মৃণাল কলিতা
অৱয়ব
মৃণাল কলিতা হৈছে এগৰাকী অসমীয়া লেখক, অধ্যাপক। বকুল ফুলৰ দৰেকে ধৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰা কলিতা বৰ্তমান পাণ্ডু কলেজৰ গণিত বিভাগৰ সহযোগী অধ্যাপক।[১]
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]বকুল ফুলৰ দৰে
[সম্পাদনা কৰক | উৎস সম্পাদনা]- দুখৰ সাগৰত বুৰি যাব খুজিলেও, আন্ধাৰত হেৰাই যাব খুজিলেও কেতিয়াবা বুৰি যাব নোৱাৰি, হেৰাই যাব নোৱাৰি - নিৰ্মলহঁতৰ দৰে নিৰ্মল হৃদয়ৰ বন্ধুৱে, অনুভৱ মাষ্টৰৰ দৰে মানুহে পাৰত উঠাবলৈ, পোহৰলৈ আনিবলৈ হাত মেলি ৰৈ থাকে।[১]
- মাটিৰে কোনোবাই বল এটাও সাজিব নাজানে, আন কোনোবাই আকৌ তাৰপৰাই ধুনীয়া মূৰ্তি সজাই তোলে৷ গণিতৰ সূত্ৰ, সংজ্ঞা, উপপাদ্য জনাৰ পিছতো কোনোবাই এটা অংকও নিজাকৈ কৰিব নোৱাৰিব পাৰে, আন কোনোবাই আকৌ সেই একেখিনি সূত্ৰ, সংজ্ঞা, উপপাদ্য ব্যৱহাৰ কৰি অংকবোৰ নিজেই কৰি পেলাব পাৰে৷ ধুনীয়াকৈ৷[১]
- শাস্ত্ৰীয়ে চাই দিয়া শুভ দিনটোলৈ যদি এসপ্তাহ ৰ’ব লগা হয়! ভাল কামবোৰ যিটো দিনতেই আৰম্ভ কৰা হয়, সেই দিনটোৱেই শুভ৷[১]
- ষ্টেণ্ড কৰা নকৰাটো হয়তো ডাঙৰ কথা নহয়, ডাঙৰ কথা হ’ল, ইহঁত দুজনৰ সংগ্ৰাম আৰু উত্তৰণৰ কাহিনী৷ এজনে নিজৰ ঘৰৰ প্ৰতিকূল অৱস্থাৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে আৰু আনজনে নিজৰ শৰীৰত জন্মতে লৈ অহা ত্ৰুটিৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে৷ ডাঙৰ কথা হ’ল, সিহঁত বহুত চোকা ল’ৰাৰ দৰে স্বাৰ্থপৰ নহয়৷ সিহঁতৰ মনোবল যেনে তীব্ৰ, তেনেকৈ সিহঁত খুব স্পৰ্শকাতৰো৷[১]
- কিছুমান কথা চিৰদিন একান্তই নিজৰ হৈ থাকি যায়; হেৰাই যায় মৃত্যুৰ সৈতে৷[১]
- ’নেতা ওলাইছ? চেকনিৰ কোবত পিঠি ফালি যাব৷ নিজৰ পঢ়া-শুনা নষ্ট কৰিলি, একো উপায় নাপাই নেতা হ’লি৷ এতিয়া স্কুলখন ধ্বংস কৰিবলৈ আহিছ? আজি যে টিভিৰ সাংবাদিক লৈ দৌৰি আহিছ, গাঁৱৰ স্কুলখনৰ সমস্যাবোৰৰ কথা কাক ক’বলৈ গৈছিলি? সমস্যাবোৰৰ কথা কোনোবাদিনা ভাবিছিলি? তহঁতে লম্ফ-জম্ফ বহুত সহ্য কৰিলোঁ৷ স্কুলখনৰ ভালৰ কথা একো নাভাব- ঠিকে আছে৷ কিন্তু কিবা বেয়া কৰিবলৈ আহিবি- পিঠিত চেকনি চিঙিম৷ চেকনি বাদেই দিছিলো বুজিছ- তহঁতৰ নেতাগিৰিৰ ভূত জাৰিবৰ বাবেহে চেকনি হাতত তুলিছো-৷’ [১]
