ৱিকিউদ্ধৃতি:আজিৰ উদ্ধৃতি/এপ্ৰিল

ৱিকিউদ্ধৃতিৰ পৰা
মাহ অনুসৰি আজিৰ উদ্ধৃতি:
জানুৱাৰী - ফেব্ৰুৱাৰী - মাৰ্চ - এপ্ৰিল - মে’ - জুন - জুলাই - আগষ্ট - ছেপ্টেম্বৰ - অক্টোবৰ - নৱেম্বৰ - ডিচেম্বৰ
<< যোৱা মাহ — চলিত মাহ >>

আজি শুক্ৰবাৰ
২৯ মাৰ্চ, ২০২৪
সময়: ৮:৩৭ AM (IST)


মাৰ্চ << এপ্ৰিল: ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ >> মে’



২০২৩
 
“ভৱিষ্যতে সঁচা কথা কওক আৰু প্ৰত্যেককে নিজৰ কৰ্ম আৰু সাফল্য অনুসৰি মূল্যায়ন কৰক। বৰ্তমানটো তেওঁলোকৰ; আৰু ভৱিষ্যতটো, যাৰ বাবে মই সঁচাকৈয়ে কাম কৰিছোঁ, সেয়া মোৰ৷”
~ নিক'লা টেছলা ~
 



২০২৩
“এদলে অসমীয়া নপঢ়ে; ইংৰাজী পঢ়ে, ফলত অসমীয়া ভাষা-সংস্কৃতিৰ ক্ষেত্ৰত একো অৱদান যোগাব নোৱাৰে, আন দলে আকৌ কেৱল অসমীয়াহে পঢ়ে, ইংৰাজী নপঢ়ে; ফলত বিদেশৰ লগত আদান-প্ৰদানত যথেষ্ট বাধাৰ সন্মুখীন হয়৷”
~ হীৰেন গোহাঁই ~



২০২৩
 
“যিজন কোৱাত কম কামত বেছি, তেৱেঁই প্ৰথম শ্ৰেণীৰ কৰ্ম্মী; যিজনে যেনেকৈ কয় তেনেকৈ কৰে, তেওঁ মধ্যম শ্ৰেণীৰ কৰ্ম্মী; যিজনে কয় বেছি, কামত কম, তেওঁ তৃতীয় শ্ৰেণীৰ কৰ্ম্মী; আৰু যিজনৰ ক’বলৈও আলস্য, কৰিবলৈও আলস্য সেইজনেই অধম।”
~ ঠাকুৰ অনুকূলচন্দ্ৰ ~
 



২০২৩
 
“আমি চৰাইৰ দৰে উৰিবলৈ শিকিছোঁ, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছোঁ সঁচা, কিন্তু এই পৃথিৱীত পৰস্পৰৰ সৈতে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই৷”
~ মাৰ্টিন লুথাৰ কিং ~
 



২০২৩
 
“তোমালোকে ঢোলৰ মাত বন্ধ কৰিব পাৰিবা, তোমালোকে বীণৰ তাঁৰ ঢিলা কৰি দিব পাৰিবা, কিন্তু তোমালোকৰ কোনেনো স্কাইলাৰ্ক পখীক গীত নাগাবলৈ আদেশ দিব পাৰিবা?”
~ খলিল জিব্ৰান ~
 



২০২৩
“ঘৃণাৰে ভৰা এখন পৃথিৱীত আমি এতিয়াও আশা কৰিবলৈ সাহস কৰিব লাগিব। খঙেৰে ভৰা এখন পৃথিৱীত আমি এতিয়াও সান্ত্বনা দিবলৈ সাহস কৰিব লাগিব। হতাশাৰে ভৰা এখন পৃথিৱীত আমি এতিয়াও সপোন দেখাৰ সাহস কৰিব লাগিব। আৰু অবিশ্বাসেৰে ভৰা এখন পৃথিৱীত আমি এতিয়াও বিশ্বাস কৰিবলৈ সাহস কৰিব লাগিব।”
~ মাইকেল জেকচন ~
 



২০২৩
 
“শাৰীৰিক, মানসিক আৰু সামাজিক কুশলতাই হৈছে স্বাস্থ্য।”
~ বিশ্ব স্বাস্থ্য সংস্থা ~
 



২০২৩
“যিসকল লোকৰ ‘কালি’ বুজোৱা শব্দৰ সৈতে ‘কাইলৈ’ বুজোৱা শব্দ একে, তেনে লোকৰ সময়ৰ ওপৰত দৃঢ় দখল আছে বুলি ক’ব নোৱাৰি৷”
~ মিডনাইটছ চিলড্ৰেন, (চলমান ৰুশ্বদি) ~



