ভবেন্দ্ৰ নাথ শইকীয়া

ৱিকিউদ্ধৃতিৰ পৰা

ড॰ ভবেন্দ্ৰ নাথ শইকীয়া (ইংৰাজী: Bhabendra Nath Saikia; ১৯৩২ – ২০০৩) অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভবেন্দ্ৰ নাথ শইকীয়াই অৱদান আগবঢ়াই গৈছে।

ভবেন্দ্ৰ নাথ শইকীয়াই লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল।

ইয়াৰ উপৰি তেওঁ ৰেডিঅ' নাট, একাঙ্কিকা নাটক, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক ৰচনা কৰিছিল। তেওঁ আঠখন অসমীয়া চলচ্চিত্ৰও পৰিচালনা কৰিছিল। ইয়াৰে সাতখন বোলছবিৰ কাৰণে তেওঁ ভাৰত চৰকাৰৰ ৰজত কমল বঁটা লাভ কৰিছিল। তেওঁ ১৯৭৬ চনত সাহিত্য অকাডেমি বঁটা আৰু ১৯৯০ চনত 'অসম উপত্যকা সাহিত্য বঁটা'ৰ লগতে পদ্মশ্ৰী সন্মানো লাভ কৰিছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. যদি ভিতৰৰ পৰা প্ৰেৰণা পাইছা, তেনেহ'লে লিখি যোৱা৷ তোমাৰ যিটো শাখাৰ (গল্প, কবিতা, উপন্যাস, প্ৰবন্ধ, নাটক আদি) প্ৰতি আগ্ৰহ, সেই শাখাত প্ৰকৃত প্ৰতিষ্ঠা আৰু সমাদৰ লাভ কৰা কেইগৰাকীমান সাহিত্যিকৰ ৰচনা সঘনে পঢ়ি উপলব্ধি কৰিবলৈ চেষ্টা কৰা, কি কি কাৰণে তেওঁ প্ৰতিষ্ঠা আৰু সমাদৰ লাভ কৰিছে৷ নিজে বিচাৰ কৰা, -সেইসকলৰ মাজৰ কাৰ লেখা তোমাৰ ভাল লাগিছে৷ তোমাৰ নিজৰ ৰচনা নিজে বিচাৰ কৰা৷ তুমি নিজৰ ভিতৰৰ পৰা যেতিয়া সমৰ্থন পাবা, তেতিয়া তুমি নিজে বুজিবা,-তোমাৰ লেখাৰ পাতনি লিখাবলৈ তুমি কাৰো ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই৷ এই আত্মবিশ্বাস বা অহংকাৰ কেনেকৈ কেতিয়া মনলৈ আহে ধৰিব নোৱাৰি৷ এইবোৰ আনে কিন্তু প্ৰতিভাই৷ এই প্ৰতিভা আৰু তোমাৰ চৰ্চাৰ যেতিয়া যথোচিত সংযোগ ঘটে, তেতিয়া তুমি কাৰো আশীৰ্বাদ, শুভেচ্ছা-বাণী, পাতনি বা আগকথাৰ কথা চিন্তা কৰিবলৈ সময় নাপাবা৷ আলোচনীলৈ লেখা পঠালে সম্পাদকলৈ চমুকৈ চিঠি এখন লিখিবলৈও সময় নাপাবা, তেনে চিঠিৰ কোনো প্ৰয়োজনো নহ'ব৷ তোমাৰ কিতাপৰ পাতনি লিখা কামটো এদিন সাহিত্য-সমালোচকসকলে কৰ্তব্য হিচাপে গ্ৰহণ কৰক, এয়ে মোৰ আন্তৰিক শুভেচ্ছাৰ সাৰাংশ৷ [১]
