সমললৈ যাওক

বেটুপাত

ৱিকিউদ্ধৃতিৰ পৰা
ৱিকিউদ্ধৃতিলৈ স্বাগতম!
যিকোনো লোকে সম্পাদনা কৰিব পৰা উদ্ধৃতিৰ বিনামূলীয়া সংকলন।
অসমীয়া ৱিকিউদ্ধৃতিত বৰ্তমান ১,৩২৬ টা লেখা আছে।

আজিৰ উদ্ধৃতি

“জীৱনত সুখী হোৱাৰ আৰু সফল হোৱাৰ একমাত্ৰ উপায় হ'ল কিবা এটা লক্ষ্য ঠিক কৰি লৈ সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰা। লক্ষ্যত উপনীত হ'ব নোৱাৰিলেও কোনো ক্ষতি নাই। কিবা এটা উদ্দেশ্য আগত ৰাখি কৰা কঠোৰ পৰিশ্ৰমেই জীৱনটো অৰ্থ-পূৰ্ণ কৰি তুলিব আৰু চৰিত্ৰক গঢ় দিব।”
~ হোমেন বৰগোহাঞি ~

আজিৰ উদ্ধৃতি যোগ কৰক

ৱিকিউদ্ধৃতি কি?

ৱিকিউদ্ধৃতি হৈছে অসমীয়া ভাষাৰ বিভিন্ন উদ্ধৃতিৰ এক অনলাইন সংকলন। ইয়াত যিকোনো ব্যৱহাৰকাৰীয়ে নতুন উদ্ধৃতি সন্নিবিষ্ট কৰিব পাৰে, অথবা আগৰে পৰা থকা উদ্ধৃতিত যদি ভুল থাকে সেয়া শুদ্ধ কৰিব পাৰে।

ৱিকিউদ্ধৃতিৰ অৱদানকাৰীসকললৈ সাদৰেৰে অনুৰোধ জনোৱা হ’ল যাতে তেওঁলোকে অসমীয়া ভাষাৰ প্ৰচলিত বানান পদ্ধতি মানি চলে। আপুনি যিকোনো এটা পৃষ্ঠা কেনেকৈ সম্পাদনা কৰিব পাৰি তাক শিকিবলৈ সহায় পৃষ্ঠাটো দৰ্শন কৰিব পাৰে নাইবা আপোনাৰ পৰীক্ষাগাৰত পৰীক্ষা কৰিব পাৰে; বা ৱিকিউদ্ধৃতিত অৱদান আগবঢ়াবলৈ প্ৰৱেশ কৰিব পাৰে।

ইতিহাস

ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প ৱিকিউদ্ধৃতিৰ আৰম্ভণি হৈছিল ২০০৩ চনৰ ২৭ জুনত। ইয়াক মূলতঃ ৱোল্ফ ৱিকিত অস্থায়ীভাৱে স্থাপিত কৰা হৈছিল, কিন্তু ১০ জুলাইত ইয়াক ৱিকিপিডিয়া ছাৰ্ভাৰলৈ স্থানান্তৰিত কৰা হয়।

মাহটোৰ শেষলৈ অৰ্থাৎ ২০০৩ চনৰ ৩১ জুলাইত ৱিকিউদ্ধৃতিত থকা প্ৰৱিষ্টিৰ সংখ্যা আছিল ১৭২ টা, স্বয়ংনিশ্চিত ৱিকিউদ্ধৃতিয়ান আছিল ১০ গৰাকী আৰু পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী আছিল ৪৮ জন।

এমাহৰ পিছত, ২০০৩ চনৰ ৩১ আগষ্টত ইয়াৰ সংখ্যা বাঢ়ি যথাক্ৰমে ৩৩৯ টা পৃষ্ঠা, ১৮ জন স্বয়ংনিশ্চিত ৱিকিউদ্ধৃতিয়ান আৰু ১০৫ জন পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী হয়গৈ। ২০০৪ চনৰ ১ আগষ্টত ইয়াত ৩০০-ৰো অধিক পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী হোৱাৰ লগতে ২৭ জন স্বয়ংনিশ্চিত ৱিকিউদ্ধৃতিয়ান আছিল।

অসমীয়া ৱিকিউদ্ধৃতিয়ে ২০২৩ চনৰ ৪ জানুৱাৰীত নিজাকৈ ড'মেইন লাভ কৰে।

ৱিকিউদ্ধৃতিৰ ভগ্নী প্ৰকল্পসমূহ
অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: