মাহ অনুসৰি আজিৰ উদ্ধৃতি :
জানুৱাৰী - ফেব্ৰুৱাৰী - মাৰ্চ - এপ্ৰিল - মে’ - জুন - জুলাই - আগষ্ট - ছেপ্টেম্বৰ - অক্টোবৰ - নৱেম্বৰ - ডিচেম্বৰ << যোৱা মাহ — চলিত মাহ >>
আজি শুক্ৰবাৰ ৪ অক্টোবৰ, ২০২৪সময়: ২:৫৯ PM (IST)
নৱেম্বৰ << ডিচেম্বৰ: ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১ >> জানুৱাৰী
২০২৩
“যদি আপুনি পৃথিৱীখনক এখন উন্নত ঠাই বনাব বিচাৰে তেন্তে নিজকে এবাৰ চাওক, আৰু এটা পৰিৱৰ্তন কৰক।”
~ মাইকেল জেকচন ~
২০২৩
“অসমে নিজস্বতা হেৰুৱাব নোৱাৰে৷ নিজস্বতা ৰক্ষাৰ বাবে অসমে আৱশ্যক হ’লে পৃথিৱীৰ বিপক্ষেও থিয় দিব লাগিব৷ নহ’লে ক’ব লাগিব অসমত মানুহ নাই৷”
~ মহাত্মা গান্ধী ~
২০২৩
“পৰিৱৰ্তনৰ দিশত প্ৰথম পদক্ষেপ হৈছে সজাগতা। দ্বিতীয় পদক্ষেপটো হ’ল গ্ৰহণযোগ্যতা।”
~ নাথানিয়েল ব্ৰেণ্ডেন ~
২০২৩
“মৃত্যু হয় মংগলময়, অথবা ই এক গভীৰ নিদ্ৰা৷ এই কথাটোকে আমি আন এটা দৃষ্টিকোণৰ পৰাও চাব পাৰোঁ৷ মৃত্যু যিকোনো দুটা কথাৰ ভিতৰত যিকোনো এটা মাত্ৰ হ’ব পাৰে: হয় ই এক অন্তহীন শূন্যতা আৰু সম্পূৰ্ণ নিশ্চেতনা অথবা বহুতো মানুহে ভবাৰ দৰে ই আত্মাৰ ইহকালৰ পৰা পৰকাললৈ গমন মাত্ৰ৷ যদি আপুনি ধৰি লয় যে, মৃত্যু এক গভীৰ নিদ্ৰা মাত্ৰ, আনকি স্বপ্নয়ো সেই নিদ্ৰাত ব্যাঘাত ঘটাব নোৱাৰে, তেন্তে মৃত্যুতকৈও কাম্য আন একোৱেই হ’ব নোৱাৰে৷ সেইক্ষেত্ৰত অনন্তকাল এটা মাত্ৰ অন্তহীন ৰাতি৷ (মৃত্যুৰ আগমুহূৰ্তত বিচাৰকমণ্ডলীক উদ্দেশ্যি কোৱা কথা৷)”
~ ছক্ৰেটিছ ~
২০২৩
“পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ লোকজনেও ভুল কৰে, কিন্তু তেওঁ একেটা ভুলকে দুবাৰ নকৰে: তেওঁৰ জীৱনত ভুল আৰু ত্ৰুটিৰ পুনৰাগমন নঘটে। প্ৰত্যেকটো ভুলৰ সংশোধন কৰি ধীৰে ধীৰে তেওঁ এনে এক মহিমামণ্ডিত স্থানত উপনীত হয়গৈ যেতিয়া তেওঁ নিজেই হাজাৰ চেষ্টা কৰিলেও তললৈ স্খলিত নহয়। পৃথিৱীৰ মাটিৰ স্পৰ্শ নোলোৱাকৈ, ভূমিৰ স্পৰ্শ নোলোৱাকৈ কোনো মানুহে ভূমাৰ স্পৰ্শ লাভ কৰিব নোৱাৰে।”
