মহাত্মা গান্ধী
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক

মহাত্মা গান্ধী বা মোহনদাস কৰমচান্দ গান্ধী (গুজৰাটী: મોહનદાસ કરમચંદ ગાંધી; ইংৰাজী: Mohandas Karamchand Gandhi; ২ অক্টোবৰ, ১৮৬৯ – ৩০ জানুৱাৰী, ১৯৪৮) ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা এজন মুখ্য পথপ্ৰদৰ্শক নেতা আছিল। অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথপ্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ ভাৰতে স্বাধীনতা লাভ কৰে। তেখেতৰ অহিংস নীতিৰ এই পন্থাৰ আধাৰত পৰৱৰ্তীকালত পৃথিৱীৰ বিভিন্ন স্থানত বিভিন্ন গণ-অধিকাৰ আন্দোলনৰ জন্ম হয়। তেখেতক সাধাৰণতে মহাত্মা (ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰদান কৰা সন্মানসূচক 'মহান আত্মা') নামেৰেও জনা যায়। ভাৰতীয় সকলে তেখেতক জাতিৰ পিতাৰ মৰ্য্যদা দিয়ে আৰু সেয়ে বাপু বুলি সম্বোধন কৰে। তেখেতৰ জন্মদিন ২ অক্টোবৰ দিনটো ভাৰতত গান্ধী জয়ন্তী আৰু বিশ্বজুৰি আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হয়।
উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]
- অহিংসাই পৰম ধৰ্ম৷
- যি স্বাধীনতাই ভুল কৰিবলৈ অনুমতি নিদিয়ে, সেই স্বাধীনতা অৰ্থহীন৷
- নভবা নিচিন্তাকৈ কোনো প্ৰতিশ্ৰুতি নিদিবা৷ এবাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত জীৱন দি হ’লেও পালন কৰিবা৷
- লোকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোকৈ বুদ্ধিমানৰ কাম৷[১]
- চকুৰে নেদেখাজনক অন্ধ বুলিব নােৱাৰি, নিজৰ দোষ ত্ৰুটিবােৰ লুকুৱাই ৰখাজনহে প্ৰকৃতাৰ্থত অন্ধ।
- আদর্শহীন মানুহ গুৰিবঠা নােহােৱা নাৱৰ দৰে।
- মানুহৰ সেৱাৰ মাজেদিহে মই ঈশ্বৰক লগ পাবলৈ বিচাৰোঁ। কাৰণ ঈশ্বৰ স্বৰ্গতো নাই, পাতালতো নাই, আছে মাথোঁ আমাৰ প্ৰত্যেকৰে অন্তৰত।[২]
- প্রেমবিহীন জীৱন শলিতা নােহােৱা চাকিৰ দৰে।
- প্ৰতিশোধতকৈ ক্ষমাহে মনুষ্যত্বৰ চিনাকি৷
- জীৱনটো এটা অন্তহীন পৰীক্ষাৰ লানি।
- চৰিত্ৰৰ অবিহনে শিক্ষাৰ মূল্যই বা ক'ত? চৰিত্ৰ হৈছে মাত্ৰ প্ৰাথমিক ব্যক্তিগত পবিত্ৰতা।
- মানুহে বিশ্বাসৰ যোগেদিয়েই পৰ্বত বগাব পাৰে।
- যদি সৰ্বশ্ৰেষ্ঠ ভগৱানৰ ওপৰত আমাৰ বিশ্বাস নাথাকে, তেন্তে আমি সকলো আশা হেৰুৱাই পেলাম।
- নিজে যিটো কৰিব নোৱাৰা, আনকো সেইটো কৰিবলৈ নক’বা৷[২]
- সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে। কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে।
- যেতিয়ালৈকে সকলোৰে মাজত ক্ষমতাৰ সম বিতৰণ নহয়, তেতিয়ালৈকে গণতন্ত্ৰ সম্ভৱ নহয়। গণতন্ত্ৰক উশৃংখল মানুহৰ হাতলৈ নিম্নগামী হ'বলৈ দিয়া উচিত নহয়।
- অসম এখন সুশোভন বননিৰ দেশ। এই দেশৰ কিছুমান নদীৰ সৌন্দৰ্য ইমানেই মোহনীয় যে পৃথিৱীৰ আন কোনো সৌন্দৰ্যই ইয়াক চেৰ পেলাব নোৱাৰে। টেমছ নদীৰ মোহনীয় ৰূপ মই দেখিছোঁ। কিন্তু প্ৰকৃতিয়ে অতি বিলাস-বহুলভাৱে সজাই তোলা যি নিজৰাৰ পাৰত বহি মই এই টোকাবোৰ লিখি আছো তাতকৈ ওখ খাপৰ সৌন্দৰ্য ক’ৰবাত দেখা মোৰ মনত নপৰে।[৩]
