ৰং (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

ৰং হৈছে লেখিকা শৰ্মিষ্ঠা প্ৰীতম ৰচিত এখনি উপন্যাস। উপন্যাসখনৰ প্ৰথম সংস্কৰণ ২০১৬ চনত আলিবাট প্ৰকাশনে প্ৰকাশ কৰে। মানুহৰ জীৱনত সপোন, আত্মবিশ্বাস, ইচ্ছাশক্তিয়ে কিদৰে কাম কৰে, তাৰ লগতে বাস্তৱৰ পৰিস্থিতি তথা নিয়তিৰ কবলত পৰি জীৱনে কেনেদৰে গতি সলায় লেখিকাই পৰিধি, অনুজাখুৰী, জুৰণি, ময়ূৰ আদি চৰিত্ৰসমূহৰ যোগেদি উপন্যাসখনত তাকেই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে উপন্যাসখনৰ মুখ্য চৰিত্ৰ পৰিধিক কেন্দ্ৰ কৰি ইয়াৰ কাহিনী আগবাঢ়িছে। [১]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সময়ে শুহি আনে সকলোকে! সময়ে ৰং ভৰোৱা জীৱনবোৰক সময়েই কৰি তোলে বিবৰ্ণ, নিঃস্ব, নিঃসাৰ। সময় যে দুৰ্জেয়। কেতিয়াবা সদয়, কেতিয়াবা অতি নিৰ্দয়।[২]
  2. মানুহৰ মনৰ একেবাৰে তলিৰ যিটো টান, সেয়া হয়টো গোটেই পৃথিৱীজুৰি একে; মাথোঁ পৰিৱেশ অথবা বাহ্যিক উপকৰণবোৰহে বেলেগ। সেয়ে চাগে মানুহে নিজে নজনাকৈয়ে কেৱল নিজৰ বুলি ভবা ধাৰণা অথবা বক্তব্যবোৰ কোনোবাই নহয় কোনোবাই ক'ৰবাত নহয় ক'ৰবাত আগতীয়াকৈয়ে লিখি থয় আৰু কোনোবাদিনা হঠাৎ সেইটো আৱিষ্কাৰ কৰি মানুহ কিছু আচৰিতো হয়, আনন্দিতও হয়।[৩]
  3. মাটিয়েই মানুহৰ চিৰন্তন প্ৰেমিক, যি জন্ম অথবা মৃত্যুৰ প্ৰতিটো ক্ষণতে মানুহক আকোঁৱালি লোৱাৰ হেঁপাহেৰে অনন্তকাল জাগি থাকিব খোজে।[৪]
  4. জীৱনত কেতিয়াবা শিল হোৱাৰো দৰকাৰ পৰে। কাৰো হাতৰ মুঠিত গলি নোযোৱাকৈ জীয়াই থাকিবলৈ শিল হোৱাৰো দৰকাৰ পৰে মাজে মাজে।[৫]
  5. যিমানেই ঘোঁকটত সোমাই নাথাক কিয় লগত কিতাপ থাকিলে পৃথিৱীখন চাব পৰাকৈ দুৱাৰ-খিৰিকীবোৰ মেল খায়ে থাকিব।[৬]
  6. জীৱনটো ধুনীয়া। কেতিয়াবা কুৎসিত ৰূপ দেখুৱালেও জীৱনটো প্ৰকৃততে ধুনীয়া। অজস্ৰ অৰ্থৰে ই পৰিপূৰ্ণ। দুখ আৰু হতাশাৰ জুইকুৰা চকুৰ টিপতে সামৰি থৈ জীৱনত পোৱা যৎসামান্য প্ৰাপ্তিৰেই ইয়াক আৰু বেছি ধুনীয়া কৰাৰ চেষ্টা কৰা। জীয়াই থাকা।[৭]
  7. বৰগছ হ'ব নোৱাৰিলেও নাই। লাগিলে এৰাগছেই হ'ম। কিন্তু গছ হ'ম। লতা নহওঁ।[৮]
