হজৰত মহম্মদ
অৱয়ব
| এই প্ৰবন্ধটো মুহাম্মাদ নামৰ পৃষ্ঠাৰ সৈতে একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
হজৰত মহম্মদ (২৯ আগষ্ট ৫৭০[১] – ৮ জুন ৬৩২[২]; মুহাম্মাদ[৩], মোহাম্মাদ আৰু মহম্মদ নামেৰেও পৰিচিত; সম্পূৰ্ণ নাম: আবু আল-কাশ্বিম মুহাম্মাদ ইবনে আব্দুল্লাহ ইবনে আব্দল মুত্তালিব ইবনে হাশ্বিম) হ'ল ইছলাম ধৰ্মত আল্লাহৰ বাৰ্তা প্ৰেৰক আৰু ইছলামী বিশ্বাসমতে আল্লাহ (ইছলাম ধৰ্মত ঈশ্বৰ)ৰ দ্বাৰা প্ৰেৰিত সৰ্বশেষ নবী[৪]। তেখেত ইছলাম ধৰ্মৰ পথ প্ৰদৰ্শক।[৫]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- অন্ন বস্ত্ৰৰ কাৰণে মানুহে ভিক্ষা কৰাতকৈ হাবিত খৰি কাটি উপাৰ্জন কৰা বেছি ভাল৷[৬]
- কেতিয়াও অসৎ লোকৰ লগত নুফুৰিবা, প্ৰয়োজন হ’লে অকলেই ফুৰিবা৷[৬]
- প্ৰচাৰৰ কথা নাভাবি কাম কৰি যোৱা, এদিন কামেই তোমাক প্ৰচাৰ কৰিব৷[৬]
- কোনে কৈছে সেইটোলৈ মন নকৰি কি কৈছে তাতহে মনোযোগ দিবা৷[৬]
- জুয়ে শুকান খৰি পুৰি ছাই কৰাৰ দৰে ঈৰ্ষায়ো সকলো ভাল কাম নষ্ট কৰি পেলায়৷[৬]
- আজিৰ কাম কাইলৈ কৰিম বুলি কোনো কামকেই অৱহেলা নকৰিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ’ব সেয়া তুমি নাজানা৷[৬]
- হিংসা কেতিয়াও নকৰিবা৷ জুয়ে যেনেকৈ খৰি পোৰে, হিংসাই তেনেকৈ পূণ্যসমূহ নাইকিয়া কৰে৷[৬]
- অমূল্য মানৱ জীৱন ৰং ধেমালিৰ নিমিত্তে সৃষ্টি হোৱা নাই, মহৎ, উন্নত আৰু বৃহৎ উদ্দেশ্য সাধনৰ অৰ্থেহে সৃষ্টি হৈছে৷
- যাৰ অন্তৰত খুদকণটোৰ সমানো অহংকাৰৰ লেশ থাকে তেওঁ স্বৰ্গত প্ৰৱেশ কৰিব নোৱাৰে৷[৬]
- আনক নিন্দা কৰাৰ পৰা সদায় বিৰত থাকিবা, কাৰণ পৰনিন্দা ব্যভিচাৰতকৈ কঠিনতৰ৷ মানুহে ব্যভিচাৰ কৰি অনুতাপ কৰিলে ঈশ্বৰে মাৰ্জনা কৰে৷ পৰনিন্দা কৰোতাই কিন্তু যেতিয়ালৈকে যাক নিন্দা কৰে সি যদি ক্ষমা নকৰে, তেন্তে তাক ঈশ্বেই ক্ষমা নকৰে৷[৬]
- শিক্ষা, একতা, ভ্ৰাতৃত্ববোধ, সাম্যবাদ, সাক্ষৰতাই একমাত্ৰ উন্নতিৰ পথ৷ মানুহৰ মাজত সম্প্ৰদায়গত কোনো প্ৰভেদ নাই৷ গণতন্ত্ৰ, সাম্যবাদ আৰু ভ্ৰাতৃত্বই হ'ল মানুহৰ উন্নতিৰ মহামন্ত্ৰ৷[৭]ৱ
- তুমি ঈশ্বৰক ভাল পাব খোজানে? তেনেহ’লে প্ৰথমে মানুহক ভালপোৱা।[৮]
- মানুহৰ লগত সদায় হাঁহি মুখে কথা কবা। কোনোৱে তোমাক বেয়া পালে তুমি তাৰ কু-চৰ্চ্চা নকৰিবা।[৯]
- তেঁৱেই প্ৰকৃত বিশ্বাসী, যি সুখৰ সময়ত আল্লাৰ ওচৰত কৃতজ্ঞ থাকে আৰু দুখৰ সময়ত নিজক আল্লাৰ হাতত সমৰ্পণ কৰে।[৯]
- যদি কোনে৷ মানুহে মোৰ উপকাৰ কৰে, তেন্তে মই তেওঁৰ উপকাৰ কৰিম; কিন্তু যদি কোনো মানুহে মোৰ অপকাৰ কৰে, তেন্তে মই তাৰ অপকাৰ কৰিম, এনে কথা নকবা। বৰং প্ৰতিজ্ঞা কৰা যে, যদি আনে মোৰ অপকাৰ কৰে, তেন্তে মই তেওঁৰ উপকাৰ কৰিম আৰু যদি কোনেৱে মোক অত্যাচাৰ কৰে তেন্তে মই তেওঁৰ কেতিয়াও অন্যায় নকৰোঁ।[৯]
