শ্ৰীমদ্ভগৱতগীতা
অৱয়ব
শ্ৰীমদ্ভাগৱতগীতা (সংস্কৃত: भगवद्गीता, ভগৱানৰ গান) ভাৰতৰ এখন প্ৰাচীন সংস্কৃত মহাকাব্য। যদিওবা গীতা এখন স্বতন্ত্ৰ ধৰ্মগ্ৰন্থ তথাপিটো ই এখন পৃথক উপনিষদৰ মৰ্য্যদা পাইছে। গীতাক সেইবাবে গীতোপনিষদ বোলা হয়। অৰ্থাৎ গীতাখন হৈছে উপনিষদ বা বৈদান্তিক সাহিত্যৰ অন্তৰ্গত। গীতাৰ বিষয়বস্তু হৈছে শ্ৰীকৃষ্ণ আৰু পাণ্ডৱ ৰাজকুমাৰ অৰ্জুনৰ কথোপকথন।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- উপবাসে থাকি মানুহে দেহক সংযত কৰি ৰাখে যদিও ভোগ স্পৃহা থাকিয়েই যায়৷
প্ৰথম অধ্যায় (অৰ্জুন-বিষাদ যোগ)
[সম্পাদনা কৰক | উৎস সম্পাদনা]धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥
ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱহঃ।
মামকাঃ পাণ্ডবাশ্চৈৱ কিমাকূৰ্বত সঞ্জয়।।
- সন্তক পৰিত্ৰাণ দিবলৈ দুষ্কৃতিকাৰীক বিনাশ কৰিবলৈ আৰু ধৰ্মৰ পুনৰ সংস্থাপন কৰিবলৈ, ভগৱানে যুগে যুগে অৱতাৰ গ্ৰহণ কৰে৷ (যদা যদা হি ধৰ্ম্মস্য গ্লানিৰ্ভৱতি ভাৰত; অভ্যুত্থানমধৰ্ম্মস্য তদাত্মানং সৄজাম্যহম; পৰিত্ৰানায় সাধুনাং বিনাশায়চ দুষ্কৃতাম; ধৰ্ম্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে)
জ্ঞানযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- শ্ৰদ্ধাৱান লভ্যতে জ্ঞানম্৷
(শ্ৰদ্ধাৱানসকলে জ্ঞান লাভ কৰে৷) - যদা যদা হি ধৰ্ম্মস্য গ্লানিৰ্ভৱতি ভাৰত৷
অভ্যুত্থানমধৰ্ম্মস্য তদাত্মানং সৄজাম্যহম৷৷
(হে অৰ্জ্জুন, যেতিয়া ধৰ্ম্মৰ হানি হয় আৰু অধৰ্ম্মৰ প্ৰভাৱ বাঢ়ে তেতিয়াই মই (ভূ-ভাৰতত) আত্মদেহৰ সৄষ্টি কৰোঁ (অৱতাৰ হওঁ)৷ - পৰিত্ৰানায় সাধুনাং বিনাশায়চ দুষ্কৃতাম৷
ধৰ্ম্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে৷৷
(পাপীবোৰৰ বিনাশৰ নিমিত্তে, সাধুসকলৰ পৰিত্ৰাণৰ কাৰণে আৰু ধৰ্ম্ম সংস্থাপন কৰিবলৈ যুগে যুগে মই অৱতাৰ ৰূপে জন্মগ্ৰহণ কৰোঁ৷)
শ্ৰীমদ্ভাগৱতগীতা সম্পৰ্কে উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- শ্ৰীমদ্ভগৱদগীতা মানবীয় জ্ঞান আৰু উপলদ্ধিৰ সৰ্বোত্তম ফল। ইয়াৰ দৰ্শন আৰু সাহিত্য দুয়োটাৰে অবিভাজ্য সংশ্লেষণ ঘটিছে। তত্ত্ব-জিজ্ঞাসু সকলক গীতাই তত্ত্বৰ সন্ধান দিছে আৰু ৰসান্বেসী সকলক দান কৰিছে ৰসৰ সন্ধান। গীতাই কাকো বিমুখ কৰা নাই, কাকো বিমুখ নকৰে। মুখ্যত গীতা দৰ্শন শাস্ত্ৰ। এই গ্ৰন্থ হ’ল উপনিষদ তথা বেদান্তৰ সাৰ। আত্মাৰ অমৰত্ব, নিষ্কাম কৰ্মযোগ আৰু ঈশ্বৰৰ ওচৰত পৰিপূৰ্ণভাৱে আত্মসমৰ্পণ - গীতাই এই মৰ্মবাণী ঘোষনা কৰি আহিছে। গীতা উপনিষদেই; গীত কৰি গাব পৰাকৈ ৰচনা কৰা বাবে ‘গীতা’।