মাহ অনুসৰি আজিৰ উদ্ধৃতি :
জানুৱাৰী - ফেব্ৰুৱাৰী - মাৰ্চ - এপ্ৰিল - মে’ - জুন - জুলাই - আগষ্ট - ছেপ্টেম্বৰ - অক্টোবৰ - নৱেম্বৰ - ডিচেম্বৰ << যোৱা মাহ — চলিত মাহ >>
আজি বৃহস্পতিবাৰ ২১ নৱেম্বৰ, ২০২৪সময়: ১১:১৮ AM (IST)
জুন << জুলাই: ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১ >> আগষ্ট
২০২৩
“মই দুখতকৈ সুখ বাছি লৈছোঁ। নিজৰ জীৱনত অজ্ঞাত ভৱিষ্যতৰ বাবে ঠাই উলিয়াই দিছোঁ যাতে মোৰ জীৱনটো এতিয়াও আহিবলগীয়া আচৰিত কথাৰে ভৰি পৰে।”
~ এলিজাবেথ গিলবাৰ্ট ~
২০২৩
“আটাইতকৈ গ্ৰহণযোগ্য প্ৰাৰ্থনা হ’ল পৰম আধ্যাত্মিকতা আৰু উজ্জ্বলতাৰে আগবঢ়োৱা প্ৰাৰ্থনা; ইয়াৰ দীঘলীয়া হোৱাটো ঈশ্বৰৰ প্ৰিয় হোৱা নাই আৰু নহয়। প্ৰাৰ্থনা যিমানেই বিচ্ছিন্ন আৰু বিশুদ্ধ সিমানেই ঈশ্বৰৰ সান্নিধ্যত গ্ৰহণযোগ্য।”
~ পাৰ্চীয়ান বায়ান, VII, পৃ.১৯ ~
২০২৩
“আমি মূৰৰ সকলো চুলি হেৰুওৱাৰ পিছত জীৱনে যেতিয়া আমাক এখন ফণি উপহাৰ দিয়ে, তেতিয়া তাকেই কোৱা হয় অভিজ্ঞতা।”
~ জুডিথ ষ্টান ~
২০২৩
“তুমিতো জানাই এই কবিৰ আৰু একো নাই। এটাই মাথোঁ কামিজ তাৰো ছিগো-ছিগো চিলাই। প্ৰেম নিশ্চয় এনেকুৱাই আবৰণ খুলি হৃদয় জুৰায়। (কবিতাৰ শিৰোনাম: ভোগালি )”
~ হীৰেন ভট্টাচাৰ্য ~
২০২৩
“জীৱনটো জীয়াই থকাৰ যোগ্য হয়নে নহয়, সেই কথা বিচাৰ কৰি চোৱাৰ অৰ্থই হ’ল, দৰ্শনৰ মৌলিক প্ৰশ্নটোৰ উত্তৰ দিবলৈ প্ৰয়াস কৰা।”
~ আলবেয়ৰ কেম্যু ~
২০২৩
“তোমাৰ মনৰ ভাব প্ৰকাশ কৰিবলৈ কেৱল মাত্ৰ বিশেষ্য, এটা মাত্ৰ বিশেষণ আৰু এটা মাত্ৰ ক্ৰিয়াপদহে থাকিব পাৰে। সেইটো বিচাৰি নোপোৱালৈকে বাক্যটো নিলিখিবা।”
~ মোপাছাঁ ~
২০২৩
“ক্ষুধাক নিয়ন্ত্ৰণ কৰা, দেখিবা তুমি মানৱ প্ৰকৃতিক জয় কৰিছা৷”
~ চাৰ্লচ ডিকেঞ্চ ~
২০২৩
“মানুহেই মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে৷ মানুহক নতুন জীৱন দান দিব পাৰে৷ পৃথিৱীত প্ৰেম আৰু মহানুভৱতাই এই কাম কৰিব পাৰে৷”
~ মামণি ৰয়ছম গোস্বামী ~
২০২৩
২০২৩
“মানুহে ধনৰ ওপৰত যি মূল্য ৰাখিছে, সেই মূল্য ধনে প্ৰতিনিধিত্ব নকৰে। মোৰ সকলো টকা পৰীক্ষা-নিৰীক্ষাত বিনিয়োগ কৰা হৈছে, যাৰ সহায়ত মই নতুন নতুন আৱিষ্কাৰ কৰিছোঁ, যাৰ ফলত মানৱ জাতিয়ে অলপ সহজ জীৱন লাভ কৰিবলৈ সক্ষম হৈছে৷”
~ নিক'লা টেছলা ~
২০২৩
“পঢ়া-শুনাত বেছি সময় কটাব পৰাটো অলসতা, অলংকাৰৰ বাবে সেইবোৰ অত্যধিক ব্যৱহাৰ কৰাটো আৱেগ, আৰু তাৰ নিয়মৰ দ্বাৰা সম্পূৰ্ণৰূপে বিচাৰ কৰাটো এজন পণ্ডিতৰ হাস্যৰস৷”
~ ফ্ৰান্সিছ বেকন ~
২০২৩
২০২৩
“আমি পুনৰুদ্ধাৰৰ বাবে পদক্ষেপ লোৱাৰ দৰকাৰ। কিন্তু সেয়া কেৱল প্ৰদূষিত পানী আৰু মাটিৰ পুনৰুদ্ধাৰৰ বাবেই নহয়, প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্কৰ পুনৰুদ্ধাৰৰ বাবেও চেষ্টা কৰাৰ প্ৰয়োজন। আমি আমাৰ জীৱন-যাপনৰ ধৰণলৈ মৰ্যদা ঘূৰাই আনিব লাগিব, যাতে আমি যেতিয়া পৃথিৱীত খোজ দিওঁ তেতিয়া লাজতে চকু আঁতৰাই ৰাখিব নালাগে, যাতে আমি মূৰ তুলি খোজ দিব পাৰোঁ আৰু এই পৃথিৱীৰ যিকোনো জীৱৰ সন্মান আৰু স্বীকৃতি গ্ৰহণ কৰিব পাৰোঁ।”
~ ৰবিন ৱাল কিমাৰাৰ ~
২০২৩
“তথ্য জ্ঞান নহয়, জ্ঞান প্ৰজ্ঞা নহয়, প্ৰজ্ঞা দূৰদৰ্শিতা নহয়। প্ৰত্যেকেই আনটোৰ পৰা বিকশিত হয়, আৰু আমাক সেই সকলোবোৰৰে প্ৰয়োজন।”
~ আৰ্থাৰ চি. ক্লাৰ্ক ~
২০২৩
“সততা এটা অতিশয় সৰল বস্তু: সদায় আনৰ কাৰণে জীয়াই থাকিবা, কেতিয়াও নিজৰ সুবিধা নিবিচাৰিবা।”
~ ডাগ হেমাৰশ্বল্ড ~
২০২৩
“আজি সৰ্বশক্তিমান ঈশ্বৰে যিবিলাক কাম কৰিব পাৰে বুলি জনবিশ্বাস আছে, যি অলৌকিক শক্তিৰ বাবে মানুহে ঈশ্বৰক পূজা কৰে, এতিয়াৰ পৰা আশী-নব্বৈ বছৰ পাছত সেই মানুহেই হৈ উঠিব সৰ্বশক্তিমান। ঈশ্বৰে কৰিব পৰা বুলি ভবা কামবোৰ কৰিব পাৰিব মানুহে নিজেই।”
~ মিচ্ছিঅ' কাকু ~
২০২৩
“প্ৰত্যেক মানুহেই হ’ল এটা সমগ্ৰৰ অংশ। সেই সমগ্ৰটোকে বিশ্বব্ৰহ্মাণ্ড বুলি কোৱা হয়। মানুহ বিশ্বব্ৰহ্মাণ্ডৰ অংশ হ’লেও তেওঁ স্থান আৰু কালৰ মাজত সীমাবদ্ধ। বিশ্বব্ৰহ্মাণ্ডৰ অংশ হোৱা সত্ত্বেও তেওঁ নিজকে পৃথক আৰু বিচ্ছিন্ন বুলি ভাবে।”
~ এডাম স্মিথ ~
২০২৩
“চৰিত্ৰত জাতীয়তাবোধ নাথাকিলে সেই দেশৰ অস্তিত্বৰ লগতে ভাষা, সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি আদিও নাথাকে৷ নিৰ্ভেজাল জাতীয়তাবোধ বা চেতনা নাথাকিলে সেই জাতিয়ে বা দেশে প্ৰগতিৰ পথত আগুৱাব নোৱাৰে৷”
~ অম্বিকাগিৰি ৰায়চৌধুৰী ~
২০২৩
“লজ্জাবোধ হৈছে নেতিবাচক বিচাৰৰ ভয়, আনহাতে অন্তৰ্মুখীতা হৈছে কম উদ্দীপনাক পছন্দ কৰা। লাজ লগাটো সহজাতভাৱে অস্বস্তিকৰ; অন্তৰ্মুখীতা নহয়।”
~ ছুছান কেইন ~
২০২৩
“যদি আপুনি পঢ়িব বিচৰা কিতাপ এখন আছে, কিন্তু এতিয়ালৈকে ইয়াক লিখা হোৱা নাই, তেন্তে আপুনি ইয়াক লিখিব লাগিব।”
~ টনি মৰিছন ~
২০২৩
২০২৩
“যিখন দেশত সংবেদনহীন একাংশই শাসন কৰে, সেইখন দেশৰ কি হ’ব মই চিন্তিত৷ কিন্তু আমি জন শক্তিৰ দ্বাৰা ইয়াক সলনি কৰিব পাৰোঁ।”
~ আন্না হাজাৰে ~
২০২৩
“আকাশৰ ৰামধেনুখন বগা৷ বগা বৰণটোৰ ভিতৰতে ৰঙা, ক’লা, নীলা আদি সাতোটা বৰণ সোমাই থকাৰ দৰেই সাহিত্যৰ ৰামধেনুৰ ভিতৰতো বিজ্ঞান, দৰ্শন, বুৰঞ্জী প্ৰভৃতি বিবিধ জ্ঞান সোমাই থাকিলেও সাহিত্য ঠিক বিজ্ঞান, দৰ্শন কিম্বা বুৰঞ্জী নহয়; সাহিত্য সাহিত্যই৷”
~ ৰত্নকান্ত বৰকাকতি ~
২০২৩
“সৰু ল’ৰা-ছোৱালীৰ ওপৰত পৃথিৱীয়ে যি আস্থা ৰাখে, তাতকৈ পবিত্ৰ কোনো আস্থা নাই। তেওঁলোকৰ অধিকাৰক সন্মান জনোৱা, তেওঁলোকৰ কল্যাণ সুৰক্ষিত হোৱা, তেওঁলোকৰ জীৱন যাতে ভয় আৰু অভাৱৰ পৰা মুক্ত হয় আৰু শান্তিৰে ডাঙৰ-দীঘল হয়, ইয়াতকৈ ডাঙৰ কৰ্তব্য নাই।”
~ কফি আন্নান ~
২০২৩
“আমি যেতিয়া একেলগে থিয় হওঁ, তেতিয়া আমি কি সাধন কৰিব পাৰোঁ তাৰ কোনো সীমা নাই।
তিনিদিন আগতে বহু জাতিৰ যুৱক-যুৱতীসকলে এই হলৰ বেলকনিত একেলগে থিয় হৈছিল। তেওঁলোকে সকলোতকৈ ওপৰত এটা কথা বিচাৰিছিল: পৰিৱৰ্তন।
পৃথিৱীৰ ল’ৰা-ছোৱালীক আমি ক’ব পৰা একোৱেই নাই যিয়ে তেওঁলোকক পতিয়ন নিয়াব পাৰে যে পৃথিৱীখন যিদৰে আছে সেইদৰে থকাৰ প্ৰয়োজন।
অৰ্থাৎ আমি যিমান পাৰোঁ সকলো কৰিব লাগিব৷ পৃথিৱীখন যিদৰে আছে, আৰু পৃথিৱীখন যিদৰে হ’ব লাগে তাৰ মাজৰ ব্যৱধান বন্ধ কৰিবলৈ। সেইটোৱেই হৈছে ৰাষ্ট্ৰসংঘৰ মিছন।”
~ বান কি-মুন ~
২০২৩
“ভাগ্য বুলি বেলেগ এটা বস্তু নাই; মানুহৰ চৰিত্ৰই মানুহৰ নিয়তি।”
~ হেৰাক্লিটাছ ~
২০২৩
“কোনেও নাজানে কোনে কাক কেতিয়া হেৰুৱায়, কোনে কাক কেতিয়া লগ পায়; কোনেও নাজানে কোন কাৰ বাবে ৰৈ থাকে, জীৱন কাৰ প্ৰেমত গৈ থাকে। কিন্তু জীয়াই থাকিবলৈ গাৰ ছাঁৰ দৰে সপোনবোৰ সদায় আমাৰ লগত থাকে।”
~ ৰং (গ্ৰন্থ) , (শৰ্মিষ্ঠা প্ৰীতম ) ~
২০২৩
২০২৩
“আমাৰ আত্মীয়-স্বজনবোৰ ঈশ্বৰৰ দান; ঈশ্বৰক ধন্যবাদ যে আমি আমাৰ বন্ধুবোৰ নিজেই বাছি ল’ব পাৰোঁ।”
~ এ মিৎসনাৰ ~
২০২৩
“সত্যই হ’ল আমাৰ সকলোতকৈ মূল্যবান সামগ্ৰী৷ হাত ধৰি তাক খৰচ কৰিবা৷ দোধোৰ-মোধোৰত পৰিলেও সঁচাটোকে ক’বা৷”
~ মাৰ্ক টোৱেইন ~
২০২৩
“পৃথিৱীৰ বেছিভাগ গুৰুত্বপূৰ্ণ কামেই এনেকুৱা মানুহে সম্পন্ন কৰিছে, যিসকলে কোনোধৰণৰ আশাই নথকা যেন লগাৰ পাছতো চেষ্টা অব্যাহত ৰাখিছিল।”
~ ডেল কাৰ্নেগী ~