ৰত্নকান্ত বৰকাকতি
অৱয়ব
ৰত্নকান্ত বৰকাকতি (১৮৯৭–১৯৬৩) হৈছে অসমীয়া সাহিত্যৰ নৱন্যাস যুগৰ আন এক জনপ্ৰিয় কবি। তেওঁক শেৱালি কবি উপনামেৰে জনা যায়।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আকাশৰ ৰামধেনুখন বগা৷ বগা বৰণটোৰ ভিতৰতে ৰঙা, ক’লা, নীলা আদি সাতোটা বৰণ সোমাই থকাৰ দৰেই সাহিত্যৰ ৰামধেনুৰ ভিতৰতো বিজ্ঞান, দৰ্শন, বুৰঞ্জী প্ৰভৃতি বিবিধ জ্ঞান সোমাই থাকিলেও সাহিত্য ঠিক বিজ্ঞান, দৰ্শন কিম্বা বুৰঞ্জী নহয়; সাহিত্য সাহিত্যই৷[১]
- কবি হিচাবে গোন্ধহীন মদাৰ ফুলেই যদি হ’লোঁ, কিম্বা আন সুগন্ধ ফুল হৈ নৌ ফুলোঁতেই যদি কলিতেই লেৰেলিয়াই গ’লোঁ; তথাপিও সেই অনন্ত শক্তিয়েই লীলাঙ্গ হৈ একেবাৰেই যে হেৰাই নগ’লোঁ, তাতেই আনন্দ৷[১]
- এজন অন্ধ লোকক চকু দান কৰা আৰু এজন নিৰক্ষৰ লোকক আখৰ চিনোৱা একেই কথা৷[২]
- পৰিবৰ্তন জগতৰ ধৰ্ম৷ কালৰ অবিৰাম সোঁতে জগতক একেথিৰে ৰখা নাই৷ কেৱল ঢৌৰ উপৰি ঢৌ৷ পৰিবৰ্তনৰ পিছত পৰিবৰ্তন৷ এটা কথাৰে পৰিবৰ্তনৰ মাজেদি বিকাশ আৰু আনটোৰে পৰিবৰ্তনৰ মাজেদি বিনাশ৷ বিকাশৰ পৰিবৰ্তনেই উন্নতি আৰু বিনাশৰ পৰিবৰ্তনেই অৱনতি৷[৩]
বিভিন্নজনৰ মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ভাব, ভাষা আৰু ছন্দ সকলোফালৰ পৰাই বৰকাকতি ডাঙৰীয়াৰ “শেৱালি’’ বৰ্তমান যুগৰ অসমীয়া সাহিত্যলৈ এটি মহান উপহাৰ৷ (যজ্ঞেশ্বৰ শৰ্মা)[১]
- বৰকাকতীৰ প্ৰেম অতীন্দ্ৰিয় প্ৰেম নহয়; ই যুৱক-যুৱতীৰ নম “ৰঙাই বোলাই অবুজ বেথাৰ জাল’’ সৃষ্টি কৰা ঐহিক প্ৰেম৷ (সত্যেন্দ্ৰনাথ শৰ্মা)[১]