সত্যনাথ বৰা

ৱিকিউদ্ধৃতিৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

সত্যনাথ বৰা অসমৰ এজন প্ৰবন্ধকাৰ, বৈয়াকৰণিক, শিক্ষাবিদ আৰু আইনী বিশেষজ্ঞ। ‘জোনাকী’ৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে কাম কৰাসকলৰ ভিতৰত তেখেত অন্যতম আছিল। ১৯১৯ চনত তেখেত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। আধুনিক অসমীয়া ভাষাত ৰচিত গীতৰ প্ৰথম পুথি ‘গীতাৱলী’, ব্যাকৰণৰ পুথি ‘বহল ব্যাকৰণ’, চিন্তাগধূৰ প্ৰবন্ধৰ সংকলন ‘সাৰথি’ আদি গ্ৰন্থৰে তেখেতে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. পুথি অধ্যয়নৰ যোগেদি দূৰৰ মাণিক হাততে পোৱা যায়৷
  2. কৰ্তব্যবোধে কৰ্মলৈ উৎসাহ জন্মায় আৰু মনৰ একাগ্ৰতা বঢ়ায়।
  3. সত্যবাদিতা মহৎ লোকবিলাকৰ সংসাৰ বিচৰণৰ পথ। এই পথ অৱলম্বন কৰি তেওঁলোকে মহত্ত্বৰ মন্দিৰত উপনীত হয়।[১]
  4. চিন্তা মনৰ জেউতি, তাৰ গুণত আন্ধাৰ সমস্যা পোহৰ হয়, টান কাম উজু হয়।[২]
  5. শ্ৰম কুচিন্তাৰ পৰম ঔষধ। সদায় শ্ৰমত থকা মানুহে হিংসা কুৰ্চুট বা আনবিলাক কু-প্ৰবৃত্তিৰ কাম কৰিবলৈ আজৰি নাপায়। কু-প্ৰবৃত্তি এলাহত বাঢ়ে, যাৰ এলাহ নাই তাৰ তেনে প্ৰবৃত্তি নাই।[২]
  6. চিন্তা প্ৰশ্নৰ ফল, অৰ্থাৎ যি বস্তু দেখা যায় সেই বস্তু সম্বন্ধে মনক প্ৰশ্ন কৰিব লাগে, প্ৰশ্ন কৰিলেই চিন্তা কৰা হয়। প্ৰশ্নৰ পৰিমাণেই শিক্ষাৰ পৰিমাণ।[২]
  7. সংসাৰত উদগতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে, পঢ়নৰপৰা সেই একাগ্ৰতা জন্মে। চঞ্চল মন থিৰ কৰিবলৈ, আৰু ভোটা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই।[২]
  8. বিদ্যা মানৱ মনৰ দীপ্তি; তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাৰে মন পোহৰাই নল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। এতেকে উদগতিৰ পথৰ যাত্ৰা কৰিবৰ আগেয়ে বিদ্যা যুগুত কৰি লোৱা উচিত।[২]
  9. দয়া এটা মনৰ গুণ, সি মনত উদয় হয়। দুখ লগা কথা দেখা পালে মানুহৰ মনত দয়া ওপজে। কিন্তু মনত উপজি মনত মাৰ গ’লে সেই দয়াৰপৰা কোনো ফলোদয় নহয়। যি দয়াৰপৰা কৰ্মৰ অভিলাষ জন্মে, সেয়ে আচল কাৰ্যকৰী দয়া।
  10. চানেকি বুজিলেই ফুলতী হয়, কিন্তু বহুতদিন অভ্যাস কৰিলেহে ভাল শিপিনী হ’ব পাৰে।
  11. বিশ্ব পুথিৰ উপদেশ শিলৰ ৰেখা৷
  12. অপৰিমিত ভোজনৰ দোষ একে দিনে দেখা নিদিব পাৰে, কিন্তু সেই বাবে তাৰ দোষ নাই বুলি ভবা উচিত নহয়৷[৩]
  13. উদ্গতিৰ পথত বহুত হুল, জোং আছে, আকাংক্ষাৰ চোকা ৰাগিত পৰি মতলীয়া নহ’লে কোনেও তালৈ আগনাবাঢ়ে৷[৪]
  14. উৎসাহে টান কাম উজু কৰে আৰু মানুহৰ বুদ্ধিৰ দুৱাৰ মেলি দিয়ে।[৫]
  15. পঢ়নৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয়, সেই পাতনি যাৰ শকত সি বিদ্যা ব্যৱসায়ত উদ্‌গতি কৰিব পাৰে, যাৰ দুৰ্ব্বল সি নোৱাৰে।[৬]
  16. কৰ্তব্যজ্ঞানে লোকক উদাৰ-মহৎ কৰে, এলাহে অধম-নীচ কৰে।[৫]
  17. খঙৰ সময়ত লেখি লেখি নটা ঢোক নমৰাকৈ কথা কোৱা বা কোনো কাম কৰা উচিত নহয়৷[২]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সত্যনাথ বৰা (১৯৫৮). মানৱ মহত্ত্ব. চিন্তা-কলি. আহৰণ কৰা হৈছে: ২৪ আগষ্ট ২০২১.
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ সত্যনাথ বৰা (১৯১৫). সাৰথি. আহৰণ কৰা হৈছে: ২৫ আগষ্ট ২০২১.
  3. সোণসেৰীয়া কথা, সংকলক-দেৱেন শইকীয়া, মিছিছিপি প্ৰকাশন, ২০০৩, এপ্ৰিল
  4. অন্তহীন প্ৰেৰণা, হোমেন বৰগোহাঞি, পৃ: নং, ৮০ প্ৰকাশক অনন্ত হাজৰিকা, বনলতা
  5. ৫.০ ৫.১ শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
  6. সত্যনাথ বৰা. সাৰথি পৃষ্ঠা: ৫. প্ৰকাশক: বনলতা. আহৰণ কৰা হৈছে: ১৪ জুলাই ২০২২.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: