সমললৈ যাওক

মেক্সিম গৰ্কী

ৱিকিউদ্ধৃতিৰ পৰা
মেক্সিম গৰ্কী

এলেক্সেই মেক্সিমভিছ পেচকভ (ইংৰাজী: Alexei Maximovich Peshkov) বা চমুকৈ এলেক্সেই পেচকভ এজন ৰুচ সাহিত্যিক আছিল। তেওঁ মেক্সিম গৰ্কী (ইংৰাজী: Maxim Gorky) ছদ্মনামেৰে লিখামেলা কৰিছিল যিটো নামেৰেই পাছত তেওঁ বিশ্ববিখ্যাত হৈ পৰে। তেওঁ এজন সামাজিক বাস্তববাদী সাহিত্যিক আৰু সমাজকৰ্মী আছিল। ১৯০৬ চনত গৰ্কীৰ উপন্যাস ’মা’ (Mother) প্ৰকাশ পায়। এইখন উপন্যাসে বিশ্ব সাহিত্যত এখন সুকীয়া আসন দখল কৰি লবলৈ সক্ষম হয়। পুঁজিবাদীৰ শোষণৰ বিৰুদ্ধে শ্ৰমিক শ্ৰেণীক একগোট কৰাৰ ক্ষেত্ৰত এই উপন্যাসখন এক পথ নিদ্দেৰ্শনা বুলিব পাৰি। সেই ক্ষেত্ৰত বিশ্বৰ সকলো সংগ্ৰামী শ্ৰমিক শ্ৰেণীৰ বাবে ’মা’ উপন্যাসখন এক আদৰ্শ স্বৰূপ। ইয়াৰ পিছত গৰ্কীয়ে ৰচনা কৰে ’চাইল্ড হুদ’ (Child hood) নামৰ উপন্যাসখন। এইখন উপন্যাস তেওঁৰ আত্মজীৱনী ভিত্তিক। উপন্যাসখনত গৰ্কীৰ ল’ৰালি কালচোৱাৰ এখন সুস্পষ্ট ছবি নিখুঁত ৰূপত প্ৰকাশ পায়। এইখন উপন্যাসেও গৰ্কীক চূড়ান্ত শিখৰলৈ লৈ যায়। ইয়াৰ পিছত একাদিক্ৰমে প্ৰকাশ পোৱা গৰ্কীৰ আন গ্ৰন্থ সমূহ হ’ল ’মাই এপ্ৰেণ্টিচচিপ এণ্ড মাই ইউনাভাৰ্চিটিজ দ্য লাইফ অব ক্লিম চাংগিন আৰু ’ফ’মা গৰ্ডেয়ভ’।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. যেতিয়া কামবোৰ আনন্দময় হয়, জীৱনটোও আনন্দময় হয়। যেতিয়া কামবোৰ কৰ্তব্যজনিত হয়, তেতিয়া জীৱনটো দাসত্বসূচক হয়।[উৎসৰ প্ৰয়োজন]
  2. শব্দই মানুহক যিমান যন্ত্ৰণা দিয়ে, তাতোকৈ বেছি যন্ত্ৰণা আন একোৱেই দিব নোৱাৰে৷[১]
  3. মোৰ বাবে মানুহ চেৰাই কোনো কল্পনা নাই৷ সকলো ভাব চিন্তাৰে স্ৰষ্টা মানুহ৷ মানুহক মই প্ৰণাম কৰোঁ, কাৰণ মানুহৰ সৃষ্টি, মুক্তি আৰু কল্পনাক বাদ দি মই এই পৃথিৱীৰ একো চাব নোৱাৰোঁ৷[১]
  4. যিটো কথাকে মই আটাইতকৈ পৱিত্ৰ বুলি ভাবোঁ, সেইটো হ’ল মানুহৰ চিৰ অসন্তুষ্টি, নিজক লৈ কেতিয়াও সন্তুষ্ট হ’ব নোৱাৰা স্বভাৱ, এতিয়া তেওঁ যিমান ভাল তাতকৈ বেছি ভাল হ’বলৈ মানুহৰ প্ৰয়াস, মানুহৰ পৰিশ্ৰম৷[১]
  5. অতীত সমালোচনাৰ উৰ্দ্ধত নহয়৷ কিন্তু তাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাটো অৰ্থহীন৷ অতীতক অধ্যয়নহে কৰিব লাগে৷[১]
  6. জীৱনৰ প্ৰতি মুহূৰ্তৰে একোটা মহান উদ্দেশ্য থাকে৷ সেই উদ্দেশ্য সাধনৰ কাৰণে কৰা কঠোৰ প্ৰচেষ্টাতেই জীৱনৰ অৰ্থ লুকাই থাকে৷[১]
  7. সাহিত্যৰ লক্ষ্য হৈছে মনুহক নিজক নিজে বুজিবলৈ সক্ষম কৰা, আত্মবিশ্বাস জন্মোৱাত আৰু সত্যৰ অনুসন্ধান কৰাত সহায় কৰা, সত্য কথাত আত্মনিয়োগ কৰিবলৈ বল দিয়া আৰু অন্তৰত সৌন্দৰ্যবোধ জন্মাই জীৱনটো পৱিত্ৰ কৰা৷[১]
  8. অৱস্থাৰ দাস নহৈ সংগ্ৰাম কৰিব পাৰিলেহে মানুহ, মানুহ হ’ব পাৰে৷[২]
  9. সৰ্বসাধাৰণ মানুহৰ শ্ৰম প্ৰক্ৰিয়াই সংস্কৃতি মূলতঃ নিয়ন্ত্ৰণ কৰে আৰু এই শ্ৰম প্ৰক্ৰিয়াই সকলো ধ্যান ধাৰণাৰ উৎস৷[৩]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা
  2. মহৎ লোকৰ বাণী, কলংপাৰ, পৃ:নং; ৮, ১৪ ছেপ্তেম্বৰ, ২০২২
  3. কাৰবি লোক সমাজ সাহিত্যত এভূমুকি, সুৰেন্দ্ৰ বৰুৱা, ১৯৯৮, পৃ, ২৮

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: