স্বামী বিবেকানন্দ

স্বামী বিবেকানন্দ এজন হিন্দু সন্ন্যাসী, দাৰ্শনিক, লেখক, সংগীতজ্ঞ আৰু ঊনৈশ শতিকাৰ ভাৰতীয় ৰহস্যবাদী ৰামকৃষ্ণ পৰমহংসৰ মুখ্য শিষ্য। তেওঁৰ পূৰ্বৰ নাম আছিল নৰেন্দ্ৰনাথ দত্ত। আমেৰিকা আৰু ইউৰোপত হিন্দু ধৰ্মৰ লগতে ভাৰতীয় বেদান্ত আৰু যোগ দৰ্শনৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ১৯ শতিকাৰ শেষৰ ফালে আন্তঃধৰ্মীয় সম্প্ৰীতি প্ৰতিষ্ঠা আৰু হিন্দু ধৰ্মক বিশ্বৰ অন্যতম প্ৰধান ধৰ্ম হিচাপে প্ৰচাৰ কৰাৰ বাবে বিবেকানন্দক বহুতে কৃতিত্ব দিয়ে। তেওঁ ভাৰতৰ হিন্দু নৱজাগৰণৰ অন্যতম আগশাৰীৰ ব্যক্তি আছিল। তেওঁ ব্ৰিটিছ ভাৰতত ভাৰতীয় জাতীয়তাবাদৰ ধাৰণাও প্ৰৱৰ্তন কৰে। বিবেকানন্দই ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। ১৮৯৩ চনত আমেৰিকাৰ চিকাগোত অনুষ্ঠিত হোৱা ৱৰ্ল্ড কংগ্ৰেছ অৱ ৰিলিজিয়নছত দিয়া তেওঁৰ আটাইতকৈ বিখ্যাত ভাষণ "ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰছ অৱ আমেৰিকা..." য়েই প্ৰথমবাৰৰ বাবে পশ্চিমীয়া সমাজত হিন্দু ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল। তেওঁ ৰামকৃষ্ণ মিশ্যনৰ প্ৰতিষ্ঠাতা আছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আমাক শিক্ষাই লাগে, যাৰ দ্বাৰা চৰিত্ৰ গঠন হয়, মানসিক শক্তি বাঢ়ে, মেধা বৃদ্ধি পায় আৰু মানুহে নিজৰ ভৰিত থিয় দিব পাৰে৷[উৎসৰ প্ৰয়োজন]
- যেতিয়ালৈকে লক্ষ লক্ষ মানুহ অনাহাৰ আৰু অজ্ঞানতাত ডুব গৈ থাকিব, তেতিয়ালৈকে মই প্ৰত্যেকজন শিক্ষিত মানুহকে বিশ্বাসঘাতক বুলিম৷[১]
- হৃদয়হীন বুদ্ধিজীৱিসকলে তেওঁলোকৰ বাতৰি কাকতত ছপোৱা কথাবোৰলৈ কাণ নিদিবা। জনগণৰ প্ৰতি গভীৰ সহানুভূতিকে সাৰথি কৰি কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱা।[উৎসৰ প্ৰয়োজন]
- সুখে দৈহিক আনন্দ দিয়ে। কিন্তু একমাত্ৰ যন্ত্ৰণাইহে মানসিক শক্তি বৃদ্ধিত সহায় কৰে।[২]
- প্ৰফুল্লিত ব্যক্তিসকলেই অধ্যৱসায়ী হ’ব পাৰে।[৩]
- যিমান দিনলৈকে ভিতৰৰ অন্তৰ্য্যামী গুৰুৰ প্ৰকাশ নহয়, সিমান দিনলৈকে বাহিৰৰ উপদেশ সকলো বৃথা৷ বাহিৰৰ শিক্ষাৰ দ্বাৰা যদি হৃদয় ৰূপ গ্ৰন্থ মেল খাই যায়, তেতিয়াহলেই তাৰ মূল্য কিছু আছে বুলি ক’ব পাৰি।[৩]
- চেতনেই হৈছে অৱচেতনৰ কাৰণ, আমাৰ অতীতৰ যি লক্ষ লক্ষ চেতন-চিন্তাবোৰ মনৰ ভিতৰত ডুব গৈছে, সেইবোৰেই হৈছে অৱচেতন চিন্তা, অতীতৰ সজ্ঞান ক্ৰিয়াবোৰেই নিষ্ক্ৰিয় আৰু অৱচেতন ৰূপত থাকে, আমি আৰু সেইবোৰৰ পিনে উভতি নাচাওঁ, সেইবোৰক চিনি নাপাওঁ, সেইবোৰৰ কথা আমি পাহৰি গৈছোঁ৷ কিন্তু মনত ৰাখিবা, অৱচেতন স্তৰত যেনেকৈ পাপৰ শক্তি নিহিত আছে, তেনেকৈ পূণ্যৰ শক্তিও আছে।[৩]
- যি কৰা হৈ গ’ল, হৈ গ’ল৷ কৰি পেলোৱা কামৰ বাবে অনুতাপ নকৰিবা, ভাবি নাথাকিবা৷ হৈ যোৱাক নোহোৱা কৰিব নোৱাৰি৷ কৰ্মৰ ফল অহিবই৷ কৰ্মফলৰ সম্মুখীন হোৱা৷ কিন্তু সতৰ্ক থাকিবা ভৱিষ্যতে যাতে এনে ভুল আৰু নহয়৷[৪]
- মানুহে আমাক হয় ভাল নহ’লে বেয়া বুলিবই৷ কিন্তু আমি নিজৰ আদৰ্শক আগত ৰাখি সিংহৰ দৰে কাম কৰি যাবই লাগিব৷[৪]
- একে অন্যৰ সমালোচনা কৰাই সকলো অনিষ্টৰ মূল৷ সংগঠন এটা টুকুৰা-টুকুৰ কৰাৰো ইয়েই প্ৰধান কাৰণ৷[৪]
- মোৰ বাবে শক্তিৰ আন নাম হ’ল ধৰ্ম৷ যি শিক্ষাই শক্তি দিব নোৱাৰে, সেইটো মোৰ বাবে ধৰ্ম নহয়, সেইটো লাগিলে উপনিষদ বা গীতাৰ পৰাই লোৱা নহওক কিয়৷[৫]
- খং নকৰিবা নিজৰে সৰ্বনাশ হ'ব৷ অহংকাৰ নকৰিবা পতন হ'ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা৷[৬]
- যি পাৰ হৈ গ’ল সেই অতীতলৈ আৰু উভতি নাচাবা৷ কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া৷ তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ’ব পাৰিবা৷[৬]
- যদি সমাজত অসমতা আছে, তেন্তে তাক দূৰ কৰিবৰ বাবে দুৰ্বলসকলক অধিক সা-সুবিধা প্ৰদান কৰিব লাগিব৷ ব্ৰাহ্মণৰ সন্তান এজনক যদি এজন শিক্ষক লাগে, চণ্ডালৰ সন্তানক দহজন শিক্ষক দিব লাগিব৷[৭]
- ধ্বংস হোৱাটো যিহেতু সুনিশ্চিত সেইবাবে সজ কামত জীৱন উছৰ্গা কৰিবা।[৮]
- অসংযত আৰু পৰিচালকহীন মনে আমাক সদায় অধঃপতনৰ ফালে টানি নিম্নগামী কৰে। কিন্তু সংযত আৰু সংৰক্ষিত মনে আমাক ৰক্ষাও কৰে আৰু মুক্তিও দিয়ে।[৮]
- পাপ, পুণ্য একো নাই, আছে মাথোঁ অজ্ঞতা৷
