বিষ্ণু প্ৰসাদ ৰাভা

ৱিকিউদ্ধৃতিৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
১৯৫০ৰ দশকত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা

বিষ্ণু প্ৰসাদ ৰাভা (৩১ জানুৱাৰী, ১৯০৯ – ২০ জুন, ১৯৬৯) অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল। বিষ্ণু প্ৰসাদ ৰাভা সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল। সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও কাম কৰি গৈছে। ১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে আৰু এই দলৰ প্ৰাৰ্থীৰূপে ১৯৫৭ চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। নিৰ্বাচনত ৰাভাৰ পৰাজয় হয়। ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰা হয় আৰু ন মাহৰ বাবে জেললৈ পঠোৱা হয়। ১৯৬৭ চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। ১৯৬৮ চনত কোকৰাঝাৰ সমষ্টিৰ পৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পৰাজয় বৰণ কৰে। ১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত তেজপুৰত ৰাভাদেৱে মৃত্যুক সাবটি লয়। পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি তেখেতৰ মৃত্যু হয়।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. খাবৰ বাবে পিন্ধিবৰ বাবে মুৰ গুজিবৰ বাবে মানুহে যিহকে কৰে সেয়ে কলাকৃষ্টিৰ জগত সেয়াও সংগ্রামৰে ক্ষেত্র। তাৰ জৰিয়তেও গণজাগৰণ আনিব পাৰি। বিপ্লৱৰ এক হাতিয়াৰ হ’ল মানুহ।[১]
  2. কেৱল জনসংখ্যাই জাতিক ডাঙৰ নকৰে; জাতি ডাঙৰ হয় জাতীয়তাবাদৰ হকে, ডেকাই দিয়া হিয়াৰ ৰাঙলী তেজেৰে।[১]
  3. কৰ্ময়ে উপাসনা হাঁহিয়ে জীৱন।[২]
  4. ৰাইজেই ৰজা মােৰ, প্রজায়েই ৰজা মােৰ, সুখেৰে পঞ্চায়তীৰাজ।[৩]
  5. ৰাইজৰ মৰম-চেনেহেই আমাৰ ৰক্ষাকবচ। ৰাইজৰ আশিসেই আমাৰ পাশুপাট অস্ত্র। এই ৰক্ষাকবচ আৰু পাশুপাট অস্ত্রৰ বলতেই আমি সুস্থ, বলিষ্ঠ আৰু নির্ভীক সৈনিক।[৩]
  6. কার্ল মার্ক্সৰ সাম্যবাদ আৰু গান্ধীজীৰ সাম্যবাদৰ বহু আগতেই যুগনায়ক শংকৰদেৱে আমাৰ দেশত সাম্যবাদী নীতি প্রচাৰ কৰি থৈ গৈছে।[৩]
  7. ... ৰাইজৰ অন্তৰ ফুলনিৰ ফুলে ফুলে উৰি উৰি পৰি পৰি মৌগুটি ভোমোৰাৰ দৰে ৰস শুহি শুহি মই মোৰ হৃদয়ত মৌ-কোঁহ ৰচনা কৰোঁ৷ সেই ৰাইজৰেই মৌ মই ৰাইজক বিলাওঁ৷[৪]
  8. অসমীয়া গাভৰুৱে হাঁহিলে হিয়াপতীয়া ডালিমগুটীয়া মুকুতাপতীয়া দাঁতৰ পাৰি জিলিকি উঠে৷ তাতে আকৌ ওঁঠ অধৰ, লালেংটেৰ বা দেৱা গছৰ ছালৰ ছালিৰে তামোল খাই সেলেঙী লগাই ৰঙা পিকৰ বোল বোলায়, ৰাংঢালী, পিকঢালী, সৰবৰহী তেজীৰঙা মুখত কেতেকী ফুলৰ সুগন্ধি ৰেণুগুড়ি সানে, খকালী নকীয়া নাকৰ ওপৰত দুটা ধেনুভিৰীয়া চেলাউৰিৰ মাজতে সোণপোক বা সেন্দূৰ পিন্ধে........[৫]
  9. মানুহৰ জীৱনটো এটা আৱেষ্টনীৰ মাজত ৰখা সুষমা ভৰা পদাৰ্থ নহয়৷ ই অনিৰ্দিষ্ট জীৱন্ত ব্যাপক জ্বলন্ত শিখা৷[উৎসৰ প্ৰয়োজন]
  10. শোষণকাৰীক শেষ কৰিবই লাগিব; কিন্তু অস্ত্ৰৰ সহায়েৰে নহয়, জনগণক জগাই তুলি, মহা-বিপ্লৱৰ সৃষ্টি কৰি৷ তাকে কৰিবলৈ মই হাতত কলম তুলি লৈছোঁ৷[৬]
  11. বিষ্ণু ৰাভা নমৰে, মই আকৌ আহিম৷ (মৃত্যু শয্যাৰ পৰা পত্নীলৈ দিয়া শেষ সান্ত্বনা বাণী)[৭]
  12. মাৰ্ক্সবাদ লেনিনবাদে মোৰ চঞ্চল, অস্থিৰ জীৱনলৈ আনি দিলে সাগৰ সংগমৰ পূৰ্ণতা আৰু গভীৰতা৷[৮]
  13. ভৌগলিক পৰিবেশ আৰু ইতিহাসৰ বোৱতী ধাৰাত এখন ৰাজ্যৰ আৰু এটা জাতি বিশেষৰূপে গঢ় লয় আৰু তাৰ কৃষ্টিতো ইয়াৰ বৈশিষ্ট্য দেখা যায়৷[৯]
  14. খাবৰ বাবে, পিন্ধিবৰ বাবে মানুহে সুন্দৰভাৱে যিহকে কৰে, সেয়ে কৃষ্টি৷

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ অসমীয়া ভাষাত অসমীয়া ব্যক্তিৰ কেইটামান উদ্ধৃতি, ৬ জানুৱাৰী, ২০২২
  2. আমি পোহৰ বিচাৰি যাওঁ, ৬ জানুৱাৰী, ২০২২
  3. ৩.০ ৩.১ ৩.২ বিপ্লৱী শিল্পী বিষ্ণু, নীলাচৰাই, ৬ জানুৱাৰী, ২০২২
  4. বিষ্ণু ৰাভাৰ সংগ্ৰামী আভা, দেবেন্দ্ৰনাথ বৰা
  5. সাহিত্যৰত্নঃএশ একুৰি সাহিত্যিকৰ জীৱনী
  6. বিপ্লৱী শিল্পী বিষ্ণু ৰাভা, ৰতি মোহন নাথ, মুক্তি দেউল, স্মৃতিগ্ৰন্থ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস, আছু, কলিয়াবৰ৷
  7. বিষ্ণু ৰাভা নমৰে, মই আকউ আহিম, তোষেশ্বৰ তামুলী ফুকন, সাদিন, পৃষ্ঠা ৪, দেওবাৰ, ১৯ জুন, ২০২২
  8. বিষ্ণু ৰাভা নমৰে, মই আকউ আহিম, তোষেশ্বৰ তামুলী ফুকন, সাদিন, পৃষ্ঠা ৪, দেওবাৰ, ১৯ জুন, ২০২২
  9. অসমীয়া প্ৰতিদিন, তুষাৰ প্ৰতিম, ৩১ জানুৱাৰী, ২০২২

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]