হেৰাক্লিটাছ
অৱয়ব

হেৰাক্লিটাছ (ইংৰাজী: Heraclitus; জন্ম: প্ৰায় ৫৩৫ খ্ৰীষ্টপূৰ্ব – মৃত্যু: ৪৭৫ খ্ৰীষ্টপূৰ্ব) প্ৰাচীন গ্ৰীক দাৰ্শনিক তেওঁ ইফিচৰ চহৰত বাস কৰিছিল৷ এইখন চহৰ এসময়ত পাৰ্চী সাম্ৰাজ্যৰ অংশ আছিল৷ হেৰাক্লিটাছৰ জীৱনৰ বিষয়ে বহুত কমেইহে জনা যায়। তেওঁ মাত্ৰ এখন গ্ৰন্থ লিখিছিল, যাৰ মাত্ৰ কেইটামান খণ্ডহে পোৱা যায়। তেওঁৰ বিষয়ে প্ৰায়বোৰ প্ৰাচীন কাহিনী পিছলৈ সংৰক্ষিত খণ্ডবোৰৰ ব্যাখ্যাৰ ভিত্তিত নিৰ্মাণ কৰা বুলি কোৱা হয়। তেওঁ নিঃসংগতা ৰোগৰ বলি হৈছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ভাগ্য বুলি বেলেগ এটা বস্তু নাই; মানুহৰ চৰিত্ৰই মানুহৰ নিয়তি।[১][২]
- সকলো সত্তা গতিশীল আৰু একোৱেই স্থিৰ হৈ নাথাকে৷[উৎসৰ প্ৰয়োজন]
- একেখন নদীত দুবাৰ খোজ ভৰি থোৱা নহয়৷ [৩]
- কালিৰ মানুহ আজিৰ মানুহ নহয়, এওঁলোক কাইলৈৰ মানুহ হৈ নুঠিব৷[৪]
- কোনো মানুহে কেতিয়াও একেখন নদীত দুবাৰ ভৰি নিদিয়ে, কাৰণ সেইখন একেখন নদী নহয় আৰু তেওঁ একেজন মানুহ নহয়।[৫]
- ডাঙৰ ফলাফলৰ বাবে ডাঙৰ উচ্চাকাংক্ষাৰ প্ৰয়োজন।[৫]
- বহু জ্ঞানে মানুহক বুজাবুজিৰ শিক্ষা নিদিয়ে।[৫]
- যদি আপুনি অপ্ৰত্যাশিত কথা আশা নকৰে তেন্তে আপুনি সেইটো বিচাৰি নাপাব, কাৰণ ইয়াক সন্ধান বা কোনো নিৰ্দিষ্ট পথৰ দ্বাৰা পোৱা নাযায়। [৫]
- পৰিৱৰ্তনৰ বাহিৰে একোৱেই স্থায়ী নহয়।[৫]
- ভাল চৰিত্ৰ এসপ্তাহ বা এমাহত গঠন নহয়। ই অলপ অলপকৈ, দিনক দিনে সৃষ্টি হয়। ভাল চৰিত্ৰ গঢ়ি তুলিবলৈ দীৰ্ঘদিনীয়া আৰু ধৈৰ্য্যশীল প্ৰচেষ্টাৰ প্ৰয়োজন।[৫]
- সূৰ্য্যটো প্ৰতিদিনে নতুন।[৫]
- চৰিত্ৰ হৈছে ভাগ্য।[৫]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ নিয়মীয়া বাৰ্তা, ৩১ জুলাই, ২০২১
- ↑ হেৰাক্লিটাছ. "দিনটোৰ বাণী", পৃষ্ঠা. ১. আহৰণ কৰা হৈছে ২৬ ফেব্ৰুৱাৰী ২০২৩.
- ↑ হেৰাক্লিটাস. আহৰণ কৰা হৈছে: 18 ফেব্ৰুৱাৰী 2024.
- ↑ হেৰাক্লিটাছ. আহৰণ কৰা হৈছে: 18 ফেব্ৰুৱাৰী 2024.
- ↑ ৫.০ ৫.১ ৫.২ ৫.৩ ৫.৪ ৫.৫ ৫.৬ ৫.৭ Heraclitus Quotes. আহৰণ কৰা হৈছে: 24 এপ্ৰিল 2026.