- সত্যৰ কাৰণে সকলো ত্যাগ কৰিব পাৰি কিন্তু সত্যক কোনো কাৰণতে ত্যাগ কৰিব নোৱাৰি৷[১]
- আমাৰ ভগৱান আছে কেৱল ৰন্ধা-বঢ়া কৰা চৰুটোত, আৰু আমাৰ ধৰ্ম হৈছে, “মোক নুচুবি, মই ধাৰ্মিক’’৷ এনেদৰে আৰু এশ বছৰ চলিলে আমি সকলো পগলা ফাটেকত সোমাব লাগিব৷[৯]
- স্বৰ্গ বা নৰক আছেনে নাই, আত্মা আছেনে নাই, কোনে কেৰেপ কৰে? সমূখত জগত আছে পৰি, আৰু তাত দুখ দাৰিদ্ৰ্যৰ সীমা নাই৷ যোৱা, সেই দুখ লাঘৱ কৰিবলৈ সংগ্ৰাম কৰা৷ প্ৰয়োজন হ’লে সেই চেষ্টাত প্ৰাণ বিসৰ্জন দিয়া৷[৯]
- শাস্ত্ৰই কি কয় কোনে খাতিৰ কৰে? আচাৰ-সংস্কাৰত নিমগ্ন মোৰ দেশবাসীক যদি নিজৰ ভৰিত থিয় হ’বলৈ মই জাগ্ৰত কৰিব পাৰোঁ আৰু কৰ্মযোগৰ প্ৰেৰণাৰে উদ্বুদ্ধ কৰিব পাৰোঁ, তেন্তে মই হাঁহি হাঁহি হেজাৰখন নৰকলৈ যাবলৈ সাজু আছোঁ৷ [৯]
- ভাৰতত আজি কোনে দাৰিদ্ৰ্য আৰু অজ্ঞানতাত ডুব গৈ থকা বিশ কোটি নৰনাৰীৰ বাবে উদ্বেগ অনুভৱ কৰে? আমাৰ গতি কি হ’ব? তেওঁলোকক পোহৰ কোনে দেখুৱাব? সেইসকল লোককেই তোমালোকে ঈশ্বৰ জ্ঞান কৰিব লাগিব৷[৯]
- শত শত শতাব্দী কাল আমাৰ জনসাধাৰণক নীচতাৰ শিক্ষাই দিয়া হৈছে৷ তেওঁলোকক কোৱা হৈছে, তেওঁলোক মানুহেই নহয়, তেওঁলোক একোৱেই নহয়৷ শত শতাব্দী ধৰি তেওঁলোকক ভীত সন্ত্ৰস্ত কৰি ৰখা হৈছে৷ ফলত তেওঁলোক পশুতুল্য হৈ পৰিছে৷ তেওঁলোকক কোনেও কেতিয়াও আত্মাৰ কথা কোৱা নাই৷[৯]
- যন্ত্ৰ, অৰ্থ আৰু পণ্যসম্ভাৰ লৈ যি বণিকৰ জগৎ গঠিত, তাত ভিক্ষাপাত্ৰৰ স্থান নাই৷ .....প্ৰথম কাম প্ৰথমে কৰিব লাগিব.......শৰীৰ সাধনা আনকি ভাগৱৎগীতা পাঠতকৈও গুৰুত্বপূৰ্ণ৷ এই দুঃসাহসিকতাৰ নিচা -- পৌৰুষ, তেজস্বীতা আৰু বীৰনীতি দুৰ্বলৰ ৰক্ষা আৰু উদ্ধাৰৰ কামত নিযুক্ত কৰা কৰ্তব্য৷[৯]
- ক্ষুধাৰ্ত মানুহক ধৰ্মৰ কথা কোৱা বা দৰ্শন শাস্ত্ৰ পঢ়োৱাটো হ'ল তেওঁক অপমান কৰা।[১০]
- অন্য লোকৰ সুখ-দুখ আৰু লাভ-লোকচান যি লোকে নিজৰ বুলি অনুভৱ কৰিব পাৰে তেওঁকেই মানুহ বোলা উচিত।
- নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ শিকা, তেতিয়াহে সংসাৰক প্ৰকৃততে ভাল পাব পাৰিবা৷[১১]