  8. মানুহবোৰ কেতিয়াবা জুই, কেতিয়াবা সমুদ্ৰৰ গৰ্জন। মানুহবোৰ জুই হ'লে তুমি পানী হ'ব লাগিব, আৰু মানুহবোৰ যদি সমুদ্ৰৰ গৰ্জন হয়, তুমি হ'ব লাগিব বতাহ। সমুদ্ৰৰ গৰ্জন শুনি বতাহ উভতি নবয়।[৯]
  9. সপোনবোৰ, যন্ত্ৰণাবোৰ, জীৱনৰ যুঁজখন - এইবোৰ কেৱল নিজৰ। কাৰো সৈতে ভগাই ল'ব নোৱাৰি। মাথোঁ ক্লান্তিৰ পৰত ক্ষণিকৰ বাবে মূৰ থʼব পাৰি কাৰোবাৰ কান্ধত। আৰু সেই কান্ধখনে ওৰেটো বাট ভেঁজা সহি থাকিব বুলি ভবাটোও ভুল।[১০]
  10. খেতিয়ক বিনে পৃথিৱীখনক কোনে উৰ্বৰ কৰি ৰাখিব? কোনে জীয়াই ৰাখিব আমাক? তথাপি আমাৰ দৃষ্টিভংগীৰ দুৰ্বলতাত প্ৰশাসনিক বিষয়া, ডাক্তৰ-ইঞ্জিনিয়াৰ আদিৰ সমুখত তেওঁলোক নিষ্প্ৰভ।[১১]
  11. যি জীৱনৰ পঢ়াশালিত কৃতিত্ব লভিব নোৱাৰে হাজাৰ হাজাৰ ডিগ্ৰি-ডিপ্লʼমায়ো তেওঁক মানুহ কৰিব নোৱাৰে। গতিকে পৰীক্ষাত কাংক্ষিত নম্বৰ লাভ কৰিব নোৱাৰিলে চব শেষ হৈ গ'ল বুলি নাভাবিবা, নৈত জাঁপ দিয়াৰ কথা নাভাবিবা। নিজৰ সহজাত প্ৰকৃতিক বিকশিত কৰি ভিতৰত পোহৰ থকা মানুহ হ'বলৈ চেষ্টা কৰি যোৱা।[১২]
  12. কোনেও নাজানে কোনে কাক কেতিয়া হেৰুৱায়, কোনে কাক কেতিয়া লগ পায়; কোনেও নাজানে কোন কাৰ বাবে ৰৈ থাকে, জীৱন কাৰ প্ৰেমত গৈ থাকে। কিন্তু জীয়াই থাকিবলৈ গাৰ ছাঁৰ দৰে সপোনবোৰ সদায় আমাৰ লগত থাকে।[১৩]
  13. সময়ৰ প্ৰহাৰত শিলবোৰ জানো ভাগি গুড়ি হৈ যায়? নাযায়। নতুন ৰূপেৰে আগতকৈও বেছি মজবুত হয়।[১৪]

তথ্যৰ উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. গ্ৰন্থ: ৰং; লেখিকা: শৰ্মিষ্ঠা প্ৰীতম; প্ৰথম সংস্কৰণ: নৱেম্বৰ,২০১৬; প্ৰকাশন: আলিবাট প্ৰকাশন
  2. ৰং ২০১৬, পৃষ্ঠা. ১৮.
  3. ৰং ২০১৬, পৃষ্ঠা. ২৫.
  4. ৰং ২০১৬, পৃষ্ঠা. ৫৩.
  5. ৰং ২০১৬, পৃষ্ঠা. ৫৯.
  6. ৰং ২০১৬, পৃষ্ঠা. ৭১.
  7. ৰং ২০১৬, পৃষ্ঠা. ১৫০.
  8. ৰং ২০১৬, পৃষ্ঠা. ১৫১.
  9. ৰং ২০১৬, পৃষ্ঠা. ১৭২.
  10. ৰং ২০১৬, পৃষ্ঠা. ১৭৬.
  11. ৰং ২০১৬, পৃষ্ঠা. ১৮০.
  12. ৰং ২০১৬, পৃষ্ঠা. ১৮৪.
  13. ৰং ২০১৬, পৃষ্ঠা. ১৯২.
  14. ৰং ২০১৬, পৃষ্ঠা. ২২৯.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w: