লিঅ'নাৰ্ড' দা ভিন্সি
অৱয়ব

লিঅ’নাৰ্ড’ দা ভিন্সি বা লিঅ’নাৰ্ড’ দি চেৰ পিয়েৰ’ দা ভিন্সি (ইংৰাজী: Leonardo di ser Piero da Vinci; ১৫ এপ্ৰিল ১৪৫২ – ২ মে' ১৫১৯) আছিল ইটালীয়ান নৱজাগৰণ যুগৰ এজন বহুমুখী প্ৰতিভাৰ ব্যক্তি; একাধাৰে চিত্ৰশিল্পী, ভাস্কৰ্যবিদ, স্থপতিবিদ, সঙ্গীতজ্ঞ, বিজ্ঞানী, গণিতজ্ঞ, অভিযন্তা, উদ্ভাৱক, শৰীৰ-বিজ্ঞানী, ভূ-বিজ্ঞানী, উদ্ভিদ বিশেষজ্ঞ আৰু লেখক। "জিনিয়াছ" আখ্যা পোৱা এইজন ব্যক্তিয়ে সম্ভৱ সমসাময়িক আন সকলো ব্যক্তিতকৈ বেছি নৱজাগৰণৰ মানৱতাবাদী আদৰ্শক দাঙি ধৰিছিল। লিঅ’নাৰ্ড’ক প্ৰায়েই "অদম্য অনুসন্ধিৎসু মন" আৰু "অসম্ভৱ কল্পনাশক্তি" সমৃদ্ধ বহুমুখী দক্ষতাৰ প্ৰতিভূৰূপে অভিহিত কৰা হয়। তেওঁক সৰ্বকালৰ এজন মহান চিত্ৰশিল্পী হিচাপে আৰু সম্ভৱতঃ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা সকলোতকৈ প্ৰতিভাশালী ব্যক্তি হিচাপে গণ্য কৰা হয়।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- অন্তিম সময়ত প্ৰতিৰোধ কৰাতকৈ আৰম্ভণিতে কৰাই সহজ।
- এটা ধুনীয়া শৰীৰৰ নাশ হয়, কিন্তু এক শিল্প কৃতি অবিনশ্বৰ।[১]
- চিত্ৰাংকন হৈছে কবিতা যাক দেখা যায় আৰু শুনা নাযায়, আৰু কবিতা হৈছে এক চিত্ৰ যাক শুনা যায় কিন্তু দেখা নাযায়। এই দুই কলাই, আপুনি এইসমূহক কবিতা বা চিত্ৰকলা দুয়োটা বুলিব পাৰে, ইয়াত বুদ্ধিমত্তালৈ প্ৰৱেশ কৰা সংজ্ঞাৰ সালসলনি কৰিছে।
- সেই প্ৰতিকৃতিয়েই সৰ্বোৎকৃষ্ট, য’ত ফুটি উঠে অভ্যন্তৰৰ অনুভূতিৰ প্ৰতিফলন৷[২]
- ধৈৰ্যহীনতাই মূৰ্খামিৰ জননী আৰু সি বাস কৰে ক্ষুদ্ৰতাত৷ [২]
- চিত্ৰকৰৰ আত্মা হ’ব লাগিব এখন আইনাৰ দৰে৷ তাৰ ওপৰত যি বস্তুৰেই প্ৰতিবিম্ব পৰিব, সি তাৰেই ৰং গ্ৰহণ কৰিব৷ দাপোণৰ সম্মুখলৈ যি বস্তুৱেই আহে, সিয়েই প্ৰতিবিম্বিত হৈ দাপোণৰ ভিতৰলৈ যায়৷ হে চিত্ৰকৰ, তুমি যদি প্ৰকৃতিৰ যিকোনো সৃষ্টিকে পুনৰ সৃজনৰ ক্ষমতা আৰু সাৰ্বজনীনতা আয়ত্ত কৰিব নোৱাৰা, তেন্তে জানিবা তুমি কোনোদিনেই সফল নোহোৱা৷ যদি প্ৰতিটো বস্তুকেই ভালকৈ চাই নোলোৱা বা তাৰ চিত্ৰ হৃদয়ত ধাৰণ নকৰা, তেন্তে এনে সৃষ্টিৰ কাম অসম্ভৱ৷[২]
- সংবেদনশীলতা যিমানেই বেছি হয়, সিমানেই ক্ষত-বিক্ষত হৈ কোনোবা ছহীদ হয়৷[২]
- কোনো শাসকৰ শাসনেই স্ব-শাসনতকৈ শ্ৰেষ্ঠ নহয়৷[২]
- গৰম পোছাকে যিদৰে আমাক শীতৰ পৰা ৰক্ষা কৰে, ধৈৰ্যই সেইদৰে আঘাতৰ পৰা ৰক্ষা কৰে৷ শীত বঢ়াৰ আগতেই যদি নিজক ঢাকি ৰাখিব পৰা যায়, তেন্তে শীতে কোনো ক্ষতি কৰিব নোৱাৰিব৷ ঠিক তেনেকৈয়ে, যিমানেই ডাঙৰ আঘাত আহিব, সিমানেই নিজকে ধৈৰ্যশীল কৰি তোলা৷ তেতিয়া কোনো আঘাতেই তোমাৰ আত্মাক স্পৰ্শ কৰিব নোৱাৰিব৷[২]
- সকলো সৌন্দৰ্যৰে মৃত্যু আছে৷ সুন্দৰ মানুহৰো মৃত্যু হয়৷ কিন্তু মৃত্যু নাই কলাৰ৷[২]
- যিজনে এদিনৰ ভিতৰতে ধনী হ’ব খোজে, তেওঁ এবছৰৰ ভিতৰতে ফাঁচীকাঠত ওলমিব লগা হ’ব পাৰে৷[২]
- সমস্ত শিল্প আৰু বিজ্ঞানৰ প্ৰথম অস্ত্ৰ হ’ল অংকন৷ মনতকৈ চকু কম বিভ্ৰান্তকাৰী৷[২]
- (লাষ্ট ছাপাৰ অংকন কৰাৰ সময়ত ডিউকক কোৱা কথা) “আৰু মাত্ৰ দুটা মূৰ আঁকিবলৈ বাকী আছে৷ প্ৰভু খ্ৰীষ্টৰ পৰা স্বৰগীয় মহিমাৰ কল্পনা কৰোঁতে মোৰ যথেষ্ট সময় লাগিছে৷ দ্বিতীয় যিটো মূৰে মোৰ কাৰণে সমস্যাৰ সৃষ্টি কৰিছে, সেইটো হ’ল জুডাছৰ মূৰ৷ যিজন মানুহে (অৰ্থাৎ জুডাছে) প্ৰভু খ্ৰীষ্টৰ পৰা ইমানবোৰ উপকাৰ পায়ো অৱশেষত তেওঁক বিশ্বাসঘাতকতা কৰিলে, সেই মানুহজনৰ মুখখন কল্পনা কৰাটো মোৰ কাৰণে ডাঙৰ সমস্যা হৈ পৰিছে৷ সি যি কি নহওক, জুডাছৰ আৰ্হি বিচাৰি মই আৰু বেছি সময় খৰচ নকৰোঁ৷ মঠৰ প্ৰধান সন্যাসীজনৰ মুখখনৰ আৰ্হি লৈয়েই মই জুদাছৰ মুখখন আঁকিম আৰু ছবিখন সোনকালে শেষ কৰিম৷[৩]
- যিসকলে আলোচনাকালত নানা লেখকৰ উদ্ধৃতি দিয়ে, তেওঁলোকে নিজৰ স্মৃতিহে ব্যৱহাৰ কৰে, নিজৰ বুদ্ধিবৃত্তি জ্ঞানৰ ব্যৱহাৰ নকৰে৷[৪]
- মোৰ বাবে বিজ্ঞানৰ সেইবোৰ তথ্য নিৰৰ্থক আৰু ভ্ৰান্তিৰে পূৰ্ণ যিবিলাক সম্মুখ অভিজ্ঞতাৰ দ্বাৰা বা আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ কোনোবা এবিধৰ প্ৰত্যক্ষ সংস্পৰ্শৰ দ্বাৰা আহৰিত নহয়৷[৫]
- জীৱনটো কেনেকৈ যাপন কৰিব লাগে, সেই কথা শিকি থকাৰ লগতে কেনেকৈ মৰিব লাগে, সেই কথাও মানুহে শিকি থাকিব লাগে।
- যেনেকৈ ব্যৱহাৰ কৰি নাথাকিলে লোৰ হাথিয়াৰত মামৰে ধৰে,আবদ্ধ পানীত পচন উঠে , বা পানী ঠাণ্ডা হ'লে বৰফলৈ ৰূপান্তৰিত হয়, তেনেকৈ ব্যৱহাৰ কৰি নাথাকিলে আমাৰ বুদ্ধিমত্তাও হ্ৰাস পায়।[৬]
- "মই আশ্চৰ্য ঘটনা ঘটাব খোজোঁ।"[৬]
- যিজন মানুহে দৃষ্টিশক্তি হেৰুৱাই পেলাইছে তেওঁ মহাবিশ্বক উপলব্ধিৰ ক্ষমতা হেৰুৱাইছে। এয়া কৱৰস্থলীত জীৱন্তে সমাধিষ্ঠ হোৱাৰ নিচিনা কথা।[৬]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ৰঙালী বিহু সংখ্যা ২০২৩ জনমভূমি, ৰং-তুলিকা, পৃষ্ঠা ১২৯
- ↑ ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ ২.৬ ২.৭ ২.৮ জনাৰ্দ্দন গোস্বামী (২০১৩)। লিওনাৰ্ডো দা ভিঞ্চি-এক কিংবদন্তীৰ জীৱন গাথা। ভবানী বুকছ্, পৃষ্ঠা:১৬৭-১৭১।
- ↑ অন্তহীন প্ৰেৰণা, হোমেন বৰগোহাঞি, পৃ: নং, ৩৪, প্ৰকাশক অনন্ত হাজৰিকা, বনলতা
- ↑ লিওনাৰ্ডো দা ভিঞ্চি, এক কিংবদন্তীৰ জীৱন গাথা, জনাৰ্দ্দন গোস্বামী, পৃ: নং, ৬০, প্ৰকাশক: ভবানী বুকছ
- ↑ ডা ভিন্সিৰ পৰা কি শিকিব পাৰোঁ-৩, ড° সৌৰভ বুঢ়াগোহাঞি, সাদিন, ২৩ এপ্ৰিল, ২০২৩, পৃ: ৪
- ↑ ৬.০ ৬.১ ৬.২ প্ৰেৰণাৰ অন্তহীন উৎস লিও'নাৰ্ড ডা ভিঞ্চি,ডাঃ সৌৰভ বুঢ়াগোহাঁই, প্ৰকাশক বৰ্ণ প্ৰিণ্টাৰ্চ এণ্ড পাব্লিচাৰ্চ
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- Leonardo da Vinci on the Project Gutenberg website (search query):
- The Notebooks of Leonardo Da Vinci (in English, only text, no drawings)
- Brockwell, Maurice Walter, Leonardo Da Vinci, illustrated version available (HTML), E-text N° 7785
- Alternative views on Leonardo da Vinci
- Leonardo da Vinci on the web page of the Italian National Museum of Science and Technology Leonardo da Vinci
- Some digitized notebook pages with explanations from the British Library (Macromedia Shockwave format, slowly working)
- BBC Leonardo homepage
- Analysis of Leonardo's paintings and their riddles - in the context of Dan Brown's novel The Da Vinci Code
- Leonardo's Horse
- Leonardo da Vinci, Master Draftsman
- Drawings of Leonardo Da Vinci
- Web Gallery of Art
- Leonardo and the Renaissance engineers from Institute and Museum of the History of Science
- Leonardo's artworks now visible in Milan
- International Vegetarian Union - about Leonardo's vegetarianism and his stance to animals.