- আমি সামান্য কামকো ঘৃণা কৰা উচিত নহয়। যি মানুহে অতি সৰু কাম কৰে তেওঁ ডাঙৰ কাম কৰাজনতকৈ অলপো সৰু নহয়। কৰ্তব্যৰ ধৰণ দেখি নহয়, কৰ্তব্য সাধনৰ ধৰণ দেখিহে মানুহক বিচাৰ কৰিব লাগে।[১২]
- তুমি নিজকে দৰিদ্ৰ বুলি দুখ নকৰিবা, কাৰণ ধন মানেই পৰাক্ৰম নহয়৷ সাধুতা আৰু পৱিত্ৰতাহে প্ৰকৃত পৰাক্ৰম৷[১৩]
- যিজন মানুহে পৃথিৱীখন সম্পূৰ্ণ শুদ্ধ হোৱাৰ পাছত কাম কৰিবলৈ ৰৈ থাকে আৰু তেতিয়াহে শান্তি পাব বুলি আশা কৰে, তেন্তে তেওঁ বৈ যোৱা নৈ এখনৰ দাঁতিত ৰৈ ক'ব লাগিব - এইখন নৈৰ পানী সাগৰলৈ সম্পূৰ্ণ বৈ শেষ হোৱাৰ পাছতহে মই নৈখন পাৰ হ'ম। [১৪]
- পৃথিৱীত এনে কোনো মাতৃ নাই, যিয়ে তেওঁৰ পুত্ৰৰ অত্যন্ত সাধাৰণ মুখখনো ভাল নাপায়। মাতৃৰ চকুত তেওঁৰ পুত্ৰৰ মুখখনেই জগতৰ সুন্দৰতম মুখ।[১৫]
- ভাৰতবৰ্ষত দুৰ্ভিক্ষৰ সময়ত সহস্ৰ সহস্ৰ হিন্দু নৰ-নাৰীয়ে ভোকত মৃত্যুৰ মুখত পৰি প্ৰাণত্যাগ কৰিছে-কিন্তু খৃষ্টানসকল! আপোনালোকে সেই বিষয়ে অকণো মনোযোগ নিদিয়ে। আপোনালোকে সমগ্ৰ ভাৰতত ধৰ্ম্ম-মন্দিৰ সাজিবলৈ সদায় ব্যস্ত কিন্তু ভাৰতবাসী সকলৰ যথেষ্ট ধৰ্ম্ম আছে; তেওঁবিলাৰ শুষ্ক কণ্ঠ কেৱলমাত্ৰ এমুঠি অন্নৰ কাৰণে ৰৈ আছে। তেওঁবিলাকে বিচাৰিছে ভাত, আমি দিছোঁ শিল-গুটি; ক্ষুধাৰ্ত মানুহক ধৰ্ম্মৰ কথা কোৱা বা দৰ্শন-শাস্ত্ৰ বুজোৱা বিড়ম্বনাহে মাথোন।[১৬]
- বুদ্ধদেৱৰ কেইজনমান ব্ৰাহ্মণ শিষ্যই তেওঁৰ উপদেশবিলাক সংস্কৃতলৈ অনুবাদ কৰিব খোজাত তেওঁ শিষ্যবিলাকক স্পষ্টকৈ কৈছিল-“মই দৰিদ্ৰ আৰু জনসাধাৰণৰ নিমিত্তেহে আহিছোঁ। মই চলিত ভাষাতহে ধৰ্ম প্ৰচাৰ কৰিম।” গতিকে আজিলৈকে তেওঁৰ উপদেশবিলাক সেই সময়ৰ চলিত ভাষাতে আছে।[১৬]
- খৃষ্টানে হিন্দু বা বৌদ্ধ হব নালাগে; হিন্দু বা বৌদ্ধয়ো খৃষ্টান হব নালাগে। কিন্তু প্ৰত্যেক ধৰ্ম্মই অইন ধৰ্ম্মৰ সাৰ ভাৱবিলাক গ্ৰহণ কৰি তাৰে সৈতে পুষ্টহৈ বিশেষত্ব ৰক্ষা কৰি নিজে আগবঢ়াটোহে যুগুত। যদি এই সৰ্বধৰ্ম্ম মহাসভাই জগতত কিবা নতুন কথা দেখুৱাব খুজিছে তেনেহলে সেই কথা এয়ে। এই সভাই এই কথা ভালকৈ প্ৰমাণ কৰি দেখুৱাইছে। জগতত যি পৱিত্ৰতা, চিত্তশুদ্ধি আৰু দয়া দাক্ষিণ্য এইবিলাক কোনো ধৰ্ম্মৰে বাপতীয়া সাহোন নহয়; আৰু প্ৰত্যেক ধৰ্ম্মতে অতি মহানুভৱ উদাৰ নৰ-নাৰী আছে।[১৬]
