ৱিকিউদ্ধৃতি:আজিৰ উদ্ধৃতি/মে'

ৱিকিউদ্ধৃতিৰ পৰা
মাহ অনুসৰি আজিৰ উদ্ধৃতি:
জানুৱাৰী - ফেব্ৰুৱাৰী - মাৰ্চ - এপ্ৰিল - মে’ - জুন - জুলাই - আগষ্ট - ছেপ্টেম্বৰ - অক্টোবৰ - নৱেম্বৰ - ডিচেম্বৰ
<< যোৱা মাহ — চলিত মাহ >>

আজি বৃহস্পতিবাৰ
২৮ মাৰ্চ, ২০২৪
সময়: ১:২৫ PM (IST)


এপ্ৰিল << মে': ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১ >> জুন



২০২৩
“শ্ৰমিক-কৃষকৰ হাত বোকা-মাটিৰে অপৰিষ্কাৰ হ’লেও, ভৰি ধূলি-বালিৰে মলিয়ন হ’লেও, তেওঁলোকেইহে সবাতোকৈ পৰিচ্ছন্ন মানুহ৷”
~ মাও চে তুঙ ~

২০২৩
“যিসকলে আলোচনাকালত নানা লেখকৰ উদ্ধৃতি দিয়ে, তেওঁলোকে নিজৰ স্মৃতিহে ব্যৱহাৰ কৰে, নিজৰ বুদ্ধিবৃত্তি জ্ঞানৰ ব্যৱহাৰ নকৰে৷”
~ লিঅ'নাৰ্ড' দা ভিন্সি ~



২০২৩
“ভাষা হ’ল সৃষ্টিৰ পাছত ভগৱানে মানুহক দিয়া প্ৰথমটো উপহাৰ।”
~ ন’ৱা ৱেবষ্টাৰ ~

২০২৩
“যদি কোনো সমস্যা সমাধান কৰিব পৰা যায়, যদি কোনো পৰিস্থিতি এনে হয় যে আপুনি ইয়াৰ বাবে কিবা এটা কৰিব পাৰে, তেন্তে চিন্তা কৰাৰ প্ৰয়োজন নাই। যদি ঠিক কৰিব নোৱাৰি, তেন্তে চিন্তা কৰিও একো সলাব পৰা নাযায়। গতিকে যিকোনো পৰিস্থিতিতে অতিশয় চিন্তা কৰি কোনো লাভ নাই।”
~ দালাই লামা ~
 



২০২৩
“দুখ বুলি কোনো বস্তুৱেই নাই৷ সুখী মানুহৰ জীৱন হ’ল এনে এখন ছবি - য’ত ৰূপালী পটভূমিত ক’লা তৰাবোৰ বিচিত্ৰ কৰি দেখুওৱা হয়৷ অসুখী মানুহৰ জীৱন হ’ল এনে এখন ছবি য’ত ক’লা পটভূমিত ৰূপালী তৰা চিত্ৰ কৰি দেখুওৱা হয়৷ জীৱন মানেই যন্ত্ৰণা৷ কিন্তু সাহসী মানুহে অবিৰামভাৱে আত্মসংযম আয়ত্ত কৰিবলৈ চেষ্টা কৰে আৰু শেষ মুহূৰ্তপৰ্যন্ত সেই চেষ্টাত তেওঁ কৃতকাৰ্য হয়৷”
~ নেপোলিয়ন বোনাপাৰ্ট ~
 



২০২৩
“মানুহে সাফল্যৰ জৰিয়তে সফল হয় বুলি ভবাটো ভুল। বেছিভাগ সময়তে বিফলতাৰ পৰাহে সাফল্য আহে। বিফলতাই যি শিকায়; অনুশাসন, অধ্যয়ন, উপদেশ আৰু উদাহৰণে কেতিয়াও সেই শিক্ষা দিব নোৱাৰিলেহেঁতেন।”
~ চেমুৱেল স্মাইলছ্ ~



২০২৩
“তুমি পৃথিৱীলৈ কান্দি কান্দি আহিছিলা আৰু ওচৰ-চুবুৰীয়াই হাঁহিছিল৷ এতিয়া তুমি এনে কাম কৰিবা যাতে তুমি নিজে হাঁহি হাঁহি পৃথিৱীৰ পৰা যাব পাৰা আৰু আনে যেন তোমাৰ বাবে হিয়া ভুকুৱাই কান্দে৷”
~ আব্ৰাহাম লিংকন ~
 

