সমললৈ যাওক

লক্ষ্মীনাথ বেজবৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা
লক্ষ্মীনাথ বেজবৰুৱাৰ আলোকচিত্ৰ

লক্ষ্মীনাথ বেজবৰুৱা (ইংৰাজী: Lakshminath Bezbarua) (১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই "কৃপাবৰী ৰচনা" সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে। ১৯০৯ চনত তেওঁ 'বাঁহী' আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল। অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰাই ৰচিত। অসমীয়া সাহিত্য আৰু বৌদ্ধিক জগতত 'ৰসৰাজ' আৰু 'সাহিত্যৰথী' হিচাপে খ্যাত বেজবৰুৱাই ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। প্ৰথমটো অসমীয়া চুটি গল্প লিখা সাহিত্যিক হিচাপেও লক্ষ্মীনাথ বেজবৰুৱা জনাজাত।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • মই মাথোন জানো যে,প্ৰকৃত বিবাহ মাথোন পাৰ্থিৱ বস্তুৰ পাৰ্থিৱ মিলন নহয়; সি দুই আত্মাৰ(soul) আধ্যাত্মিক মিলন; আৰু ঈশ্বৰৰ ইচ্ছাত সংঘতিত ব্যাপাৰ।[১]
"লোকৰ কথা মন দি শুনিবা, ভাল কিতাপখন মন দি পঢ়িবা আৰু তাৰ অসাৰুৱা ভাগ বাদ দি সাৰুৱা ভাগ জুকিয়াই থ’বা।"
  • ঢেঁকীটোৰ এমূৰে তুমি উঠি আছা, সিমূৰে তোমাৰ মাতৃভূমি। তুমি ওপৰলৈ উঠিলে মাতৃভূমি তললৈ যাব। মাতৃভূমিক ওপৰলৈ তুলিব খুজিছা যদি তুমি তোমাক সৰুটি কৰি তললৈ নিয়া।[২]
  • লোকৰ কথা মন দি শুনিবা, ভাল কিতাপখন মন দি পঢ়িবা আৰু তাৰ অসাৰুৱা ভাগ বাদ দি সাৰুৱা ভাগ জুকিয়াই থ’বা।
  • চৰিত্ৰ মানুহৰ জীৱনৰ ভেটি। এই ভেটিটো দৃঢ় হ'ব লাগে, নতুবা জীৱনৰ বৃহৎ অট্টালিকাটো সংসাৰৰ হেঁচাত পৰি চূৰ-মাৰ হৈ যাব।[৩]
  • পাচি সজা, কামী চাঁছা সন্মানৰ কাম, নীচ মাথোঁ এলেহুৱা।[৪]
  • স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা।[৫][৬]
  • অসমীয়া ভাষাৰ উন্নতি, অসমৰ উন্নতিৰ প্ৰথম ঢাপ।[৫]
  • আমাৰতো দৃঢ় বিশ্বাস যে আসামত অসমীয়া আৰু বঙ্গালীৰ ভিতৰত প্ৰচলিত অসদ্ভাৱৰ এটা প্ৰধান কাৰণ বঙ্গালীসকলৰ অসমীয়া ভাষাৰ প্ৰতি চিৰপোষিত বিদ্বেষ ভাব।[৭]
  • অসমীয়া ভাষা পুৰণি ভাষা। ই প্ৰাচীন কালতো আছিল, সেই কালৰে পৰা আজিলৈকে উন্নতি অৱনতিৰ চাকনৈয়াত ঘূৰি ঘূৰি ই চলি আহিব লাগিছে; আৰু চলি থাকিব।[৮]
