সমললৈ যাওক

ইয়াত এখন অৰণ্য আছিল (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা
(ইয়াত এখন অৰণ্য আছিলৰ পৰা পুনঃনিৰ্দেশিত)

ইয়াত এখন অৰণ্য আছিল অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। ২০১৮ চনত প্ৰকাশিত এই উপন্যাসখনে ২০২১ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়।

  • কিছুমান চৰাইক কিয় ইমান ওপৰলৈ উৰিবলৈ লাগে! জনাথন লিভিং ষ্টনৰ দৰে সূৰ্য চুব পৰাকৈ উৰাৰ হাবিয়াস কিয় জাগে! আনতকৈ ভিন্ন হোৱাৰ আকাংক্ষাই যদি সফলতা আনে, এই সফলতাই কিয় ডেউকা পুৰি যন্ত্ৰণা দিয়ে![১]
  • মহাসাগৰবোৰ আছে বুলি পুখুৰীয়েতো কোনোদিন চকুপানী টুকি থকা নাই মই কিয় সৰু বুলি।[১]
  • সময় বিষয়টো মনৰ সৈতে জড়িত। একো কাম নাথাকিলে সময় এক বন্ধ পানীৰ ডোবা। অজস্ৰ কাম থাকিলে সময় জলপ্ৰপাত, দুখৰ সময় নাযায়-নুপুৱায়, সুখৰ সময় এটা ফৰ্মূটিৰ দৰে, আহিল আৰু গ’ল।[২]
  • এই যে মন্দিৰ-মছজিদ সাজি মানুহে মাটি দখল কৰিছে— তেওঁলোক জানো প্ৰকৃততে ধাৰ্মিক? ধৰ্মই জানো আনৰ অধিকাৰ গ্ৰাস কৰিবলৈ শিকায়?[২]
  • এটাই মাত্ৰ সূৰ্য আকাশত, অথচ আমাৰ হেঁপাহ আৰু আকাঙক্ষাবোৰ কিমান পৃথক! সূৰুযৰ ৰেঙণি এস্কিম’ৰ বাবে একান্ত হেঁপাহ, অথচ মৰুভূৰ বেদুইনৰ বাবে সন্ত্ৰাস৷ তথাপি মেৰু এৰি গুচি অহা নাই এস্কিম’ই, মৰুভূ এৰা নাই বেদুইনে৷ সূৰ্য নোপোৱা মানুহ আৰু সূৰ্যক বেছিকৈ পোৱা মানুহ-- কোনেও সূৰুযক লৈ আপত্তি কৰা নাই বাবেই চলি আছে জীৱন৷[৩]
  • আচলতে ৰ’দ আৰু ধুমুহাৰ বৰ্ম পিন্ধা নাৰীবোৰ একোজনী পাৰ চৰাইৰ দৰে কোমল; পানীপিয়া চৰাইজনীৰ বৰষুণলৈ হোৱা অপেক্ষাৰ দৰে মৰম আকলুৱা-- এইকথা প্ৰথমে ঘৰখনে, তাৰপাছত সমাজখনে পাহৰি পেলায়৷ কেতিয়াবা স্বামীয়ে, কেতিয়াবা সন্তানে পাহৰে৷[৩]
  • পাহাৰৰ অবৈধ খনন, অবৈধ দখলক লৈ সৰৱ হওঁ৷ আকৌ যেতিয়া অবৈধ দখলদাৰীক উচ্ছেদ কৰিবলৈ প্ৰশাসন আগবাঢ়ে, আমি পুনৰ সৰৱ হওঁ-এইবাৰ প্ৰশাসনৰ বিৰুদ্ধে৷ পাহাৰৰ দুখীয়া-নিছলা মানুহৰ অবৈধ দখল, অবৈধ সা-সুবিধাক সুৰক্ষা দি হুংকাৰ দিওঁ প্ৰশাসনক৷ এয়াই ভাৰতবৰ্ষৰ সংবাদ ক্ষেত্ৰৰ চৰিত্ৰ৷ চৰকাৰ-প্ৰশাসন আৰু সংবাদ মাধ্যমৰ সম্পৰ্ক ’শত্ৰুৰ সৈতে একেখন বিছনাতে নৈশ সহবাসৰ দৰে’৷ প্ৰেম আৰু বিবাদৰ বৈপৰীত্যৰ সহবাস, সাধাৰণ মানুহে বুজি নোপোৱাটোৱেই স্বাভাৱিক৷[৩]
  • এনে লাগে যেন জীৱনটো প্ৰকৃততে এডাল সৰলৰেখা৷ আমি খোজ কাঢ়িব নাজানি বেঁকা-টেৰা কৰিছোঁ৷[৩]