- তুমি কি গীত শুনা, কি কিতাপ পঢ়া- সেইবোৰে তুমি ক'ব নোৱাৰাকৈয়ে তোমাৰ ভিতৰৰ মানুহটোক গঢ় দিয়ে। ভৱিষ্যতে তুমি যʼতেই নাথাকা, যিয়েই নকৰা- তুমি তোমাৰ ভাগৰ কামবোৰ কিমান সততা আৰু গভীৰতাৰে কৰিবা, সেয়া ঠিক কৰিব তোমাৰ ভিতৰৰ মানুহটোৱে। তুমি জীৱনটো কেনেধৰণে গ্ৰহণ কৰিবা, কেনেধৰণে জীৱনৰ সমস্যাবোৰৰ মুখামুখি হ'বা- সেইবোৰো তোমাৰ মনৰ ভিতৰৰ সম্পদবোৰৰ ওপৰত নিৰ্ভৰ কৰে। গান শুনা, বাহিৰা কিতাপ পঢ়া- এইবোৰ মাথোঁ আজৰি সময় কটোৱাৰ উপায় নহয়।[১]
- বেৰৰ ফুটাৰে দেখা তৰাভৰা আকাশ আৰু ভঙা বেৰৰ মাজেৰে সৰকি অহা জোনাকত কোনো সৌন্দৰ্য নাথাকে। [১]
- দুখ, ধুমুহা থাকিব সেইবোৰৰ মাজতে জীৱন; তাৰ মাজতেই জীয়াই থাকিব লাগিব। সেইবোৰৰ অৱসানৰ বাবে অপেক্ষা কৰি থাকিলে জীয়াই থকা আৰু নহ'ব।
- দুখৰ মাজতে, সমস্যাৰ মাজতে নিজৰ কামবোৰ কৰি যাব লাগিব। দুখ আছে বাবে, সমস্যা আছে বাবে কামবোৰ বেছি ভালকৈহে কৰিবলৈ চেষ্টা কৰি যাব লাগিব। তেতিয়াও হয়তো কেতিয়াবা বিফল হোৱা যাব পাৰে; কিন্তু এই বিফলতাতো গৰিমা আছে। কেতিয়াবা খুব কষ্ট কৰি খেলাৰ পিছতো ফুটবলত হাৰি যোৱা যায়। হাৰিমেই যেতিয়া খেলপথাৰত নামি কি হ'ব বুলি লোৱা পলায়নৰ পথত কোনো গৰিমা নাই।
- চূড়ান্ত বিপৰ্যয়ৰ মাজতো মানুহে যুঁজাৰ বাবে ৰচদ-পাতি যোগাৰ কৰি থাকিব লাগে। জীৱনটোক সঠিক পথত গতি দিবৰ বাবে নিৰন্তৰ উন্মুখ হৈ থাকিব লাগে।ভৱিষ্যতে তুমি য'তেই নাথাকা, যিয়েই নকৰা- তুমি তোমাৰ ভাগৰ কামবোৰ কিমান সততা আৰু গভীৰতাৰে কৰিবা, সেয়া ঠিক কৰিব তোমাৰ ভিতৰৰ মনটোৱে।
- তোমাৰ মনটো এখন মোনাৰ দৰে - সেই মোনাখন পেলনীয়া আৱৰ্জনাৰে ভৰ্তি কৰিবানে ধুনীয়া ধুনীয়া সম্পদেৰে ভৰ্তি কৰিবা সেয়া নিৰ্ভৰ কৰিব তোমাৰ ওপৰত।
- দুখ-সমস্যাৰ মাজত কক্-বকাই তুমি হাৰি দিলে নহ'ব। ফুটবল খেলাত গ'ল খাই হাৰি থকা দলৰ খেলুৱৈৰ দৰে তুমি জিকিবৰ বাবে যুঁজি যাব লাগিব আৰু যুঁজিব লাগিব নিয়মৰ মাজতে। জীৱনৰ এই ফুটবল খেলখনত তুমি নিজেই নিজৰ ৰেফাৰী হ'ব লাগিব।
- ষ্টিফেন হকিঙৰ কথাতো তুমি জানা! হকিঙক যেতিয়া ডাক্তৰে কৈছিল যে তেওঁ আৰু মাথোঁ কেইবছৰমানহে জীয়াই থাকিব, তেতিয়াই হকিঙৰ বাবে জীৱনটোৰ অৰ্থ শূন্য হৈ যাব লাগিছিল। কিন্তু গৈছিল জানো? স্বয়ং হকিঙেই লিখিছিল যে তেতিয়াৰ পৰাহে তেওঁ জীৱনটোৰ মূল্য বুজি পোৱা হ'ল আৰু জীৱনটো উপভোগ কৰিবলৈ ল'লে।
- অসীমৰ মনটো দুখেৰে ভৰি পৰিল। সি স্কুলৰ গেটৰ কাষৰ বকুল জোপাৰ তলত বহি আছে অকলে। তাৰ কাষেৰেই লগৰ ল'ৰা-ছোৱালীবোৰ অহা যোৱা কৰি আছে, কোনেওঁ তাক মাত লগোৱাৰ প্ৰয়োজন বোধ কৰা নাই। সিওঁ কাকো মাতিবলৈ উৎসাহ অনুভব কৰা নাই। অকলে থাকিয়ে তাৰ ভাল লাগে আজিকালি। কোনোবাই তাৰ লগত কথা পাতিব বিচাৰিলে সি বৰ অস্বস্তি অনুভৱ কৰে যেন এডাল কেৰেলুৱা হে চুই দিলেই কোচঁ খাই পৰি থাকিব নিশ্চল হৈ।
- আচলতে চৰকাৰে মানুহবোৰক কাম কৰি উপাৰ্জন কৰিব পৰাৰ ব্যৱস্থা কৰি দিব লাগিছিল । তেতিয়া মানুহবোৰৰো লাভ হয়, দেশখনৰো অৰ্থনীতি মজবুত হয় । সেই যে এটা চীনা প্ৰবচন আছে- আপুনি মানুহ এজনক মাছ এটা দিয়ক, তেওঁ এদিন মাছ খাব; মানুহজনক মাছ মাৰিবলৈ শিকাওক, তেওঁ গোটেই জীৱন মাছ মাৰি খাব ।
- মন এটা আছে যেতিয়া কেতিয়াবাতো বেয়া লাগিবই ! মাত্ৰ দুখবোৰ ভিতৰত সাঁচি থ'ব নালাগে । তোমাৰ মনৰ লগত মিলা, তোমাক বুজি পোৱা, তোমাৰ আবেগ-অনুভূতিক বুজি পোৱা কাৰোবাৰ সৈতে কথাবোৰ পাতিবা ।
- সকলো গাঁৱত দুটা তিনিটা ভৱন, নামঘৰ, মঠ মন্দিৰ, গীৰ্জা, মছজিদ আদি নিৰ্মাণ থাকে কিন্তু গাওঁখনত বা বৃহত্তৰ অঞ্চলত এটাও লাইব্ৰেৰী থাকেনে ?
- আমি ধৰ্মৰ নামত যিমান দান বৰঙণি আগবঢ়াও ঠিক সেইধৰণে আন আন ক্ষেত্ৰত গুৰত্ব সহকাৰে দান বৰঙণি আগবঢ়াও নে ?
- সাংস্কৃতিক ক্ষেত্ৰত আমি কিমান সজাগ ? অকল সাংস্কৃতিক সন্ধ্যা পাতি জানোঁ সংস্কৃতি ৰক্ষা হ'বনে ?বছৰি লাখ টকা খৰছ কৰি নানান সাংস্কৃতিক অনুষ্ঠান পৰিবেশন নকৰি এখন লাইব্ৰেৰী স্থাপন কৰিব নোঁৱাৰিনে ?
- দুখৰ সাগৰত বুৰি যাব খুজিলেও,আন্ধাৰত হেৰাই যাব খুজিলেও কেতিয়াবা বুৰি যাব নোৱাৰি,হেৰাই যাব নোৱাৰি”..
- হাতুৰি দাঙি একেৰাহে কেইবাঘণ্টাজুৰি শিল ভঙা কামটো সুখৰ মুঠেই নহয়। কেতিয়াবা ভাগৰত সি ফোঁপাই থাকে। কান্ধ বিষাই যায়। গালে-মুখে-চকুৰে শিলৰ গুৰি জোৰেৰে ছিটিকি পৰে। বুকুৰ বিষত ৰাতি তাৰ টোপনি ভালকৈ নাহে। কষ্ট হয়। বৰ কষ্ট হয়...
- কাইলৈ স্কুলত মই তোৰ বাবে ৰৈ থাকিম। তই যাবি। তোক ক্লাছত নেদেখিলে মোৰ বৰ বেয়া লাগে অ' অসীম। বৰকৈ মনত পৰে তোলৈ।" অসীমে একো কোৱা নাই। অসীমে কান্দিছে। নির্মলে দেখা নাপালে। আন্ধাৰ।
- নিৰ্মল পঢ়াত ভাল। কিন্তু সি কিছুমান ছাত্রৰ দৰে স্বাৰ্থপৰ নহয়। অসীমক অনুভৱে এতিয়াহে সহায় কৰিছে। অনুভৱে স্কুলখনত যোগদান কৰাৰ আগৰ পৰাই নির্মলে অসীমক স্কুললৈ ঘূৰাই আনিবলৈ চেষ্টা কৰি আছিল। ইমান ডাঙৰ অসুখ এটা গাত লৈ নিৰ্মলে যিধৰণে জীৱনটো গ্ৰহণ কৰিছে, তাকে ভাবি অনুভৱ বিস্ময় বিমুগ্ধ হৈ গ'ল। নির্মলে নিজৰ দুৰ্ভাগ্যৰ ওচৰত আত্মসমৰ্পণ কৰা নাই আৰু অসীমকো তাৰ দুৰ্ভাগ্যৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ নিদিয়ে...।
- অসীমৰ ৰিজাল্টৰ স্ফূৰ্তিত মানুহজনে সোঁহাতেৰে মদৰ বটলটো শূন্যলৈ তুলি ৰৈ গ'ল....মানুহজনে শূন্যত ওলমি থকা বটলটো জোৰেৰে তললৈ নমাই আনি ঘোষণা কৰিলে - "আজিৰ পৰা মই মদ এৰিলো।
- কি কৰিবা !গণিত বেচেৰাটো এনেকোৱাই ।তাক যিমানেই বেয়া পাবা সি সিমানেই ভয়ংকৰ দুৰ্দান্ত অবাধ্য বদমাচ হৈ পৰিব ।আৰু যিমানেই তাক মৰম কৰিবা সি সিমানেই বাধ্য ছাত্ৰৰ দৰে হৈ পৰিব ।
- তোমাৰ মনটো এখন মোনাৰ দৰে- সেই মোনাখন পেলনীয়া আৱৰ্জনাৰে ভৰ্তি কৰিবানে ধুনীয়া ধুনীয়া সম্পদেৰে ভৰ্তি কৰিবা সেয়া নিৰ্ভৰ কৰিব তোমাৰ ওপৰত । তুমি খেলিবা ,স্ফূৰ্তি কৰিবা বাৰীয়ে বাৰীয়ে গৈ আমো ফৰ্মুটিয়াই ফুৰিবা ; কিন্তু সততে মনত ৰাখিব লাগিব যে তুমি এজন ভাল মানুহ হ'ব লাগিব ,সমাজৰ কামত অহা গুণী মানুহ হ'ব লাগিব ।দুখ-সমস্যাৰ মাজত ককবকাই তুমি হাৰি দিলে নহ'ব ।ফুটবল খেলাত গ'ল খাই হাৰি থকা দলৰ খেলুৱৈৰ দৰে তুমি জিকিবৰ বাবে যুঁজি যাব লাগিব ;আৰু যুঁজিব লাগিব নিয়মৰ মাজতে ।জীৱনৰ এই ফুটবল খেলখনত তুমি নিজেই নিজৰ ৰেফাৰী হ'ব লাগিব।জীয়াই থাকিবলৈ মানুহ খেলুৱৈৰ দৰে হ'ব লাগে ।একে সময়তে শিশুৰ দৰেও হ'ব লাগে।'
- পৃথিৱীখন বহুত ধুনীয়া ছাৰ।আপুনি আছে,অসীম আছে,মোৰ মা দেউতা আছে।মই ৰোৱা বকুল জোপা আছে।বাঢ়ি আহি আহি এসময়ত বকুল জোপাই ডাল পাত মেলি এজোপা ডাঙৰ গছ হৈ পৰিব। তাত ফুল ফুলিব! মোৰ চাবলৈ বৰ মন যায় ছাৰ।
- তুমি কি গীত শুনা, কি কিতাপ পঢ়া― সেইবোৰে তুমি ক'ব নোৱাৰাকৈয়ে তোমাৰ ভিতৰৰ মানুহটোক গঢ় দিয়ে ।
- মই ভাৱোঁ আমাৰ শিক্ষা ব্যৱস্থাত সৃষ্টিশীলতাক গুৰুত্ব দিয়া নহয়।ছাত্ৰ ছাত্ৰী ক মৌলিক চিন্তা - চৰ্চাৰ বাবে উৎসাহিত কৰা নহয়। এনে ব্যৱস্থাৰে প্ৰতিপালিত ছাত্ৰৰ মেধাৰ বিকাশ আশানুৰূপ নহয়; বৰং ব্যতিক্ৰমী মেধাও এসময়ত মূজুৰা পৰি আহিবলৈ বাধ্য হয়।সেইবাবেই চাগৈ বিভিন্ন ক্ষেত্ৰত পৃথিৱীৰ আগশাৰীৰ প্রতিভাধৰ ব্যক্তিৰ তালিকাত আমাৰ মানুহৰ নাম পাবলৈ নাই।
- অসীমৰ চকু দুটা পানীৰে উপচি পৰিছে। আজি আৰু অসীমে আগৰ দৰে মুখখন লুকুৱাবলৈ আনফালে ঘূৰাই নিদিলে। নিৰ্মলে আচৰিত হৈ অসীমক ক'লে- 'তই কান্দিছ অসীম?''তয়োতো কান্দিছ নিৰ্মল!' - অসীমে নিৰ্মলক ক'লে।