  • অসমৰ পৰা আমি সৰি নপৰিলে বা অসম আমাৰ পৰা সৰি নপৰিলে অৰ্থাৎ অসমৰ পৰা আমি বিদেশলৈ ওলাই নাহিলে, অসম, অসমীয়া আৰু অসমীয়া ভাষাৰ আমি ভালকৈ মোল বুজিব নোৱাৰোঁ। প্ৰণয়ৰ সোৱাদ বুজিবলৈ যেনেকৈ বিচ্ছেদ লাগে – অসম, অসমীয়া আৰু অসমীয়া ভাষাৰ সোৱাদ বুজিবলৈ তেনেকৈ আমাৰ সেইবিলাকৰ পৰা কিছুকাল স্থায়ী বিচ্ছেদৰ আৱশ্যক।
  • ছাতৰসকলৰ সভাত এটি কমবয়সীয়া ল’ৰাই (শিশু বুলিলেই হয়) হাৰ্মনিয়ামৰ সহায়ত সুন্দৰকৈ এটি গান গাইছিল। মই মুগ্ধ হৈ আসনৰ পৰা উঠি সভাতে ল’ৰাটিৰ গালত এটি চুমা খালোঁগৈ। তাহানি কলিকতাত “মাষ্টাৰ মদন’’ বোলা তেনেকুৱা গান গোৱা ল’ৰা এটিৰ গান শুনিছিলোঁ। আজি অসমীয়া “মাষ্টাৰ মদন’’ক দেখি বৰ সন্তোষ পালোঁ। (ভূপেন হাজৰিকা সম্পৰ্কে কোৱা কথা)।[৯]
  • প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ।[১০] (চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্ৰতিমা’ কবিতা পুথি সম্পৰ্কে দিয়া মন্তব্য)
  • কোনো এটা জাতিক ডাঙৰ কৰিব লাগিলে কিছুমান সঁজুলিৰ আৱশ্যক। জাতীয় ”ডাঙৰতালৈ” সেই সঁজুলিবিলাক নহলে নহয়। কোনো বাঢ়ৈয়ে চাছ, হাতুৰি, ৰেন্দা, বটালি প্ৰভৃতি নহলে কোনো বৰপেৰা সাজিব নোৱাৰে। জাতীয় বৰপেৰা সাজিবলৈকো তেজৰ চাছ, বলৰ বটালি, সহিষ্ণুতাৰ ৰেন্দা, একতাৰ গজাল, স্থিৰতাৰ কৰত, গাম্ভীৰ্য্যৰ হাতুৰি, বাহ্যাড়ম্বৰৰ পাক-ভোঁহৰ, ধৰ্মনিষ্ঠাৰ খিলি, সদাচাৰৰ গৰ্ভ-গজাল লাগে। অসমীয়াৰ জাতীয় বৰপেৰা সাজিবলৈ এইবিলাক পূৰাপূৰ আছে। তেন্তে নো অসমীয়া জাতি ডাঙৰ জাতি নহব কিয় হেঁ ককাই কোৱাঁ? অসমীয়া জাতি ডাঙৰীয়া-জাতি! [১১]
  • চৰিত্ৰ মন্দিৰৰ ভিতৰত উজ্জ্বল অথচ মিঠা বন্তি হৈছে আনন্দ। আনন্দই শৰীৰ মন আনন্দিত কৰি সুমধুৰ কৰি ৰাখে। মনত বেজাৰ লাগিলেও মুখেৰে আনন্দ কৰিবা। তেনেকৈ আনন্দৰ কথা কৈ থাকোঁতে আৰু লোকে কোৱা আনন্দৰ কথা শুনি থাকোঁতে তোমাৰ নিৰানন্দক আনন্দই লাহে লাহে জয় কৰি ভিতৰৰ পৰা উলিয়াই খেদি দিব।[১২]
  • নিভাঁজ অসমীয়া ভাষাৰে কথা লিখিবা, নিভাঁজ অসমীয়া সাজ-পাৰ পিন্ধিবা, অনাহকত বিদেশীক অনুকৰণ নকৰিবা।[১৩]
  • মোৰ মাতৃভূমিয়েই মোৰ গংগা, গয়া, কাশী, প্ৰয়াগ। …. মোৰ মাতৃভূমি আৰু মাতৃভাষাকে মহা সত্যৰূপে মই উপাসা কৰি আছোঁ; …. মোৰ মাতৃভাষাৰ সেৱাই মোৰ মহাকাৰ্য।
  • জীৱনৰ অৰ্থ লুকাই থাকে আশাৰ মাজত।[১৪]

তত্ত্ব কথা[সম্পাদনা কৰক | উৎস সম্পাদনা]

"ভাৰতবৰ্ষৰ প্ৰত্যেক প্ৰদেশত তেওঁলোকৰ নিজৰ ভাষাৰ পূৰ্ণ ঐশ্বৰ্য্য উদ্ভাৱিত হ’লে তেতিয়াহে পৰস্পৰৰ মাজত নিজৰ শ্ৰেষ্ঠ অৰ্ঘৰ দান-প্ৰতিদান সাৰ্থক হ’ব পাৰিব আৰু সেই উপলক্ষেই শ্ৰদ্ধা সমন্বিত ঐক্যৰ সেতু প্ৰতিষ্ঠিত হ’ব। জীৱনত লক্ষ্মীনাথ বেজবৰুৱাৰ এই সাধনা অতীন্দ্ৰিয় আছিল।" -ৰবীন্দ্ৰনাথ ঠাকুৰ
  • বহুতে কয় যে ঈশ্বৰৰ বিষয়ে আমি ভাবিচিন্তি একো ঠিক কৰিব নোৱাৰোঁ, সেইদেখি সেই বিষয়ে মূৰ ঘমোৱাটো বৃথা। গ্ৰীচৰ চক্ৰেটিচেও ইযাকে কৈছিল। কিন্তু মূৰ নঘমাও বুলি থাকোঁ কেনেকৈ? কোনোবাই পাৰে নে থাকিব? কোনেও নোৱাৰে। এদিন নহয় এদিন, আজি নহয় কাইলৈ, ইশ্বৰ-চিন্তাত আমি মূৰ ঘমাবই লাগিব। তুমি ঈশ্বৰৰ অংশ জ্ঞানময় জীৱ। অজ্ঞানৰ ঢাকোনে তোমাক ঢাকি ৰাখিবলৈ যিমানকে চেষ্টা কৰক, তুমি সেই অন্ধকাৰ আবৰণ ভেদ কৰি উঠিবলৈ প্ৰাণপণে যত্ন কৰিবাই কৰিবা। কাৰণ তোমাত পৰমাত্মাৰ অংশ আছে। পাৰ্থিৱ বস্তুৰ আৱৰণ ঠেলি সহধৰ্ম্মী অংশই পূৰ্ণ পৰমাত্মাৰে মিলিবলৈ, ইশ্বৰৰ অভিমুখী হৈ চলিবলৈ সংগ্ৰাম কৰি থাকিবই ̶ যেতিয়ালৈকে সি নিৰ্দ্দিষ্ট স্থান নাপায়গৈ।

ভাষণ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • কাম কৰি যোৱা ফললৈ নাচাবা। আইহঁত। ভাইহঁত। কাম কৰি যোৱা; আনে কি কয় তালৈ মন নকৰিবা। মাত্ৰ ঈশ্বৰত মতি ৰাখি, সকলো কামৰ ফলাফল তেওঁৰ হাতত দি কাম কৰি যোৱা। নিভাঁজ অসমীয়া ভাষা কবা, লিখিবা। নিভাঁজ অসমীয়া সাজ-পাৰ পিন্ধিবা। অনাহকতে বিদেশীৰ অনুকৰণ নকৰিবা। বিদেশীৰ ঠাট্টা-বিদ্ৰূপলৈও মন-কাণ বৰকৈ কৰিবৰ একো প্ৰয়োজন নাই। মাথোঁ নিষ্কামভাৱে কৰ্ত্তব্য কৰি যোৱা।
    • ১৯৩৭ চনৰ ১৯ ডিচেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ আমোলাপট্টি নাট্য মন্দিৰত দিয়া শেষ বক্তৃতা

