সূৰ্য্যকুমাৰ ভূঞা

ৱিকিউদ্ধৃতিৰ পৰা

সূৰ্য্যকুমাৰ ভূঞা বা সূৰ্যকুমাৰ ভূঞা (ইংৰাজী: Surjya Kumar Bhuyan; ১৮৯৪-১৯৬৪) অসমৰ এজন গল্পকাৰ, প্ৰবন্ধকাৰ, কবি, বুৰঞ্জীবিদ তথা শিক্ষক আছিল। তেওঁ অসমীয়া সাহিত্য জগতত গল্প, প্ৰবন্ধ, জীৱনী আদি লিখি সমৃদ্ধিশালী কৰি থৈ গৈছে। তেওঁ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ অন্যতম প্ৰতিষ্ঠাপক, ১৯৫৩ চনৰ অসম সাহিত্য সভাৰ সভাপতি হয় আৰু ১৯৫৬ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত হয়। ভূঞা ১৯৫২-৫৩ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হয়। নগাওঁ জিলা বিভাজনৰ আগতে এই জিলাৰ পৰা অসম সাহিত্য সভালৈ নিৰ্বাচিত হোৱা সূৰ্যকুমাৰ ভূঞা আছিল সৰ্বপ্ৰথম ব্যক্তি।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • সেইদেখি সভ্য জগতৰ আগত অসমৰ অতীত গৌৰৱৰ চিনাকি দিবলৈ অসমত বুৰঞ্জী চৰ্চা কৰা প্ৰধান আৱশ্যক৷ তেনেহ’লেহে আমাক সকলোৱে সন্মানৰ চকুৰে চাব আৰু আমাৰ নিজৰ মাজতো বিশ্বাসৰ ভেটি বন্ধোৱা হ’ব৷ যি দেশত মহাপ্ৰাণ কৰ্মী পুৰুষসকলে জন্ম গ্ৰহণ কৰিছে, সেই দেশত সেই ধৰণৰ মহাপ্ৰাণ কৰ্মী পুৰুষসকলৰ পুনৰ আবিৰ্ভাৱ হ’ব পাৰে, এয়ে বুৰঞ্জীৰ বাণী৷[১]
  • যি নিতান্ত নিৰ্ভুলকৈ এখন বিৰাট গ্ৰন্থ ৰচনা কৰিবলৈ বাট চাই থাকে, তেওঁ কাহানিও গ্ৰন্থকাৰ হৈ ওলাব নোৱাৰে।[২]
  • ভাৰতৰ অন্যান্য জাতিয়ে অতীতৰ লিপিবদ্ধ বুৰঞ্জীৰ কাৰণে হা-হুতাহ কৰি মৰিছে, কিন্তু আমি অসমীয়ই সেইকাৰণে অসভ্য, আধা সভ্য আৰু কিম্বদন্তীৰ ওপৰত জাতীয় গৌৰৱৰ মহামন্দিৰ প্ৰতিষ্ঠা কৰিবলগীয়া হোৱা নাই৷ অসমীয়া বীৰপুৰুষ, বীৰাংগনা, ধৰ্মবীৰ, কৰ্মবীৰসকলৰ কাহিনীৰে অসমৰ অতীত প্লাৱিত হৈ আহিছে৷ তেওঁলোকৰ আদৰ্শৰ পৰা যুগ যুগান্তৰ অসমীয়া জাতিয়ে সঞ্জীৱনী মন্ত্ৰ গ্ৰহণ কৰিব আৰু তেওঁলোকৰ মহৎ কাৰ্যাৱলীৰ ফালে সকলো অসমীয়াই একেলগে দৃষ্টিপাত কৰি ঐক্যতানৰ মন্ত্ৰেৰে একত্ৰীভূত হ’ব পাৰিব৷ [৩]
  • সাহিত্য সভা হৈছে অসমীয়া জাতিৰ সাৰ্বজনীন আৰু চিৰন্তন মনোবৃত্তি আৰু পৰিণতিৰ সৰ্বপ্ৰধান মাৰ্গ আৰু সংঘ৷....অসমীয়াৰ উন্নতিৰ উপায় এই সভাতে নিহিত হৈ আছে আৰু অসমীয়াৰ জীৱন-মৰণ নিৰ্ভৰ কৰিছে এই সাহিত্য সভাৰ কল্যাণ অকল্যাণৰ ওপৰতেই৷[৩]
  • অসমীয়াই সকলো এৰিব পাৰে, কিন্তু কামাখ্যা গোঁসানী, শংকৰদেৱৰ ভাগৱত আৰু ৰাম সৰস্বতীৰ মহাভাৰত এৰিলে অসমীয়াৰ অস্তিত্ব নিৰৰ্থক, নিষ্প্ৰভ৷[৩]
  • প্ৰত্যেক অসমীয়াই উপলব্ধি কৰা উচিত যে সাহিত্য সভাৰ উন্নতি সাধন কৰি আমি অসমীয়া একতা ডোলত বান্ধ খাই থাকিম, আমাৰ কৃষ্টি আৰু সভ্যতাৰ সমৃদ্ধি দেশবাসী আৰু পৰদেশবাসী সকলোৱে জানিব পাৰিব আৰু সাহিত্য সাধনাৰ সহায়েৰে আমাৰ মনোভাব উচ্চ কৰিব পাৰিম, সেই উচ্চ মনোভাবৰ সৌৰভ গোটেই জাতীয় জীৱনতে বিয়পি পৰিব৷ যিসকলে স্বাৰ্থসিদ্ধিৰ অভিসন্ধিকে জীৱনৰ একমাত্ৰ কৰ্মপন্থা বুলি ভাবে, তেওঁলোকক সমাজে চিনি পাবলৈ সৰহ পৰ নালাগে৷ এই সুপৱিত্ৰ সাহিত্য সভা অনুষ্ঠানত তেনে স্বাৰ্থান্বেষী মানুহৰ যেন হাট-বাট নহয়৷ তাৰ হন্তে সকলো সজাগ হৈ থকাটো উচিত৷ সহিত্য সভাৰ নিয়ম-প্ৰণালী-আঁচনি-পৰিকল্পনা সকলো বিশুদ্ধভাৱে ৰচিত হ’ব পাৰে, কিন্তু নিঃস্বাৰ্থ পুৰুষে ইয়াৰ দৈনন্দিন কাৰ্য পৰিচালনা নকৰিলে সেই ৰচনাৰ পৰিপাট্য তুলাপাততে যাহ যাব৷[৩]
  • আমাৰ এই দেশ সুপ্ত সিংহৰ দেশ৷ অসমীয়া মানুহৰ গাত থকা সুপ্ত প্ৰতিভা জাগ্ৰত কৰিবলৈ জানিব লাগে, তেতিয়া অসমীয়া অপৰাজেয় শক্তি হৈ সংসাৰ সংগ্ৰামত অগ্ৰসৰ হ’ব৷[৩]
  • অসমীয়াৰ উন্নতিৰ বাটত প্ৰধান প্ৰতিবন্ধক হৈছে, অসমীয়া পাঠক-পাঠিকাৰ সংখ্যা তেনেই তাকৰ৷ কোনোবাই খৰচ কৰি সাধাৰণ মনোৰঞ্জক কিতাপ ছপালে সেই কিতাপ বিক্ৰী কৰি লেখকে ছপা খৰচখিনি উলিয়াব পাৰে, হয়তো লেখকে দুপইচা লাভো কৰিব পাৰে৷ কিন্তু গৱেষণাপূৰ্ণ উচ্চ ধৰণৰ কিতাপ বিক্ৰী কৰাটো অতি টান৷ তেনে ধৰণৰ কিতাপ উলিয়াবলৈ গ্ৰন্থকাৰ আৰু প্ৰকাশক দুয়ো সাতবাৰ ভাবিবলগীয়াত পৰে৷[৩]
  1. এটা জাতিক একতা বান্ধোনেৰে বান্ধিবলৈ হ’লে কিছুমান ৰাজহুৱা এজমালি গৌৰৱপূৰ্ণ বা বিষাদপূৰ্ণ কাহিনী লাগে৷ অসমীয়া জাতিৰ অতীতৰ গৌৰৱ আৰু অতীতৰ সুখ-দুখৰ সৱৰো একে৷ জয়মতীৰ কাহিনী অসমীয়াৰ একতা বন্ধনৰ এধাৰী সাতসৰী কণ্ঠহাৰ৷[৪]


