কাঞ্চন বৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা

ভুৱন মোহন বৰুৱা (ইংৰাজী: Bhubanmohan Baruah; ১৯১৪- ১৯৯৮) অসমৰ এজন ঔপন্যাসিক আৰু চুটিগল্প লেখক। কাঞ্চন বৰুৱা ছদ্মনামৰে তেখেতে কেইবাখনো অসমীয়া উপন্যাস, চুটিগল্প আদিৰে অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াইছে। ১৯১৪ চনত ব্ৰিটিছ ভাৰতৰ প্ৰদেশ অসমৰ ৰাজধানী শ্বিলঙত ভুৱন মোহন বৰুৱাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল ভৈৰৱ চন্দ্ৰ বৰুৱা। তেখেতৰ মাক আছিল প্ৰখ্যাত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱাৰ কন্যা। যোৰহাটৰ প্ৰিঞ্চ অৱ ৱেলচ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা ডিপ্লোমা পাঠ্যক্ৰম সমাপ্ত কৰি ডিগবৈত তেল কোম্পানীৰ চাকৰিত যোগদান কৰে। এঘাৰ বছৰ চাকৰি কৰাৰ অন্তত তেখেতে পুনৰ শ্বিলঙলৈ উভতি যায়। বৰুৱাৰ প্ৰথম উপন্যাস অসীমত যাৰ হেৰাল সীমা। এইখন এখন 'বেষ্ট চেলাৰ' অসমীয়া উপন্যাস। ডিগবৈত চাকৰি কৰি থকা অৱস্থাত চেঙেলীয়া কালতে তেখেতে উপন্যাসখন ৰচনা কৰিছিল।

বৰুৱাই অসম চৰকাৰৰ অধীন চলচ্চিত্ৰ বিত্তীয় ব্যৱস্থাপক সমিতিৰ(Film Finance Board) এজন সদস্য হিচাপে কাম কৰিছিল। ইয়াৰ উপৰিও তেখেত এজন শিল্পী ৰূপেও জনাজাত আছিল। তেখেতে বহুতো নাটক পৰিচালনা কৰিছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

অসীমত যাৰ হেৰাল সীমা
  1. কল্পনা আৰু বাস্তৱৰ আলম লৈয়ে সপোনৰ জন্ম। মানুহে সপোন দেখে, সপোনত কথা কয়, সপোনত হাঁহে, সপোনত কান্দেও — সি বাস্তৱৰে অসংলগ্ন পুনৰাভিনয়।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. কাঞ্চন বৰুৱা। অসীমত যাৰ হেৰাল সীমা

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: