সমললৈ যাওক

মহাৰথী (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা
(মহাৰথীৰ পৰা পুনঃনিৰ্দেশিত)

মহাৰথী (ইংৰাজী: Maharothi) অসমীয়া সাহিত্যিক চন্দ্ৰ প্ৰসাদ শ‍ইকীয়াৰ দ্বাৰা ৰচিত এখন উপন্যাস। মহাৰথীক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াৰ জীৱনৰ শ্ৰেষ্ঠ সাহিত্য-কৃতি বুলি গণ্য কৰা হয়।[] ‘মহাৰথী’ শব্দৰ অৰ্থ হৈছে মহান যোদ্ধা

  1. মানুহৰ জীৱনৰ যি বিসঙ্গতি, যি ভঙ্গুৰতা, অথবা চৰিত্ৰৰ যি দুৰ্বলতা, তাকেই মানুহে নামকৰণ কৰে ভাগ্য, অথবা চৰিত্ৰৰ যি দুৰ্বলতা, তাকেই মানুহে নামকৰণ কৰে ভাগ্য, অথবা অদৃষ্ট। নিজৰ ভাগ্য অথবা অদৃষ্ট, নিয়তি আখ্যা দিয়া হয় যাক সঘনে, অকাৰণে, সেইটো সুপ্ত আৰু গুপ্ত হৈ থাকে প্ৰত্যেক মানুহৰ মাজতেঃ মানুহৰ দুৰ্বলতাৰ সুযোগ লৈ সিয়েই এসময়ত জাগ্ৰত হৈ উঠে। ভাগ্যৰ, অদৃষ্টৰ পৰিহাস বুলি মানুহে তাক আখ্যা দিয়ে নিজক বিৱেকৰ দংশনৰ পৰা মুক্ত কৰিবলৈ আৰু অৱশেষত সেই বিবেকেই পৰিণত হয় দুৰ্বিষহ যন্ত্ৰণাত। সেই যন্ত্ৰণাৰ পৰা মুক্তিৰ সংগ্ৰামত অতিবাহিত হয় মানুহৰ সমস্ত জীৱন।[]
  2. চৰম বিপদক কোনো মহাপ্ৰাণে আমন্ত্ৰণ নকৰে। কিন্তু যি চৰম বিপদক আহ্বান কৰি তাৰ সন্মুখীন হ'ব পাৰে দুৰ্দম্য বীৰত্ব আৰু শক্তিৰে, সেইজনেই হ'ল মহাপ্ৰাণ।[]
  3. ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু পৰম্পৰা প্ৰতিষ্ঠাপিত বিশাল মানৱতাবোধ,সত্য,দয়া,ক্ষমা,উদাৰতাৰ ওপৰত। যি ৰাজসম্পদ, ঐশ্বৰ্য,দান কৰে, তেওঁ নিশ্চিতৰূপে দানবীৰ। কিন্তু অন্যৰ জীৱন ৰক্ষাৰ্থে যি নিজৰ অম্লান বদনে দান কৰে, তেওঁ হ'ল দানশ্ৰেষ্ঠ। []
  4. যি তোমাৰ সমকক্ষ নহয়, তেওঁক তুমি ঈৰ্ষা নকৰিবা, তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ নহ'বা। কৰিলে আৰু হ'লে মহত্ত্বই তোমাক কৰিব পৰিহাস। কোনো এজনক নিজৰে মহত্ত্বই যেতিয়া পৰিহাস কৰে, তেতিয়া তেওঁক মহত্ত্বই পৰিত্যাগ কৰাৰ সম্ভাৱনা প্ৰগাঢ় হয়।[]
  5. মানুহৰ মহত্ত্ব তেতিয়া পূৰ্ণ বিকশিত হয়, যেতিয়া মহত্ত্বৰ অধিকাৰী সেই পুৰুষে মহত্ত্বৰ সাধনাৰ পৰা বিচ্যুত নহয়। []
  6. মহত্ত্বক অনাদৰ কৰিলে মহত্ত্ব তোমাৰ প্ৰতি কৃপণ হোৱাটো স্বাভাৱিক। []
  7. জীৱনক যি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰে, তেওঁৰ বাবে মৃত্যু হ'ল অকাৰণ। জন্মৰ পিছত কোনো এক শিশু পৰিণত হয় কিশোৰত, কৈশোৰৰ শেষত আবিৰ্ভাৱ যৌৱনৰ। তাৰ পিছত প্ৰৌঢ় আৰু বৃদ্ধত্ব। মৃত্যু হ'ল মাত্ৰ জীৱনৰে অন্য এক ৰূপ অথবা অৱস্থাঃ কেৱল পৰিৱৰ্তন এক ৰূপৰঃ ভঙ্গুৰ এক দেহে এটা ৰূপৰ পৰা পৰিৱৰ্তিত হৈ মৃত্যুৰ ৰূপ কৰে ধাৰণ। []
  8. এই পৃথিৱীত শেষ সত্য হ'ল মহাকাৰুণ্য। মহাকাৰুণ্যই মানুহৰ জীৱন নিয়ন্ত্ৰিত কৰে। সুখৰ আনন্দ থাকে মাত্ৰ ক্ষন্তেক, কিন্তু সুখৰ বেদনা থাকে সমস্ত জীৱন। []
  9. পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ লোকজনেও ভুল কৰে, কিন্তু তেওঁ একেটা ভুলকে দুবাৰ নকৰে: তেওঁৰ জীৱনত ভুল আৰু ত্ৰুটিৰ পুনৰাগমন নঘটে। প্ৰত্যেকটো ভুলৰ সংশোধন কৰি ধীৰে ধীৰে তেওঁ এনে এক মহিমামণ্ডিত স্থানত উপনীত হয়গৈ যেতিয়া তেওঁ নিজেই হাজাৰ চেষ্টা কৰিলেও তললৈ স্খলিত নহয়। পৃথিৱীৰ মাটিৰ স্পৰ্শ নোলোৱাকৈ, ভূমিৰ স্পৰ্শ নোলোৱাকৈ কোনো মানুহে ভূমাৰ স্পৰ্শ লাভ কৰিব নোৱাৰে। [১০]
  10. জীৱনত মোৰ চিৰপ্ৰাপ্য, চিৰবাঞ্ছিত সম্পদ সম্মান-যোগ্যতাৰ পৰা পদে পদে যেনেকৈ বঞ্চিত কৰা হৈছে, সেইদৰে মহাভাৰতৰ মহৎ ইতিহাসত পাব লগা মোৰ প্ৰাপ্যস্থানৰ পৰাও মোক নিককণভাবে বঞ্চিত কৰিবৰ বাবে এক ষড়যন্ত্ৰ চলোৱা হ'ব- সম্ভৱ সেই ষড়যন্ত্ৰ ইতিমধ্যে আৰম্ভহৈছেই। ভীষ্ম পিতামহে মোক এদিন কৈছিল, ব্যাসদেৰ ইতিমধ্যে এই বিশাল, সুদূৰপ্ৰসাৰী ইতিহাস প্ৰণয়নৰ কাৰ্যত ব্ৰতী হৈছে। ব্যাস মোৰ প্ৰতি কিমান সদয় হ'ব, সেই বিষয়ে মোৰ সন্দেহ বৰ্তমান।
  11. মহাভাৰতৰ প্ৰথমতে মই লিখিছো যে এই কাব্যত যিখিনি কথা আছে, সেই কথাখিনি ভাৰতত পোৱা যাব, কিন্তু এই মহাকাব্যত যিখিনি নাই সেয়া আৰু আন ক'তো নাই।.. কিন্তু মোৰ কি দুখ জানা কৰ্ণ? তেনেধৰণৰ জ্ঞানমাৰ্গ, দৰ্শন, কৰ্মমাৰ্গ, ভূমাস্পৰ্শী ব্যাখ্যাই এই ভাৰতবৰ্ষৰ সাধাৰণ মানুহৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰিলে। সাধাৰণ মানুহে ধৰ্মৰ তাত্ত্বিক দিক্‌ক্টো সামান্যভাৱেও আয়ত্ত কৰিব নোৱাৰি অধৰ্ম, অন্যায়ত নিজক নিমজ্জিত কৰিলে। সেইবাবে... মই এনে এজন মহাপুৰুষৰ চৰিত্ৰ বৰ্ণনা কৰিছো যিজনে এই ভাৰতবৰ্ষৰ যিকোনো সামান্য সন্তানৰ দৰে জন্মগ্ৰহণ কৰি নিজৰ মহামানবীয় দৃষ্টিৰে ভাৰতীয় সংস্কৃতিৰ সকলো কালৰ সৰ্বশ্ৰেষ্ঠ পুৰুষৰূপে বন্দিত হ'ব পাৰে। সেই মহাপুৰুষ হ'ল দৈৱকীনন্দন শ্ৰীকৃষ্ণ।
