তছলিমা নাছৰিন
অৱয়ব

তছলিমা নাছৰিন (ইংৰাজী: Taslima Nasrin; (বাংলা: তসলিমা নাসব়িন; ২৫ আগষ্ট ১৯৬২) এগৰাকী বাংলাদেশী চুইডিছ সাহিত্যিক আৰু চিকিৎসক।[১] তেওঁ ১৯৯৪ চনৰ পৰা তেওঁ নিৰ্বাসনত আছে।[২] বিংশ শতিকাৰ আশীৰ দশকত তেওঁ এগৰাকী উদয়ীমান কবি হিচাপে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। পিছলৈ তেওঁ নব্বৈ দশকত নাৰীবাদ আৰু ধৰ্মীয় সমালোচনামূলক ৰচনা আৰু উপন্যাসৰ বাবে আন্তৰ্জাতিক খ্যাতি লাভ কৰিছিল।[৩][৪]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বোৰ্খা, হিজাব অন্ধকাৰ যুগৰ সতীত্ব সংৰক্ষণ কৰা বেল্টৰ দৰে৷[৫]
- তেওঁলোকে এইবোৰ পিন্ধিবলগীয়া হয়, যেতিয়া তেওঁলোকৰ পৰা পচন্দবোৰ কাঢ়ি নিয়া হয়৷ পলিটিকেল ইছলামৰ দৰে বোৰ্খা আৰু হিছাবো এতিয়া পলিটিকেল৷[৬]
(*বোৰ্খা, হিছাব সংক্ৰান্তত তছলিমা নাছৰিনৰ টুইট) - মই বিশ্বাস কৰোঁ, নাৰীৰ কোনো দেশ নাই৷ দেশ মানে যদি নিৰাপত্তা, দেশ মানে যদি স্বাধীনতা, তেন্তে নাৰীৰ নিশ্চয়েই কোনো দেশ নাই৷ পৃথিৱীৰ ক’তো নাৰী স্বাধীন নহয়, পৃথিৱীৰ ক’তো নাৰীৰ নিৰাপত্তা নাই৷[৭]
- যি বস্তুটোৱে সম্পৰ্কক জীয়াই ৰাখে, সেয়া কোনো কাগজ নহয়, পত্ৰ নহয়, সমাজৰ ৰঙা চকু নহয়, তাৰ নাম হ’ল ভালপোৱা৷[৭]
- সমগ্ৰ জনসংখ্যাৰ আধাই হ’ল নাৰী৷ এই আধা জনসংখ্যাৰ মানুহ যদি অশিক্ষিত আৰু পৰনিৰ্ভৰ হৈ থাকে, যদি নিৰ্যাতিত আৰু অত্যাচাৰিত হৈ থাকে, সমাজৰ বাবে যদি এই বিপুল সংখ্যাৰ মেধা, বুদ্ধি, শক্তি, ক্ষমতা একো কামত নালাগে, তেন্তে সেই সমাজতো পিছুৱায়ে থাকিব৷ নাৰী পিছ পৰি থাকিলে প্ৰগতি পিছ পৰি থাকে৷ নাৰী পিছ পৰি থাকিলে সভ্যতা পিছ পৰি থাকে৷[৭]
- নাৰী যে কেৱল পুৰুষৰ যৌন ইচ্ছা পুৰণৰ আহিলা, কেৱল যে পুৰুষৰ সুখভোগৰ বস্তু, কেৱল যে পুৰুষৰ দাসী বা ক্ৰীতদাসী- সেইকথা ইমান তীব্ৰভাৱে আন কোনোৱে নুবুজায়, যিমান বুজায় মুছলমান পুৰুষসকলে৷[৭]
- এগৰাকী বৃটিছ লেখক, ৰেবেকা ওৱেষ্টে কৈছিল, ’নাৰীবাদ কি সঁচাকৈয়ে মই নাজানো৷ মই কেৱল জানো, যেতিয়াই মই মোৰ ভিতৰৰ মইক প্ৰকাশ কৰোঁ, যিটোৱে মোক ভৰি মচা ফটাকানি বা বেশ্যাৰ পৰা পৃথক কৰে, তেতিয়াই মানুহে মোক নাৰীবাদী আখ্যা দিয়ে৷’[৭]
- সতীসকলে নুবুজিলেও পতিসকলে বুজে যে, সতীসকলক পতি হ’বলৈ কোৱাৰ আঁৰত যি ৰাজনীতিয়ে কাম কৰিছে, সি সতীসকলৰ আৰু নাৰীসকলৰ কোনো গতি নলগায়, বৰং ক্ষতিহে কৰিব৷[৭]