  2. ৰাজহুৱা ঠাইত ব্যক্তিগত সকলো যন্ত্ৰণা হেঁচা মাৰি ৰাখি, শান্ত, নম্ৰভাৱে আচৰণ কৰিব পৰা শক্তি আহৰণ কৰিব পাৰিলে এক নিৰ্মল আনন্দ পোৱা যায়৷ এজন মানুহক ভাল ব্যৱহাৰ কৰিলোঁ, এজন মানুহৰ বিষয়ে ভালকৈ ক’লোঁ-এই ভাবটোৱে, এই কামটোৱে মনলৈ যে কি আনন্দ আনে, এনে কামে মনটো যে কিমান বহল কৰে, সেই উপলব্ধি এক ডাঙৰ সম্পত্তি৷[২]
  3. এফালৰ পৰা চাবলৈ গ’লে বছৰৰ শেষ দিন নো কি! ৩১ ডিচেম্বৰনো কি! আশীৰ দশকনো কি! এজন মহৎ মানুহৰ জীৱনৰ এটা দিনৰ পৰা সময়ৰ হিচাপ কৰিলেহে আমি এইবোৰ পাওঁ! তেনেকুৱা কত কেলেণ্ডাৰ মতে বছৰৰ কত শেষ দিন আছে! আজিৰ দিনটোৰ বেলিওতো ডুবিল৷ কোনোবা অজ্ঞাত কেলেণ্ডাৰ মতে আজিৰ দিনটোও চাগৈ বছৰৰ শেষ দিন! আচলতে দিন আৰু ৰাতিৰ হিচাপেই আচল হিচাপ৷ জীৱনৰ ৰুটিনৰ হেঁচাৰ কাৰণে যদি বিষণ্ণতা অনুভৱ কৰিব লাগে, তেনেহ’লে প্ৰতি দিনৰ বেলি ডুবাৰ সময়তেই সেই বিষণ্ণতা অনুভৱ কৰিব লাগে৷ কি কৰিলোঁ দিনটোত? কৰিলোঁনে কিবা কামৰ কাম? তেতিয়া বছৰৰো হিচাপ ওলায়, দশকৰো হিচাপ ওলায়৷ নিজৰে এখন কেলেণ্ডাৰ প্ৰস্তুত হয়৷ আৰু কি ঠিক- সেই কেলেণ্ডাৰেহে ওভোতাই জীৱনক মহৎ কৰিব পাৰে৷
  4. মানুহৰ অনুভূতি আৰু বিশ্বাসক হঠাতে কোনেও আঘাত কৰিব নোখোজে, আৰু বৈজ্ঞানিক চিন্তা-চৰ্চাৰ ব্যাপ্তিৰ ফলত এদিন অবৈজ্ঞানিক অসত্যৰ স্বাভাৱিক মৃত্যু ঘটিবই, - ইয়াকে প্ৰকৃত শিক্ষিত, সমাজৰ কল্যাণকামী লোকে বিশ্বাস কৰে।[৩]
  5. মোৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ হ’ল৷ নিজৰ মাটিত, নিজৰ ঘৰত৷ মোৰ কামৰ কেন্দ্ৰবিন্দু হ’ল “প্ৰান্তিক’’৷[৪]
  6. সৌন্দৰ্য আৰু সৃষ্টিশীলতাত চহকী, প্ৰকৃতি আৰু মানৱীয়তাৰ এটা কাহিনী যাক কেমেৰাৰ জৰিয়তে পৰ্দাত তুলি ধৰা হয়; সেইয়াই হৈছে মোৰ বাবে চলচ্চিত্ৰৰ সংজ্ঞা৷[৫]
  7. একোজন শিল্পীৰ গীতসমূহ যেতিয়া ৰস, চৰিত্ৰ, গুণ আদিৰ বলত এক বিশিষ্ট শ্ৰেণীৰ অন্তৰ্ভুক্ত হৈ পৰে, নাইবা গীতসমূহক এক বিশিষ্ট শ্ৰেণী বুলি স্বীকাৰ কৰা হয়, তেতিয়া সেই গীতসমূহ চৰ্চা কৰা বা পৰিৱেশন কৰা লোকসকলৰ দায়িত্ব আৰু নিষ্ঠায়ো এক বিশেষ চৰিত্ৰ গ্ৰহণ কৰা উচিত৷ [৬]
  8. এনেকুৱা কিছুমান সৰু-সৰু কথা থাকে, মন নকৰিলে একো নাই, কিন্তু এবাৰ মন কৰোঁ বুলি কৰিলে দেখা যায়-সেই সৰু-সৰু কথাবোৰতো এক ধৰণৰ আমোদ পোৱা যায়৷ অকল আমোদ পোৱাই নহয়, লাভো হয়৷ [৭]
  9. চাৰিওফালে চালে যেতিয়া সুখ আৰু শান্তিৰে মনটো ভৰি যোৱাকৈ কোনোবাই কাম কৰিছে বুলি ধাৰণা হয়, তেতিয়া কেইটামান পইচা পানীত পৰি থাকিলেও দেখি বেয়া নালাগে৷ [৮]
  10. কালচাৰেল ফাংছনৰ সত্ৰীয়া নৃত্যৰ অনুষ্ঠানে আপোনাৰ মন কিমান মুহিলে বা নুমুহিলে সেইটো যিমান ডাঙৰ কথা, আপোনাৰ বোৱাৰী-জীয়াৰীয়ে সন্ধিয়াৰ পাছত কিমান শান্তি আৰু আনন্দেৰে ৰভাতলীলৈকে এই বাটছোৱা অহা-যোৱা কৰিব পাৰিলে, সেইটোও সিমানে ডাঙৰ কথা। এগৰাকী শিল্পীয়ে গভীৰ সাধনাৰে সংস্কৃতিৰ এটা উপাদান(ধৰি লওক লোকগীত) কিছু পৰিমাণে আয়ত্ত কৰি, গভীৰ নিষ্ঠাৰে শ্ৰোতাৰ সমুখত পৰিৱেশন কৰাটো যিমান ডাঙৰ কথা, কিমান কম শ্ৰোতাই “সেইবোৰ বাদ দিয়ক, জিলেলে গাওক” বুলি চিঞৰে, সেইটোও ডাঙৰ কথা।
  11. এগৰাকী মানুহৰ মনত কষ্ট নিদিয়াকৈও যি ভাষাৰে এটা কাম সম্পন্ন কৰিব পাৰি, এক ফল পাব পাৰি, মই সেই ভাষা ব্যৱহাৰ কৰাৰ পক্ষপাতী৷ [৯]
  12. লেখক-সমালোচকৰ মন যেতিয়া প্ৰকৃত কল্যাণকামী, সত্যসন্ধানী, যুক্তিনিৰ্ভৰ আৰু তথ্যনিৰ্ভৰ হয়, তেওঁলোকৰ প্ৰকাশভংগী যেতিয়া সাংস্কৃতিক মন এটাৰ নিয়ন্ত্ৰণত থাকে, তেতিয়া তেওঁলোকৰ কলমৰ আগলৈ অশালীন, অশোভনীয় কথা অহাৰ সম্ভাৱনা প্ৰায় নাথাকেই৷ [৯]
  13. আজি জনসাধাৰণে যদি মাৰ বান্ধি এটা প্ৰচণ্ড মংগলকামী ঢৌৰ সৃষ্টি কৰিব নোৱাৰে, তেনেহ’লে কেৱল শাসনৰ আসনত থকা ৰাজনৈতিক দল আৰু ব্যক্তি সলনি কৰি প্ৰকৃত সুফল পোৱাৰ সম্ভাৱনা নাই৷ [১০]
  14. দুৰ্যোগৰ সময়ত, বিপৰ্যয়ৰ সময়ত, অশান্তিৰ সময়ত যিবোৰ বস্তু অপকাৰী বুলি ভাবোঁ, যিবোৰ বস্তুৱে মোক পুতি পেলাব বুলি ভাবোঁ,-চাব জানিলে দেখা পাম, সেইবোৰৰ মাজতে মই উদ্ধাৰ পোৱাৰ, ওপৰলৈ উঠিব পৰাৰ সম্বল সোমাই আছে৷[১১]
