এ মিৎসনাৰ

ৱিকিউদ্ধৃতিৰ পৰা
১৯৯১ চনত জেমছ এলবাৰ্ট মিৎসনাৰ

জেমছ এ মিৎসনাৰ (ইংৰাজী: James A. Michener ৩ ফেব্ৰুৱাৰী, ১৯০৭ – ১৬ অক্টোবৰ, ১৯৯৭) এগৰাকী আমেৰিকান সাহিত্যিক। তেওঁ ৪০খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰিছিল। ইয়াৰ বেছিভাগেই আছিল বিশেষ ভৌগোলিক স্থানত বহু প্ৰজন্মৰ জীৱন সামৰি লোৱা আৰু বিশদ ইতিহাস সন্নিৱিষ্ট কৰা দীঘলীয়া, কাল্পনিক পাৰিবাৰিক কাহিনী। তেওঁৰ বহু ৰচনা বেষ্টচেলাৰ আছিল আৰু বুক অৱ দ্য মান্থ ক্লাবে বাছি লৈছিল। তেওঁৰ গ্ৰন্থসমূহত প্ৰকাশিত হোৱা নিখুঁত গৱেষণাৰ বাবে তেওঁ জনাজাত আছিল।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. আমাৰ আত্মীয়-স্বজনবোৰ ঈশ্বৰৰ দান; ঈশ্বৰক ধন্যবাদ যে আমি আমাৰ বন্ধুবোৰ নিজেই বাছি ল'ব পাৰোঁ।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী, ২০২১