এলবাৰ্ট আইনষ্টাইন

ৱিকিউদ্ধৃতিৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এলবাৰ্ট আইনষ্টাইনৰ আলোকচিত্ৰ

এলবাৰ্ট আইনষ্টাইন জাৰ্মানীৰ উইটেনবাৰ্গ অঞ্চলৰ উল্ম চহৰত ১৮৭৯ খৃষ্টাব্দৰ ১৪ মাৰ্চত জন্মগ্ৰহণ কৰা এজন তাত্ত্বিক পদাৰ্থ বিজ্ঞানী। তেওঁৰ আপেক্ষিকতাবাদ তত্ত্ব আধুনিক পদাৰ্থ বিজ্ঞানৰ ভেটিস্বৰূপ। তাত্ত্বিক পদাৰ্থবিদ্যালৈ অৱদান বিশেষকৈ আলোক বিদ্যুৎ পৰিঘটনাৰ বাবে ১৯২১ চনত তেওঁক পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মানুহৰ বাবে মানুহতকৈ গুৰুত্বপূৰ্ণ বিষয় আৰু একো নাই।[১]
  2. জগতখন দুৰ্বোধ্য নহয়— এইটোৱেই হ’ল জগতৰ বিষয়ে আটাইতকৈ দুৰ্বোধ্য কথা।[১]
  3. আমি আমাৰ দুৰ্বল চিত্তেৰে উপলব্ধি কৰা জগতখন যি উচ্চতৰ বৌদ্ধিক শক্তিয়ে পৰিচালনা কৰে, সেই শক্তিৰ প্ৰতি বিনম্ৰ বিস্ময়পূৰ্ণ প্ৰশংসাই হ’ল মোৰ ধৰ্ম; বিশ্ব-চৰাচৰত নিজকে প্ৰকাশ কৰা সেই উচ্চতৰ শক্তিৰ অস্তিত্বৰ প্ৰতি থকা গভীৰ প্ৰত্যয়েই হ’ল মোৰ ভগৱানৰ ধাৰণা।[১]
  4. বিজ্ঞানৰ মন্দিৰলৈ নানা তৰহৰ মানুহ আহে আৰু তেওঁলোকৰ প্ৰত্যেকৰে অহাৰ উদ্দেশ্যও ভিন ভিন। কিছুমান আহে বিজ্ঞান অধ্যয়ন কৰি উচ্চতৰ বৌদ্ধিক আনন্দ লাভ কৰিবলৈ, কিছুমান বা আহে একমাত্ৰ ব্যৱহাৰিক উদ্দেশ্য লৈ। কোনো দেৱদূত আহি যদি এই দুয়ো শ্ৰেণীৰ মানুহকে বিজ্ঞান-মন্দিৰৰ পৰা আঁতৰাই পঠিয়ায়, তেন্তে দুই-এজন লোকৰ বাহিৰে মন্দিৰ তেনে শূন্য হৈ পৰিব।[১]
  5. কিশোৰ-কিশোৰীৰ কুমলীয়া মনবিলাক কিছুমান তথ্য, নাম আৰু ফৰ্মূলাৰে ভৰাই পেলোৱাটো ভুল। এইবিলাক জানিবৰ বাবে বিদ্যালয়ৰ পাঠ্যক্ৰমৰ প্ৰয়োজন নাই, যিকোনো কিতাপতে এইবিলাক পোৱা যায়। শিক্ষাৰ উদ্দেশ্য হোৱা উচিত ল’ৰা-ছোৱালীবোৰক চিন্তা কৰিবলৈ শিকোৱাটো আৰু কোনো পাঠ্যপুথি ইয়াৰ বিকল্প হ’ব নোৱাৰে।[১]
  6. এটা ক্ষুদ্ৰ গোটৰ জ্ঞান-মঞ্জুষাক আৱদ্ধ কৰি ৰখাৰ মানে হ’ল, এটা জাতিৰ দাৰ্শনিক উদ্যমৰ বিনাশ ঘটোৱা আৰু জাতিটোক আধ্যাত্মিক দৈন্যৰ ফালে আগুৱাই নিয়া।[১]
  7. শক্তিৰে শান্তি অক্ষূণ্ণ ৰাখিব নোৱাৰি। মাথোন বুজাবুজিৰেহে সেয়া সম্ভৱ।[উৎসৰ প্ৰয়োজন]
  8. নিৰৱ জীৱনৰ একঘেয়েমিতা আৰু একাকীত্বই এটা সৃষ্টিশীল মনক উচটনি যোগায়৷[২]
  9. কেৱল আনৰ বাবে জীয়াই থকা জীৱনটোহে এক সাৰ্থক জীৱন৷[৩]
  10. সুখেই যদি জীৱনৰ লক্ষ্য হ’লহেঁতেন তেনেহ’লে আমাৰ আদৰ্শ হ’লহেঁতেন কুকুৰ, মেকুৰী, গৰু, ভেড়া।[উৎসৰ প্ৰয়োজন]
  11. বস্তু হিচাপে বাস্তৱত কিবা পোৱাৰ আগেয়ে তাক আমি কল্পনাত প্ৰথমে পাব লাগিব।[১]
