ৱিকিউদ্ধৃতি:আজিৰ উদ্ধৃতি/জুন

ৱিকিউদ্ধৃতিৰ পৰা
মাহ অনুসৰি আজিৰ উদ্ধৃতি:
জানুৱাৰী - ফেব্ৰুৱাৰী - মাৰ্চ - এপ্ৰিল - মে’ - জুন - জুলাই - আগষ্ট - ছেপ্টেম্বৰ - অক্টোবৰ - নৱেম্বৰ - ডিচেম্বৰ
<< যোৱা মাহ — চলিত মাহ >>

আজি শুক্ৰবাৰ
২৯ মাৰ্চ, ২০২৪
সময়: ৯:১১ AM (IST)


মে’ << জুন: ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ >> জুলাই



২০২৩
“পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ আৰু সকলোতকৈ ধুনীয়া বস্তুবোৰ দেখা নাপায় বা স্পৰ্শ কৰিব নোৱাৰি। সেইবোৰ হৃদয়েৰে অনুভৱ কৰিব লাগিব।”
~ হেলেন কেলাৰ ~
 



২০২৩
“দুটা শক্তিয়ে সকলো ঠাইতে কাম কৰি থাকে৷ এটা হ’ল জীৱনটো উপভোগ কৰিবলৈ মানুহৰ সহজাত ইচ্ছা, আনটো হ’ল উপভোগত বাধা দিবলৈ পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ ইচ্ছা৷”
~ থমাছ হাৰ্ডি ~
 



২০২৩
“হতাশাক প্ৰশ্ৰয় নিদিবা৷ এবাৰ প্ৰশ্ৰয় দিলে ই তোমাৰ অভ্যাসৰ অংশ হৈ পৰিব৷”
~ ছিড্‌নি স্মিথ ~
 



২০২৩
“মই বিফল হোৱা নাই। মই মাত্ৰ ১০ হাজাৰ উপায় বিচাৰি পাইছোঁ; যিবোৰে কাম নকৰে।”
~ টমাছ আলভা এডিচন ~



২০২৩
“গ্ৰীষ্মৰ প্ৰখৰ ৰ’দ আৰু বায়ুমণ্ডলৰ প্ৰচণ্ড উত্তাপ কেৱল গছৰ শীতল ছাঁ আৰু বতাহে আঁতৰাব পাৰে৷”
~ যাদৱ পায়েং ~
 



২০২৩
“লোকৰ কথা মন দি শুনিবা, ভাল কিতাপ মন দি পঢ়িবা আৰু তাৰ অসাৰুৱা ভাগ বাদ দি সাৰুৱা ভাগ জুকিয়াই মনত থ’বা।”
~ কামত কৃতিত্ব লভিবৰ সংকেত, (লক্ষ্মীনাথ বেজবৰুৱা) ~



২০২৩
“বাস্তৱতে মানসিক, আধ্যাত্মিক, সামাজিক, ৰাজনৈতিক, ব্যক্তিগত এনে কোনো অভিজ্ঞতা নাই যি সাহিত্যৰ অন্তৰঙ্গ হোৱা নাই৷ সপোনৰ ছঁয়াময়া অভিজ্ঞতাৰও সাহিত্যৰ আকৰ্ষণ শক্তিৰ বশ হৈছে৷”
~ কৃষ্ণকান্ত সন্দিকৈ ~



২০২৩
“মানুহে যিমানখিনি সুখী হ’বলৈ মন বান্ধে, ঠিক সিমানখিনিয়েই তেওঁ সুখী হ’ব পাৰে।”
~ আব্ৰাহাম লিংকন ~
 

২০২৩
“মানুহে নিজৰ মনৰ ভিতৰত আন কোনো মানুহে নজনাকৈ যিটো গোপন জীৱন যাপন কৰে সেইটোৱেই হ’ল তেওঁৰ আচল জীৱন৷ সেই গোপন জীৱনটো যাপন কৰিহে তেওঁ জীয়াই থকাৰ প্ৰকৃত আনন্দ অনুভৱ কৰে৷”
~ মোৰ জীৱনত ঈশ্বৰ, (হোমেন বৰগোহাঞি) ~



২০২৩
“অতীতত ওলমি নাথাকিবা, ভৱিষ্যতৰ সপোনত নাথাকিবা। বৰ্তমানৰ মুহূৰ্তত মনটো কেন্দ্ৰীভূত কৰা।”
~ গৌতম বুদ্ধ ~
 



২০২৩
“যিয়ে কয় যে বাংলা ভাষাত বিজ্ঞান চৰ্চা কৰাটো সম্ভৱ নহয়, তেওঁ হয়তো বাংলা ভাষা নাজানে অথবা বিজ্ঞান তেওঁৰ বোধগম্য নহয়।”
~ সত্যেন্দ্ৰনাথ বসু ~
 



