অনুৰাধা শৰ্মা পূজাৰী

ৱিকিউদ্ধৃতিৰ পৰা

অনুৰাধা শৰ্মা পূজাৰী (ইংৰাজী: Anuradha Sarma Pujari; জন্ম: ১৯৬৪ চন) অসমৰ এগৰাকী লেখিকা আৰু সাংবাদিক। বৰ্তমান তেওঁ সাদিন কাকত আৰু সাতসৰী নামৰ অসমীয়া মাহেকীয়া আলোচনীখনৰ সম্পাদক হিচাপে কাৰ্যৰত হৈ আছে। “চাহেবপুৰাৰ বৰষুণ” নামৰ উপন্যাসখনৰ বাবে ২০০৩ চনত তেওঁ অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰে। তেওঁ ২০২১ চনত “ইয়াত এখন অৰণ্য আছিল” শীৰ্ষক উপন্যাসৰ বাবে অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

“আকাশৰ বেলিটো সদায় পৃথিৱীৰ সকলো নৃশংসতা, নিষ্ঠুৰতাৰ সাক্ষী, সেইবুলি জানো পিচদিনা নতুন হৈ, নতুন আশাৰে সূৰ্য ওলাই নাহে!”
  1. ভালপোৱা বিষয়টোৱেই সাময়িক। প্ৰকৃতিয়ে সমানে সদায় যিদৰে বৰষুণ নিদিয়ে, ৰ’দ নিদিয়ে, সেইদৰে আজীৱন সমানে ভালপোৱাও নাথাকে। তাৰতম্য ঘটে।[১]
  2. আকাশৰ বেলিটো সদায় পৃথিৱীৰ সকলো নৃশংসতা, নিষ্ঠুৰতাৰ সাক্ষী, সেইবুলি জানো পিচদিনা নতুন হৈ, নতুন আশাৰে সূৰ্য ওলাই নাহে![১]
  3. মানুহ আৱেগিক, অৰ্থনৈতিক যি কাৰণতেই নহওক, আনৰ ওচৰত প্ৰয়োজনতকৈ বেছি নিৰ্ভৰশীল হোৱাটো ভাল কথা নহয়।[১]
  4. জীৱনৰ সমস্যাৰ আকাৰ চাই শক্তি লাগে। বোজাই কৰা গাড়ী এখন, এটা ঘোঁৰাই টানিব নোৱাৰিলে, দুটা ঘোঁৰাৰ প্ৰয়োজন।[১]
  5. জ্ঞান, অনুভূতি আৰু ইচ্ছা এই তিনিটা আমাৰ মনৰ প্ৰধান প্ৰক্ৰিয়া। এই তিনি প্ৰক্ৰিয়াৰ সুসমন্বয়ৰ অভাৱ ঘটিলেই মনোজগতৰ ভাৰসাম্য নোহোৱা হয়।[২]
  6. এই পৃথিৱীত অসম্ভৱ বুলি একো কথা নাই, অন্তৰত যদি বিশ্বাসৰ দৃঢ়তা থাকে, মানুহৰ প্ৰাৰ্থনা পৃথিৱীৰ সকলো উৎকৃষ্ট ঔষধতকৈ ফলদায়ক হৈ পৰে।[২]
  7. আমাৰ সমাজত ধৰ্ম, আধ্যাত্মিকতা, অন্ধবিশ্বাস সকলো একাকাৰ হৈ গৈছে। আধ্যাত্মিকতা পৃথক বিষয়। এক সুন্দৰ, ইতিবাচক জীৱন সন্ধান কৰিব পৰাটোহে আধ্যাত্মিকতা। ইয়াৰ বাবে আত্মপ্ৰেমৰ প্ৰয়োজন, আত্মপ্ৰেমৰ উদাৰ দৃষ্টিভংগীৰে পৃথিৱীৰ প্ৰেমত নিমজ্জিত হোৱা; এয়াই আধ্যাত্মিকতা।[২]
  8. মৃত্যু প্ৰত্যেক জীৱৰ ছাঁ, কেতিয়াবা হঠাতে, কেতিয়াবা লাহে লাহে আহে। জীৱনৰ লোভ ত্যাগ কৰাটো বৰ কঠিন, সেয়েহে মৃত্যুৰ বাবে ইমান ভয়। এই ভয় জয় কৰিব পাৰিলেই জীৱন আৰু মৃত্যু সমানেই অৰ্থময়। মৃত্যু নিৰৰ্থক নহয়। মৃত্যু আমাৰ পৰম সখা, যি জন্ম মুহূৰ্তৰ পৰা কাষে কাষে থাকে।[২]
  9. এই দুনিয়াত প্ৰকৃততে সম্পৰ্ক কাৰ সৈতে। আজিৰ দুনিয়াত স্বাৰ্থই সম্পৰ্ক। সেয়ে কওঁ স্বাৰ্থ আৰু মোহৰ পৰা ওলাই আহা, পৃথিৱীৰ ৰূপ সুধাত নিমগ্ন হোৱা। দীন-দুখীক সহায় কৰা বিনাস্বাৰ্থে। গছ-বিৰিখক আপোন বুলি ভাবা, চৰাই-চিৰিকটিৰ সৈতে বন্ধুত্ব স্থাপন কৰা, এই সকলোবোৰে তোমাক কেতিয়াও অকলশৰীয়া নকৰে, বিশ্বাসঘাতকতা নকৰে।[২]
  10. শৰীৰৰ মৃত্যু মানেই জীৱনৰো অন্ত, এই বৈজ্ঞানিক সত্যৰ পিছতো পৃথিৱীত থাকি যায় জীৱনৰ ভগ্নাৱশেষ।[২]
  11. পৃথিৱী কাহানিও নিঃসংগ নাছিল, মানুহো নিঃসংগ কোনোকালেই হ’ব খোজা নাছিল। প্ৰতি মানুহেই বুকুত মৰিশালি পাতি, মানুহৰ সৈতেই জীয়াই থাকিব খোজে চিৰকাল।[২]
  12. সময় বিষয়টো মনৰ সৈতে জড়িত। একো কাম নাথাকিলে সময় এক বন্ধ পানীৰ ডোবা। অজস্ৰ কাম থাকিলে সময় জলপ্ৰপাত, দুখৰ সময় নাযায়-নুপুৱা, সুখৰ সময় এটা ফৰ্মূটিৰ দৰে, আহিল আৰু গ'ল।[৩]
  13. শান্তি কোন পথে আহে! হাজাৰ বছৰ ধৰি, মানুহৰ এয়াই সন্ধান নহয় জানো?[৩]
  14. কৃষকে কৃষকৰ বন্ধু হৈ কৃষিৰ শ্ৰী বৃদ্ধিৰ বাবে বিভিন্ন দিশ আলোচনা কৰিব৷ গুজৰাটৰ দৰে পথৰ দাঁতিত কৃষিকৰ্মৰে সদায় সেউজীয়া কৰি ৰাখিবলৈ যত্নপৰ হ’ব লাগিব৷ চৰকাৰী আঁচনিৰ বিষয়ে আলোচনা কৰি সেইবোৰৰ সুবিধা নিজেও লৈ আনকো বাট দেখুৱাব লাগিব৷ তেহে, কৃষিক্ষেত্ৰত অসম স্বাৱলম্বী হ’ব পাৰিব৷[৪]

ব'ৰাগী নদীৰ ঘাট[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. কিছুমান কথা সংক্ষেপেই সাগৰ।[৫]
  2. দুৰ্বল মানুহকহে দল বা স্তাৱকৰ দৰকাৰ হয়।নিজ চিত্ত,বিচাৰ-বুদ্ধিত যাৰ ভৰষা বেছি,তেওঁ অকলশৰে থাকে।[৫]
  3. ঈশ্বৰ উপাসনা ধৰ্ম নহয়,অন্য়ায় আৰু অসৎ কাৰ্যক প্ৰতিৰোধ কৰাহে প্ৰকৃত ধৰ্ম।[৫]
  4. ভগৱানৰ ৰূপ মানুহৰ কল্পনাহে,ই নিজ ৰূপ ধাৰণ কৰি মানুহৰ মাজত থাকে।[৫]
  5. জীৱন বৰ ৰহস্য়ময়,জীৱনৰ জালত লাগি ধৰা আমি জীৱবোৰে কেতিয়া কি কৰোঁ নিজেই নাজানো। [৫]
  6. আহাৰ,নিদ্ৰা,মৈথুন সকলো জীৱৰ জীৱনৰ অত্য়াৱশ্য়কীয় কৰ্ম। কিন্তু মানুহ ইতৰ প্ৰাণীৰ পৰা পৃথক হয় তেতিয়াহে,আত্মস্বাৰ্থৰ উপৰিও নিস্বাৰ্থ সপোন যেতিয়াৰ পৰা দেখিবলৈ আৰম্ভ কৰে।[৫]
  7. প্ৰচুৰ ধন-সম্পত্তিৰ গৰাকী জনেও জ্ঞানৰ চহকীৰ ওচৰত হীনমন্য়তাত ভোগে।[৫]
  8. মানুহ সদায় শীতৰ নৈখনৰ দৰে হোৱা উচিত। শক্তি প্ৰদৰ্শন য'তে-ত'তে কৰিলে শোভা নাপায়। [৫]