  15. মোৰ বোধেৰে গান গোৱা মানুহ কাৰণে মদপানী এটোপা খাবই লাগিব, আৰ্টিষ্ট মানুহ কাৰণে যেতিয়াই-তেতিয়াই য’তে-ত’তে ছিগাৰেট খাবই লাগিব,- এইবোৰ নিম্নস্তৰৰ, গ্ৰহণৰ অযোগ্য কথা৷[১২]
  16. আচলতে, যিমান জানে, কিবা এটা পঢ়ি তাতকৈ বেছি জানিবলৈ চেষ্টা নকৰা, যিমান বুজে, লেখা এটা পঢ়ি তাতকৈ বেছি বুজিবলৈ চেষ্টা নকৰা, পঢ়াৰ সময়ত অতি সহজে কৌতূহল নিবৃত্ত কৰিবলৈ আৰু উপৰুৱা আনন্দ লাভ কৰিবলৈ ইচ্ছা কৰা পাঠককে বোধকৰো আমি কমন ৰিডাৰ বুলি ধৰি লওঁ৷ ভ্ৰাম্যমান থিয়েটাৰ, ছিনেমা আদিৰ ক্ষেত্ৰতো কমন অডিয়েন্স-সাধাৰণ পৰ্যায়ৰ দৰ্শকৰ কথাটোৰ প্ৰচলন বৰ বেছি৷ আৰু কমন ৰিডাৰৰ কাৰণে, কমন অডিয়েন্সৰ কাৰণে কিবা এটা দিয়া বা কৰাৰ চিন্তাটোৱে সাংস্কৃতিক আৰু বৌদ্ধিক দিশত আমাৰ এক ধৰণৰ অপকাৰ কৰি আছে৷[১৩]
  17. কমন মানুহ থাকিবই৷ কমন মানেই কমন৷ সাধাৰণ পৰ্যায়ৰ৷ কিন্তু কমন ৰিডাৰখিনি কিমান কমন, কমন অডিয়েন্সখিনি কিমান কমন, সি জাতিটোৰ মান(Standard) নিৰ্ণয় কৰে৷ অসমীয়া কমন ৰিডাৰ কিমান কমন? অৰ্থাৎ তেওঁলোকৰ মগজৰ ওপৰত হেঁচা নপৰাকৈ তেওঁলোকে কিমান ওখ খাপৰ কথা বুজি পায় বা উপভোগ কৰে? কিমান তলখাপৰ কথাহে তেওঁলোকৰ বুদ্ধিমত্তাৰ লগত খাপ খায়? এইবোৰ প্ৰশ্নৰ উত্তৰে অসমীয়া জাতিৰ বৌদ্ধিক আৰু সাংস্কৃতিক মান নিৰ্ণয় কৰিব৷ উদাহৰণস্বৰূপে, এটা জাতিৰ কমন ৰিডাৰ বীৰবল-আকবৰৰ গল্পৰ পৰ্যায়তে আছে বুলিলে সমগ্ৰ জাতিটো কিমান কমন সেই বিষয়ে আমি ধাৰণা কৰিব পাৰোঁ৷ [১৩]
  18. মই পাৰিলে কাৰোবাৰ উপকাৰ কৰিম, নোৱাৰিলে নকৰোঁ৷ কিন্তু জানি-শুনি কাৰো অপকাৰ নকৰোঁ৷ মোৰ কামৰ কাৰণে মানুহ, পশু-পক্ষী কোনেও কষ্ট নাপাওক আৰু অনাহকত যেন মোকো কোনেও কষ্ট নিদিয়ে৷ যিখিনি সময় পাওঁ তাৰ প্ৰতিটো মুহূৰ্ত যেন কাম আৰু নিৰ্দোষ আনন্দৰ মাজেদি পাৰ কৰিব পাৰোঁ৷[১৪]