২০২৩
“সন্তানক কেৱল জ্ঞান প্ৰদান নকৰিব। বৰঞ্চ সিহঁতক নিজৰ বাবে কেনেকৈ চিন্তা কৰিব লাগে, প্ৰমাণ কেনেকৈ মূল্যায়ন কৰিব লাগে আৰু আপোনাৰ লগত কেনেকৈ মতানৈক্য কৰিব লাগে শিকাওক।”
~ ৰিচাৰ্ড ডকিন্স ~
 



২০২৩
“জ্ঞান দুই প্ৰকাৰৰ। একোটা বিষয় সম্পৰ্কে আমি হয়তো নিজে জানো অথবা সেই বিষয়ে যাবতীয় তথ্য ক'ত পোৱা যাব পাৰে, সেই কথা আমি জানো।”
~ ছেমুৱেল জনছন ~
 



২০২৩
“ভাষাটো নাথাকিলে মানুহ নাথাকে৷ মানুহ নাথাকিলে মাটি নাথাকে৷ মাটি নাথাকিলে একোৱেই নাথাকে৷”
~ নীলমনি ফুকন ~



২০২৩
“পুথিত লিখা কথাৰ প্ৰতি আস্থা নহ’লে, গুৰুৰ প্ৰতি ভক্তিভাৱ নাথাকিলে, বিদ্যালাভ কৰা সহজ নহয়৷ ছাত্ৰজীৱনতেই ভৱিষ্যৎ জীৱনযাত্ৰাৰ সমল গোটাই ল’ব লাগিব৷ তাকেই একনিষ্ঠ, দৃঢ়প্ৰতিজ্ঞ আৰু ব্ৰহ্মচৰ্য ব্ৰতধাৰী নহ’লে কৰা টান৷”
~ তৰুণ ৰাম ফুকন ~
 



২০২৩
“শ্ৰদ্ধাযোগ্য সকলো মানুহক শ্ৰদ্ধা কৰিবা, কিন্তু কোনো মানুহকে ঈশ্বৰৰ প্ৰতিনিধি, ঈশ্বৰৰ অৱতাৰ বা "প্ৰভু ঈশ্বৰ" ৰূপে বিশেষভাৱে শ্ৰদ্ধা নকৰিবা৷”
~ দেৱকান্ত সন্দিকৈ ~

২০২৩
“আকৰ্ষণীয় হ’বলৈ আপুনি আকৰ্ষণীয় অনুভৱ কৰিব‌ই লাগিব।”
~ মেৰিলিন মন্‌ৰ' ~
 



২০২৩
“স্বাস্থ্যলৈ মন কৰিবা। যদি তুমি সুস্বাস্থ্যৰ অধিকাৰী, তেন্তে তাৰ বাবে ঈশ্বৰক ধন্যবাদ জনাবা। বিবেকৰ পিছতেই জীৱনৰ আটাইটকৈ মূল্যৱান বস্তু হ'ল স্বাস্থ্য।”
~ আইজাক ৱাল্টন ~



২০২৩
“আমাৰ বাবে ভালপোৱা আৰু যত্নৰ নাম -মা; ভালপোৱা আৰু ভয় সমীহৰ নাম-দেউতা; ভালপোৱা, সহায় আৰু সহানুভূতিৰ নাম-ভনী; ভালপোৱা, কাজিয়া আৰু বুজা-বুজিৰ নাম-ভাই বা ককাই; ভালপোৱা আৰু জীৱনৰ নাম- পত্নী; কিন্তু ভালপোৱা,যত্ন, ভয়-সমীহ, সহানুভূতি, কাজিয়া, বুজা-বুজি আৰু জীৱনৰ সকলো সংমিশ্ৰণৰ নাম এটা। সেয়ে হৈছে বন্ধু। গতিকে ভাল বন্ধুতকৈ ডাঙৰ সম্বন্ধ একো নাই।”
~ সোণ হৰিণৰ চেঁকুৰ, (অনুৰাধা শৰ্মা পূজাৰী) ~

২০২৩
“গণতন্ত্ৰৰ প্ৰধান অসুবিধা হ’ল এইটোৱেই যে এই ব্যৱস্থাত মানুহৰ মূৰৰ ওজন নলৈ কেৱল সেইবোৰ গন্তি কৰা হয়৷”
~ ৱিলিয়াম ৰালফ ইঞ্জ ~
 



২০২৩
“মই সূৰ্য্যৰ অংশ যিদৰে মোৰ চকু, মোৰ অংশ। মই যে পৃথিৱীৰ অংশ, মোৰ ভৰি দুখনে নিখুঁতভাৱে জানে, আৰু মোৰ তেজ সাগৰৰ অংশ। মোৰ আত্মাই জানে যে মই মানৱ জাতিৰ অংশ, মোৰ আত্মা মহান মানৱ আত্মাৰ এক জৈৱিক অংশ, যিদৰে মোৰ আত্মা মোৰ জাতিৰ অংশ। নিজৰ মাজতে মই মোৰ পৰিয়ালৰ অংশ। মোৰ মনটোৰ বাহিৰে অকলশৰীয়া আৰু নিৰপেক্ষ মোৰ একোৱেই নাই, আৰু আমি দেখিম যে মনটোৰো নিজৰ কোনো অস্তিত্ব নাই, ই কেৱল পানীৰ ওপৰত সূৰ্য্যৰ জিলিকনি।”
~ ডি এইচ লৰেন্স ~
 



২০২৩
“বহুতো মানুহে নিজৰ বৃত্তিৰ প্ৰয়োজনত জীৱনৰ বেছিভাগ সময়ত চহৰত বাস কৰিবলগীয়া হয়। কিন্তু সপ্তাহৰ অন্তত তেওঁলোকে ঘৰলৈ আহি ফুলৰ বাগিচাত কাম কৰে। এই কাম কৰি তেওঁলোকে একো আৰ্থিক প্ৰতিদান নাপায়। এই কাম কৰিবলৈ তেওঁলোকক কোনেও বাধ্যও নকৰে। কিন্তু যেতিয়া বসন্তৰ আগমনৰ লগে লগে তেওঁৰ ফুলৰ বাগিচাখন নতুনকৈ ফুলা ফুলেৰে জাতিষ্কাৰ হৈ উঠে তেতিয়া তেওঁ বিমল আনন্দ অনুভৱ কৰে। সেই আনন্দ হ’ল সৌন্দৰ্য সৃষ্টি কৰাৰ আনন্দ।”
~ বাৰ্ট্ৰাণ্ড ৰাছেল ~
 



২০২৩
“সঁচা দোষখিনি দেখুৱাই দিলেই যদি শত্ৰু হ’ব লগা হয়, তেন্তে মিত্ৰ হৈ থকাতকৈ শত্ৰু হৈ থকা বৰং উপকাৰহে।”
~ কমলাকান্ত ভট্টাচাৰ্য ~
 



২০২৩
“সামগ্ৰিকভাৱে মানুহৰ আচৰণৰ মান নিৰ্ভৰ কৰে তেওঁৰ তিনিটা সম্পৰ্কৰ ওপৰত, সমাজৰ লগত তেওঁৰ সম্পৰ্ক, নিজৰ কামৰ লগত তেওঁৰ সম্পৰ্ক আৰু বিপৰীত লিংগৰ লগত তেওঁৰ সম্পৰ্ক৷”
~ আলফ্ৰেড এডলাৰ ~
 



২০২৩
“দেশ এখনৰ মানুহবোৰৰ ওপৰত আধিপত্য কৰিবলৈ যেনেকৈ এজন ৰজা থাকে, আৰু এই ৰজাৰ ওপৰত আধিপত্য কৰিব পৰা ভগৱানো থাকে, ঠিক তেনেকৈ মানুহৰ সকলো অংগ-প্ৰত্যংগৰ ওপৰত- প্ৰত্যেক ৰিপুৰ ওপৰত আধিপত্য কৰিবলৈ আন এজন ৰজাও থাকে৷… মানুহৰ মনটোৱেই হ’ল মানুহৰ দেহটোৰ ৰজা, কিন্তু এই ৰজাৰ ওপৰত আধিপত্য কৰিব আনকি ভগৱানেও নোৱাৰে৷ কি ভাল, কি বেয়া, সকলোৰে সীমা পাৰ হৈয়ো ভাবিব পৰা অবাধ স্বাধীনতা তাৰ সীমাহীন- তাৰ ওপৰত কৰ্তৃত্ব কৰিব পৰা শক্তি তোমাৰ নাই, মোৰ নাই, কাৰোৱেই নাই৷”
~ অসীমত যাৰ হেৰাল সীমা, (কাঞ্চন বৰুৱা) ~