- ভিক্ষা নামাগিবা। ধন নিজে ঘটি দুখীয়া-নিচলাৰ সহায়হে কৰিবা। অৱস্থাই যদি তোমাক ভিক্ষা কৰিবলৈ বাধ্য কৰায়, তেন্তে আল্লাৰ ওচৰতহে ভিক্ষা কৰিবা।[৯]
- সৰু-বৰ ভাৱ অধৰমীৰ। আল্লাৰ চকুত সকলো সমান। তোমালোকে দুৰ্ব্বলক সবলৰ কবলৰ পৰা ৰক্ষাহে কৰিবা।[৯]
- তিৰোতাক সম্মান কৰিবা। তেওঁলোকৰ ওপৰত তোমালোকৰ যেনে অধিকাৰ, তোমালোকৰ ওপৰতো তেওঁলোকৰ তেনে অধিকাৰ।[৯]
- যাৰ মাক-বাপেক নাই, তাক আদৰ-যত্ন কৰিবা। তোমালোকে যি খোৱা বেটী— চাকৰকো তাকে খাবলৈ দিবা। তোমালোকে যি পিন্ধা, সিহঁতকো তাকে পিন্ধিবলৈ দিবা।[৯]
উত্স
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Amir Ali Syed (1902). "1st" (English ভাষাত). The spirit of Islam; or, The life and teachings of Mohammed. প্ৰকাশক 54, College Street, Calcutta: S.K Lahiri & C0.. পৃষ্ঠা. https://ia801407.us.archive.org/8/items/spiritofislamorl00alisrich/spiritofislamorl00alisrich.pdf
- ↑ বিশ্বনবী হজৰত মুহাম্মাদ (ছাঃ)-ৰ জীৱন আৰু নবুয়্যতৰ কাৰ্যকাল কিতাপঃ দা স্পিৰিট অব্ ইছলাম লেখক:চাৰ চৈয়দ আমীৰ আলী; অনুবাদকঃ ড॰ ৰশ্বীদুল আলম; শিৰোনাম: ৰাছুল মুহাম্মাদ; প্ৰকাশক: আবুল কালাম মল্লিক, মল্লিক ব্ৰাদাৰ্ছ, ৫৫ কলেজ ষ্ট্ৰীট, কলিকাতা; পৃষ্ঠা: ৭১; ২য় প্ৰকাশ; মূল ভাষা: ইংৰাজী, অনূদিত ভাষা: বঙালী; প্ৰথম পৰ্ব, প্ৰথম অধ্যায়
- ↑ Elizabeth Goldman (1995), p. 63, gives 8 June 632, the dominant Islamic tradition. Many earlier (mainly non-Islamic) traditions refer to him as still alive at the time of the invasion of Palestine. See Stephen J. Shoemaker,The Death of a Prophet: The End of Muhammad's Life and the Beginnings of Islam, University of Pennsylvania Press, 2011.
- ↑ Simon Ross Valentine (2008). Islam and the Ahmadiyya Jama'at: History, Belief, Practice. Columbia University Press. পৃষ্ঠা. 134. ISBN 978-1-85065-916-7.
- ↑ Morgan, Diane (2009). Essential Islam: A Comprehensive Guide to Belief and Practice. পৃষ্ঠা. 101. ISBN 978-0-313-36025-1।
- ↑ ৬.০ ৬.১ ৬.২ ৬.৩ ৬.৪ ৬.৫ ৬.৬ ৬.৭ ৬.৮ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা
- ↑ মহৎ লোকৰ অমৃত বাণী, সম্পাদনা:জয়চন্দ্ৰ চক্ৰৱৰ্তী, পৃ. ১
- ↑ অপূৰ্ব তালুকদাৰ। মহৎ লোকৰ বাণী। নিষ্ঠা প্ৰকাশন, পৃষ্ঠা:১।
- ↑ ৯.০ ৯.১ ৯.২ ৯.৩ ৯.৪ ৯.৫ ৯.৬ অমৰ কাহিনী,কাশী নাথ বৰ্মন, গ্ৰন্থাকাৰৰ দ্বাৰা প্ৰকাশিত,১৯৪৯