  19. "ছিনেমা বুলিলে মানুহে নানান ধৰণৰ কথা কয় আৰু ভাবে। মই এই সম্ভ্ৰান্ত পৰিয়ালৰ মানুহখিনিৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিম,- মোৰ এই ফিল্মখনত (সন্ধ্যাৰাগ) অভিনয় কৰা কাৰণে প্ৰত্যেকৰে যেন অকণমান হ'লেও সন্মান বাঢ়ে, কাৰো অকণো নকমে। প্ৰত্যেকেই যেন অধিক সন্মানেৰে নিজৰ সংসাৰখনৰ আগৰ ঠাইলৈ উভতি যাব পাৰে।"

ভবেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা লিখিত নাটকৰ কিছুমান সংলাপ[সম্পাদনা কৰক | উৎস সম্পাদনা]

মই বিশ্বাস কৰিলোঁ,-ব্যৱসায় আৰু মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰা নাটকতো নাটকৰ মৌলিক চৰিত্ৰ আৰু সৌন্দৰ্যক সুৰক্ষা দিয়াটো সম্ভৱ৷ ব্যৱসায়িক মঞ্চৰ বাবে নাটক লিখাটোও সাহিত্যকৰ্ম বুলি পৰিগণিত হ'ব পাৰে৷-ভবেন্দ্ৰ নাথ শইকীয়া[১৫]
  • ৰম্যভূূমি
  1. গছৰ হাবিত থাকিবলৈ ভাল, মানুহৰ হাবিত থাকিবলৈ বৰ বেয়া৷[১৬]
  • অমৃত
  1. বেয়া পাবলৈ মানুহক কেইছেকেণ্ড লাগে, ভাল পাবলৈহে সময় লাগে৷[১৬]
  2. পৃথিৱীৰ কোনো ক'তো একো খালী হৈ নাথাকে৷ কাৰো জীৱন খালী হৈ নাথাকে৷ সময়ত সকলো পূৰ হৈ যায়৷
  • পাণ্ডুলিপি
  1. মোট সলোৱা সাপ অলপ বেছি চিক্‌চিকীয়া হয়েই৷
  2. যেতিয়া মনক বল দিয়া মানুহ কমি যায়, তেতিয়া নিজেই নিজকে বল দিব লাগে৷
  3. পাপ আৰু পূণ্য হেনো আমাৰ জীৱনৰ গাড়ীখন টানি লৈ যোৱা দুটা গৰুৰ নিচিনা৷[১৬]
  • বৰ্ণমালা
  1. কিছুমান মানুহে কিছুমান কাম সদায় কৰিব৷ কিন্তু সেই কিছুমান মানুহৰ বাহিৰেও এই পৃথিৱীখনত বহুত মানুহ আছে৷
  2. আজি যিটো বস্তু তলত পৰি আছে, কাইলৈ সেইটো বস্তু ওপঙি উঠিব পাৰে৷ [১৬]
  • পৰমানন্দ
  1. জিকিবলৈ গাৰ জোৰেৰে কথা নক'বা৷ অন্তৰৰ পৰা কোৱা৷[১৬]
  2. যাক লেং মাৰে সদায় সিহে যে বাগৰি পৰে, সেইটো নহয়, যিটোৱে লেং মাৰে কেতিয়াবা সিও কৰ্ফাল খাই ক'ৰবাত পৰেগৈ৷
  • শুভ সংবাদ
  1. প্ৰত্যেকখন ঘৰেই এখন দেশ
  2. নিজৰ মনৰ কথা নিজৰ নামত লিখিবলৈ ভয় কৰি যাৰ নামত জাপি দিয়া হয়, তাকেই মহল বোলে৷[১৬]
  • স্বৰ্ণ জয়ন্তী
  1. মনটো দেখিবলৈ পোৱা বস্তু হ'লেতো কথাই নাছিল!
