সমললৈ যাওক

শৰ্মিষ্ঠা প্ৰীতম

ৱিকিউদ্ধৃতিৰ পৰা

শৰ্মিষ্ঠা প্ৰীতম এগৰাকী অসমীয়া লেখক। শৰ্মিষ্ঠা প্ৰীতমে তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ[১] আত্মকথাৰ বাবে ২০১২ বৰ্ষৰ মুনীন বৰকটকী বঁটা লাভ কৰিছে।[২]

  1. আছিল, যন্ত্ৰণাও আছিল মোৰ শৈশৱত। কিন্তু উলাহৰ পাখি পিন্ধি উৰি ফুৰা মনটোত তেনে যন্ত্ৰণা আছিল খন্তেকৰ অতিথি। [১]
  2. প্ৰকৃতিক ভাল নোপোৱাকৈ জানো ভাল পাব পাৰি মানুহক? প্ৰকৃতি যে পৃথিৱীৰ কবিতা, এই কবিতাটো পাহৰি জানো ধুনীয়া হ’ব পাৰে মানুহ? প্ৰকৃতিৰ কোলাত শৈশৱৰ ফুলাম আৰু বিচিত্ৰ অভিজ্ঞতাবোৰক বাদ দি জানো ধুনীয়া হয় জীৱন?[১]
  3. যুঁজাৰ মানসিকতা মানুহৰ আজন্ম সংগী কিজানি![১]
  4. দেউতাই নিজে কোৱা অথবা দেউতাৰ কাম-কাজৰ পৰা মই শিকা কথাবোৰৰ তালিকাখনৰ শীৰ্ষত আছে – মানুহ মানুহৰ বাবে। মানুহ বিনে মানুহ মৃতকল্প। [১]
  5. যেতিয়া কথাবোৰ আমাৰ অধীন হৈ নাথাকে, তেতিয়া আমি ঈশ্বৰৰ অধীন হৈ পৰোঁ।[১]
  6. যি জীৱনত দুখৰ ডাৱৰ নাই, তাত সৃষ্টিও নাই। য'ত সৃষ্টি নাই তাত সৌন্দৰ্য‌ও নাই।[১]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ শৰ্মিষ্ঠা প্ৰীতম (নৱেম্বৰ, ২০১৭)। আত্মকথা। আলিবাট।
  2. Literary Awards. প্ৰকাশক: এনাজৰী ডট কম. Archived from the original on 2013-05-22. আহৰণ কৰা হৈছে: ২১ ফেব্ৰুৱাৰী, ২০১৩.