সমললৈ যাওক

দালাই লামা

ৱিকিউদ্ধৃতিৰ পৰা
টেনজিং গিয়াত্‍ ছো, চতুৰ্দশ দালাই লামা

দালাই লামা (ইংৰাজী: Dalai Lama) বৌদ্ধসকলৰ এটা প্ৰধান সম্প্ৰদায় ডেগ-লুগছ-পাৰ (Dge-Lugs-Pa) মুখ্য ব্যক্তি। অতি প্ৰভাৱশালী এই সম্প্ৰদায়টোৰ নেতা হিচাপে দালাই লামাও যথেষ্ট ক্ষমতাসম্পন্ন আছিল। ১৯৫৯ চনলৈকে দালাই লামা আছিল তিব্বতীসকলৰ প্ৰধান শাসনকৰ্তা আৰু ধৰ্মযাজক।

  • যদি তুমি আন মানুহ সুখী হোৱাটো বিচৰা, তেন্তে কৰুণাৰ অনুশীলন কৰিবা। যদি তুমি নিজে সুখী হ'বলৈ বিচৰা তেন্তে কৰুণাৰ অনুশীলন কৰিবা।[]
  • মোৰ ধৰ্মটো হ’ল নিচেই সৰল; মোৰ ধৰ্ম হ’ল পৰোপকাৰ৷[]
  • ধৈৰ্য পৰীক্ষাৰ বাবে শত্ৰুৰ আৱশ্যক৷ শত্ৰুৰ কাৰ্যকলাপ অবিহনে ধৈৰ্য আৰু সহিষ্ণুতাৰ কোনো কাম নাই৷ বন্ধুৱে আমাক সাধাৰণতে পৰীক্ষা কৰি নাচায় বা ধৈৰ্য ধৰাৰ বাবে সুযোগ নিদিয়ে৷ কেৱল শত্ৰুৱেহে দিয়ে৷[]
  • প্ৰেম আৰু মমতা আৱশ্যকীয় বস্তু, বিলাসীতা নহয়। তাৰ অবিহনে মানৱতা জীয়াই থাকিব নোৱাৰে।[]
  • মনত ৰাখিব যে শ্ৰেষ্ঠ সম্পৰ্ক হ’ল সেই সম্পৰ্ক য’ত আপোনাৰ ইজনে সিজনৰ প্ৰতি থকা প্ৰেমে ইজনে সিজনৰ প্ৰতি থকা প্ৰয়োজনীয়তাক অতিক্ৰম কৰে।[]
  • মৌনতাই কেতিয়াবা সৰ্বোত্তম উত্তৰ।[]
  • যদি কোনো সমস্যা সমাধান কৰিব পৰা যায়, যদি কোনো পৰিস্থিতি এনে হয় যে আপুনি ইয়াৰ বাবে কিবা এটা কৰিব পাৰে, তেন্তে চিন্তা কৰাৰ প্ৰয়োজন নাই। যদি ঠিক কৰিব নোৱাৰি, তেন্তে চিন্তা কৰিও একো সলাব পৰা নাযায়। গতিকে যিকোনো পৰিস্থিতিতে অতিশয় চিন্তা কৰি কোনো লাভ নাই।[]
  • মন্দিৰৰ দৰকাৰ নাই, জটিল দৰ্শনৰো প্ৰয়োজন নাই। আপোনাৰ মস্তিষ্ক আৰু হৃদয়েই আপোনাৰ মন্দিৰ।[]
  • কেৱল প্ৰাৰ্থনাৰে নহয়, প্ৰতিদিনৰ জীৱনত আমি আনক সহায় কৰা উচিত৷[]
  • সুখ আচলতে তৈয়াৰ কৰি ৰখা সামগ্ৰী নহয়।সুখ মানুহৰ নিজৰ কৰ্মৰ দ্বাৰা সৃষ্টি কৰি লয়।[উৎসৰ প্ৰয়োজন]
  • মই বিশ্বাস কৰো যে ব্যক্তি কিছুমানৰ অপৰাধৰ কাৰণে ৰাষ্ট্ৰক দোষ দিয়াটো বৰ্তমান যুগৰ এক ডাঙৰ বিপদ আৰু অভিশাপ।[]
  • মই হিন্দু , জৈন,খ্ৰীষ্ট্ৰিয়ান ধৰ্মৰ পবিত্ৰ স্থানবোৰলৈ গৈ সেই ধৰ্মৰ জ্ঞানী লোকৰ লগত ভাৱ বিনিময় কৰিছিলো। মই জানি সুখী হৈছিলো যে সকলো ধৰ্মতে বহুত কথাই মিল আছে।[]
  • আধ্যাত্মিক অনুশীলনৰ দ্বাৰা লাভ কৰা সুখৰ লগত অন্য কোনো সুখেই তুলনা নহয়। এয়া সৰ্বশ্ৰেষ্ঠ সুখ আৰু সৰ্বোৎকৃষ্ট ধৰনৰ পৰম সুখ। বিভিন্ন ধৰ্মই এই সুখ আয়ত্ত কৰিবলৈ নিজৰ নিজৰ পত দেখুওৱাই দিছে।[]
  • মনৰ কোনো আকৃতি নাই;গতিকে ইয়াৰ উৎপত্তিস্থল বা কাৰণৰো কোনো আকৃতি থাকিব নালাগিব। সেই অনুৰূপ সূত্ৰমতে ঔষধি গছৰ গুটিবোৰৰ পৰা গুণৰ বাবেই তাৰ পৰা ঔষধ তৈয়াৰ কৰা হয়; তেনেকৈ বিষাক্ত গছৰ গুটিৰপৰা বিহকে তৈয়াৰ কৰিব পাৰি।[]
