কফি আন্নান
অৱয়ব

কফি আন্নান (ইংৰাজী: Kofi Atta Annan; ৮ এপ্ৰিল ১৯৩৮ – ১৮ আগষ্ট ২০১৮) আছিল ঘানাৰ এগৰাকী কূটনীতিবিদ। তেওঁ ১৯৯৭ চনৰ জানুৱাৰীৰ পৰা ২০০৬ চনৰ ডিচেম্বৰলৈকে ৰাষ্ট্ৰসংঘৰ সপ্তম প্ৰধান সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আন্নান আৰু ৰাষ্ট্ৰসংঘ ২০০১ চনৰ শান্তিৰ নোবেল বঁটাৰ যুটীয়া-প্ৰাপক আছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- পৃথিৱীখন ৰাখিবলৈ আমাৰ নহয়। আমি ইয়াক ভৱিষ্যত প্ৰজন্মৰ বাবে আস্থাত ৰাখিছোঁ।
- আমি এনে এখন পৃথিৱী সৃষ্টি কৰিব লাগিব যিখন ন্যায্য, যিখন সুস্থিৰ আৰু এনে এখন পৃথিৱী য’ত আমি আনৰ প্ৰয়োজনীয়তাক মনত ৰাখোঁ, কেৱল আমাৰ তৎক্ষণাত প্ৰয়োজনীয় কথাবোৰেই নহয়। আমি সকলোৱে একেখন নাৱতে আছোঁ।
- কূটনীতিৰ দ্বাৰা আপুনি বহুত কৰিব পাৰে, কিন্তু বলপ্ৰয়োগ নেপথ্যত থকা কূটনীতিৰ সহায়ত আপুনি আৰু বহুত কাম কৰিব পাৰে।<refছাদ্দাম হুছেইনক মান্তি কৰোৱাৰ বাবে বল প্ৰয়োগ সন্দৰ্ভত সংবাদ মেল (২৪ ফেব্ৰুৱাৰী ১৯৯৮)</ref>
- চৰম দৰিদ্ৰতা নিৰ্মূলকৰণক অগ্ৰাধিকাৰৰ ভিত্তিত চিনাক্ত কৰা হৈছে আৰু নিৰ্ধাৰিত ব্যৱস্থাৰ বাবে নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বহুতে কয় যে, বিশ্বায়নৰ সম্ভাৱ্য লাভ বুজিছে যদিও মানুহে এতিয়াও অনুভৱ কৰিব পৰা নাই। এই কথাত একমত যে, ইয়াৰ সমাধানৰ এটা অংশ সাৰ্বভৌম ৰাষ্ট্ৰসমূহে নিজৰ জনসাধাৰণৰ, বিশেষকৈ আটাইতকৈ দৰিদ্ৰ লোকসকলৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়াত নিহিত হৈ আছে। ৰাষ্ট্ৰসমূহে অৱশ্যে ব্যক্তিগত খণ্ড আৰু নাগৰিক সমাজৰ সৈতে মিলি বিশ্বায়নৰ সমস্যা সমাধানৰ বাবে কাম কৰিব লাগিব। অধিক সমতাপূৰ্ণ বিশ্ব অৰ্থনীতিৰ আহ্বান জনোৱা হৈছে, যাৰ দ্বাৰা ধনীসকলে তেওঁলোকতকৈ কম ধনীসকলৰ বাবে অধিক কাম কৰে।[১]
- মই ভাবোঁ যে, মোৰ আটাইতকৈ অন্ধকাৰ মুহূৰ্তটো আছিল ইৰাক যুদ্ধ, আৰু আমি ইয়াক বন্ধ কৰিব নোৱাৰাৰ সত্যটো.. মই বহুত কষ্ট কৰিছিলোঁ — মই ফোনতো কাম কৰি আছিলোঁ, বিশ্বৰ নেতাসকলৰ সৈতে কথা পাতিছিলোঁ... আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক সমৰ্থন কৰা নাছিল। গতিকে তেওঁলোকে পৰিষদ অবিহনে যোৱাৰ সিদ্ধান্ত ল’লে। কিন্তু মই ভাবোঁ, পৰিষদে যুদ্ধক অনুমোদন নিদিয়াটো সঠিক আছিল...আপুনি কল্পনা কৰিব পাৰেনে, যে যদি U.N.-এ ইৰাকৰ যুদ্ধক সমৰ্থন কৰিলেহেঁতেন তেন্তে আমাৰ কীৰ্তি কেনেকুৱা হ’লহেঁতেন? যদিও সেই সময়ত ৰাষ্ট্ৰপতি (জৰ্জ ডব্লিউ) বুশ্বে কৈছিল যে, ৰাষ্ট্ৰসংঘ অপ্ৰাসংগিকতাৰ দিশে আগবাঢ়িছে, কাৰণ আমি যুদ্ধক সমৰ্থন কৰা নাছিলোঁ। কিন্তু এতিয়া আমি ভালকৈয়ে জানো।[২]
- বল প্ৰয়োগৰ বৈধতাৰ একমাত্ৰ উৎস হিচাপে নিৰাপত্তা পৰিষদক পূৰ্বৰ গুৰুত্বপূৰ্ণ স্থানলৈ ঘূৰাই অনা নহ’লে আমি অৰাজকতাৰ বিপজ্জনক পথত আগবাঢ়িছো।[৩]
- আমাৰ হয়তো বেলেগ বেলেগ ধৰ্ম, বেলেগ বেলেগ ভাষা, বেলেগ বেলেগ ৰঙৰ ছাল, কিন্তু আমি সকলোৱে এটা মানৱ জাতিৰ অন্তৰ্গত। আমি সকলোৱে একে ধৰণৰ মৌলিক মূল্যবোধৰ অংশীদাৰ।[৪]
- মানৱ ইতিহাসত কেতিয়াও আমি সকলোকে এক উমৈহতীয়া ভাগ্যৰ দ্বাৰা ইমান একত্ৰিত হোৱা নাই। আমি একেলগে মুখামুখি হ’লেহে এইটো অতিক্ৰম কৰিব পাৰিম। আৰু বন্ধুসকল, সেইবাবেই আমাৰ ৰাষ্ট্ৰসংঘ আছে।[৫]
- আশাকৰোঁ আমি ইৰাকৰ দৰে আন এক অভিযান দীৰ্ঘদিনলৈ দেখা নাপাম— যিটো ৰাষ্ট্ৰসংঘৰ অনুমোদন আৰু আন্তঃৰাষ্ট্ৰীয় সমাজৰ বহু বহল সমৰ্থন অবিহনে কৰা হৈছে।[৬]
- এই মূল্যবোধবোৰ: মমতা; সংহতি আৰু পাৰস্পৰিক সন্মান;আমাৰ সকলো মহান ধৰ্মতে ইতিমধ্যে বিঁদ্যমান আছে। আমি আৰম্ভণিতে পুনৰ দৃঢ়তাৰে আৰু প্ৰদৰ্শন কৰিব পাৰো যে সমস্যাটো কোৰআন, তওৰাত বা বাইবেল নহয়। মই প্ৰায়ে কৈ অহাৰ দৰে সমস্যাটো কেতিয়াও বিশ্বাস নহয়। সমস্যাটো হ’ল বিশ্বাসৰ মানুহ আৰু আমি ইজনে সিজনৰ লগত কেনে ব্যৱহাৰ কৰো। এই একেবোৰ মহান, চিৰন্তন আৰু সাৰ্বজনীন নীতি যিবোৰ ৰাষ্ট্ৰসংঘৰ চনদ আৰু মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰত সন্নিবিষ্ট কৰা হৈছে। আমি এই মূল্যবোধসমূহ আৰু ইয়াৰ ওপৰত নিৰ্মিত কাঠামো আৰু সঁজুলিসমূহ—বিভাজন দূৰ কৰিবলৈ আৰু মানুহক ভৱিষ্যতৰ প্ৰতি অধিক সুৰক্ষিত আৰু আত্মবিশ্বাসী কৰি তুলিবলৈ ব্যৱহাৰ কৰিব পাৰো।[৭]
- আমাক আৰু প্ৰতিশ্ৰুতিৰ প্ৰয়োজন নাই। আমি ইতিমধ্যে দিয়া প্ৰতিশ্ৰুতিবোৰ পালন কৰিবলৈ আৰম্ভ কৰিব লাগিব।[৮]
- আন্তঃৰাষ্ট্ৰীয় সমাজৰ পৰা কেৱল সহানুভূতিৰ শব্দতকৈও অধিক প্ৰয়োজন বহু সংখ্যক জনগোষ্ঠীৰ। তেওঁলোকৰ হিংসাৰ চক্ৰৰ অন্ত পেলোৱাত সহায় কৰিবলৈ, আৰু সমৃদ্ধিৰ নিৰাপদ পথত তেওঁলোকক আৰম্ভ কৰিবলৈ তেওঁলোকক এক বাস্তৱিক আৰু স্থায়ী প্ৰতিশ্ৰুতিৰ প্ৰয়োজন।[৯]
- আমি এনে এখন পৃথিৱী সৃষ্টি কৰিব লাগিব যিখন ন্যায়পৰায়ণ, সুস্থিৰ আৰু য’ত আমি আনৰ প্ৰয়োজনীয়তাক বিবেচনা কৰোঁ—কেৱল নিজৰ তাৎক্ষণিক প্ৰয়োজনীয়তাক নহয়। আমি সকলোৱে একেখন নাৱতে আছো।[১০]
- প্ৰতিটো জাতিৰ উন্নয়ন আৰু শান্তিৰ বাবে লিংগ সমতা অতি গুৰুত্বপূৰ্ণ।[১১]
- যেতিয়া নাৰী আগবাঢ়ি যায় তেতিয়া সমগ্ৰ সমাজখনেই লাভৱান হয় আৰু ভৱিষ্যত প্ৰজন্মৰ জীৱনৰ আৰম্ভণি ভাল হয়।[১২]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ https://press.un.org/en/2000/20000908.ga9758.doc.html
- ↑ https://www.cnbc.com/2018/08/18/kofi-annan-former-un-secretary-general-dies-aged-80.html
- ↑ Speech at the centennial of the International Peace Conference (19 May 1999)
- ↑ As quoted in Simply Living: The Spirit of the Indigenous People (1999) edited by Shirley A. Jones
- ↑ Message for the new millennium (31 December 1999)
- ↑ "Iraq war illegal, says Annan" BBC News (16 September 2004); when asked if the invasion of Iraq was illegal, he replied "Yes, if you wish. I have indicated it was not in conformity with the UN charter from our point of view, from the charter point of view, it was illegal."
- ↑ World Civilisations: “Bridging the World’s Divides”. Lecture given at the British Museum London.
- ↑ Secretary-General Kofi Annan’s message for the New Year, 2004. un.org
- ↑ Watchtower ONLINE LIBRARY, Who Will End Violence?
- ↑ The World I'm Working To Create", Skoll World Forum (12 August 2013)
- ↑ Quoted in: Kabir, Hajara Muhammad (2010). Northern women development. [Nigeria]. ISBN 978-978-906-469-4. OCLC 890820657
- ↑ Quoted in: Kabir, Hajara Muhammad (2010). Northern women development. [Nigeria]. ISBN 978-978-906-469-4. OCLC 890820657.