  • যুতিৰ ঘৰত উঁইপোকে ধৰিছে৷ ঘৰ মানুহৰ হৃদয়ত জন্ম হয়৷ মাধুৰীৰ ঘৰ উচ্ছেদ হ’লেও হৃদয় ঘৰ ভাগি নাযায়, কিন্তু যুতিৰ ঘৰখনৰ ক্ষয় যিদৰে আৰম্ভ কৰিছে, ৰক্ষা পোৱাটো টান৷[৩]
  • অৰণ্যৰ সৈতে থকা মানুহ আৰু অৰণ্য ধ্বংসৰে ব্যৱসায় কৰা মানুহ, দুয়োবিধ সুকীয়া মানুহ৷ [৩]
  • অকণমান আশ্ৰয়স্থল বিচাৰি সাপ, বেং, চৰাই, মানুহ এইদৰেই অকালতে নিশ্চিহ্ন হৈছে পৃথিৱীৰ পৰ নীৰৱে৷ এই মৃত্যুবোৰ বতাহে উৰাই নিয়া সৰাপাতৰ দৰে মূল্যহীন৷[৩]
  • প্ৰকৃতি আৰু মানুহৰ আশ্ৰয়ৰ যুদ্ধ এখন অতি নীৰৱে কিন্তু ভয়ংকৰভাবে অহৰহ চলি আছে৷ এই যুদ্ধৰ আঘাত সুদূৰপ্ৰসাৰী৷ [৩]
  • জনসংখ্যা বৃদ্ধিৰ লগে লগে পাহাৰ আৰু অৰণ্য ধ্বংস হ’বই হ’ব৷ বাচি থকা জলাহ পুতি বহুতল ঘৰ হ’ব, উদ্যোগ হ’ব৷ আমাৰ ৰাজ্যখনত চৰকাৰী পঞ্জীয়নভূক্ত বিল আছে চাৰিশ ত্ৰিশখন৷ বহুবছৰ ধৰি এইবোৰ নতুনকৈ পঞ্জীয়ন হোৱা নাই৷ বেছিভাগেই সেইবাবে অধিকাৰো হ’ল৷ এই জলাহবোৰত বনৌষধি উদ্ভিদেৰে ভৰপূৰ৷ এই উদ্ভিদবোৰৰ অক্সিজেন বায়ুত এৰাৰ ক্ষমতা বেছি৷ পানীৰ উদ্ভিদবোৰে পানীৰ প্ৰদূষণো ৰোধ কৰে৷ সৰুতে আমি পুখুৰীৰ পানীকে খাইছিলোঁ৷ পেটৰ অসুখ হোৱাৰ কথা দেখোন মনত নপৰে। পুখুৰীত সৰুপুনি, বৰপুনিৰে ঢাক খাই সেউজীয়া হৈ থাকে৷ এই জলাহবোৰেই থলুৱা মাছ-কাছ, পৰিভ্ৰমী চৰাই, কেঁচু, কুমতি, সাপ, বেং আদিৰ ভাৰসা৷ লাহে লাহে বন ধ্বংসৰ দৰে জলাহভূমিও ধ্বংস হ’ল৷ আমাক ৰে’ল লাইন লাগে, উদ্যোগ লাগে৷ সভ্যতাৰ বিকাশ হ’বই লাগিব৷ কিন্তু প্ৰকৃতিক জানো ক্ষতিপূৰণ দিব পাৰিছোঁ![৩]
  • বনক ভাল পাবলৈ মনৰ প্ৰয়োজন৷ বন ভালপোৱা মন বিয়াগোম বন বিভাগত এপাচি শাকত এটা জালুক৷[৩]
  • সাংবাদিক সৈনিকৰ দৰে হ’ব লাগে। ন’ ইম’শ্যন, ন’ ৰিগ্ৰেট, অনলী নিউজ— ট্ৰুথফুল নিউজ। সৈনিকে যুদ্ধক্ষেত্ৰত আবেগবৰ্জিতভাৱে যিদৰে যুদ্ধ কৰে। আবেগ মাত্ৰ এটাই— সেই সময়ত দায়িত্ব ভালদৰে পালন কৰা। সাংবাদিক হ’ব লাগে আবেগবৰ্জিত। বাতৰি পৰিৱেশনৰ সত্যতা আৰু দায়িত্বই মূল কথা।[৩]
  1. ১.০ ১.১ পৃষ্ঠা ১০
  2. ২.০ ২.১ অনুৰাধা শৰ্মা পূজাৰীৰ উক্তি: ‘ইয়াত এখন অৰণ্য আছিল’ৰ বাছকবনীয়া উদ্ধৃতি. প্ৰকাশক: নীলা চৰাই (ই-আলোচনী) (৮ জানুৱাৰী ২০২২). আহৰণ কৰা হৈছে: 4 ফেব্ৰুৱাৰী 2022.
  3. ৩.০০ ৩.০১ ৩.০২ ৩.০৩ ৩.০৪ ৩.০৫ ৩.০৬ ৩.০৭ ৩.০৮ ৩.০৯ ৩.১০ অনুৰাধা শৰ্মাপূজাৰী (২০১৮)। ইয়াত এখন অৰণ্য আছিল। অনন্ত হাজৰিকা, বনলতা, পৃষ্ঠা:১০,১২, ১৭, ২৮, ৩৭, ৫৩, ৭০, ৭০, ১৫৬, ১৭১,।