  12. যি সন্তানৰ কাষত তেওঁ এতিয়া তেওঁৰ অন্য এক সন্তানৰ জীৱন-ভিক্ষা বিচাৰি আহিছিল, সেই সন্তানকে চৰত ভৰাই এই নৈত উটুৱাই নিদাৰুণ মৃত্যুৰ গহ্বৰলৈ ঠেলি দিছিল।
  13. নদীৰ পাৰলৈ ধীৰে ধীৰে গোপনে এগৰাকী নাৰী আগবাঢ়ি আহিল। উদ্দেশ্য.... তেওঁৰ প্ৰথম সন্তানৰ ওচৰত তেওঁৰ চিৰ আদৰৰ অন্য এক সন্তান অৰ্জুনৰ জীৱন ভিক্ষা। তেওঁৰ জীৱনৰ একমাত্ৰ ভয় অৰ্জুনৰ মৃত্যু: সেই ভয়ৰ সম্মুখত আন একো ভয়ে তেওঁক ভয়াতুৰ কৰিব নোৱাৰে।... ভাবিছিলো এগৰাকী মাতৃৰ বাবে তেওঁৰ সকলো সন্তানেই সমান আদৰৰ।
  14. পৃথিৱীত বাস কৰি পৃথিৱীৰ মাটিৰ স্পৰ্শ আমাৰ শৰীৰত নাথাকিলে আমি যে পৃথিৱীৰে মানুহ, আমি স্বৰ্গৰ দেৱতা নহওঁ, সেই কথা প্ৰমাণিত নোহোবাকে থাকিব।
  15. নিজৰ বৃদ্ধাঙ্গুলি ছেদ কৰি একলব্য বিকলাংগ হ'ল, কিন্তু সেই গুৰুদক্ষিণা হাত পাতি লৈ মানৱৰ সুবিশাল ইতিহাসত আচলতে কলংকিত হ'ল দ্ৰোণ নিজে। আনক বিকলাংগ কৰি নিজে নৈতিক দিশত সম্পূৰ্ণৰূপে বিকলাংগ হ'ল দ্ৰোণ নিজে। আনহাতেদি সামান্য কৰ্ণক এষাৰ মাত্ৰ মিথ্যা বচনৰ বাবে অভিশপ্ত কৰি আচলতে অভিশপ্ত হ'ল পৰশুৰাম নিজে। ব্ৰাহ্মণৰ সন্তান আৰু ক্ষত্ৰিয়ৰ সন্তানৰ মাজত সাগবসদৃশ পাৰ্থক্য বিচাৰ কৰি পৰশুৰামে নিজৰ হৃদয়ৰ দৰিদ্ৰতাকে কেৱল নগ্ন কৰি দেখুৱালে।
  16. মানুহৰ জীৱনৰ যি বিসংগতি, যি ভংগুৰতা, অথবা চৰিত্ৰৰ যি দুৰ্বলতা, তাকেই মানুহে নামকৰণ কৰে ভাগ্য, অথবা অদৃষ্ট।
  17. যি নাৰীৰ গৰ্ভত গান্ধাৰীৰ দৰে মহিমাময়ী মাতৃৰ জন্ম হৈছিল সেই মাতৃৰে গৰ্ভত জন্ম হৈছিল দুৰ্মুখ শকুনিৰ।
  18. অৰ্জুন মোৰ তপস্যাৰ ফল। অৰ্জুন সমগ্ৰ ভাৰতীয়ৰ মহত্তৰ আবিষ্কাৰ। মহাযুদ্ধৰ অংগনত থিয় দিও মই অৰ্জুনক সেই পাৰমাৰ্থিক শিক্ষা দিম যি হ'ল হেজাৰ বছৰীয়া ভাৰতীয় সভ্যতা-সংস্কৃতি আৰু পৰম্পৰাৰ পৰা উদ্ভৱ।
  19. মহাকাব্যৰ সমগ্ৰ কাহিনীটোৱেই দেশৰ হেজাৰ হেজাৰ বছৰীয়া জাতীয় ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত।
  1. অনলাইন শিৱসাগৰত থকা তথ্য
  2. মহাৰথী, পৃঃ সংখ্যা ৩৮২
  3. মহাৰথী, পৃঃ সংখ্যা ৩৮৭
  4. মহাৰথী, পৃঃ সংখ্যা ৩৮৮
  5. মহাৰথী, পৃঃ সংখ্যা ৩৮৯
  6. মহাৰথী, পৃঃ সংখ্যা ৩৯০
  7. মহাৰথী, পৃঃ সংখ্যা ৩৯০
  8. মহাৰথী, পৃঃ সংখ্যা ৩৯১
  9. মহাৰথী, পৃঃ সংখ্যা ৪০৬
  10. মহাৰথী, পৃঃ সংখ্যা ৪১৩