ৰবিন ৱাল কিমাৰাৰ
অৱয়ব
ৰবিন ৱাল কিমাৰাৰ (ইংৰাজী: Robin Wall Kimmerer; জন্ম ১৯৫৩) এগৰাকী আমেৰিকান পৰিৱেশবিদ আৰু বন্যজীৱবিজ্ঞানৰ বিশিষ্ট অধ্যাপক তথা পৰিৱেশ, মাতৃভাষা আৰু খিলঞ্জীয়া জাতি সম্পৰ্কীয় কেইবাখনো গ্ৰন্থৰ লেখক।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- এখন ঠায়ে, তাৰ মাটিয়ে আপোনাক চিনি পায়, আনকি আপুনি নিজেই হেৰাই যোৱা যেন ভাৱ হোৱা সময়তো সেই ঠায়ে আপোনাক চিনি পাব। [১]
- জীৱনৰ হৈ কামে ৰূপান্তৰ ঘটায়। আত্মা আৰু জগতৰ মাজৰ সম্পৰ্ক পাৰস্পৰিক হোৱাৰ বাবে প্ৰথমে জ্ঞান লাভ বা ৰক্ষা পোৱা আৰু তাৰ পিছত কাম কৰাৰ প্ৰশ্ন নহয়। আমি পৃথিৱীখনক সুস্থ কৰিবলৈ কাম কৰাৰ লগে লগে পৃথিৱীয়ে আমাক সুস্থ কৰে।[১]
- আপুনি পৃথিৱীখনক ভাল পায় -সেই অনুভৱটোৱে আপোনাক সলনি কৰে। এই পৃথিৱীক ৰক্ষা আৰু উদযাপন কৰিবলৈ আপোনাক অনুপ্ৰেৰণা দিয়ে। কিন্তু যেতিয়া আপুনি অনুভৱ কৰে যে পৃথিৱীয়ে আপোনাকো ভাল পায়, তেতিয়া সেই অনুভৱে সম্পৰ্কটোক একমুখী পথৰ পৰা পবিত্ৰ বন্ধনলৈ ৰূপান্তৰিত কৰে।[১]
- সঁচাকৈয়ে এই কাৰণেই মই মোৰ ছোৱালীকেইজনীক বাৰী পাতিবলৈ শিকালোঁ—যাতে মই এই পৃথিৱী এৰি গ'লেও সদায়ে সিহঁতক ভালপোৱা এগৰাকী মাক থাকে।[১]
- ঠাই এখন ভালপোৱাটোৱেই যথেষ্ট নহয়। আমি আমাৰ প্ৰিয় ঠাইখনক সুস্থ কৰাৰো উপায় বিচাৰি উলিয়াব লাগিব।[১]
- আমি পুনৰুদ্ধাৰৰ বাবে পদক্ষেপ লোৱাৰ দৰকাৰ।কিন্তু সেয়া কেৱল প্ৰদূষিত পানী আৰু মাটিৰ পুনৰুদ্ধাৰৰ বাবেই নহয়, প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্কৰ পুনৰুদ্ধাৰৰ বাবেও চেষ্টা কৰাৰ প্ৰয়োজন। আমি আমাৰ জীৱন-যাপনৰ ধৰণলৈ মৰ্যদা ঘূৰাই আনিব লাগিব, যাতে আমি যেতিয়া পৃথিৱীত খোজ দিওঁ তেতিয়া লাজতে চকু আঁতৰাই ৰাখিব নালাগে, যাতে আমি মূৰ তুলি খোজ দিব পাৰোঁ আৰু এই পৃথিৱীৰ যিকোনো জীৱৰ সন্মান আৰু স্বীকৃতি গ্ৰহণ কৰিব পাৰোঁ।[১]
- আমাৰ চাৰিওদিশৰ প্ৰকৃতিৰ প্ৰতি মনোযোগ দিয়াটো জীৱিত জগতখনৰ সৈতে এক প্ৰকাৰৰ পাৰস্পৰিকতা আৰু মুক্ত চকু আৰু হৃদয়েৰে প্ৰকৃতিৰ সকলো উপহাৰ গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া।[১]
- প্ৰকৃতিয়ে আমাক প্ৰতিদিনে উপহাৰেৰে উপচাই দিয়ে। কিন্তু সেইবোৰ আমি ৰাখি থোৱাৰ বাবে নহয়। প্ৰকৃতিৰ উপহাৰবোৰৰ গতিয়েই জীৱনৰ বিধি। আমাৰ কাম আৰু আনন্দ হ’ল উপহাৰটো আগবঢ়াই দিয়া । লগতে আমি বিশ্বাস কৰাৰ দৰকাৰ যে আমি বিশ্বব্ৰহ্মাণ্ডলৈ যিখিনি উলিয়াই দিওঁ সেয়া সদায় আমালৈকে ঘূৰি আহিব।[১]
- পৃথিৱীৰ সকলো বস্তু যদি পণ্য হয়, তেন্তে আমি বৰ দুখীয়া হৈ পৰো। কিন্তু যেতিয়া এই পৃথিৱী এক গতিশীল উপহাৰ হয়, তেনে আমি প্ৰত্যেকেই ঐশ্বৰ্য্যশালী হৈ পৰোঁ।[১]
- আমাৰ বয়োজ্যেষ্ঠসকলে কয় যে পৰম্পৰাগত অনুষ্ঠানবোৰ হৈছে আমি 'মনত ৰাখিবলৈ মনত ৰখা'ৰ মাধ্যম।[২]
- প্ৰতিটো নাম হৈছে মানুহৰ সম্পৰ্ক গঢ়াৰ এক মাধ্যম- ইজনে সিজনৰ লগত আৰু জীৱিত জগতখনৰ সৈতে।[২]