- ইতিবাচক চিন্তা কৰিব, কাৰণ আপোনাৰ চিন্তাবোৰ কথা হৈ পৰে। ইতিবাচক কথা ক’ব, কাৰণ আপোনাৰ কথাবোৰ আচৰণ হৈ পৰে। ইতিবাচক আচৰণ কৰিব, কিয়নো আপোনাৰ আচৰণবোৰ অভ্যাস হৈ পৰিব। অভ্যাসবোৰ ইতিবাচক কৰি ৰাখিব, কাৰণ আপোনাৰ অভ্যাসবোৰ মূল্যবোধ হৈ পৰে। মূল্যবোধ ইতিবাচক কৰি ৰাখিব, কিয়নো আপোনাৰ মূল্যবোধ আপোনাৰ ভাগ্য হৈ পৰিব।[৪]
- অসমে নিজস্বতা হেৰুৱাব নোৱাৰে৷ নিজস্বতা ৰক্ষাৰ বাবে অসমে আৱশ্যক হ’লে পৃথিৱীৰ বিপক্ষেও থিয় দিব লাগিব৷ নহ’লে ক’ব লাগিব অসমত মানুহ নাই৷[৫]
- খাবলৈ জীয়াই নাথাকিবা, জীয়াই থাকিবলৈহে খাবা৷
- যিজনে জীৱনত ত্যাগ কৰিব পাৰে, তেওঁহে জীৱন ভোগ কৰিব পাৰে।
- যি ধৰ্ম অৱলম্বন কৰি মই ৰামৰাজ্যৰ কল্পনা কৰিছোঁ, তাতোকৈও সুন্দৰ আৰ্হি শ্ৰীশঙ্কৰদেৱে অসমবাসীক দি গৈছে৷[৬]
- সাজ-পোছাকে মানুহক ভদ্ৰ কৰি নোতোলে৷ সৎ চিন্তা আৰু সৎ শিক্ষাৰ দ্বাৰাহে এজন প্ৰকৃত ভদ্ৰলোক হ’ব পাৰি৷
- সত্য আৰু শুদ্ধ ধৰ্মৰহে গতি আছে, ভুল ধাৰণাৰ গতি নাই৷
- সত্যৰ মুখামুখি হ’বলৈ ভয় নকৰিবা, সত্য সদায় ভয়ংকৰ৷ যি কাপুৰুষ তেওঁহে কেতিয়াও সত্যৰ মুখামুখি হ’বলৈ নোৱাৰে৷
- যাৰ আত্মসন্মান নাই তেওঁৰ নিজস্ব বুলি একোৱেই নাই।[৭]
- অসহনশীলতা, অশিষ্টতা আৰু ৰুক্ষতা হৈছে - সকলো সুস্থ সমাজৰ বাধা স্বৰূপ আৰু গণতান্ত্রিক আদৰ্শৰ পৰিপন্থী।[৭]
- অহিংসাই সুদীৰ্ঘ প্ৰেম। ইয়েই সৰ্বোচ্চ ন্যায় বিচাৰ। মানৱ জাতিৰ ত্ৰাণৰ ইয়েই অস্ত্ৰ।[৭]
- অহিংসাৰ ওপৰত ভিত্তি কৰিহে এখন বিশ্ব সমাজ অৰ্থাৎ এক বিশ্ব গঢ়ি তোলাটো সম্ভৱ।[৭]
- যাৰ অন্তৰ মলিন তেওঁ অস্পৃশ্য৷[২]
- জাবৰ সাৰিলে যেনেদৰে ঠাইডোখৰ পৰিষ্কাৰ হয়, তেনেকৈ ভুল স্বীকাৰ কৰিলে অন্তৰ আগতকৈয়ো শুদ্ধ হয়৷[২]
- শাসকে আমাক অসন্তুষ্ট কৰিলে আমি সহযোগ কৰিবলৈ এৰিব লাগে৷[২]
- আমি ভাৰতক স্বাধীন কৰিম, নহ’লে তাৰবাবে জীৱন আহুতি দিম৷ আমি আৰু কেতিয়াও সাদত্ব স্বীকাৰ নকৰোঁ৷ ই প্ৰতিজন দেশবাসীৰ পূণ্য প্ৰতিজ্ঞা হওক৷[৮]
- সাক্ষৰতা কেৱল মানুহৰ শিক্ষাত আগবঢ়াৰ উপায়, সাক্ষৰতা মানে শিক্ষা নহয়৷[৯]
উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ↑ নিয়মীয়া বাৰ্তা, ৪ আগষ্ট, ২০২১
- ↑ ২.০ ২.১ ২.২ ২.৩ ২.৪ ৰক্তাভ জ্যোতি বৰা (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ।
- ↑ ইয়ং ইণ্ডিয়া, ১৯২১
- ↑ নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰী, ২০২২
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ১৯, প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ
- ↑ শঙ্কৰদেৱ আৰু অংকীয়া নাট-ড° নগেন শইকীয়া: ভাওনা ঐতিহ্য আৰু বিস্তৃতি, সম্পা: কমল দত্ত, অসম ভাওনা সমাৰোহৰ স্মাৰক গ্ৰন্থ, ২০১৪
- ↑ ৭.০ ৭.১ ৭.২ ৭.৩ শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
- ↑ কলংপাৰ, অসমীয়া সাপ্তাহিক,২৫ জানুৱাৰী, ২০২৩
- ↑ কলংপাৰ, অসমীয়া সাপ্তাহিক,২৫ জানুৱাৰী, ২০২৩