  12. পদাৰ্থবিজ্ঞানৰ মুখ্য কাম হ’ল সেই বিশ্বজনীন মৌলিক সূত্ৰসমূহ উদ্ভাৱন কৰা বিশুদ্ধ নিৰ্গমনৰ জৰিয়তে যিবিলাকৰ পৰা বিশ্বখন গঠন কৰিব পাৰি। কিন্তু এই সূত্ৰসমূহৰ প্ৰাপ্তিৰ বাবে কোনো যৌক্তিক পথ নাই, এইবোৰ পাব পাৰি অভিজ্ঞতাৰ সহানুভূতিশীল উপলব্ধিৰ ভিত্তিত থিয় হোৱা একমাত্ৰ স্বজ্ঞাৰ দ্বাৰাহে।[১]
  13. তুমি যদি জুইৰ ওপৰত খন্তেক বহা, বহুযুগ তুমি তাৰ ওপৰত বহি আছা যেন লাগিব; আনহাতে তুমি এজনী ধুনীয়া ছোৱালীৰ কাষত বহুপৰ বহি থাকিলেও সময়খিনি তৎক্ষণাৎ পাৰ হৈ যোৱা যেন তোমাৰ অনুমান হ’ব। এয়াই আপেক্ষিকতা।[১]
  14. জ্ঞানান্বেষণ জ্ঞানাৰ্জনতকৈ অধিক মূ্ল্যৱান।[৪]
  15. সুখেই যদি জীৱনৰ লক্ষ্য হ’লহেঁতেন, তেনেহ’লে আমাৰ আদৰ্শ হ’লহেঁতেন কুকুৰ, মেকুৰী আৰু ভেৰাৰ দৰে৷[৫]
  16. যদি আপুনি এটি সুখী জীৱন যাপন কৰিব খোজে, তেন্তে ইয়াক এটা লক্ষ্যৰে সৈতে বান্ধি ৰাখক, কোনো ব্যক্তি অথবা বস্তুৰে সৈতে নহয়৷[৬]
  17. অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ মাজত থকা বৈসাদৃশ্যটো একধৰণৰ অচল-অটল বিভ্ৰমৰ বাদে আন একো নহয়।[৭]
  18. শক্তি সদায় শক্তিয়েই, শক্তি সদায় এক৷ কেতিয়াও দুই নহয়৷[৮]
  19. কল্পনা জ্ঞানতকৈ অধিক গুৰুত্বপূৰ্ণ৷[৮]
  20. আপুনি যদি নিজৰ সন্তানক বুদ্ধিমান কৰিবলৈ বিচাৰে, তেনেহলে তেওঁলোকক পৰীৰ দেশৰ সাধু শুনাওক৷ তেওঁলোকক যদি আৰু অধিক বুদ্ধিমান কৰিবলৈ বিচাৰে, তেনেহ’লে তেওঁলোকক আৰু অধিক পৰীৰ দেশৰ সাধু শুনাওক৷[৮]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ ১.৮ বৰ্মন, শিৱনাথ (১৯৭৬)। আইনষ্টাইন আৰু পদাৰ্থ জগত। গুৱাহাটী। অসম প্ৰকাশন পৰিষদ।
  2. অন্তৰ্মুখিতাৰ শক্তি, নিৰৱ বিপ্লৱ আৰু ছুছান কেইন
  3. আইনষ্টাইন, এলবাৰ্ট (৭ ছেপ্টেম্বৰ ২০২১). বাণী পৃষ্ঠা: ৬. আহৰণ কৰা হৈছে: ১০ ছেপ্টেম্বৰ ২০২১.
  4. নিৰ্মলা দেৱী (জানুৱাৰী, ২০২১)। “সন্তুষ্টিৰ কথকতা”, লক্ষ্য এক মনুষ্যত্ব। গুৱাহাটী। পূৰ্বায়ণ প্ৰকাশন। ISBN: 978-93-90589-83-8
  5. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং: ৩৬১, প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
  6. দৈনিক অগ্ৰদূত, ৯ জুন, ২০২২
  7. ঈশান জ্যোতি বৰা (আগষ্ট, ২০২২)। পদাৰ্থ বিজ্ঞানৰ সাতটা নাতিদীৰ্ঘ পাঠ। গুৱাহাটী। বনলতা। ISBN: 978-93-91135-32-4
  8. ৮.০ ৮.১ ৮.২ (সম্পা)ব্ৰজেন চন্দ্ৰ দাস (২০১৭)। জ্ঞানজ্যোতি। জ্ঞানজ্যোতি ২০১৬ সম্পাদনা সমিতি।