- যি ধৰ্ম্মৰ পৱিত্ৰ সংস্কৃত-ভাষাত ইংৰাজী “এক্সক্লুজন” (অৰ্থাৎ হেয় বা পৰিতাজ্য) শব্দটি কোনোমতে অনুবাদ কৰিব নোৱাৰি, মই সেই ধৰ্ম্মাৱলম্বী। যি জাতিয়ে পৃথিবীৰ সকলো ধৰ্ম্ম আৰু সকলো জাতিৰ পৰিত্যক্ত, উৎপীড়িত আৰু আশ্ৰয় বিচৰা সকলক চিৰকাল অকাতৰে আশ্ৰয় দি আহিছে, মই সেই জাতিৰ অন্তৰ্ভুক্ত বুলি নিজকে নিজে গৌৰবান্বিত কৰোঁ।[১৬]
- ক্ৰমাগত অধ্যাৱসায় আৰু যত্নেৰে পূৰ্ণতা লাভ কৰা,-দেৱতা হোৱা ঈশ্বৰৰ সান্নিধ্য হোৱা আৰু তেওঁক দৰ্শন কৰাই হিন্দুসকলৰ সাধন প্ৰণালীৰ লক্ষ্য। এইদৰে ঈশ্বৰ-সান্নিধ্য লাভ কৰি, তেওঁক দৰ্শন কৰি, সেই সৰ্ব্ব- লোক-পিতা-ঈশ্বৰৰ নিচিনা পূৰ্ণ হোৱাই হিন্দুধৰ্ম। [১৬]
- হিন্দুধৰ্ম নোহোৱাকৈও বৌদ্ধ-ধৰ্ম্ম থাকিব নোৱাৰে আৰু বৌদ্ধ-ধৰ্ম্ম নোহোৱাকৈও হিন্দু-ধৰ্ম্ম থাকিব নোৱাৰে। [১৬]
- যি জাতিয়ে নাৰীক সন্মান নকৰে, সেই দেশ বা জাতি মহান হ’ব পৰা নাই আৰু ভৱিষ্যতেও নোৱাৰে।[১৭]
মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ১৮৯৩ চনৰ আজিৰ দিনটো (১১ ছেপ্তেম্বৰ)তে স্বামী বিবেকানন্দই চিকাগোত তেওঁৰ প্ৰতিষ্ঠিত ভাষণ প্ৰদান কৰে। তেওঁ ভাৰতৰ বহুযুগ পুৰণি ঐক্য, শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা বিশ্বৰ আগত পৰিচয় কৰাই দিছে। তেওঁৰ বাক্যই প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে তথা ই আমাক ঐক্য আৰু সম্প্ৰীতিৰ শক্তিৰ কথা মনত পেলাই দিয়ে৷
উত্স
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ (সম্পা)দ্বিজেন সিং (২০১৬)। জ্ঞানজ্যোতি। জ্ঞানজ্যোতি ২০১৬ সম্পাদনা সমিতি।
- ↑ নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰ, ২০২১
- ↑ ৩.০ ৩.১ ৩.২ ৰক্তাভ জ্যোতি বৰা। উদ্ধৃতি অভিধান।
- ↑ ৪.০ ৪.১ ৪.২ স্বামী বিবেকানন্দৰ জীৱনী আৰু বাণী, ব্ৰহ্মচাৰী অমল, অনুবাদঃ ডঃ চন্দনা শৰ্মা
- ↑ স্বামী বিবেকানন্দৰ দৃষ্টিত ভাৰতীয়ত্ব আৰু সাম্প্ৰতিক কালত তাৰ প্ৰাসংগিকতা, ড° জয়কান্ত শৰ্মা, প্ৰান্তিক ১-১৫ মাৰ্চ ২০১৫
- ↑ ৬.০ ৬.১ মহৎ লোকৰ অমৰ বাণী. প্ৰকাশক: as.vikaspedia.in.
- ↑ অসমীয়া প্ৰতিদিন, পৃ;নং,৪; ১৩ এপ্ৰিল ২০২২
- ↑ ৮.০ ৮.১ শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
- ↑ ৯.০ ৯.১ ৯.২ ৯.৩ ৯.৪ ৯.৫ শোণিত বিজয় দাস, মুনীন বায়ন (সম্পা) (২০২২)। হীৰেন গোহাঁই ৰচনাৱলী ৩। কথা পাব্লিকেশ্যনচ্।
- ↑ মহৎ লোকৰ অমৃত বাণী, সম্পাদনা:জয়চন্দ্ৰ চক্ৰৱৰ্তী, পৃ. ১
- ↑ তালুকদাৰ, যাদৱ চন্দ্ৰ (২০১৫)। মহৎ লোকৰ অমৃত বাণী। পানবজাৰ, গুৱাহাটী। গণেশ প্ৰকাশন, পৃষ্ঠা:১৯।
- ↑ অপূৰ্ব তালুকদাৰ। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন, পৃষ্ঠা:১।
- ↑ "মহৎ লোকৰ বাণী". মহাৰ্ণৱ (চতুৰ্থ বছৰ, চতুৰ্থ সংখ্যা): ২৮. মে-জুন ২০২৪.
- ↑ শৰ্মা বৰুৱা, অভিজিত (নৱেম্বৰ,২০১৯)। ছাত্ৰ-ছাত্ৰীৰ গাইড। সঞ্জীৱন, পৃষ্ঠা:১৭। ISBN: 978-93-88456-02-9।
- ↑ বৰা ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:২৬৩। ISBN: 81-7206-117-5।
- ↑ ১৬.০ ১৬.১ ১৬.২ ১৬.৩ ১৬.৪ ১৬.৫ শ্ৰীশ্ৰী স্বামী বিবেকানন্দৰ চিকাগো বক্তৃতা (১৯২৫),লেখক: স্বামী বিবেকানন্দ,শ্ৰীদেবেন্দ্ৰনাথ বেজবৰুৱা অনুবাদিত আৰু যোৰহাট ৰামকৃষ্ণ সেৱা সমিতিৰ পৰা প্ৰকাশিত।,১৮৪৭ শঁক।
- ↑ চহৰীয়া, চন্দ্ৰ (১-১৫ মে’ ২০২৬). "যন্ত্ৰণাক মীনভাৱে বৰণ কৰা চেনেহৰ আই". প্ৰান্তিক: ৩৪.
- ↑ স্বামী বিবেকানন্দৰ ১৩২ সংখ্যক বাৰ্ষিকী.... আহৰণ কৰা হৈছে: 13 ছেপ্টেম্বৰ 2024.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- Quotes on Swami Vivekananda on reviving India
- Complete Works of Vivekananda, Belur Math publication
- Vivekananda Vedanta Network
- Quotes of Swami Vivekananda (with source citations)
- inspirational quotes by Vivekananda
