সমললৈ যাওক

এলিজাবেথ গিলবাৰ্ট

ৱিকিউদ্ধৃতিৰ পৰা

এলিজাবেথ গিলবাৰ্ট (ইংৰাজী: Elizabeth Gilbert; জন্ম: ১৮ জুলাই, ১৯৬৯) এগৰাকী আমেৰিকান সাংবাদিক আৰু লেখিকা। ২০০৬ চনত তেওঁ লিখা স্মৃতিগ্ৰন্থ ‘ইট, প্ৰে, লাভ’ৰ বাবে আটাইতকৈ জনপ্ৰিয়। এই গ্ৰন্থখনৰ বৰ্তমানলৈকে ১ কোটি ২০ লাখতকৈ অধিক কপি বিক্ৰী হৈছে আৰু ৩০টাতকৈও অধিক ভাষালৈ অনুবাদ হৈছে। [১]

  1. মানুহে ভাবে যে আত্মাৰ সঙ্গী বা ছ’ল মেট হ'ল আমাৰ জীৱনৰ সৈতে নিখুঁতকৈ খাপ খাই পৰা এগৰাকী ব্যক্তি। সকলোৱে সেইটোৱেই বিচাৰে। কিন্তু এজন প্ৰকৃত আত্মাৰ সঙ্গী হ’ল আইনাৰ দৰে, যিজন ব্যক্তিয়ে আপোনাক বাধা দি থকা সকলো বস্তু দেখুৱাব পাৰে, যিজন ব্যক্তিয়ে আপোনাক আপোনাৰ নিজৰ দৃষ্টিগোচৰ কৰে যাতে আপুনি আপোনাৰ জীৱনটো সলনি কৰিব পাৰে।[২]
  2. ভগ্ন হৃদয়ো কেতিয়াবা এটা ভাল লক্ষণ। কাৰণ তাৰ অৰ্থ হ'ল আমি কিবা এটাৰ বাবে চেষ্টা কৰিছোঁ।[৩]
  3. কোনোবাই আপোনাক সম্পূৰ্ণৰূপে বুজি পোৱা বা দেখা পোৱা আৰু তথাপিও হিয়াভৰি ভালপোৱা - সেয়া এক অপূৰ্ব মানৱ প্ৰসাদ যি অলৌকিকতাৰ সীমাৰেখাত পৰিব পাৰে।[২]
  4. মই দুখতকৈ সুখ বাছি লৈছোঁ। নিজৰ জীৱনত অজ্ঞাত ভৱিষ্যতৰ বাবে ঠাই উলিয়াই দিছোঁ যাতে মোৰ জীৱনটো এতিয়াও আহিবলগীয়া আচৰিত কথাৰে ভৰি পৰে।[২]