সূৰ্য্য কুমাৰ ভূঞা সম্পৰ্কে বিভিন্ন মন্তব্য[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. অসমৰ জাতি জনগোষ্ঠীৰ ইতিহাসক বিষয় হিচাপে লোৱা ড° সূৰ্য্য কুমাৰ ভূঞা আছিল অসমৰ এক নৱন্যাসিক প্ৰতিভা৷-- ড° অমৰজ্যোতি চৌধুৰী৷ [৫]
  2. ড° সূৰ্য্য কুমাৰ ভূঞাৰ দৰে কৰ্মযোগী আৰু প্ৰতিভাশালী বিদ্বানসকলেই আধুনিক অসমৰ ভেটি সুদৃঢ় কৰাৰ লগতে অসমীয়া জাতিক দিক্ নিৰ্দেশনা প্ৰদান কৰিছে৷ - ড° ৰমেশ চন্দ্ৰ ডেকা৷ [৬]
  3. এটা জাতিক একতা বান্ধোনেৰে বান্ধিবলৈ হ’লে কিছুমান ৰাজহুৱা এজমালি গৌৰৱপূৰ্ণ বা বিষাদপূৰ্ণ কাহিনী লাগে৷ অসমীয়া জাতিৰ অতীতৰ গৌৰৱ আৰু অতীতৰ সুখ-দুখৰ সৱৰো একে৷ জয়মতীৰ কাহিনী অসমীয়াৰ একতা বন্ধনৰ এধাৰী সাতসৰী কণ্ঠহাৰ৷[৭]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া
  2. লীলা গগৈ (১৯৯৪)। টাই সংস্কৃতিৰ ৰূপৰেখা। বনলতা, পৃষ্ঠা:আগকথা। ISBN: 81-7339-079-7
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ প্ৰবীণ গগৈ (২০১০)। সূৰ্য্য কুমাৰ ভূঞা, পৃষ্ঠা:২১,২২, ১৮২, ১৫৪।
  4. মীৰজুমলাৰ অসম আক্ৰমণ, ড° সূৰ্য্যকুমাৰ ভূঞা, গ্ৰন্থকাৰৰ নিবেদন, বাণী মন্দিৰ, ২০০৯
  5. অসমীয়া প্ৰতিদিন, পৃ: নং; ১১, ২৯ জানুৱাৰী, ২০২৩
  6. অসমীয়া প্ৰতিদিন, পৃ: নং; ১১, ২৯ জানুৱাৰী, ২০২৩
  7. মীৰজুমলাৰ অসম আক্ৰমণ, ড° সূৰ্য্যকুমাৰ ভূঞা, গ্ৰন্থকাৰৰ নিবেদন, বাণী মন্দিৰ, ২০০৯

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w: