দেৱকান্ত সন্দিকৈ
অৱয়ব
দেৱকান্ত সন্দিকৈ (ইংৰাজী: Debakanta Handique; জন্ম: ১৯৫০) এগৰাকী গদ্য লেখক। আশীৰ দশকৰ পৰা অসমীয়া গদ্য সাহিত্যক সমৃদ্ধ কৰি ৰখা দেৱকান্ত সন্দিকৈয়ে সৰ্বমুঠ ১৩খন গ্ৰন্থ লিখি উলিয়াইছে। অসমীয়া ভাষাত মূলতঃ মৌলিক আত্ম-উৎকৰ্ষমূলক গ্ৰন্থ ৰচনা কৰা দেৱকান্ত সন্দিকৈ ১৯৭৩ চনৰপৰা অসম স্থিত বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ শাখাত চাকৰি জীৱনৰ আৰম্ভ কৰে আৰু ২০০৫ চনৰপৰা ২০১০ চনলৈকে সেই প্ৰতিষ্ঠানৰ ডাইৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰে। বৰ্তমানেও সাহিত্য জগতৰ লগত জড়িত হৈ আছে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মই সদায় এখন ঈশ্বৰহীন, ধৰ্মহীন পৃথিৱীৰ সপোন দেখি থাকোঁ। এনে এখন পৃথিৱী অসম্ভৱ বা অবাস্তৱ ধাৰণাও নহয়।[১]
- শ্ৰদ্ধাযোগ্য সকলো মানুহক শ্ৰদ্ধা কৰিবা, কিন্তু কোনো মানুহকে ঈশ্বৰৰ প্ৰতিনিধি, ঈশ্বৰৰ অৱতাৰ বা "প্ৰভু ঈশ্বৰ" ৰূপে বিশেষভাৱে শ্ৰদ্ধা নকৰিবা৷[২]
- শাস্তিৰ ভয় দেখুৱাই মানুহক ভাল কথা শুনিবলৈ বাৰণ কৰাটো যেনেকৈ মহা অপৰাধ, তেনেকৈ যিমান ভাল কথাই নহওঁক, মানুহক ভীতি প্ৰদৰ্শন কৰি গ্ৰহণ কৰিবলৈ খোজাটোও নীতিবিৰুদ্ধ৷[২]
- সন্দেহ হ'ল সত্য অন্বেষণৰ সঁজুলি আৰু প্ৰশ্নৰ প্ৰেৰণা, জ্ঞান হ'ল প্ৰশ্নৰ সফল পৰিণতি৷[২]
- জীৱন আৰু প্ৰেম কামনাৰ ককটেইল৷ য’তেই প্ৰেম, ত’তেই মোক পাবা৷ বোমা-বাৰুদৰ গোন্ধৰ মাজত কেৱল ময়েই প্ৰেমৰ সাধনা কৰিব খোজোঁ৷ মই বাৰে বাৰে প্ৰেমত পৰিব খোজোঁ৷ -- জীৱনৰ প্ৰেমত, পৃথিৱীৰ প্ৰেমত, ’তোমাৰ’ প্ৰেমত৷[৩]
- জাগতিক ক্লেশ যন্ত্ৰণাৰ মাজে মাজে শীতৰ পুৱাৰ ৰ’দৰ দৰে হঠাতে পোৱা যেনেকুৱা কেইটামান সুখৰ মুহূৰ্তৰ বাবে মই এই পৃথিৱীত এহেজাৰ কৌটি বছৰ জীয়াই থাকিব খোজোঁ বা যেনেকুৱা কেইটামান সুখৰ মুহূৰ্তৰ বাবে সম্ভৱ হ’লে এই পৃথিৱীত মই অমৰ হ’ব খোজোঁ, সেইকেইটা সুখ মুহূৰ্তৰ নাম হ’ল-- প্ৰেম৷[৪]
- পূৰ্বতকৈ ভাল হৈ, পৰিশীলিত হৈ সংস্কৃত হৈ গৈ থকা মানুহৰ সামগ্ৰিক জীৱন আচৰণ খিনিৰ নামেই সংস্কৃতি৷ [৫]
- জনপ্ৰিয় হ'লেই যদি কলা সংস্কৃতি বেয়া হয়, বজৰুৱা হয়, তেনেহ'লে ভাল হৈ থাকিবলৈ কলা সংস্কৃতি দেখোন কোনো কালেই জনপ্ৰিয় হ'ব নোৱাৰিব৷[৫]
- মানুহে 'কি কৰিছে' সেইটো যদি সভ্যতা, 'মানুহে কেনেকৈ কিমান ভালকৈ কৰিছে' সেইটো হ'ব সংস্কৃতি৷[৫]
- 'পুৰণি' নে 'নতুন' নহয়, সদায় প্ৰশ্ন হ'ব লাগে-ভাল নে বেয়া৷ ভাল হ'লে পুৰণিও গ্ৰহণীয়, বেয়া হ'লে নতুনো বৰ্জনীয়৷
- দৰিদ্ৰতা সভ্যতাৰ কলংক হ'ব পাৰে কিন্তু গতিৰোধক নহয়৷
- মানৱ মনস্তত্ত্বৰ আটাইতকৈ দুৰ্বল ক্ষেত্ৰ হ'ল মানৱ জীৱনৰ সুখ-শান্তি হৰি নিয়া ধৰণৰ বেমাৰ-আজাৰ দুৰাৰোগ্য ৰোগৰ পৰা পোৱা জীৱন যন্ত্ৰণা৷[৫]
- মাখিয়ে যেনেকৈ বেমাৰৰ বীজাণু বিয়পায়, জ্যোতিষ আলোচনীবিলাকেও তেনেকৈ সমাজত অন্ধবিশ্বাস, কু-সংস্কাৰ বিয়পায়৷
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ দেৱকান্ত সন্দিকৈৰ সৈতে সাক্ষাৎকাৰ; মুক্ত চিন্তা; ৭ নৱেম্বৰ, ২০২১
- ↑ ২.০ ২.১ ২.২ সোণসেৰীয়া কথা, সংকলক-দেৱেন শইকীয়া, মিছিছিপি প্ৰকাশন, এপ্ৰিল ২০০৩
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ২০২ প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ২০১ প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ ৫.০ ৫.১ ৫.২ ৫.৩ সোণসেৰীয়া কথা; পঞ্চম পৰিৱৰ্ধিত প্ৰকাশ: নৱেম্বৰ, ২০১২, দেৱেন শইকীয়া