~ মহাৰথী , (চন্দ্ৰপ্ৰসাদ শইকীয়া ) ~
২০২৩
“সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ৷
(অৰ্থ: সাধাৰণতে ৰণত হৰা জিকা থাকেই, কিন্তু নিজতকৈ শ্ৰেষ্ঠজনৰ লগত বা দুৰ্বলজনৰ লগত হৰা জিকা হ’লে কোনেও আত্মসন্তুষ্টি লাভ কৰিব নোৱাৰে। অৰ্থাৎ নিজৰ সমকক্ষ ব্যক্তিজনৰ লগত কাম কৰি, নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি হৰা জিকা হ’লে কোনেও কাকো দোষ দিব নোৱাৰে বা আনৰ ওচৰতো লাজ পাব নোৱাৰে। )”
~ ফকৰা যোজনা ~
২০২৩
“চিত্ৰাংকন হৈছে কবিতা যাক দেখা যায় আৰু শুনা নাযায়, আৰু কবিতা হৈছে এক চিত্ৰ যাক শুনা যায় কিন্তু দেখা নাযায়। এই দুই কলাই, আপুনি এইসমূহক কবিতা বা চিত্ৰকলা দুয়োটা বুলিব পাৰে, ইয়াত বুদ্ধিমত্তালৈ প্ৰৱেশ কৰা সংজ্ঞাৰ সালসলনি কৰিছে।”
~ লিঅ'নাৰ্ড' দা ভিন্সি ~
২০২৩
“তোমাক যদি মন্ত্ৰহে লাগে, তেন্তে মই সঁচাকৈয়ে এটা মন্ত্ৰ দিব পাৰোঁ। মই স্বাস্থ্য বিষয়ক কিতাপত পঢ়ি পোৱা এই মন্ত্ৰটো হ’ল- you must eat poor man's food if you want to avoid rich man's disease. ধনী মানুহৰ বেমাৰ বোৰ যদি পৰিহাৰ কৰি চলিব খোজা, তেন্তে তুমি খাব লাগিব দুখীয়া মানুহৰ আহাৰ। যোৱা বহু বছৰ ধৰি মই এই উপদেশটোক ধৰ্মীয় নিষ্ঠাৰে পালন কৰি আহিছোঁ আৰু তাৰ পৰা বহু সুফল পাইছোঁ।”
~ হোমেন বৰগোহাঞি ~
২০২৩
“প্ৰথম সমাজখন হ’ল বিবাহ বন্ধনত, তাৰপিছত পৰিয়ালটোত, তাৰপিছত ৰাষ্ট্ৰত৷ পৰিয়ালটোত শাসন কৰা দেউতাকজন যেন এজন ৰজা৷ পিছে তেওঁৰ কৰ্তৃত্ব থাকে তেওঁ শাসন কৰাসকলৰ প্ৰতি মৰম-সহানুভূতিতহে৷ সৰ্বোপ্ৰকাৰৰ উন্নতি আৰম্ভ হয় ঘৰখনত আৰু সেই উৎসৰ পৰাই ভাল হওক, ভুল হওক সমাজ শাসন কৰা নীতিবোৰ উদ্ভৱ হয়৷ মাক-দেউতাকৰ চালিকা-শক্তিও এই প্ৰেম সহানুভূতিতহে৷”
~ মাৰ্কাছ টুলিয়াছ চিচেৰো ~
২০২৩
“জ্ঞান, অনুভূতি আৰু ইচ্ছা এই তিনিটা আমাৰ মনৰ প্ৰধান প্ৰক্ৰিয়া। এই তিনি প্ৰক্ৰিয়াৰ সুসমন্বয়ৰ অভাৱ ঘটিলেই মনোজগতৰ ভাৰসাম্য নোহোৱা হয়।”
~ জলছবি , (অনুৰাধা শৰ্মা পূজাৰী ) ~