২০২৩
“মই ভিত্তি স্থাপন কৰিব লাগিব, যে প্ৰাথমিক মানসিক শক্তিৰ উৎপত্তিৰ লগত মোৰ কোনো সম্পৰ্ক নাই, জীৱনৰ উৎপত্তিৰ লগত মোৰ যিমান সম্পৰ্ক আছে। আমি কেৱল প্ৰবৃত্তিৰ বৈচিত্ৰ্য আৰু একেটা শ্ৰেণীৰ ভিতৰত থকা জীৱ-জন্তুৰ অন্যান্য মানসিক গুণৰ প্ৰতিহে চিন্তিত।”
~ চাৰ্লছ ডাৰ‌উইন ~
 



২০২৩
“ভাল গুণ আৰু সু-অভ্যাস গঠনৰ কাৰণে ল’ৰা-ছোৱালীৰ আগত মহৎ লোকৰ জীৱনৰ মহৎ কাৰ্যাৱলী আৰু গুণাগুণৰ চানেকি দাঙি ধৰিব লাগে৷”
~ প্লেটো ~
 



২০২৩
“আমি চৰাইৰ দৰে উৰিবলৈ শিকিছোঁ, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছোঁ কিন্তু পৃথিৱীত ভাতৃৰ দৰে বাস কৰিবলৈ শিকা নাই৷”
~ মাৰ্টিন লুথাৰ ~



২০২৩
“মই অকলে পৃথিৱীখন সলাব নোৱাৰোঁ, কিন্তু পানীত এটা শিলগুটি দলিয়াই বহুতো তৰঙ্গৰ সৃষ্টি কৰিব পাৰোঁ।”
~ মাদাৰ টেৰেছা ~
 



২০২৩
“উদ্দেশ্য কেতিয়াও গন্তব্যস্থান নহয়, ই যাত্ৰাৰ নামান্তৰ মাত্ৰ। যিয়ে এই সহজ সত্যটো বুজি পায়, তেওঁলোকেহে প্ৰকৃত সুখ অনুভৱ কৰিব পাৰে।”
~ দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ, (অমিষ ত্ৰিপাঠী) ~



২০২৩
“তেজীমলাক মাকে ঢেঁকীত খুন্দি মাৰিলে, তেজীমলা লাউগছ হৈ গজিল। লাউগছ কাটি পেলালে জৰাগছ হৈ গজিল। জৰাগছ কাটি পেলালে পদুম হৈ গজিল, তাৰ পিছত পদুমৰ পৰা আকৌ তেজীমলা হ'ল। তেজীমলাক মাৰিব নোৱাৰিলে- কাৰণ তেজীমলাই জীয়াই থাকিব খুজিছিল। জীয়াই থাকিম বুলি ঠিক কৰা মানুহক কোনেও মাৰিব নোৱাৰে।”
~ মায়াবৃত্ত, (ৰীতা চৌধুৰী) ~



২০২৩
“প্ৰত্যেক মানুহৰ চৰিত্ৰবোৰ 'তেওঁ তেনেকুৱাই' বুলি এৰি দিব পাৰিলে মানুহৰ সম্পৰ্কবোৰেই সহজ হৈ পৰে।”
~ হৃদয় এক বিজ্ঞাপন, (অনুৰাধা শৰ্মা পূজাৰী) ~



২০২৩
“মানুহে কেৱল নিজৰ কৰ্তব্য কৰি যাব লাগে, যিদৰে গ্ৰহ-তৰাবোৰে নিজৰ কাম কৰি যায় আপোন কক্ষত৷ তাৰ বাবে কোনেও কাৰো প্ৰশংসা বা নিন্দাৰ আশা কৰা উচিত নহয়৷”
~ ঈয়াৰুইঙ্গম, (বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য) ~



২০২৩
“শিক্ষা, একতা, ভ্ৰাতৃত্ববোধ, সাম্যবাদ, সাক্ষৰতাই একমাত্ৰ উন্নতিৰ পথ৷ মানুহৰ মাজত সম্প্ৰদায়গত কোনো প্ৰভেদ নাই৷ গণতন্ত্ৰ, সাম্যবাদ আৰু ভ্ৰাতৃত্বই হ’ল মানুহৰ উন্নতিৰ মহামন্ত্ৰ৷”
~ হজৰত মহম্মদ ~



২০২৩
“যি নিতান্ত নিৰ্ভুলকৈ এখন বিৰাট গ্ৰন্থ ৰচনা কৰিবলৈ বাট চাই থাকে, তেওঁ কাহানিও গ্ৰন্থকাৰ হৈ ওলাব নোৱাৰে।”
~ সূৰ্য্যকুমাৰ ভূঞা ~