  9. জীৱিত অৱস্থাতো মানুহে মৃত্য়ুৰ মুখা মুখি বহুবাৰ হ'ব লগা হয়।এই মৃত্য়ু কায়িক নহয়,মানসিক। মনক আক্ৰমণ কৰি,হৃদয় চুৰমাৰ কৰি মৃত্য়ু ঘটাব খোজা এই মুহুৰ্তবোৰ জয় কৰি মানুহে মৃত্য়ুৰ পৰা অমৃতৰ সন্ধান পায়। এই মৃত্য়ুসম শিক্ষাই অমৃত।[৫]
  10. মাটি-পানী-বায়ুয়েই মানুহৰ শেষ আশ্ৰয়।মাটি,পানী,বায়ুৰ জাত নাই,ধৰ্ম নাই। [৫]
  11. প্ৰেম মানুহৰ প্ৰথম আৰু শেষ অঞ্জলি।কেঁচুৱা জন্ম হওঁতে পৃথিৱীলৈ স্বাগতম জনোৱা হয় প্ৰেমেৰে,পৃথিৱীৰ পৰা বিদায় দিয়া হয় প্ৰেমেৰে।হৃদয়ত প্ৰেম থকালৈকে পৃথিৱীত একো বস্তুৰে অভাৱ নহয়।[৫]
  12. মানুহৰ মন চৰাইৰ দৰে,খন্তেকৰ বাবে উৰণীয়া,উদণ্ড হ'লেও সন্ধিয়া নিজৰ বাহলৈ ঘুৰি আহে। হাজাৰ ভুল-ভ্ৰান্তি কৰিলেও মনৰ শেষ আশ্ৰয় অনুতাপ। অনুতাপ আৰু উপলব্ধিৰ বাহলৈকে মন ঘুৰি আহে। এই বাহটোৱেই মানুহৰ শেষ আশ্ৰয়। [৫]
  13. গণতন্ত্ৰ অমৃত সমান। কিন্তু অমৃত পান দেৱতাইহে কৰিব পাৰে। মনুষ্য় আৰু অসুৰে নোৱাৰে। মনুষ্য় আৰু অসুৰৰ হাতত অমৃত পাত্ৰ দিলে,বিষফল ভোগ কৰিবই লাগিব।[৫]
  14. নাৰীৰ ইচ্ছা আকাংক্ষা পুৰুষতকৈ কম নহয়। পুৰুষৰ ইচ্ছাক সমাজে যিমান গুৰুত্ব দিছে, নাৰীক সিমানেই বঞ্চিত কৰিছে,পাৰ্থক্য় ইমানেই। [৫]
  15. অপৰাধীয়ে অপৰাধ নাপাহৰে। নিৰপৰাধীৰ মন সদায় নিৰ্মল।পদুম ফুল বোকাত ফুলিলেও জানো গাত বোকা লাগে?[৫]
  16. ঘৰতে যদি সাহস থাকে,মানুহে পৃথিৱীৰ সকলো প্ৰত্য়াহ্বান ল'ব পাৰে। [৫]
  17. প্ৰেমে সকলো সময়তে ইজনে সিজনলৈ চাই থকাকে নুবুজায়,প্ৰেমে একেলগে সন্মুখলৈ,একে লক্ষ্য়লৈ চাই আগুৱাই যায়।[৫]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ নীল প্ৰজাপতি; প্ৰথম প্ৰকাশ: জানুৱাৰী ২০১৩
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ ২.৬ জলছবি; প্ৰথম প্ৰকাশ: ২০১৪
  3. ৩.০ ৩.১ অনুৰাধা শৰ্মা পূজাৰী (২০১৮)। ইয়াত এখন অৰণ্য আছিল। বনলতা।
  4. শৰ্মাপূজাৰী, অনুৰাধা (২৪ ফেব্ৰুৱাৰী ২০২৪). "কৃষকে কৃষকৰ বন্ধু". অসমীয়া প্ৰতিদিন: ১২. 
  5. ৫.০০ ৫.০১ ৫.০২ ৫.০৩ ৫.০৪ ৫.০৫ ৫.০৬ ৫.০৭ ৫.০৮ ৫.০৯ ৫.১০ ৫.১১ ৫.১২ ৫.১৩ ৫.১৪ ৫.১৫ ৫.১৬ অনুৰাধা শৰ্মা পূজাৰী (দ্বিতীয় প্ৰকাশ,ডিচেম্বৰ, ২০০৪)। ব'ৰাগী নদীৰ ঘাট। অনন্ত হাজৰিকা,বনলতা,পাণবজাৰ,গুৱাহাটী-১।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]