- ৰাতিৰ সাগৰৰ পাৰ হেনো নিৰাপদ নহয় ..... ল’ৰাবোৰে পূৰ্ণিমাৰ ৰাতি উপভোগ কৰাৰ বাবে বহু ৰাতিলৈ পাৰত বহি থাকে৷ মোৰো ল’ৰা হ’বৰ মন যায়৷ মন যায় ওৰেও ৰাতি সাগৰ আৰু জোনবাইৰ জোনাকত সাঁতৰোঁ৷[৮]
- কোলাৰ কেঁচুৱাই কান্দে, পুঁজ ভৰা ঘিণ লগা দেহ, পিয়াহত গাখীৰ নাই, বেকাৰ ৰমণীয়ে বিচাৰে ঘৰে ঘৰে স্নেহ, বিচাৰে শ্ৰমৰ জীৱন, বিনিময়ত বিচাৰে মাথোঁ ভাত, সন্তানৰ শিক্ষা লাগে, চিকিৎসাৰ নিশ্চয়তা বিচাৰে হাতত৷ কিন্তু এই দিয়াৰ চাবি আছে কাৰ হাতত, কোনে বাৰু ৰাখিছে লুকাই? অসুখ আৰু অভাৱত সন্তানে প্ৰতি বছৰে মৰিছে শুকাই৷ মাহে মাহে নতুন স্বামী বিষধৰ সাপৰ দৰে ফণা তুলি চায়, নাৰীৰ দেহত স্তানৰ বিষ ঢালি তেওঁলোক গোপনে পলায়৷ সেই চাবি আছে কাৰ ঘৰত? নাৰীয়ে পাব বিচাৰে সিন্দুকৰ সোৱাদ৷ অকলশৰীয়া নহয় নাৰী৷ দলবান্ধি আগুৱাব লাগিব ভাঙিব খুজিলে প্ৰসাদ৷[৮]
- তেওঁ (শ্বেখ হাছিনা) ইছলামপন্থীসকলক সন্তুষ্ট কৰিবলৈ মোক দেশৰ পৰা বাহিৰ কৰি দিলে৷ এতিয়া সেই শক্তিয়েই তেওঁক দেশৰ পৰা খেদি পঠিয়ালে৷[৯]
- ছোৱালীবোৰ যদি নিজৰ অধিকাৰৰ প্ৰতি সামান্যও সচেতন হ’লহেঁতেন তেন্তে নিশ্চয় বুজি পালেহেঁতেন যে পৃথিৱীত ছোৱালীৰ ওপৰত হোৱা সকলো অত্যাচাৰৰ ভিতৰত আটাইতকৈ ডাঙৰ অত্যাচাৰ হ’ল ছোৱালীক ধুনীয়া হ’বলৈ শোষণ কৰা।
- তোমাৰ যৌন উত্তেজনা বাঢ়িছে, সেয়া তোমাৰ সমস্যা, মোৰ নহয়। মোৰ নাক, চকু, মুখ আৰু সকলো ঢাকি দিব কাৰণ ই বাঢ়ে, এইটো হ’ব নোৱাৰে। মই আপোনাৰ ব্যক্তিগত সম্পত্তি নহয় যে আপুনি মোক কি পিন্ধিব, কেনেকৈ পিন্ধিব, ক’লৈ যাম, কিমান দূৰ যাম অৰ্ডাৰ দিব লাগে। আপুনি আপোনাৰ সমস্যা সমাধান কৰক। তাৰ দায়িত্ব মই কিয় লওঁ! মোৰো যৌন উত্তেজনা আছে, সেইবাবেই মই আপোনাক নাক, চকু, মুখ আৰু সকলো ঢাকি ৰাখিবলৈ দাবী কৰা নাছিলোঁ।
- মোৰ সংজ্ঞা অনুসৰি যৌনতাৰ লগত অনৈতিকতাৰ কোনো সম্পৰ্ক নাই, ইয়াৰ লগত প্ৰতাৰণা, নীচতা, অসৎতা, মিছা, প্ৰৱঞ্চনা, প্ৰতাৰণা আৰু ধূৰ্ততাৰ সম্পৰ্ক আছে।
- পৃথিৱীৰ ইতিহাসত যেতিয়াই কোনো অন্ধকাৰ সমাজৰ নাৰী এগৰাকীয়ে পিতৃতন্ত্ৰৰ বিৰুদ্ধে থিয় দিছে, নিজৰ স্বাধীনতাৰ কথা কৈছে, বা বশৰ শিকলি ভাঙিবলৈ চেষ্টা কৰিছে, তেতিয়াই তেওঁক বেশ্যা বুলি কোৱা হৈছে।