২০২৩
“সংসাৰত উদগতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে, পঢ়নৰপৰা সেই একাগ্ৰতা জন্মে। চঞ্চল মন থিৰ কৰিবলৈ, আৰু ভোটা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই।”
~ সাৰথি, (সত্যনাথ বৰা) ~



২০২৩
“একমাত্ৰ মাতৃভাষাৰ সূঁতিয়েদি আগবাঢ়ি গৈহে বিশ্বৰ মানৱ সংস্কৃতিৰ সাগৰত উপনীত হ’ব পাৰি।”
~ ৰবীন্দ্ৰনাথ ঠাকুৰ ~



২০২৩
“নিজৰ সুখেই যাৰ জীৱনৰ লক্ষ্য তেওঁ এজন অসৎ লোক, আনৰ প্ৰশংসা পোৱাটোৱেই যাৰ জীৱনৰ লক্ষ্য তেওঁ এজন দুৰ্বল আৰু আনৰ সুখেই যাৰ জীৱনৰ লক্ষ্য তেওঁ এজন সৎ লোক৷”
~ লিঅ’ টলষ্টয় ~
 



২০২৩
“ব্ৰহ্মপুত্ৰৰ শক্তি অসমীয়া জাতি-ভাষা-সংস্কৃতি জীয়াই ৰাখিবলৈ হ’লে বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি-ভাষা আমি জীয়াই ৰাখিব লাগিব৷”
~ বিষ্ণু প্ৰসাদ ৰাভা ~



২০২৩
“সংস্কৃতি এনে এটা বস্তু নহয়, যাক কেৱল মূৰত সাঁচি থ’ব লাগিব৷ সংস্কৃতি হ’ল এনে এটা বস্তু যাক জীৱনৰ প্ৰতিটো মুহূৰ্ততে যাপন কৰিব লাগিব৷”
~ উইল ডুৰাণ্ট ~



২০২৩
“যি নাই বিহুগীতত, সি নাই অসমত৷ যি নাই অসমত, সি নাই বিহুগীতত৷ অসম আৰু অসমীয়া জনমানসৰ নিৰ্ভুল দাপোণ এই বিহু৷ অসমৰ পৰ্বত-পাহাৰ, চৰাই-চিৰিকটি, নৈ-বিল, পথাৰ-সমাৰ, ফুল-ফল, গোন্ধ-বৰণ আৰু সিবিলাকৰ মাজত কৰ্মৰত নাৰী-পুৰুষৰ এনে প্যানোৰমা ভাৰতৰ লোকসংগীতত বিৰল৷ বিহু গীতৰ সাহিত্যিক আৰু সাংগীতিক ভেটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ উপৰিসৌধ৷”
~ হেমাংগ বিশ্বাস ~



২০২৩
“ব’হাগ মাথোঁ এটি ঋতু নহয়,
নহয় ব’হাগ এটি মাহ৷
অসমীয়া জাতিৰ ই আয়ুস ৰেখা,
গণ জীৱনৰ ই সাহ৷”
~ ভূপেন হাজৰিকা ~
 



২০২৩
“বিহু অসমীয়াৰ প্ৰাণৰ ভিতৰেদি বৈ যোৱা ফল্গু নদী৷ অসমীয়াই যুগ-যুগান্তৰেও যেন এই বিহুৰ উৎসৱ আৰু বিহুৰ মাধুৰী নাপাহৰে৷ এই বিহুৰ দিনাখনেই প্ৰেমৰ মাজেদিয়েই আধ্যাত্মিকতাই অসমীয়া মানুহৰ অন্তৰ অভিভূত কৰে৷”
~ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ~



২০২৩
“লুইতপৰীয়া সাংস্কৃতিক প্ৰতীক বুলি বহাগ বিহু এইকাৰণেই ক’ব পাৰি যে বহাগ বিহুৰ গীত, নৃত্য, আচাৰ-অনুষ্ঠানে অসমীয়া মানহুৰহ জীৱন-যাত্ৰা আৰু জীৱনাদৰ্শন স্বৰূপাৰ্থত বহন কৰিছে৷”
~ নিৰ্মলপ্ৰভা বৰদলৈ ~



২০২৩
“যদি আপুনি এটি সুখী জীৱন যাপন কৰিব খোজে, তেন্তে ইয়াক এটা লক্ষ্যৰে সৈতে বান্ধি ৰাখক, কোনো ব্যক্তি অথবা বস্তুৰে সৈতে নহয়৷”
~ এলবাৰ্ট আইনষ্টাইন ~
 