  • চৌ এন লাইক মোৰ সদায় বন্ধুত্বপূৰ্ণ যেনেই লাগিছিল,কিন্তু মাও জে টুঙৰ দৰে স্পষ্টবাদী আৰু খোলা মনৰ নহয় যেন লাগিছিল। তেওঁ খুব বেছি নম্ৰ , ভদ্ৰ আৰু মধুৰ প্ৰকৃতিৰ আছিল। তেওঁৰ যেন নিজৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ আছিল।[]
  • চীনৰ ৰাজনৈতিক সভাবোৰত মানি চলা এটা কথাই মোক আকৃষ্ট কৰিছিল;সেইটো হ'ল ৰাজনৈতিক নেতাসকলৰ দুঃসাধ্য দীঘলীয়া ভাষণ।[]
  • ৰাজনীতিৰ প্ৰতি মোৰ বিতৃষ্ণাৰ ভাৱৰ সৃষ্টি হৈছিল। তিব্বতৰ মানুহৰ প্ৰতি মোৰ দায়িত্ব নথকা হ'লে মই হাঁহিমুখে ৰাজনীতিৰ পৰা অৱসৰ ল'লোহেঁতেন।[]
  • মই মুছৌৰীত ভৰি দিয়াৰ পিছতে নেহেৰুৱে মোক দেখা কৰিবলৈ আহিছিল।[]
  • তিব্বতৰ বহুতো পুৰুষ মহিলাই বিশ্বাস কৰে যে চীনাসকলে তেওঁলোকক বন্ধ্যাকৰণ কৰিছিল।তেওঁলোকে আন্তৰ্জাতিক আয়োগৰ আগত এক যন্ত্ৰণাদায়ক অস্ত্ৰোপচাৰৰ বিৱৰণ দাঙি ধৰিছিল।[]
  • চীনৰ তিব্বতৰ ওপৰত সাৰ্বভৌম কৰ্তৃত্বৰ দাবী হ'ল গ্ৰেট ব্ৰিটেইন আৰু ৰাছিয়াৰ মাজত হোৱা ১৯০৭ চনৰ চুক্তিখনৰ ওপৰত ভিত্তি কৰি। এই খিনিতে উল্লেখ কৰিব পাৰি যে এই চুক্তিখনত তিব্বত কোনো এটা পক্ষ হিচাবে নাছিল আৰু কোনো ৰণেৰে ইয়াৰ দ্বাৰা চুক্তিবদ্ধ হোৱা নাছিল।[]
  • তিব্বত চৰকাৰৰ মুৰব্বী হিচাবে মই ক'ব খোজো যে ১৯৫০ চনৰ ৭অক্টোবৰত যি ঘটনা ঘটিছিল, সেয়া মোৰ দেশৰ বিৰুদ্ধে সন্দেহাতীতভাবে চীনাসকলৰ আক্ৰমণ আছিল।[]
  • তিব্বত চৰকাৰে ৰাষ্ট্ৰসংঘৰ সহায় বিচাৰি আবেদন জনাইছিল। তিব্বতীয় সোৰ পৰাজয় আৰু বহুত চেষ্টা কৰিও ৰাষ্ট্ৰসংঘৰ সহায় নোপোৱাত আমি পিকিঙলৈ এটা প্ৰতিনিধি দল পঠাবলৈ বাধ্য হৈছিলো। ১৯৫১ চনৰ ২৩ মে'ৰ দিনা প্ৰতিনিধি লাটোৱে পৰিস্থিতিত পৰিহে সোতৰ দফীয়া চুক্তিখনত স্বাক্ষৰ কৰিবলৈ বাধ্য হৈছিল।[]
  1. নিয়মীয়া বাৰ্তা, ১৪ মে', ২০২১
  2. উক্তি সঞ্চয়ন, শ্ৰী ৰাম চন্দ্ৰ ভূঞা; পৃ: নং,১৮, প্ৰকাশিকা বীণা বৰা ভূঞা
  3. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ১৫৮, প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ
  4. ৪.০ ৪.১ ৪.২ ৪.৩ https://www.goodreads.com/author/quotes/570218.Dalai_Lama_XIV
  5. ৫.০ ৫.১ দালাই লামা. আহৰণ কৰা হৈছে: 5 ফেব্ৰুৱাৰী 2024.
  6. ৬.০ ৬.১ ৬.২ ৬.৩ ৬.৪ ৬.৫ ৬.৬ ৬.৭ ৬.৮ My land and my people(Autobiography of Dalai lama,author= Dalai lama।
  7. ৭.০ ৭.১ ৭.২ দালাই লামা, অনুবাদ - ইন্দ্ৰাণী লস্কৰ (২০১৭)। মোৰ দেশ মোৰ মানুহ। গুৱাহাটী। লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা:২৪৪-২৪৯। ISBN: 978-81-7331-3646
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: