তুলসীদাস
অৱয়ব
তুলসীদাস বা গোস্বামী তুলসীদাস (ইংৰাজী: Tulsidas) হৈছে এজন হিন্দু বৈষ্ণৱ কবি। ভক্তি সাহিত্যৰ ৰামভক্তি ধাৰাৰ প্ৰধান কবিসকলৰ ভিতৰত তেওঁ অন্যতম। তেওঁ সংস্কৃত বাল্মীকি ৰামায়ণৰ তেওঁ অৱধি ভাষালৈ কৰা ৰামচৰিত-মানসৰ অনুবাদৰ বাবে প্ৰধানকৈ প্ৰখ্যাত। তুলসীয়ে জীৱনৰ অধিক কাল বাৰানসীৰ আশী ঘাটৰ সমীপত কটায়। তেওঁৰ সাধনাৰ স্থানখিনি বৰ্তমান তুলসী ঘাট নামে প্ৰখ্যাত। বাৰানসীৰ এই ঘাটৰ নাতি দূৰৈত তেওঁৰ স্মৃতিত তুলসী-মানস মন্দিৰ নিৰ্মাণ কৰা হৈছে। বাৰানসীৰ সংকট মোচন হনুমান মিন্দৰ তেওঁ প্ৰতিষ্ঠা কৰা বুলি জনা যায়।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- যি জাতিৰ সাহিত্য নাই সেই জাতি জীয়াই থাকিও মৰাৰ দৰে৷
- আনক আঘাত দিলে, সেই আঘাত এদিন নিজে ভোগ কৰিবা৷[১]
- তুলসীদাসে কয় যে বিদ্যা, বিনয়, বিবেক, সাহস, সুকৃতি, সুসত্যব্ৰত আৰু ৰামৰ প্ৰতি ভৰষাইহে বিপদকালত সংগ দিয়ে৷
(तुलसी साथी विपत्ति के, विद्या विनय विवेक।
साहस सुकृति सुसत्यव्रत, राम भरोसे एक।) - অজ্ঞতা ভগৱানৰ অভিশাপ৷ জ্ঞানৰ ডেউকা লগাই আমি স্বৰ্গলৈ উৰা মাৰিব পাৰোঁ৷ [২]
- আনৰ কথাত কাণ নিদিবা, অন্তৰ উজাৰি তোমাৰ মনৰ গোপনীয় কথা কাকো নক’বা৷ কাৰণ সেই বন্ধুজন কেতিয়াবা শত্ৰু হ’লে তোমাৰ গোপন কথা জগতে জানিব৷ [৩]
- ঈশ্বৰ মন্দিৰ অৰণ্য গুহা ক’তো নাই৷ ঈশ্বৰ আছে মানুহৰ অন্তৰত৷ বিচাৰিব জানিলেই পোৱা যায়৷[৪]
- তুমি যেতিয়া জন্মিছিলা, তেতিয়া তুমি কান্দিছিলা, কিন্ত আনসকলে হাঁহিছিল৷ এতিয়া তুমি যাতে জীৱনত এনে কিছুমান কাম কৰা যাৰ দ্বাৰা তুমি পৃথিৱীৰ পৰা হাঁহি হাঁহি আঁতৰি যাবা আৰু আনবিলাকে যেন কান্দি উঠে৷[৫]
- দয়া ধৰম কি মূল হে নৰক মূল অভিমান,
তুলসী কহে মৎ ছোড় দয়া যাবৎ কণ্ঠাগত প্ৰাণ। - নহি কোই অছ জনমা জগ মাঁহী।
- পদমৰ্যাদা লাভ কৰি অহংকাৰী নহয়, এনে লোক জগতত বিৰল। (শ্ৰীৰামচৰিতমানস)
- জ্ঞানী মাৰে জ্ঞান্ ছে ব্যাধ মাৰে তীৰ।
সদ্’গুৰু মাৰে শব্দ ছে শালে সকল্ শৰীৰ।
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ কলংপাৰ, সাপ্তাহিক কাকত, নগাঁও, ২০ জুলাই, ২০২২
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং;২ বাণী মন্দিৰ, ২০০৩
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ৯৮ বাণী মন্দিৰ, ২০০৩
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ১০, বাণী মন্দিৰ, ২০০৩
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ:নং; ৪৫, বাণী মন্দিৰ, ২০০৩