হৃদয় এক বিজ্ঞাপন (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা
(হৃদয় এক বিজ্ঞাপনৰ পৰা পুনঃনিৰ্দেশিত)

হৃদয় এক বিজ্ঞাপন হৈছে অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা প্ৰথমখন উপন্যাস। উপন্যাসখন ১৯৯৮ চনত ষ্টুডেণ্টচ্ ষ্ট'ৰচ্ প্ৰকাশনে গ্ৰন্থাকাৰে প্ৰথম প্ৰকাশ কৰি উলিয়ায়। একো একোজন ব্যক্তিৰ মনৰ মাজত চলি থকা প্ৰেম, বিষাদ, বিদ্বেষ, অন্তৰ্দ্বন্দ্ব আদি অনুভৱসমূহক লেখিকাই ভাস্বতী, প্ৰয়াগ, মহুৱা, চিন্ময় আদি চৰিত্ৰসমূহৰ যোগেদি উপন্যাসখনত প্ৰস্ফুটিত কৰি তুলিছে।[১]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. জীৱন মানেই প্ৰকৃতি। সাগৰৰ গভীৰতা অনুভৱ নকৰাজনে হৃদয়ৰ গভীৰতা অনুভৱ কৰিবনে? আকাশ নোচোৱাজনৰ থাকিবনে হৃদয়ৰ বিশালতা, জীৱনৰ ৰং? পাহাৰ বগাবলৈ মন নোযোৱাজনৰ জীৱনৰ উচ্চাকাংক্ষা থাকেনে? ভৰা লুইতৰ হাত নাৱত বৰদৈচিলা লগ পোৱাজনে জীৱনৰ আন বিঘিনিলৈ ভয় কৰিবনে? বহাগৰ প্ৰথম বৰষুণজাকত তিতিবলৈ যিজন জীৱনত এবাৰো ঢপলিয়াই যোৱা নাই, তেওঁ যৌৱন চিনি পায়নে? [২]
  2. বয়সৰ ওচৰত মনৰ ৰঙক হাৰ মানিবলৈ নিদিয়াজনহে প্ৰকৃত জীৱন আৰু যৌৱনৰ উপাসক।[৩]
  3. প্ৰত্যেক মানুহৰ চৰিত্ৰবোৰ 'তেওঁ তেনেকুৱাই' বুলি এৰি দিব পাৰিলে মানুহৰ সম্পৰ্কবোৰেই সহজ হৈ পৰে।[৪]
  4. যেতিয়াই যিকোনো কথা শুদ্ধভাৱে ধাৰণা কৰাৰ ক্ষমতা হ'ব তোমাৰ, তুমি আৰু জীৱনত পিছলৈ উভতি চাব নালাগে কেতিয়াও।[৫]
  5. ইতিহাসক যি শ্ৰদ্ধা নকৰে, ইতিহাস গৰকি অহা মানুহক যি শ্ৰদ্ধা কৰিবলৈ নিশিকে, তেনে জাতি নপুংসকৰ বাদে একো নহয়।[৬]
  6. প্ৰত্যেক মানুহৰ মাজত কিজানি বাস কৰে এটা যাযাবৰী মন। তাক কঠোৰ অনুশাসনেৰে শৃংখলিত কৰা হয় মাথোন।[৭]
  7. ইতিহাসক ঘুৰি চাই বৰ ভাল লাগে। কেতিয়াবা নিজৰ ওপৰতে ধিক্কাৰ হয়, আমি একোৱেই দিব নোৱাৰিলো। মানুহলৈ, জাতিলৈ যে মৃত্যুৰ পাছতো কোনোবাই আমাক হৃদয়েৰে সুঁৱৰিব।[৮]
  8. নিস্বাৰ্থ আত্মসন্তুষ্টিয়ে মানুহক সাহসী কৰে, মানুহৰ প্ৰতি শ্ৰদ্ধাবোধৰ জন্ম দিয়ে।[৯]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. গ্ৰন্থ: হৃদয় এক বিজ্ঞাপন; লেখিকা: অনুৰাধা শৰ্মা পূজাৰী; দ্বাদশ সংস্কৰণ: আগষ্ট,২০২৩; প্ৰকাশন: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্।
  2. হৃদয় এক বিজ্ঞাপন ২০২২, পৃষ্ঠা. ১৮.
  3. হৃদয় এক বিজ্ঞাপন ২০২২, পৃষ্ঠা. ২৫.
  4. হৃদয় এক বিজ্ঞাপন ২০২২, পৃষ্ঠা. ৬২.
  5. হৃদয় এক বিজ্ঞাপন ২০২২, পৃষ্ঠা. ৭৬.
  6. হৃদয় এক বিজ্ঞাপন ২০২২, পৃষ্ঠা. ৮৭.
  7. হৃদয় এক বিজ্ঞাপন ২০২২, পৃষ্ঠা. ৮৮.
  8. হৃদয় এক বিজ্ঞাপন ২০২২, পৃষ্ঠা. ৯২.
  9. হৃদয় এক বিজ্ঞাপন ২০২২, পৃষ্ঠা. ১১০.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]