ত আমি আনৰ প্ৰয়োজনীয়তাক মনত ৰাখোঁ, কেৱল আমাৰ তৎক্ষণাত প্ৰয়োজনীয় কথাবোৰেই নহয়। আমি সকলোৱে একেখন নাৱতে আছোঁ।
  3. কূটনীতিৰ দ্বাৰা আপুনি বহুত কৰিব পাৰে, কিন্তু বলপ্ৰয়োগ নেপথ্যত থকা কূটনীতিৰ সহায়ত আপুনি আৰু বহুত কাম কৰিব পাৰে।
  1. চৰম দৰিদ্ৰতা নিৰ্মূলকৰণক অগ্ৰাধিকাৰৰ ভিত্তিত চিনাক্ত কৰা হৈছে আৰু নিৰ্ধাৰিত ব্যৱস্থাৰ বাবে নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বহুতে কয় যে, বিশ্বায়নৰ সম্ভাৱ্য লাভ বুজিছে যদিও মানুহে এতিয়াও অনুভৱ কৰিব পৰা নাই। এই কথাত একমত যে, ইয়াৰ সমাধানৰ এটা অংশ সাৰ্বভৌম ৰাষ্ট্ৰসমূহে নিজৰ জনসাধাৰণৰ, বিশেষকৈ আটাইতকৈ দৰিদ্ৰ লোকসকলৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়াত নিহিত হৈ আছে। ৰাষ্ট্ৰসমূহে অৱশ্যে ব্যক্তিগত খণ্ড আৰু নাগৰিক সমাজৰ সৈতে মিলি বিশ্বায়নৰ সমস্যা সমাধানৰ বাবে কাম কৰিব লাগিব। অধিক সমতাপূৰ্ণ বিশ্ব অৰ্থনীতিৰ আহ্বান জনোৱা হৈছে, যাৰ দ্বাৰা ধনীসকলে তেওঁলোকতকৈ কম ধনীসকলৰ বাবে অধিক কাম কৰে।[]
  2. মই ভাবোঁ যে, মোৰ আটাইতকৈ অন্ধকাৰ মুহূৰ্তটো আছিল ইৰাক যুদ্ধ, আৰু আমি ইয়াক বন্ধ কৰিব নোৱাৰাৰ সত্যটো.. মই বহুত কষ্ট কৰিছিলোঁ — মই ফোনতো কাম কৰি আছিলোঁ, বিশ্বৰ নেতাসকলৰ সৈতে কথা পাতিছিলোঁ... আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক সমৰ্থন কৰা নাছিল। গতিকে তেওঁলোকে পৰিষদ অবিহনে যোৱাৰ সিদ্ধান্ত ল’লে। কিন্তু মই ভাবোঁ, পৰিষদে যুদ্ধক অনুমোদন নিদিয়াটো সঠিক আছিল...আপুনি কল্পনা কৰিব পাৰেনে, যে যদি U.N.-এ ইৰাকৰ যুদ্ধক সমৰ্থন কৰিলেহেঁতেন তেন্তে আমাৰ কীৰ্তি কেনেকুৱা হ’লহেঁতেন? যদিও সেই সময়ত ৰাষ্ট্ৰপতি (জৰ্জ ডব্লিউ) বুশ্বে কৈছিল যে, ৰাষ্ট্ৰসংঘ অপ্ৰাসংগিকতাৰ দিশে আগবাঢ়িছে, কাৰণ আমি যুদ্ধক সমৰ্থন কৰা নাছিলোঁ। কিন্তু এতিয়া আমি ভালকৈয়ে জানো।[]