সমললৈ যাওক

জগদীশ চন্দ্ৰ বসু

ৱিকিউদ্ধৃতিৰ পৰা
জগদীশ চন্দ্ৰ বসু

জগদীশ চন্দ্ৰ বসু (ইংৰাজী: Jagdish Chandra Bose, ৩০ নৱেম্বৰ ১৮৫৮ – ২৩ নৱেম্বৰ ১৯৩৭) আছিল ক্ৰমান্বয়ে এগৰাকী জীৱবিজ্ঞানী, পদাৰ্থ বিজ্ঞানী, উদ্ভিদ বিজ্ঞানী আৰু কল্প বিজ্ঞান লেখক।

  1. তুমি আজি ভালকৈ কৰা কাম— একেবাৰে সৰু হ'লেও ভৱিষ্যতে কিবা নহয় কিবা কামত আহিব‌ই।[]
  2. প্ৰকৃত ছাত্ৰই কেতিয়াও খ্যাতি, ক্ষমতা নাইবা আমোদ নিবিচাৰে৷ তেওঁ বিচাৰে কেৱল জ্ঞান আৰু সত্য৷ সত্য আৱিষ্কাৰ কৰিবৰ বাবে তেওঁ সকলো কৰিবলৈ সাজু৷[]
  3. অমৰত্বৰ বীজ চিন্তাতহে, বিত্তত নহয়৷[]
  4. জীৱিত আৰু মৃতৰ মাজত পাৰ্থক্য কি? যি জীৱিত, তাক চুই দিলে সি লৰচৰ কৰে, কেৱল লৰচৰ কৰিয়েই ক্ষান্ত নাথাকে, বৰং সি জীয়াই থকাৰ প্ৰমাণ দেখুৱায়৷ কিন্তু যিসকল মৃতপ্ৰায়, সেইসকলক চুই দিলে, নিস্তেজভাবে লৰচৰ কৰে৷ যিসকলৰ সঁচাকৈ মৃত, সিয়ে কোনো উত্তৰ নিদিয়ে৷[]
  5. হিৰণ্যকশিপুৰ দ্বাৰা হৰিনাম উচ্চাৰণ কৰোৱা সম্ভৱ হ’ব পাৰে৷ কিন্তু ইংৰাজৰ দ্বাৰা বাংলা অথবা সংস্কৃত কওৱাটো একেবাৰে অসম্ভৱ৷[]
  6. বিজ্ঞানৰ প্ৰধান উদ্দেশ্য মানুহৰ কষ্ট লাঘৱ কৰা৷ দৈন্যতা আৰু অভাৱে মানুহৰ জীৱনক মৃত্যুপথলৈ আগুৱাই লৈ যায়৷ দেশৰ আৰ্থিক উন্নতি সাধন কৰিবলৈ হ’লে কৃষি আৰু উদ্যোগ দুয়োটাৰে উন্নতি আৱশ্যক৷ এয়া সম্ভৱ কৰিবলৈ পদাৰ্থ বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব৷[]
  7. শূন্য হতে আহিছিলোঁ, শূন্য হাতেই উভতি যাম৷ ইয়াৰ মাজতে যদি কিবা হয় তেন্তে সেয়া দেৱতাৰ আশীৰ্বাদ বুলি গ্ৰহণ কৰিম৷[]
  8. আত্মসন্মানবোধ থকা প্ৰত্যেক দেশৰ দৰেই আমাৰো কৰ্তব্য উচ্চশিক্ষাৰ বাবে বিদেশৰ মুখাপেক্ষী নোহোৱাকৈ থকা৷[]
  9. মোৰ যেতিয়া বিদ্যাৰম্ভ হৈছিল, মোৰ পিতৃয়ে মোক ইংৰাজী বিদ্যালয়লৈ নপঠিয়াই বাংলা মাধ্যমৰ পাঠশালালৈ পঠিয়াইছিল, তাত কৃষকৰ পুত্ৰসকল মোৰ সহপাঠী আছিল৷ মই তেওঁলোকৰ পৰা শ্ৰমৰ প্ৰকৃত মৰ্যাদা উপলব্ধি কৰিব পাৰিছিলোঁ৷[]
  10. কাপুৰুষসকলেই সদায় আশাহীন৷[]
  11. কোনো চেষ্টাই একেবাৰে বিফল নহয়। আজি যিটো নিতান্ত ক্ষুদ্ৰ কথা যেন লাগে, দুদিন পিছত তাৰ পৰাই মহৎ ফল উৎপন্ন হয়। প্ৰবাল-দ্বীপৰ যিদৰে অকণ অকণ কৰি আয়তন বাঢ়ি গৈ থাকে, জ্ঞানৰ পৰিসীমাও সেইদৰে তিল তিলকৈ বৃদ্ধি হৈ থাকে৷ []
  12. অগ্নিদগ্ধ নহ’লে সোণৰ পৰীক্ষা সম্ভৱ নহয়। মানুহো অগ্নিৰ দ্বাৰা পৰীক্ষিত হয়। প্ৰলয়কালত পৃথিবীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বাসনা আৰু বন্ধন মকৰা-জালৰ আঁহৰ দৰে ছিন্ন হৈ যায়; বীৰপুৰুষসকলে তেতিয়াই মুক্ত হৈ নিজৰ প্ৰকৃত ৰূপ প্ৰকাশ কৰে৷ []
  13. গছ কটা আপোনাৰ নখ কটাৰ দৰে নহয় কিন্তু ই শ্বাস-প্ৰশ্বাস কটাৰ দৰে। []
  1. নিৰ্মলা দেৱী (জানুৱাৰী, ২০২১)। “জীৱনৰ অনুঘটক আৰু অদম্য অধ্যৱসায়”, লক্ষ্য ১ মনুষ্যত্ব। গুৱাহাটী। পূৰ্বায়ণ প্ৰকাশন। ISBN: 978-93-90589-83-8
  2. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ১১৪, বাণী মন্দিৰ, ২০০৩
  3. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ১৬, বাণী মন্দিৰ, ২০০৩
  4. ৪.০ ৪.১ অব্যক্ত. আহৰণ কৰা হৈছে: 2 আগষ্ট 2023.
  5. ৫.০ ৫.১ ৫.২ ৫.৩ ৫.৪ জগদীশ চন্দ্ৰ বসুৰ উক্তি. আহৰণ কৰা হৈছে: 10 আগষ্ট 2023.
  6. অব্যক্ত. আহৰণ কৰা হৈছে: 26 আগষ্ট 2023.
  7. অগ্নিৰ পৰীক্ষা. আহৰণ কৰা হৈছে: 26 আগষ্ট 2023.
  8. https://www.banglakobitablog.com/2021/01/gach-niye-ukti.html