মামণি ৰয়ছম গোস্বামী

ৱিকিউদ্ধৃতিৰ পৰা
"সেই বয়সত বয়স বৰ কম আছিল৷ খোৱা-পিন্ধাৰ চিন্তা নাছিল৷ এনেকুৱা অৱস্থাত মোৰ বয়সৰ যিকোনো ছোৱালীয়ে আনন্দত দিন কটোৱাৰে কথা আছিল৷ মোৰ কপালত কিন্তু এই আনন্দৰ কথা লিখা নাছিল৷ এক প্ৰকাৰ নৈৰাশ্য আৰু দুখবোধে মোৰ হৃদয়ৰ লগত যেন ঘৰ বান্ধিহে লৈছিল৷"

মামণি ৰয়ছম গোস্বামী (ইংৰাজী: Mamoni Raisom Goswami; জন্ম: ১৯৪২ – মৃত্যু: ২০১১) অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী (ইংৰাজী: Indira Goswami)। সততে মামণি বাইদেউ হিচাবে তেখেতক জনা যায়। তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সেই বয়সত বয়স বৰ কম আছিল৷ খোৱা-পিন্ধাৰ চিন্তা নাছিল৷ এনেকুৱা অৱস্থাত মোৰ বয়সৰ যিকোনো ছোৱালীয়ে আনন্দত দিন কটোৱাৰে কথা আছিল৷ মোৰ কপালত কিন্তু এই আনন্দৰ কথা লিখা নাছিল৷ এক প্ৰকাৰ নৈৰাশ্য আৰু দুখবোধে মোৰ হৃদয়ৰ লগত যেন ঘৰ বান্ধিহে লৈছিল৷[১][২]
  2. আমাৰ নিচিনা মানুহবোৰে কিয় বাৰু বঞ্চিত হয় এমুঠি ভালপোৱাৰ পৰা?[৩]
  3. সকলোতকৈ ডাঙৰ কথা, মই যদি এনেয়ে সাধাৰণ নাৰী হিচাপে যেনেকৈ থাকিব লাগে তেনেকৈয়ে থাকিলোঁহেঁতেন, তেতিয়াহ’লে মোৰ ভিতৰৰ শক্তিৰ উন্মেষ বন্ধ হৈ গ’লহেঁতেন৷ আৰু সেইটো হ’বলৈ হ’লে, she has to be courageous. আৰু কাৰো কথা ভাবিব নোৱাৰা৷ Think about yourself. তোমাৰ নিজৰ পথটো কাটি ল’বা৷ সেই পথটো সৎ হ’লে কোনেও একো কৰিব নোৱাৰে৷[৪]
  4. কিন্তু, নাৰীয়ে সেই শক্তিটো নিজেই আহৰণ কৰিব লাগিব৷ নাৰীয়ে তাৰ বিৰুদ্ধে নিজেই fight কৰিব লাগিব৷ পুৰুষে এইটো কৈছে বুলি মানি লৈ তেওঁলোকে বহি থাকিলে নহ’ব৷ I do not like that. মই সেইটোকে কৈছোঁ যে, নাৰীয়ে ভিতৰুৱা শক্তিটো আনিব পৰা নাই আজিলৈকে৷ কিমান পাৰ্ছেণ্ট আমাৰ শিক্ষিত আছে৷ ধৰা ৪০ শতাংশৰ অধিক৷ মই ভাবোঁ সেইখিনিৰে বহুত মহিলা আগুৱাই নিব পাৰিম৷ তেওঁলোক নিজে corrupt হৈছে, শোষিত হৈছে৷ তেওঁলোকে নিজেও কৰা নাই, আনকো কৰিবলৈ দিয়া নাই৷ মই দোষটো একমাত্ৰ মহিলাক দিওঁ৷ তেওঁলোকে নিজে কিয় ওলাই আহিব পৰা নাই৷[৪]
  5. কোনো নিৰ্দিষ্ট দৰ্শন বা ৰাজনীতিৰ প্ৰতি মই দায়বদ্ধ নহওঁ৷ সহানুভূতি হয়তো মোৰ আছে, মই সদায় নিজৰ ৰাস্তাত যাওঁ৷[৫]
  6. সমাজৰ প্ৰতি থকা ভয়েই নাৰীৰ প্ৰধান দুৰ্বলতা বুলি মই ভাবোঁ৷[৫]
  7. জ্ঞানৰ ওৰণী নোলোৱা আত্মাই হয়তো বিচাৰে চব শেষ হৈ যাওক! মানুহ পশুৰ পৰাই উদ্ভৱ৷ সেয়ে হয়তো এই পাশৱিক গুণৰ ছিটিকনি কম-বেছি পৰিমাণে সকলো মানুহৰ শৰীৰত আছে৷[৬]
  8. কোনো নেথাকে নিজৰ লগত ছায়া হৈ৷ সন্মুখত মাথোঁ পৰি থাকে সকলোৰে বাবে এটা নিঃসংগ, ৰহস্যময় পথ৷... ভাব হয় মানুহ যেন প্ৰকৃততে জীয়াই থাকে সেইকেইটা দিন, যিকেইটা দিন হৃদয়ৰ লগত সম্বন্ধ থকা মানুহবোৰ আশে-পাশে জীয়াই থাকে!![৭]
  9. মানুহে নিজৰ বাবে নহয়, আনৰ বাবেহে জীয়াই থাকিব লাগে৷[৮]
  10. মানুহেই মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে৷ মানুহক নতুন জীৱন দান দিব পাৰে৷ পৃথিৱীত প্ৰেম আৰু মহানুভৱতাই এই কাম কৰিব পাৰে৷[৯]
  11. পশু-পক্ষীৰ প্ৰতি থকা প্ৰেম ভাৱেও আমাৰ অন্তৰ আত্মাৰ আধ্যাত্মিক সৌন্দৰ্য প্ৰদান কৰে। মহান ৰাজনীতিজ্ঞ তথা চিন্তাবিদ চাণক্যৰ বিষয়ে অলপতে মই এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাকতত পঢ়িছিলো। এইখিনিতে উল্লেখযোগ্য যে চাণক্যৰ খ্যাতি কেৱল ভাৰতবৰ্ষতে বিয়পি পৰা নাছিল, তেওঁৰ খ্যাতি বিশ্বত বিয়পি পৰিছিল। তেওঁৰ মহত্তম কৃতি ‘অৰ্থশাস্ত্ৰ’ আৰু ‘নীতিশাস্ত্ৰ’ আজিও সমাজত চলি আছে। তেওঁ নীতি শাস্ত্ৰত কৈছিল মানুহে জন্তুৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰে। সিংহৰ পৰা আমি শিকিব পাৰো অধ্যৱসায় আৰু কামত আত্ম নিমজ্জিত হোৱাৰ মন্ত্ৰ৷ একেদৰে বগলীৰ পৰা দূৰদৰ্শিতা আৰু আত্ম-নিয়ন্ত্ৰণ, কাউৰীৰ পৰা ভৱিষ্যতৰ বাবে সঞ্চয়, কুকুৰৰ পৰা বিশ্বাস, গাধৰ পৰা ধৈৰ্য আদি শিক্ষা লাভ কৰিব পাৰো৷[১০]
  12. মই যি লিখোঁ, হৃদয়ৰ পৰা লিখোঁ৷ কোনো..... যেনে নাৰীবাদ বা মাৰ্ক্সবাদ বা আনেই হওক, মই ’ট্ৰেণ্ড’মতে লিখিব নিবিচাৰোঁ৷[১১]
  13. আধুনিক মানুহৰ আটাইতকৈ ডাঙৰ সমস্যা হ’ল, তেওঁলোকে তৎক্ষণাতে সকলো কাম্য বস্তু লাভ কৰিব বিচাৰে৷ এইবোৰৰ বাবে যি প্ৰকাণ্ড সাধনাৰ প্ৰয়োজন এই কথা অনেকেই গভীৰভাবে ভাবিব নোৱাৰে৷[১১]
  14. সাহিত্য চৰ্চা কৰিছিলোঁ, সদায়েই সাহিত্য চৰ্চা কৰিছিলোঁ৷ শেষলৈ এনে এটা অৱস্থা হৈছিল যে, একমাত্ৰ সাহিত্যই হৈছে এনে অমৃত যাৰ ওচৰত মই পৃথিৱীৰ সকলো দুখৰ পৰা পলাই গৈ আশ্ৰয় ল’ব পাৰোঁ৷[১২]
  15. সকলো পৰিস্থিতিৰে এদিন সমাপ্তি হয়৷ সময়ে সকলো ওলট-পালট কৰিব পাৰে৷ পোহৰ যে নাহিব এই কথা কেতিয়াও ভাবি লোৱা উচিত নহয়৷[১৩]

ভিন্নজনৰ দৃষ্টিত মামণি ৰয়ছম গোস্বামী[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. গোস্বামীৰ মহৎ সাহিত্য-কৃতি “দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’’, “নীলকণ্ঠী ব্ৰজ’’ৰ দৰে উপন্যাস, সংস্কাৰৰ দৰে গল্প অসমীয়া তথা ভাৰতীয় সাহিত্যলৈ যাউতিযুগীয়া অৱদান৷ -- নীলমণি ফুকন৷[১১]
  2. মামণি ৰয়ছমে কিজানি ভাৰতৰ ভিতৰতে বহু সংঘাতৰ মাজত থাকিও অতি সাহসেৰে শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰত ইমানখিনি বৰঙণি আগবঢ়াই দিয়া মহিলা লেখকৰ ভিতৰত কিজানি প্ৰথম৷ দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতীয় ভাষা বিভাগৰ মুৰব্বী অধ্যাপিকা হ’ব পৰাটো অসমৰ কাৰণে কম গৌৰৱৰ কথা নহয়৷ ভাৰতীয় ৰামায়ণী সাহিত্যৰ আধুনিক চৰ্চাকাৰীসকলৰ ভিতৰত আগৰণুৱাসকলৰ অন্যতম মামণি ৰয়ছম গোস্বামীয়ে আন্তৰ্জাতিক ক্ষেত্ৰত কামিল বুলকে চাহাবৰ অধীনত ৰামায়ণৰ প্ৰচাৰত যিখিনি কাম কৰি গ’ল তাৰবাবেও তেওঁ বিশ্ব সমাজত স্মৰণীয় হৈ ৰ’ব৷ -- মহিম বৰা৷ [১১]
  3. বিস্ময়কৰ ব্যক্তিত্বৰ মামণি৷ -- ভি এছ নাইপল৷[১১]
  4. মামণি ভাৰতৰে কিম্বদন্তী৷ -- মনোৰঞ্জন মহান্তি৷ [১১]
  5. প্ৰতিবাদ আৰু যন্ত্ৰণাৰ অন্য নাম৷ -- নলিনীধৰ ভট্টাচাৰ্য৷ [১১]
  6. মামণি বাইদেউৰ সৃষ্টিৰাজিৰ বিশালতাত আমি বিচাৰি পাওঁ জন্মভূমিৰ মাটিৰ গোন্ধ, তীক্ষ্ণ জীৱনবোধৰ সীমাহীন পৰিধি৷ --মেগন৷[১১]
  7. ইন্দিৰা কেৱল এগৰাকী মহান লেখকেই নহয়, একে সময়তে এগৰাকী মহান মানৱতাবাদীও৷ --প্ৰতিভা ৰয়৷[১১]
  8. কণ্টকৰ মাজত ফুলি উঠা গোলাপৰ কণ্টকাতৃণ জীৱনজোৰা সাধনাৰ মাজত সাহিত্যৰ সৌৰভ বিলাই জকমকাই থকা সাহিত্যৰ এপাহি গোলাপ ড° মামণি ৰয়ছম গোস্বামী৷ -- ড° পীতাম্বৰ দেৱ গোস্বামী৷[১১]
  9. মামণি ৰয়ছম গোস্বামী আমাৰ যুগৰ এক অতুলনীয় প্ৰতিভা৷ তেওঁৰ মৃত্যুত ভাৰতীয় সাহিত্যই এক অপূৰণীয় ক্ষতি বৰণ কৰিবলগীয়া হ’ল৷ --ড° হীৰেন গোহাঁই [১১]
  10. গোস্বামীৰ লেখাসমূহত তৃণমূল পৰ্যায়ৰ ব্যক্তিৰ নিজস্ব অভিজ্ঞতাৰে আহৰণ কৰা সমল লৈ তেওঁ লেখাসমূহ প্ৰাণৱন্ত কৰি তুলিছিল৷ - প্ৰতিভা দেৱী সিং পাটিল৷ [১১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মামণি ৰয়ছম গোস্বামী (১৯৮৮)। আধালেখা দস্তাবেজ। গুৱাহাটী। চন্দ্ৰ প্ৰকাশ। ISBN: 978-81-244-0168-2
  2. বৰ্ণিল যাত্ৰা, দ্বি-ভাষিক পত্ৰিকা, পশ্চিম গুৱাহাটী শাখা লেখিকা সংস্থা, পৃ: নং,১১৯
  3. মামণি বাইদেউ, এক আত্মীয় অনুভৱ, নিকুমণি হুছেইন, গৰীয়সী, ফেব্ৰুৱাৰী২০১২
  4. ৪.০ ৪.১ মামণি ৰয়ছম গোস্বামীৰ সৈতে, সমীৰ তাঁতী, অংকুৰ ডেকা, গৰীয়সী, ফেব্ৰুৱাৰী, ২০১২
  5. ৫.০ ৫.১ মামণি ৰয়ছম গোস্বামীৰ সৈতে এক কথোপকথন, আৰাধনা পটঙ্গীয়া গোস্বামী, গৰীয়সী, ফেব্ৰুৱাৰী, ২০১২
  6. মামণি ৰয়ছম গোস্বামী (জুলাই,২০১৯)। আধালেখা দস্তাবেজ। গুৱাহাটী। ষ্টুডেণ্টচ ষ্টৰছ্, পৃষ্ঠা:২৩। ISBN: ৮১-৮৫৯০৫-৩১-২
  7. মামণি ৰয়ছম গোস্বামী (জুলাই,২০১৯)। আধালেখা দস্তাবেজ। গুৱাহাটী। ষ্টুডেণ্টচ ষ্টৰছ্, পৃষ্ঠা:১৯৫। ISBN: ৮১-৮৫৯০৫-৩১-২
  8. অমৃত বাণী, সংগ্ৰাহক: চন্দ্ৰোপল বৰা
  9. কলংপাৰ, সাপ্তাহিক কাকত, নগাঁও, ২০ জুলাই, ২০২২
  10. মোৰ দৃষ্টিত আধ্যাত্মিকতা (২০১১)। মামণি ৰয়ছম গোস্বামীৰ ৰচনা সমগ্ৰ। বনলতা, পৃষ্ঠা:৪৪৪-৪৪৭। ISBN: 978-81-7339-457-7
  11. ১১.০০ ১১.০১ ১১.০২ ১১.০৩ ১১.০৪ ১১.০৫ ১১.০৬ ১১.০৭ ১১.০৮ ১১.০৯ ১১.১০ ১১.১১ ড° ত্ৰিদিব গোস্বামী (জুলাই,২০১৪)। ইন্দিৰা, ব্যক্তিত্ব আৰু সাহিত্য। গুৱাহাটী। অসম পাব্লিচিং কোম্পানী, পৃষ্ঠা:৯৮। ISBN: 978-81-86384-57-2
  12. হাৰিজান, ৪ৰ্থ বৰপেটা গ্ৰন্থ উৎসৱ, ২০২৩, পৃ:নং ১৫৮
  13. মহৎ লোকৰ বাণী, অপূৰ্ব তালুকদাৰ, নিষ্ঠা প্ৰকাশন, ২০১৬,পৃ: নং; ৪৩

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]