অসীমত যাৰ হেৰাল সীমা (গ্ৰন্থ)
অৱয়ব
(অসীমত যাৰ হেৰাল সীমাৰ পৰা পুনঃনিৰ্দেশিত)
অসীমত যাৰ হেৰাল সীমা প্ৰয়াত ভুৱন মোহন বৰুৱাই কাঞ্চন বৰুৱা ছদ্মনামেৰে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস৷ এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰণ তথা জন্মান্তৰবাদৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৪৫ চনৰ ১৫ জুলাইত। অসমৰ আগশাৰীৰ থিয়েটাৰ গোষ্ঠী কহিনুৰ থিয়েটাৰে এই উপন্যাসখন ২০০৮ চনত মঞ্চস্থ কৰিছিল৷
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কল্পনা আৰু বাস্তৱৰ আলম লৈয়ে সপোনৰ জন্ম। মানুহে সপোন দেখে, সপোনত কথা কয়, সপোনত হাঁহে, সপোনত কান্দেও — সি বাস্তৱৰে অসংলগ্ন পুনৰাভিনয়।
- সংসাৰত সুখন আনন্দ, ঐশ্বৰ্য, প্ৰেম-প্ৰীতি সকলোবোৰেই কেৱল মায়া - দুৰ্ঘোৰ মায়া৷ বালি চাপৰিত বালিৰে সজা ফাকিৰ প্ৰসাদটোৰ দৰেই সকলো অসত্য৷[১]
- অদ্ভূত মনুহৰ জীৱনলৈ মোহ! নিজৰ প্ৰাণটোক, দেহটোক যে এনেকৈ ভালপাওঁ তাক আগতে জনা নাছিলোঁ৷[১]
- নিৰপৰাধ, নিঃসহায় এই শান্তিময় সুন্দৰ দেশখনক, তাৰ সুন্দৰ সুন্দৰ প্ৰাণীবোৰক বিনাদোষত কাটি-মাৰি জ্বলাই পুৰি ছাৰখাৰ কৰি দিলো, আৰু তাকে কৰিবলৈ গৈ আমাৰ বিৰাট দুৰ্জ্জেয় সৈন্যবাহিনী এটা ধংস হৈ গ’ল৷ হেজাৰ হেজাৰ ভাই-বন্ধুক এমুঠি মানুহৰ হাতত হেৰুৱালো..... বিনিময়ত কি পালো? সিহঁতৰ দেশখন ধংস কৰিলো সঁচা, কিন্তু তাৰ মানুহবোৰকতো জয় কৰিব নোৱাৰিলো৷[১]
চৰিত্ৰসমূহৰ সংলাপ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- অশোক
- শত্ৰু আমাতকৈ পৰাক্ৰমী হ’ব পাৰে, কিন্তু সিহঁতে নাজানে কমল নগৰৰ কি ল’ৰা, কি ছোৱালী সকলোৰে তেজৰ শক্তি কিমান - কি দুৰ্জ্জেয় সাহ! সিহঁতকো আমি উচিৎ শিক্ষা দিম৷ - - যিডোখৰ মাটিৰ অমৃত পান কৰি জন্মৰ পৰা আমি বাঢ়ি উঠিছো, সেই মাটিৰ সন্মান আমি আমৰা জীৱন দিও ৰক্ষা কৰিম - এয়ে আমাৰ প্ৰতিজ্ঞা৷ [১]
- ওপজা ঠাইখনলৈ প্ৰত্যেক মানুহে মোহ একোটা থাকে৷ তাক প্ৰথম উপলব্ধি কৰে যেতিয়া সি তাক হেৰুৱাব খোজে বা হেৰুওৱাৰ বহুত পাছত আকৌ ঘূৰাই পায়৷ [১]
- উমা
- গৌৰীৰ ৰথৰ সাৰথি মই আগতেই হৈছো৷ একেলগে দুখন ৰথৰ সাৰথি মই হ’ম কেনেকৈ? তুমি বৰঞ্চ তোমাৰ ৰথৰ সাৰথি নিজেই হোৱা৷ মই লাগিলে দেখুৱাই দিম কেনেকৈ আগবাঢ়িব লাগে৷ [১]
- ... মই নিশ্চিত হ’লো৷ মই সাজিব খোজা ঘৰখন ভাগি যায় বুলি মোৰ ভয় আছিল, বিশেষকৈ তোমাৰ (চন্দন) ফালৰ পৰা৷ দেখিছো, নিকিনা গোলামহাল তেন্তে মই নেহেৰুৱাওঁ......৷ [১]
- গৌৰী
- যিখন ঘৰত মোৰ জন্ম, যিখন ঘৰত সৰুৰে পৰা ডাঙৰ-দীঘল হ’লো, যিখন ঘৰ মোৰ মাৰ স্মৃতিৰে ভৰা, সেইখন ঘৰ মোৰ ওচৰত কিমান মৰমৰ তাক আনে কেনেকৈ বুজিব! [১]
- চন্দন
- বৰফৰ আবৰণত ঢাক খাই থকা নদীৰ তলৰ প্ৰখৰ সোঁতৰ দৰে চম্পায়ো ঢাকি ৰাখে মোৰ প্ৰতি চেনেহ-মৰমৰ সোঁত৷ মই জানো; গোটেই জীৱন চম্পাৰ চেনেহজালৰ মাজত নিজক ঋণী কৰিয়েই তুলিছো৷ [১]
- চম্পা
- শুনা, মোক যদি তুমি ভালপোৱা, মোৰ প্ৰতি যদি তোমাৰ অকণমানো মৰম-চেনেহ আছে তেন্তে মোক স্বভাৱ সলনি কৰিবলৈ কোৱাৰ পৰিৱৰ্তে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা যাতে চিৰদিনলৈ চম্পাৰ এই স্বভাৱ, এই চঞ্চলতা যেন অক্ষয় থাকে৷ চিৰদিন মই যেন পৰ্বতৰ বনৰীয়া জুৰিটিৰ দৰেই, ব্যাথাভৰা পৃথিৱীৰ নিষ্ঠুৰ শিলনিৰ ওপৰেদি নাচি নাচি চঞ্চল আনন্দত বৈ যাব পাৰোঁ৷ তাক শেষ কৰি নৈৰ লগত মিলি যাবলৈ, সাগৰৰ বুকুত হেৰাই যাবলৈ নক’বা দাদা৷ মই মাথোঁ বৈ যাম অনন্ত কাললৈ, মোৰ জীৱনৰ শেষ দিনলৈকে যেন এনে চঞ্চলতাৰেই মই বৈ যাব পাৰো৷ মোৰ এই স্বভাৱ, মোৰ এই বনৰীয়া চঞ্চলতা সিয়েই যে মোৰ জীৱনৰ একমাত্ৰ পাথেয় - একমাত্ৰ সম্পদ৷ যিদিনাই ইয়াৰ শেষ হৈ যাব, ঠিক জানিবা দাদা, সেইদিনাই তোমাৰ চম্পাৰো হ’ব মৃত্যু৷ [১]
- বনৰীয়া পখী, ভুল কৰি বন্দী হ’লোঁ সোণৰ সজাত৷ ভৰিত মোৰ ৰূপৰ শিকলিৰ বন্ধন৷ মুক্তি বিচাৰিলো - মূৰলীধৰে মোক মুক্ত কৰিলে ছিন্ন কৰি ৰূপৰ শিকলি৷ তাৰে এডোখৰ ৰৈ গ’ল ভৰিৰ লগত৷ সময়ে সময়ে সি মোক সোঁৱৰাই দিয়ে মোৰ বন্দী জীৱনৰ কথা৷ কিন্তু দাদা, সি মোৰ দুখৰ শিকলি নহৈ সুখৰ নূপুৰোতো হ’ব পাৰে-- [১]
- দেশ এখনৰ মানুহবোৰৰ ওপৰত আধিপত্য কৰিবলৈ যেনেকৈ এজন ৰজা থাকে, আৰু এই ৰজাৰ ওপৰত আধিপত্য কৰিব পৰা ভগৱানো থাকে, ঠিক তেনেকৈ মানুহৰ সকলো অংগ-প্ৰত্যংগৰ ওপৰত- প্ৰত্যেক ৰিপুৰ ওপৰত আধিপত্য কৰিবলৈ আন এজন ৰজাও থাকে৷.....মানুহৰ মনটোৱেই হ’ল মানুহৰ দেহটোৰ ৰজা, কিন্তু এই ৰজাৰ ওপৰত আধিপত্য কৰিব আনকি ভগৱানেও নোৱাৰে৷ কি ভাল, কি বেয়া, সকলোৰে সীমা পাৰ হৈয়ো ভাবিব পৰা অবাধ স্বাধীনতা তাৰ সীমাহীন- তাৰ ওপৰত কৰ্তৃত্ব কৰিব পৰা শক্তি তোমাৰ নাই, মোৰ নাই, কাৰোৱেই নাই৷ [১]
- মূৰৰ ওপৰত থকা সৌ নীলা আকাশৰ লক্ষ লক্ষ তৰাবোৰলৈ চাই এই বিৰাট বিশ্বব্ৰহ্মাণ্ডক কল্পনা কৰি ভাবচোন তোমৰ মোৰ দৰে ক্ষুদ্ৰ মানুহৰ জীৱনৰ কথা! কিমান তুচ্ছ, কিমান ক্ষণস্থায়ী আমি৷ [১]
- আত্মা অমৰ, আত্মা চিৰকালৰ, গতিকে আমিও অমৰ, আমিও চিৰকালৰ......পুৱাৰ পৰা গধূলিলৈকে দিনটোৰ ভিতৰত আমি দহবাৰ বেলেগ বেলেগ পোছাক সলালেও সেই পোছাকৰ মাজত থকা আমি আমিয়েই হৈ থাকো৷ [১]
- মায়া
- মই মাটিৰ পৃথিৱীৰ মানুহ৷ কল্পনাৰ ৰাজ্যত সুখ বিচাৰি কোনোদিনেই ফুৰা নাছিলো৷ স্বৰ্গৰ কল্পনা কৰিছিলোঁ সঁচা, কিন্তু সিও এই মাটিৰ পৃথিৱীৰ মাজতে মোৰ জীৱনত পাব পৰা এটা নিৰ্দিষ্ট সীমাৰ মাজত৷ সীমাহীন সুখ সৌন্দৰ্য্যক কল্পনা কৰি, তাক এই পৃথিৱীৰ মাজত পাবলৈ আশা কৰা দুঃসাহস , মূঢ়তা মোৰ কোনোকালে নাছিল৷ মই যি বিচাৰিছিলোঁ, যি ভাবিছিলো, যি কল্পনা কৰিছিলো, ইয়াতেই সেই সকলো মই পাইছো, বিচৰাতকৈ বেছিকৈয়ে পাইছো৷ [১]