২০২৩
“জীৱনটো বহুত চুটি। গতিকে এই জীৱনত আপোনাক সন্মান, শলাগ আৰু মূল্য নিদিয়া মানুহৰ কাৰণে আপুনি সময় নষ্ট কৰাৰ অৰ্থ নাই।”
~ ৰয় টি বেনেট ~
 



২০২৩
“পৃথিৱীত মানৱী জনম সাৰ্থক হোৱা কামবোৰৰ এটা হ’ল তাৰ বাবে নিজে জনাখিনি আনক বিলাই দিয়া।”
~ মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ, মইনা গোস্বামী ~



২০২৩
“সাহিত্য বুলি বেলেগ কোনো বস্তু নাই৷ মানৱৰ সুখ-দুখ, হাঁহি-অশ্ৰু, আৱেগ-অনুভূতি য’ত সুন্দৰভাৱে মূৰ্ত হয় সেয়ে বিশ্বসাহিত্য৷”
~ মহেশ্বৰ নেওগ ~



২০২৩
“আমি মনত ৰাখিব লাগে যে সংখ্যালঘুসকলেও আমাৰ দেশত বাস কৰে আৰু তেওঁলোকৰ সুৰক্ষাৰ ব্যৱস্থা কৰাটো আমাৰ কৰ্তব্য। এই দেশখন সকলোৰে দেশ। ই যিকোনো ধৰ্ম বা জাতিৰ অন্তৰ্গত। আমি পাকিস্তানে অনুসৰণ কৰি থকা পথটো অনুসৰণ কৰিব নোৱাৰোঁ। আমি যত্ন ল’ব লাগিব যাতে আমাৰ ধৰ্মনিৰপেক্ষ উদ্দেশ্যবোৰ সুৰক্ষিত থাকে। ইয়াত প্ৰতিজন মুছলমান, প্ৰতিজন খ্ৰীষ্টান আৰু অন্যান্য সংখ্যালঘুৰ বিশ্বাস থাকিব লাগে যে তেওঁলোক সুৰক্ষিত আৰু ভাৰতীয় নাগৰিকৰ সমান অধিকাৰ আছে। যদি আমি এইটো উপলব্ধি কৰাত বিফল হওঁ, ই আমাৰ ঐতিহ্য আৰু দেশৰ বাবে এক গুৰুতৰ অপমান হ’ব।”
~ বল্লভভাই পেটেল ~
 



২০২৩
“অসমীয়া ভাষা আমাৰ মাতৃভাষা৷ মাতৃৰ নিচিনা বাবে মাতৃয়ে বেজাৰ পোৱা কাম কৰা সন্তানসকলৰ বাবে ই অতি অযুগুত৷”
~ আনন্দৰাম ঢেকিয়াল ফুকন ~



২০২৩
“মানুহে তোমাক নাজানে বুলি আক্ষেপ নকৰিবা৷ এনেভাৱে তুমি কাম কৰি যোৱা যাতে তুমি মানুহে জানিবৰ যোগ্য হোৱা৷”
~ কনফুচিয়াছ ~



২০২৩
“কেতিয়াবা আপুনি যদি কিবা এটা মূল্যৱান বস্তু ত্যাগ কৰে, আপুনি প্ৰকৃততে সেইটো হেৰুৱাই পেলোৱা নাই। আপুনি মাত্ৰ ইয়াক আন কাৰোবাৰ হাতলৈ যাব দিছে।”
~ দ্য ফাইভ পিপল ইউ মিট ইন হেভেন (২০০৩), (মিটচ্ এলবম) ~
 



২০২৩
“আমাৰ বহু অশান্তি আৰু সমস্যাৰ মূল কাৰণ হ’ল আমি নিজৰ কোঠালিত দিনটোৰ কিছুসময় নিৰলে আৰু নীৰৱে বহি থাকিব নোৱাৰোঁ।”
~ ব্লেইজ পাস্কেল ~
 



২০২৩
“মানুহৰ জীৱনটো এটা আৱেষ্টনীৰ মাজত ৰখা সুষমা ভৰা পদাৰ্থ নহয়৷ ই অনিৰ্দিষ্ট জীৱন্ত ব্যাপক জ্বলন্ত শিখা৷”
~ বিষ্ণু প্ৰসাদ ৰাভা ~
 



২০২৩
“काममय एवायं पुरुष इति
स यथाकामो भवति तत्क्रतुर्भवति
यत्क्रतुर्भवति तत्कर्म कुरुते
यत्कर्म कुरुते तदभिसम्पद्यते


(আপুনি সেইজনেই যাৰ গভীৰ ইচ্ছা আছে
যেনেকুৱা আপোনাৰ ইচ্ছা, তেনেকুৱা আপোনাৰ ইচ্ছাশক্তি
যেনেকুৱা আপোনাৰ ইচ্ছাশক্তি, তেনেকুৱা আপোনাৰ কৰ্ম
যেনেকুৱা আপোনাৰ কৰ্ম, তেনেকুৱায়ে আপোনাৰ ভাগ্য হয়।)”

~ বৃহদাৰণ্যক উপনিষদ, ৪.৪.৫ ~



২০২৩
“জীৱন মানেই সুখ আৰু দুখৰ সমষ্টি। দুখৰ কাৰণে দুখ কৰি লাভ নাই, কাৰণ দুখৰ অবিহনে সুখৰ ধাৰণা কৰা অসম্ভৱ।”
~ বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি, (হোমেন বৰগোহাঞি) ~

২০২৩
“যিসকল মানুহৰ হাতত থাকে প্ৰচুৰ সময়, তেওঁলোকে কাম কৰিবলৈ কাহানিও সময় নাপায়। অথচ যিসকল সদায় কামতেই ব্যস্ত হৈ থাকে তেওঁলোকৰ কিন্তু নতুন নতুন কাম কৰিবলৈ সময়ৰ অভাৱ নহয়।”
~ লৰ্ড চেষ্টাৰফিল্ড ~
 



২০২৩
“ভাল বন্ধু লাভৰ একমাত্ৰ উপায় হৈছে নিজে সেই ভাল বন্ধুজন হ’বলৈ চেষ্টা কৰা৷”
~ ৰাল্ফ ৱাল্ডো এমাৰছন ~

২০২৩
“প্ৰেমেই হৈছে একমাত্ৰ বস্তু যি সময় আৰু স্থানৰ উৰ্দ্ধলৈ গতি কৰে।”
~ ইণ্টাৰষ্টেলাৰ (চলচ্চিত্ৰ) ~

২০২৩
“সাহিত্য হৈছে চিন্তাশীলৰ চিন্তা।”
~ থমাছ কাৰ্লাইল ~
 



২০২৩
“নিজক ঘিণ কৰিবলৈ শিকিলে বহু ধাৰণা পোহৰলৈ আহি যায়। নিৰ্মোহ পৰিষ্কাৰ দৃষ্টিৰে আত্মাৱলোকন প্ৰক্ৰিয়াৰ বিধি মানুহে শিকি ল’ব লাগে। অন্ততঃ শান্তিৰে মৰিবৰ বাবে।”
~ লাম্‌বাদা নাচৰ শেষত, (মৌচুমী কন্দলী) ~

২০২৩
“এজোপা গছ সদায় গছ হয়; ঠিক তেনেকৈ এটা চৰাই বা এডোখৰ শিলো এটা চৰাই বা এডোখৰ শিলো হয়। সিহঁতে আন একো পৰিণতিৰ কথা চিন্তা নকৰে বা নিজৰ অস্তিত্বৰ উদ্দেশ্যৰ বিষয়েও প্ৰশ্ন নকৰে। একমাত্ৰ মানুহেহে অন্তহীনভাৱে নিজৰ অস্তিত্বৰ উদ্দেশ্য সম্পৰ্কে প্ৰশ্ন কৰি থাকে৷ এইটোৱেই হ’ল মানুহ হোৱাৰ গৌৰৱ বা যন্ত্ৰণা।”
~ মৰ্টিমাৰ এড্‌লাৰ ~
 



২০২৩
“মই ভাবোঁ যে দৰ্শনৰ উদ্দেশ্য উত্তৰ দিয়া নহয়। ইয়াৰ উদ্দেশ্য হ’ল এই কথা দেখোৱা যে আমি যি দৰে কোনো সমস্যাক চাওঁ, সেই কথাও সমস্যাৰেই অংগ হ’ব পাৰে।”
~ স্লেভয় জিজেক ~
 



২০২৩
“চিত্ৰকৰৰ আত্মা হ’ব লাগিব এখন আইনাৰ দৰে৷ তাৰ ওপৰত যি বস্তুৰেই প্ৰতিবিম্ব পৰিব, সি তাৰেই ৰং গ্ৰহণ কৰিব৷ দাপোণৰ সম্মুখলৈ যি বস্তুৱেই আহে, সিয়েই প্ৰতিবিম্বিত হৈ দাপোণৰ ভিতৰলৈ যায়৷ হে চিত্ৰকৰ, তুমি যদি প্ৰকৃতিৰ যিকোনো সৃষ্টিকে পুনৰ সৃজনৰ ক্ষমতা আৰু সাৰ্বজনীনতা আয়ত্ত কৰিব নোৱাৰা, তেন্তে জানিবা তুমি কোনোদিনেই সফল নোহোৱা৷ যদি প্ৰতিটো বস্তুকেই ভালকৈ চাই নোলোৱা বা তাৰ চিত্ৰ হৃদয়ত ধাৰণ নকৰা, তেন্তে এনে সৃষ্টিৰ কাম অসম্ভৱ৷”
~ লিঅ'নাৰ্ড' দা ভিন্সি ~