২০২৩
“ভাষা থাকিলেহে জাতি থাকিব, মুখৰ মাতষাৰ হেৰালে পেটৰ ভাতে আমাক বচাব নোৱাৰে বা জাতি ৰক্ষা কৰিব নোৱাৰে৷”
~ নগেন শইকীয়া ~
২০২৩
“ভগৱানে তোমাক যিমান ধন-সম্পত্তি দিছে; সেয়া যদি তুমি কেৱল তোমাৰ বুলিয়েই সাৱটি থাকা, তেন্তে সি পুতিগন্ধময় এটা মৰাশৰ দৰে; যদি তুমি তাক আনৰ সৈতে ভগাই লোৱা, তেন্তে তাক প্ৰসাদতকৈয়ো পৱিত্ৰ বুলি গণ্য কৰা হ’ব৷”
~ গুৰু নানক ~
২০২৩
“মানুহক উন্নত নকৰাকৈ এখন উন্নত পৃথিৱী গঢ়ি তোলাৰ আশা কৰিব নোৱাৰি। তাৰ বাবে আমাৰ প্ৰত্যেকেই নিজৰ উন্নতিৰ বাবে কাম কৰিব লাগিব, আৰু একে সময়তে সকলো মানৱতাৰ বাবে সাধাৰণ দায়িত্ব ভাগ কৰিব লাগিব, আমাৰ বিশেষ কৰ্তব্য হ'ল, আমি যিসকলৰ বাবে আমি আটাইতকৈ উপযোগী হ'ব পাৰোঁ বুলি ভাবোঁ তেওঁলোকক সহায় কৰা”
~ মেৰী কুৰী ~
২০২৩
“দুখ বুলি কোনো বস্তুৱেই নাই৷ সুখী মানুহৰ জীৱন হ’ল এনে এখন ছবি - য’ত ৰূপালী পটভূমিত ক’লা তৰাবোৰ বিচিত্ৰ কৰি দেখুওৱা হয়৷ অসুখী মানুহৰ জীৱন হ’ল এনে এখন ছবি য’ত ক’লা পটভূমিত ৰূপালী তৰা চিত্ৰ কৰি দেখুওৱা হয়৷ জীৱন মানেই যন্ত্ৰণা৷ কিন্তু সাহসী মানুহে অবিৰামভাৱে আত্মসংযম আয়ত্ত কৰিবলৈ চেষ্টা কৰে আৰু শেষ মুহূৰ্তপৰ্যন্ত সেই চেষ্টাত তেওঁ কৃতকাৰ্য হয়৷”
~ নেপোলিয়ন বোনাপাৰ্ট ~
২০২৩
“হৃদয়ৰ পৰা অহা ধৰণৰ কামবোৰ কৰক। যেতিয়া আপুনি সেইটো কৰিব, আপুনি অসন্তুষ্ট নহ’ব, আপোনাৰ ঈৰ্ষা নাজাগিব, আপুনি আন কাৰোবাৰ বস্তুৰ বাবে হাহাকাৰ নকৰিব৷ ইয়াৰ বিপৰীতে যিখিনি ঘূৰাই পাব, তাক লৈ আপুনি আপ্লুত হ’ব৷”
~ টিউজডেইজ ৱিথ মৰি (১৯৯৭), (মিটচ্ এলবম ) ~
২০২৩
“আমাৰ বাবে ভালপোৱা আৰু যত্নৰ নাম -মা; ভালপোৱা আৰু ভয় সমীহৰ নাম-দেউতা; ভালপোৱা, সহায় আৰু সহানুভূতিৰ নাম-ভনী; ভালপোৱা, কাজিয়া আৰু বুজা-বুজিৰ নাম-ভাই বা ককাই; ভালপোৱা আৰু জীৱনৰ নাম- পত্নী; কিন্তু ভালপোৱা,যত্ন, ভয়-সমীহ, সহানুভূতি, কাজিয়া, বুজা-বুজি আৰু জীৱনৰ সকলো সংমিশ্ৰণৰ নাম এটা। সেয়ে হৈছে বন্ধু। গতিকে ভাল বন্ধুতকৈ ডাঙৰ সম্বন্ধ একো নাই।”
~ সোণ হৰিণৰ চেঁকুৰ , (অনুৰাধা শৰ্মা পূজাৰী ) ~
২০২৩
“কেতিয়াবা মানুহে মোক সুধিবলৈ ভাল পায় যে ছোৱালীবোৰ কিয় স্কুললৈ যাব লাগে, তেওঁলোকৰ বাবে কিয় ই গুৰুত্বপূৰ্ণ। কিন্তু মই ভাবো তাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল তেওঁলোকে কিয় নাযাব, কিয় তেওঁলোকৰ স্কুললৈ যোৱাৰ এই অধিকাৰ নাথাকিব।”
~ মালালা ইউছুফজাই ~
২০২৩
“কালচাৰেল ফাংছনৰ সত্ৰীয়া নৃত্যৰ অনুষ্ঠানে আপোনাৰ মন কিমান মুহিলে বা নুমুহিলে সেইটো যিমান ডাঙৰ কথা, আপোনাৰ বোৱাৰী-জীয়াৰীয়ে সন্ধিয়াৰ পাছত কিমান শান্তি আৰু আনন্দেৰে ৰভাতলীলৈকে এই বাটছোৱা অহা-যোৱা কৰিব পাৰিলে, সেইটোও সিমানে ডাঙৰ কথা ৷ এগৰাকী শিল্পীয়ে গভীৰ সাধনাৰে সংস্কৃতিৰ এটা উপাদান (ধৰি লওক লোকগীত) কিছু পৰিমাণে আয়ত্ত কৰি, গভীৰ নিষ্ঠাৰে শ্ৰোতাৰ সমুখত পৰিৱেশন কৰাটো যিমান ডাঙৰ কথা, কিমান কম শ্ৰোতাই “সেইবোৰ বাদ দিয়ক, জিলেলে গাওক” বুলি চিঞৰে, সেইটোও ডাঙৰ কথা৷”
~ ভবেন্দ্ৰ নাথ শইকীয়া ~
২০২৩
“সন্তুষ্টি প্ৰকৃতিৰ সম্পদ, বিলাসিতা কৃত্ৰিম দৰিদ্ৰতা৷”
~ ছক্ৰেটিছ ~
২০২৩
“কাহিনী এটা ছিন্নভিন্ন কৰাটো বহুত সহজ। চিন্তাৰ শিকলি ভাঙিবলৈ, চীনামাটিৰ টুকুৰাৰ দৰে সাৱধানে কঢ়িয়াই নিয়া সপোনৰ এটা খণ্ড নষ্ট কৰিবলৈও বহুত সহজ। কিন্তু সেই কাহিনীটো নিজে নিজে গঢ় ল'বলৈ এৰি দিবলৈ, তাৰ সৈতে একেলগে যাত্ৰা কৰাটো তাতোকৈ বহুত কঠিন কাম।”
~ অৰুন্ধতী ৰয় ~
২০২৩
“যদি আপুনি কোনো নিৰ্দিষ্ট কিতাপত একো ভাল নাপায়, তেন্তে বহি আলোচনা কৰক। কিতাপ এখন নিষিদ্ধ কৰাটো কোনো সমাধান নহয়। আমি আদৰ্শগতভাৱে ইয়াৰ মোকাবিলা কৰিব লাগিব।”
~ অটল বিহাৰী বাজপায়ী ~
২০২৩
“কোনোবাই কাৰোবাক মুখস্থ কৰা উপদেশ শুনাওক- সেইটো মই মুঠেই কামনা নকৰোঁ৷ মই একান্তভাৱে কামনা কৰোঁ সকলোৱে মুক্তভাৱে, অকৃত্ৰিমভাৱে নিজৰ নিজৰ বক্তব্য পৰিৱেশন কৰক৷”
~ আব্ৰাহাম লিংকন ~
২০২৩
“মহৎ চিন্তাৰে জীৱন যাপন কৰা৷ দেখিবা, তুমি কোনো দিনেই এই পৃথিৱীত অকলশৰীয়া হোৱা নাই৷”
~ ফিলিপ ছিডনী ~
২০২৩
“অসমীয়া, এবাৰ মাত্ৰ তোমাৰ অন্তৰখন আত্মশ্ৰদ্ধাৰ স্বাৰ্থৰ আলোকেৰে উদ্ভাসিত কৰি তোলা৷ দেখিবা অশ্ৰদ্ধাত মলি হৈ পৰি থকা তোমাৰ সাংস্কৃতিক মণি-মুকুতাবোৰ বিদ্বোজল ৰূপেৰে তোমাৰ আগত উপস্থিত হৈ কিমান পৰিমাণে তাক বিদ্ব-মোহন কৰি তুলিছে৷”
~ অম্বিকাগিৰি ৰায়চৌধুৰী ~
২০২৩
সাঁচ:আজিৰ উদ্ধৃতি/ডিচেম্বৰ-২০২৩/২৫
২০২৩
“যিসকল মানুহৰ হাতত থাকে প্ৰচুৰ সময়, তেওঁলোকে কাম কৰিবলৈ কাহিনীও সময় নাপায়। অথচ যিসকল সদায় কামতেই ব্যস্ত হৈ থাকে তেওঁলোকৰ কিন্তু নতুন নতুন কাম কৰিবলৈ সময়ৰ অভাৱ নহয়।”
~ লৰ্ড চেষ্টাৰফিল্ড ~
২০২৩
“প্ৰকৃত বন্ধুত্ব হৈছে লেহেমীয়া বৃদ্ধিৰ উদ্ভিদ, আৰু ই প্ৰশংসাৰ অধিকাৰী হোৱাৰ আগতেই প্ৰতিকূলতাৰ জোকাৰণিৰ সন্মুখীন হ’ব লাগিব আৰু তাক সহিব লাগিব৷”
~ জৰ্জ ৱাশ্বিংটন ~
২০২৩
“পিতৃ-মাতৃয়ে কেৱল ভাল পৰামৰ্শ দিব পাৰে বা সঠিক পথ দেখুৱাব পাৰে, কিন্তু এজন ব্যক্তিৰ চৰিত্ৰৰ চূড়ান্ত ৰূপ নিৰ্ভৰ কৰে তেওঁৰ নিজৰ ওপৰত।”
~ আনে' ফ্ৰাংক ~
২০২৩
“পৃথিৱীৰ কোনো মানুহকে কেতিয়াও কোনো পৰিস্থিতিয়ে সলাব নোৱাৰে। মানুহৰ চাৰিত্ৰিক দিশত অন্ততঃ পৰিস্থিতিয়ে কেতিয়াও কোনো পাৰ্থক্য আনিব নোৱাৰে৷ পৰিস্থিতিৰ ওপৰত দোষ দি মানুহ মাত্ৰ পলাব বিচাৰে সেই সময়খিনিৰ পৰা।”
~ গায়ত্ৰী প্ৰান্তিক শৰ্মা ~
২০২৩
“শ্ৰম কুচিন্তাৰ পৰম ঔষধ। সদায় শ্ৰমত থকা মানুহে হিংসা কুৰ্চুট বা আনবিলাক কু-প্ৰবৃত্তিৰ কাম কৰিবলৈ আজৰি নাপায়। কু-প্ৰবৃত্তি এলাহত বাঢ়ে, যাৰ এলাহ নাই তাৰ তেনে প্ৰবৃত্তি নাই।”
~ সাৰথি , (সত্যনাথ বৰা ) ~
২০২৩
“সময় গতিশীলতাৰ জগততেই আৱৰ্তিত আমাৰ জীৱনৰ গতি। বৰ্তমানক লৈ সঁচকিত হোৱাৰ আগতেই যেন আঙুলিৰ ফাঁকেৰে সৰি পৰে গতিশীল সময়ৰ ঠিকনা! স্মৃতিৰ সঁফুৰা চহকী কৰি হয়তো দি যায় সীমাহীন অভিজ্ঞতা। অনিচ্ছা সত্ত্বেও এই গতিশীল সময়ৰ হাতত হাত থৈ আগবাঢ়িবলগা হয়।”
~ মৌনতাৰ কোলাহল , (জোৱলা বৰা ) ~