- ছোৱালীবোৰ যদি নিজৰ অধিকাৰৰ প্ৰতি সামান্যও সচেতন হ’লহেঁতেন তেন্তে নিশ্চয় বুজি পালেহেঁতেন যে পৃথিৱীত ছোৱালীৰ ওপৰত হোৱা সকলো অত্যাচাৰৰ ভিতৰত আটাইতকৈ ডাঙৰ অত্যাচাৰ হ’ল ছোৱালীক ধুনীয়া হ’বলৈ শোষণ কৰা।
- বাংলাদেশ আৰু ভাৰতক বিভাজিত কৰিলে কাম হবনে? বেয়া মানুহ আৰু ভাল মানুহক আমি ভাগ কৰিব লাগিব। ভাৰতৰ সকলো যেনেকৈ ভাল নহয়, বাংলাদেশতো সকলো ভাল নহয়।
- পুৰুষে যেনেকৈ গৰম অনুভৱ কৰিলে উলংগ হৈ ঘূৰি ফুৰে, মহিলাসকলেও উলংগ হৈ ঘূৰি ফুৰিব, তেওঁলোকৰ স্তন সকলোৰে দৃষ্টিগোচৰ হ’ব।
- যিখন সমাজত শিক্ষিত, স্বাৱলম্বী, সচেতন ছোৱালীৰ সংখ্যা বেছি, সেইখন সমাজত বিবাহ বিচ্ছেদৰ সংখ্যা বেছি আৰু বিবাহৰ সংখ্যাও কম।
- হে মহিলা, যদি কোনোবাই ধৰ্ষণ কৰিবলৈ আহে, তেওঁলোককো ধৰ্ষণ কৰক। পুৰুষক দেখুৱাওক যে কেৱল তেওঁলোকেই নহয় ধৰ্ষণ কৰিব পাৰে, আপুনিও কৰিব পাৰে।
- যদি তুমি অপদাৰ্থ হোৱা
তুমি পিছলৈ মূৰ ঘূৰাবা
আৰু সেয়া নহ'লে
যিদৰে গৈ আছা, গৈ থাকিবা। — চৰিত্ৰ (কবিতা) - মই কৈছিলোঁ "মোৰ কোনো ধৰ্ম নাই, আল্লাহ নাই"। ১৫ লক্ষ মানুহে মোক হত্যা কৰিবলৈ উন্মাদ হৈ উঠিছে।
জুবিন গাৰ্গে কৈছিল "মোৰ কোনো ধৰ্ম নাই, ভগবান নাই"। ১৫ লক্ষ মানুহ জুবিন গাৰ্গৰ প্ৰেমত বলিয়া হৈ পৰিছে।
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Taslima Nasreen's India resident permit expires, Centre yet to take call.
- ↑ [১]
- ↑ Bagchi, Suvojit (21 March 2015). ‘Don’t call me Muslim, I am an atheist’. আহৰণ কৰা হৈছে: 11 January 2018.
- ↑ Why are Hindus trying to prove that they can become ISIS-like extremists: Taslima Nasreen.
- ↑ বোৰখা-হিছাব অন্ধকাৰ যুগেৰ সতীত্ব ৰক্ষাৰ বেল্টেৰ মত. প্ৰকাশক: আজকাল অনলাইন সংস্কৰণ. আহৰণ কৰা হৈছে: 11 February 2022.
- ↑ https://bangla.hindustantimes.com/nation-and-world/burqa-and-hijab-can-never-be-a-woman-s-choice-said-taslima-31644672114207.html
- ↑ ৭.০ ৭.১ ৭.২ ৭.৩ ৭.৪ ৭.৫ তছলিমা নাছৰিন (২০১১)। নাৰীৰ কোনো দেশ নাই। বীণা লাইব্ৰেৰী, পৃষ্ঠা:৯, ২০, ৩৩, ৫৫, ৮৪, ১৯৪।
- ↑ ৮.০ ৮.১ তছলিমা নাছৰিন (২০০৯)। উতলা বতাহ। বীণা লাইব্ৰেৰী, পৃষ্ঠা:২৬৯, ৩২৯।
- ↑ "বালীলৈ যি পাত...". অসমীয়া প্ৰতিদিন: ৭. ৭ আগষ্ট ২০২৪.