২০২৩
“জীৱনত যদি কিবা কৰিব বিচৰা তেনেহ’লে অকলে কেনেকৈ যুঁজিব লাগে সেয়া শিকি লোৱা।”
~ নেলছন মেণ্ডেলা ~
 



২০২৩
“উচ্চাকাংক্ষা থাকিলেও উদ্দীপনাৰ প্ৰয়োজন৷ যি মানুহৰ মাজত এই গুণটো স্বাভাৱিক পৰিমাণে থাকে, তেওঁ যি কাম সম্পন্ন কৰিবলৈ আগবাঢ়িব, সেই কাম সিমানেই কঠিন আৰু কষ্টসাধ্য নহওক কিয়, তেওঁৰ মানত সেই কাম আনুষংগিক কামৰ দৰেই সহজ যেন হ’ব৷”
~ ডেল কাৰ্নেগী ~



২০২৩
“যি পুৰুষ বা তিৰোতাক আমি সম্পূৰ্ণৰূপে জানো, তেনে পুৰুষ বা তিৰোতাক ভালপোৱাটো সম্ভৱ নহয়৷ আমাৰ হৃদয়ত প্ৰেম জাগ্ৰত কৰে এনে পুৰুষ বা এনে তিৰোতাইহে, যাৰ জীৱনৰ বা ব্যক্তিত্বৰ কিবা এটা অংশ চিৰকাল আমাৰ পৰা গোপন হৈ থাকে৷”
~ পল ভালেৰি ~
 



২০২৩
“তোমালোকে যদি প্ৰকাশ্যভাৱে দান-দক্ষীণা কৰা তেন্তে এয়া ভাল। আৰু যদি গোপনে অভাৱগ্ৰস্তলোকক দান কৰা, তেন্তে এয়া তোমালোকৰ বাবে অতি উত্তম। এই নীতি মানি চলিলে তোমালোকৰ বহু পাপ মোচন হ’ব। (২ঃ২৭১)”
~ কোৰান ~
 



২০২৩
“প্ৰত্যেকজন মানুহৰ বাবে মাতৃবোৰ একোখন আইনা৷ মাক হেৰাই যোৱা মানে জীৱনৰ প্ৰতিচ্ছবি হেৰাই যোৱা৷ মাতৃ বিয়োগৰ সৈতে হেৰায় একোজন পূৰ্ণাংগ মানুহৰ জন্মঠিকনা, শৈশৱ-কৈশোৰ৷”
~ জলছবি, (অনুৰাধা শৰ্মা পূজাৰী) ~

২০২৩
“সংগ্ৰাম যিমানেই কঠিন হ’ব; জয়লাভো সিমানেই গৌৰৱময় হ’ব৷”
~ টমাচ পেইন ~
 



২০২৩
“জিভাখন তীক্ষ্ণ চুৰিৰ দৰে, ই তেজ নোলোৱাকৈ হত্যা কৰে; দক্ষ ব্যক্তিৰ শব্দই যোদ্ধাৰ হাতত থকা অস্ত্ৰতকৈ অধিক ক্ষতি কৰিব পাৰে।”
~ গৌতম বুদ্ধ ~
 



২০২৩
“এটা সমীকৰণে মোৰ বাবে কোনো অৰ্থ বহন নকৰে যদিহে সমীকৰণটোত ভগৱানৰ চিন্তা প্ৰতিফলিত নহয়।”
~ শ্ৰীনিবাস ৰামানুজন ~
 



২০২৩
“যদি আপুনি কেতিয়াও অকলশৰীয়া নহয়, তেন্তে আপুনি নিজকে চিনি পাব নোৱাৰে।”
~ পাওলো কোৱেলহো ~
 



২০২৩
“তুমি জীৱনত যিটো মানুহ হ'ব পাৰিলাহেঁতেন, সেই মানুহটো হ'বলৈ সময় কেতিয়াও উকলি নাযায়।”
~ জৰ্জ এলিয়ট ~
 



২০২৩
“আনৰ কথাত কাণ নিদিবা, অন্তৰ উজাৰি তোমাৰ মনৰ গোপনীয় কথা কাকো নক’বা৷ কাৰণ সেই বন্ধুজন কেতিয়াবা শত্ৰু হ’লে তোমাৰ গোপন কথা জগতে জানিব৷”
~ তুলসীদাস ~
 



২০২৩
“যেতিয়া সকলো মানুহে একেধৰণে চিন্তা কৰে, তেতিয়া বুজিব লাগে যে কোনো এজন মানুহেই গভীৰভাৱে চিন্তা নকৰে।”
~ দ্য ষ্টেকছ্ অফ ডিপ্লোমেছি, (ৱাল্টাৰ লিপমেন) ~