  2. বৰলৰ বাঁহ আটোমটোকাৰিকৈ দাঙি নি ঘৰৰ ভিতৰত নাভাঙে নহয়; য'তে আছে ত'তে জুই লগাই দি ভাঙে৷ [১৬]
  • সমুদ্ৰ মন্থন
  1. ভিক্ষা কৰিবলৈওতো মানুহক এটা ফুটা নথকা বাচন বা জোলোঙা লাগে৷[১৬]
  2. ধানকল এটা চলি থকাৰ শব্দটো বৰ বিৰক্তিকৰ যেন লাগিব পাৰে; কিন্তু মালিকৰ কাৰণে সেই শব্দটো বৰ প্ৰয়োজনীয়৷
  3. হঠাতে কেতিয়াবা কোনোবা এজন কিবা কাৰণত ডাঙৰ হৈ যায়, নামজ্বলা হৈ যায়, আৰু সেইজনৰ পৰা তেওঁৰ বংশটো ডাঙৰ হৈ যায়৷ সেইজনৰ আগতে সেইটো বংশৰ কথা হয়তো কোনোৱে একো নাজানিছিলেই!

গল্পৰ উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

যৌতুক
  • ধোবাক দিলে কাপোৰ সোনকালে ফাটে। নেফাটিব কিয়? ধোবা-এচাৰা দিয়া কামটো চাগৈ এই ধোবাবিলাকেই কৰে।[১৭]

বিভিন্নজনৰ মত[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ভবেন্দ্ৰনাথ শইকীয়া অসমৰ শ্ৰেষ্ঠ গল্পকাৰসকলৰ অন্যতম৷ ৰামধেনু যুগৰ তেওঁ অন্যতম স্ৰষ্টাও৷ ৰামধেনু যুগত বাস্তৱৰ অনুসন্ধান অৱশ্যম্ভাৱী আছিল যদিও গল্পকাৰসকলে বিশেষ আংগিকৰ ওপৰতো যথেষ্ঠ গুৰুত্ব দিছিল৷ শইকীয়া যুদ্ধোত্তৰ অসমত মোপাঁছাৰ উত্তৰসাধক৷ গল্পক নিটোল ৰূপ দিয়াত তেওঁ সিদ্ধহস্ত৷ পৰ্যবেক্ষণ শক্তি তেওঁৰ বখানিবলগীয়া৷ (সমালোচক উপেন্দ্ৰনাথ শৰ্মা)[১৮]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. লেখক-লেখিকাৰ আত্মবিশ্বাস, শেষপৃষ্ঠা (তৃতীয় খণ্ড),ড০ ভবেন্দ্ৰ নাথ শইকীয়া, পৃষ্ঠা:১৩৯-১৪০, প্ৰকাশক: লয়াৰ্চ বুক ষ্টল, নৱেম্বৰ ১৯৯৯
  2. শেষপৃষ্ঠা
  3. জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষবিদ্যা, শেষপৃষ্ঠা (চতুৰ্থ খণ্ড), প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্
  4. সাহিত্যৰত্নঃ এশ একুৰি সাহিত্যিকৰ জীৱনী
  5. Saikia, Dr, Bhabendra Nath (1997). In the land of my heart পৃষ্ঠা: 36-39. প্ৰকাশক: Indian Panorama. আহৰণ কৰা হৈছে: 17 July 2021.
  6. কামৰ কথা, শেষপৃষ্ঠা (প্ৰথম খণ্ড),ড০ ভবেন্দ্ৰ নাথ শইকীয়া, পৃষ্ঠা-১, প্ৰকাশক: ভবানী বুকছ্, ফেব্ৰুৱাৰী ২০১০
  7. ওচৰৰ মানুহজন, শেষপৃষ্ঠা (প্ৰথম খণ্ড), ড০ ভবেন্দ্ৰ নাথ শইকীয়া, প্ৰকাশক: ভবানী বুকছ্, পৃষ্ঠা ১৬, ফেব্ৰুৱাৰী ২০১০
  8. আমাৰ গাঁও, শেষপৃষ্ঠা (প্ৰথম খণ্ড), ড০ ভবেন্দ্ৰ নাথ শইকীয়া, প্ৰকাশক: ভবানী বুকছ্, পৃষ্ঠা ৩১, ফেব্ৰুৱাৰী ২০১০
  9. ৯.০ ৯.১ কলম পৰিচালনা কথা সংস্কৃতি, শেষপৃষ্ঠা (চতুৰ্থ খণ্ড), ড০ ভবেন্দ্ৰ নাথ শইকীয়া, প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, পৃষ্ঠা ৩৫, নৱেম্বৰ ২০১৩
  10. পৰিৱৰ্তনৰ ঢৌ, শেষপৃষ্ঠা (চতুৰ্থ খণ্ড), ড০ ভবেন্দ্ৰ নাথ শইকীয়া, প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, পৃষ্ঠা ৪১, নৱেম্বৰ ২০১৩
  11. শুভবাণীৰ বন্দনা, শেষপৃষ্ঠা (চতুৰ্থ খণ্ড), ড০ ভবেন্দ্ৰ নাথ শইকীয়া, প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, পৃষ্ঠা ১২৮, নৱেম্বৰ ২০১৩
  12. নিৰ্মল বতাহৰ ঠাই, শেষপৃষ্ঠা (চতুৰ্থ খণ্ড), ড০ ভবেন্দ্ৰ নাথ শইকীয়া, প্ৰকাশক: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, পৃষ্ঠা ১৯৪, নৱেম্বৰ ২০১৩
  13. ১৩.০ ১৩.১ সাধাৰণ পৰ্যায়ৰ পাঠক, দৰ্শক আদি, শেষপৃষ্ঠা (দ্বিতীয় খণ্ড), ড০ ভবেন্দ্ৰ নাথ শইকীয়া, প্ৰকাশক: ভবানী বুকছ্, পৃষ্ঠা ১১৮, আগষ্ট ২০১০
  14. হিমাংশু ৰণ্‌জন ভূঞা (13 August 2022). ড° ভবেন্দ্ৰ নাথ শইকীয়া: অসাধাৰণ কৰ্মযোগী ব্যক্তিসত্তা. প্ৰকাশক: nilacharai.com. আহৰণ কৰা হৈছে: আগষ্ট 27, 2023.
  15. ভবেন্দ্ৰ নাথ শইকীয়াৰ নাট্য সম্ভাৰ, প্ৰকাশক: জ্যোতি প্ৰকাশন, দ্বিতীয় সংস্কৰণ, এপ্ৰিল ২০১৪
  16. ১৬.০ ১৬.১ ১৬.২ ১৬.৩ ১৬.৪ ১৬.৫ ১৬.৬ ১৬.৭ ভবেন্দ্ৰ নাথ শইকীয়াৰ নাট্য সম্ভাৰ, প্ৰকাশক: জ্যোতি প্ৰকাশন, দ্বিতীয় সংস্কৰণ, এপ্ৰিল ২০১৪
  17. ভবেন্দ্ৰ নাথ শইকীয়া (২০২০)। যৌতুক। জ্যোতি প্ৰকাশন, পৃষ্ঠা:২৩।
  18. চক্ৰৱৰ্তী, ড° পৰিতোষ (২৪ ফেব্ৰুৱাৰী ২০২৪). "ড° ভবেন্দ্ৰনাথ শইকীয়া: অলপ কথাৰে". কলংপাৰ.