দালাই লামা
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক

দালাই লামা (ইংৰাজী: Dalai Lama) বৌদ্ধসকলৰ এটা প্ৰধান সম্প্ৰদায় ডেগ-লুগছ-পাৰ (Dge-Lugs-Pa) মুখ্য ব্যক্তি। অতি প্ৰভাৱশালী এই সম্প্ৰদায়টোৰ নেতা হিচাপে দালাই লামাও যথেষ্ট ক্ষমতাসম্পন্ন আছিল। ১৯৫৯ চনলৈকে দালাই লামা আছিল তিব্বতীসকলৰ প্ৰধান শাসনকৰ্তা আৰু ধৰ্মযাজক।
উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]
- যদি তুমি আন মানুহ সুখী হোৱাটো বিচৰা, তেন্তে কৰুণাৰ অনুশীলন কৰিবা। যদি তুমি নিজে সুখী হ'বলৈ বিচৰা তেন্তে কৰুণাৰ অনুশীলন কৰিবা।[১]
- মোৰ ধৰ্মটো হ’ল নিচেই সৰল; মোৰ ধৰ্ম হ’ল পৰোপকাৰ৷[২]
- ধৈৰ্য পৰীক্ষাৰ বাবে শত্ৰুৰ আৱশ্যক৷ শত্ৰুৰ কাৰ্যকলাপ অবিহনে ধৈৰ্য আৰু সহিষ্ণুতাৰ কোনো কাম নাই৷ বন্ধুৱে আমাক সাধাৰণতে পৰীক্ষা কৰি নাচায় বা ধৈৰ্য ধৰাৰ বাবে সুযোগ নিদিয়ে৷ কেৱল শত্ৰুৱেহে দিয়ে৷[৩]
- প্ৰেম আৰু মমতা আৱশ্যকীয় বস্তু, বিলাসীতা নহয়। তাৰ অবিহনে মানৱতা জীয়াই থাকিব নোৱাৰে।[৪]
- মনত ৰাখিব যে শ্ৰেষ্ঠ সম্পৰ্ক হ’ল সেই সম্পৰ্ক য’ত আপোনাৰ ইজনে সিজনৰ প্ৰতি থকা প্ৰেমে ইজনে সিজনৰ প্ৰতি থকা প্ৰয়োজনীয়তাক অতিক্ৰম কৰে।[৪]
- মৌনতাই কেতিয়াবা সৰ্বোত্তম উত্তৰ।[৪]
- যদি কোনো সমস্যা সমাধান কৰিব পৰা যায়, যদি কোনো পৰিস্থিতি এনে হয় যে আপুনি ইয়াৰ বাবে কিবা এটা কৰিব পাৰে, তেন্তে চিন্তা কৰাৰ প্ৰয়োজন নাই। যদি ঠিক কৰিব নোৱাৰি, তেন্তে চিন্তা কৰিও একো সলাব পৰা নাযায়। গতিকে যিকোনো পৰিস্থিতিতে অতিশয় চিন্তা কৰি কোনো লাভ নাই।[৪]