বেজবৰুৱাৰ মৃত্যুত বিভিন্নজনৰ মন্তব্য[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ভাৰতবৰ্ষৰ প্ৰত্যেক প্ৰদেশত তেওঁলোকৰ নিজৰ ভাষাৰ পূৰ্ণ ঐশ্বৰ্য্য উদ্ভাৱিত হ’লে তেতিয়াহে পৰস্পৰৰ মাজত নিজৰ শ্ৰেষ্ঠ অৰ্ঘ্যৰ দান-প্ৰতিদান সাৰ্থক হ’ব পাৰিব আৰু সেই উপলক্ষেই শ্ৰদ্ধা সমন্বিত ঐক্যৰ সেতু প্ৰতিষ্ঠিত হ’ব। জীৱনত লক্ষ্মীনাথ বেজবৰুৱাৰ এই সাধনা অতীন্দ্ৰিয় আছিল।
  • ...বস্তুতঃ পক্ষে তেওঁৰ ৰচনাত বঙ্গ, উৰিষ্যা আৰু অসমৰ শ্ৰেষ্ঠ সাংস্কৃতিক পৰিচয় পোৱা যায়। তেওঁৰ মৃত্যুত অসমীয়া সাহিত্যৰ যি ক্ষতি হ’ল তাক পূৰণ কৰিব নোৱাৰি। আমি তেওঁৰ পৰিজনবৰ্গৰ শোকত সমবেদনা জনাইছোঁ।
    • আনন্দবাজাৰ পত্ৰিকা[১৫]
  • অসমীয়া সাহিত্যৰ ভাণ্ডাৰত বেজবৰুৱা মহাশয়ৰ দান অতুলনীয়। তেওঁৰ লেখা গল্প, উপন্যাস, নাটক, আৰু জীৱন চৰিতে অসমীয়া সাহিত্যক সমৃদ্ধি দান কৰি বিদেশত তেওঁৰ যশ প্ৰভাৱ বিকীৰ্ণ কৰিছিল। এই সূত্ৰে বাংলাৰ সৈতেও তেওঁৰ অন্তৰৰ সম্পৰ্ক আছিল। তেওঁ ব্যৱসায় সূত্ৰে সম্বলপুৰত স্থায়ীভাবে বাস কৰিছিল। সেই সূত্ৰে উৰিষ্যাৰ সৈতেও তেওঁৰ সম্পৰ্ক আছিল।
    • দেশ পত্ৰিকা, ৫ম বছৰ, ২০তম সংখ্যা[১৫]
  • এজন প্ৰকৃত বন্ধু এজন মহান আত্মা বেজবৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো।
    • এসময়ৰ সম্বলপুৰৰ ডেপুটী কমিচনাৰ মিঃ সেনাপতিৰ পুৰুলিয়াৰ পৰা তাঁৰবাৰ্তা।[১৫]
      (Deeply mourn death of Bezbaroah a true friend a great soul.)

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মোৰ জীৱন সোঁৱৰণ। পৃষ্ঠা১৮। লক্ষ্মীনাথ বেজবৰুৱা।
  2. এনাজৰী ডট কম
  3. বাখৰ, পৃষ্ঠা ৭
  4. নিয়মীয়া বাৰ্তা, ১ অক্টোবৰ, ২০২১
  5. ৫.০ ৫.১ এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া
  6. আইৰ মুখৰ ভাষা (২১ ফেব্ৰুৱাৰী ২০১৯). আহৰণ কৰা হৈছে: ২০ ফেব্ৰুৱাৰী ২০২২.
  7. বাঁহী, প্ৰথম বছৰ, ১০ম সংখ্যা
  8. অসমীয়া ভাষা, জোনাকী, পঞ্চম ভাগ
  9. ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, ড° দিলীপ দত্ত, পৃ, নং, ২৩
  10. নগেন শইকীয়া সম্পাদিত (২০১০)। বেজবৰুৱা ৰচনাৱলী ষষ্ঠ খণ্ড। ডিব্ৰুগড়। বনলতা, পৃষ্ঠা:১৭৪। ISBN: ৯৭৮-৮১-৭৩৩৯-৪৯১-১
  11. লক্ষ্মীনাথ বেজবৰুৱা. অসমীয়া জাতি ডাঙৰ জাতি. আহৰণ কৰা হৈছে: 13 জুলাই 2022.
  12. শ্ৰীদুৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
  13. (সম্পা)দ্বিজেন সিং (২০১৬)। জ্ঞানজ্যোতি। জ্ঞানজ্যোতি ২০১৬ সম্পাদনা সমিতি।
  14. লক্ষ্মীনাথ বেজবৰুৱা. "দিনটোৰ বাণী", ১৩ মাৰ্চ ২০২৩, পৃষ্ঠা. ১. আহৰণ কৰা হৈছে ১৩ মাৰ্চ ২০২৩.
  15. ১৫.০ ১৫.১ ১৫.২ ১৫.৩ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, যতীন্দ্ৰ নাথ গোস্বামী, জ্যোতি প্ৰকাশন, পানবজাৰ, গুৱাহাটী, ১৯৯২ চন

লগতে চাওক[সম্পাদনা কৰক | উৎস সম্পাদনা]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]