অৰূপা পটঙ্গীয়া কলিতা
অৱয়ব
(অৰূপা পটংগীয়া কলিতাৰ পৰা পুনঃনিৰ্দেশিত)
অৰূপা পটঙ্গীয়া কলিতা (ইংৰাজী: Arupa Patangia Kalita) অসমৰ এগৰাকী ঔপন্যাসিক তথা গল্পকাৰ। তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত মৃগনাভি, অয়নান্ত আদি উল্লেখযোগ্য। তেওঁক তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, প্ৰবীণা শইকীয়া বঁটা আদিৰে সন্মানিত কৰা হৈছে। তেওঁ “মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা” নামৰ অসমীয়া চুটি গল্প সংকলনৰ বাবে ২০১৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]

- গল্প বা উপন্যাস সকলোতে মানুহ আৰু মানুহৰ জীৱনে প্ৰাধান্য পাব লাগে বুলি মই বিশ্বাস কৰোঁ। মানুহৰ কথা কোৱা লেখাই অমৰত্ব লাভ কৰে।[১]
- মানুহৰতো মাটিৰ প্ৰতি যি ভালপোৱা, চিৰন্তন ভালপোৱা৷ মাটিৰ লগত মানুহৰ এইটোতে কম সম্পৰ্ক নহয়৷ [২]
- যি শিল্পই মানুহৰ জীৱনৰ কথা ক'বলৈ গৈছে সেই শিল্পই স্থায়ী হৈছে, সাৰ্থক হৈছে৷[২]
- লিখা কামটো আচলতে জীৱনক তুলি অনাৰ মহান চেষ্টা৷ তাৰ বাবে তপস্যাৰ প্ৰয়োজন, জীৱনৰ সাধনাৰ প্ৰয়োজন৷[২]
- গল্প বা উপন্যাস সকলোতে মানুহ আৰু মানুহৰ জীৱনে প্ৰাধান্য পাব লাগে বুলি মই বিশ্বাস কৰোঁ৷ মানুহৰ কথা কোৱা লেখাই অমৰত্ব লাভ কৰে৷[১]
- কি কৈছে, কি মাধ্যমেৰে কৈছে, কেনেকৈ কৈছে, ক'ত কৈছে, সকলোতকৈ ডাঙৰ কথাটো হ'ল কি কৈছে৷ সকলো ৰূপান্তৰৰ মাজত বিষয়বস্তুৱে স্থায়ী হয়৷[১]
- মোৰ সকলোবোৰ চৰিত্ৰ মানুহৰ পৰাই আহে, জীৱনৰ পৰা উঠি আহে৷ সেই কাৰণেই চাগৈ চৰিত্ৰবোৰ পাঠকৰ জীৱন্ত যেন লাগে৷[১]
- সাহিত্যৰ লক্ষ্য বঁটা-বাহন নহয়৷ সাহিত্য উৎসৱৰ বাবেও নহয়৷ সাহিত্য মানুহ আৰু জীৱনৰ পৰা উঠি অহা এবিধ কলা৷ সাহিত্য হ'ল মানুহৰ সত্যানুসন্ধান, জীৱনৰ জয়গান৷[১]
- মই গল্প এটা লেখোঁতে বিষয়বস্তুক বেছি গুৰুত্ব দিওঁ৷ বিষয়বস্তুয়ে গল্পৰ ৰূপ নিৰ্ধাৰণ কৰে৷ গল্প এটাত কি ক'ব খোজা হৈছে-সেয়া বেছি গুৰুত্বপূৰ্ণ৷ [১]
- বিষয়বস্তু আৰু ৰূপগত দিশটোৰ মাজত সামঞ্জস্য থাকিলেহে এটা সাৰ্থক গল্প সৃষ্টি হয়৷[১]
- যি হাৰত প্ৰাচীন গছবোৰ এফালৰ পৰা কাটি থকা হৈছে, তাৰ ফলৰ বাবে আমি সাজু থাকিব লাগিব৷ আমাৰ চেনেহৰ শ্যামলী আপোন দেশত বতাহ জুই হ’ব, পানী নোহোৱা হ’ব আৰু আমি মানুহবোৰ ছটফটাই থাকিম৷ ক্ৰমে ক্ৰমে বাসৰ অনুপযোগী হ’ব আমাৰ মাতৃভূমি৷[৩]
- সাহিত্যিকসকলে ব্যক্তিগত জীৱনৰ ছবি তুলি আনে। কিন্তু ব্যক্তি এজন সমাজৰ ঊৰ্দ্ধত নহয়; ব্যক্তি জীৱনৰ ঘটনাবোৰো সামাজিক শক্তিসমূহে নিয়ন্ত্ৰণ কৰে। প্ৰশ্ন উঠে সাহিত্যই সমাজৰ কি হিত সাধে? সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত সাহিত্যই কিবা ভূমিকা লয়? দেখ দেখকৈ সাহিত্যই সমাজ পৰিৱৰ্তন নকৰে। নীৰৱে আৰু গভীৰভাৱে সাহিত্যই সমাজ সলনি কৰে। মানুহৰ মাজৰ পৰা উঠি অহা সাহিত্যই মানুহক গভীৰ প্ৰশান্তি প্ৰদান কৰে।[৪]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ড° অৰূপা পটংগীয়া কলিতাৰ সৈতে সাক্ষাৎকাৰ. প্ৰকাশক: সাহিত্য ডট অৰ্গ (২০ এপ্ৰিল ২০১৯). আহৰণ কৰা হৈছে: ১২ ফেব্ৰুৱাৰী ২০২২.
- ↑ ২.০ ২.১ ২.২ (নৱেম্বৰ, ২০১২) সোণসেৰীয়া কথা। মিছিচিপি প্ৰকাশন।
- ↑ কলিতা৷ অৰূপা পটংগীয়া (১৪ নৱেম্বৰ ২০২৩). "প্ৰকৃতিৰ লুণ্ঠন বন্ধ হওক". অসমীয়া প্ৰতিদিন: ৯.
- ↑ অৰূপা পটংগীয়া কলিতা (৭ এপ্ৰিল ২০২৫). "সাহিত্যই মানুহক গভীৰ প্ৰশান্তি দিয়ে". দৈনিক অসম: ১১.