সমললৈ যাওক

ৰীতা চৌধুৰী

ৱিকিউদ্ধৃতিৰ পৰা

ড॰ ৰীতা চৌধুৰী (জন্ম:১৭ আগষ্ট,১৯৬০) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক।[১][২] মাকাম, দেওলাংখুই, পপীয়া তৰাৰ সাধু, মায়াবৃত্ত ইত্যাদি তেওঁৰ উল্লেখযোগ্য সাহিত্যিক অৱদান৷ তেখেতে ২০১৫ চনৰ জুলাই মাহৰ পৰা ২০২০ চনৰ জানুৱাৰী মাহলৈ নেচনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷[৩] তেওঁৰ জন্ম হৈছিল অৰুণাচল প্ৰদেশৰ টিৰাপত। পিতৃৰ নাম বিৰজানন্দ চৌধুৰী। তেওঁ সম্প্ৰতি কটন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে৷

মাকাম

  1. মই এই কাহিনীৰ স্ৰষ্টা নহওঁ।
    নিৰুপায় হেজাৰ মানুহৰ বুকুৱে বুকুৱে লুকাই থকা এক বিষাদৰ মহাকাব্যৰ মই এজন অক্ষম ৰূপকাৰ মাত্ৰ।[৪][৫]
  2. ঘিণ নকৰিবা। এখন দেশ আৰু এখন দেশৰ সকলো মানুহ কেতিয়াও বেয়া হ’ব নোৱাৰে। যি ঘটিছিল সেয়া আমাৰ দুৰ্ভাগ্য আছিল।[৬]
  3. আমি জীয়াই থাকিব লাগিব। আমি ইয়াতেই জীয়াই থাকিব লাগিব। টিনৰ খনিত কাম কৰা দিনবোৰলৈ মনত পেলাচোন। তাতকৈ ইয়াত আমি বহুত ভালে আছো। ইয়াত আমাৰ কামৰ দাম আছে। ভালকৈ কাম কৰিলে আমি ইয়াত ভালদৰে চলিব পৰা হ’মগৈ। এইখনকেই আমাৰ নিজৰ ঠাই বুলি ভাবিবৰ চেষ্টা কৰ। এদিন তই ঘৰলৈ যাব পাৰিবি। সঁচাকৈ পাৰিবি। কানি খাবলৈ এৰি দে আহ্‌চিন। যিমান পাৰ পইচা জমা। পইচা জমাব পাৰিলেহে তই ঘৰলৈ যাব পাৰিবি৷[৭]
  4. লিখি নথ’লে লাহে লাহে চব হেৰাই যায়৷[৮]
  5. কালিলৈকে সঁচা বুলি ভাবি থকা বহুত কথা হঠাতেই মিছা হৈ পৰিছে। হঠাতেই অচিনাকি হৈ পৰিছে আত্মীয় বুলি ভবা বহুত মানুহ। হঠাতেই নিজক বহিৰাগত হিচাপে আৱিষ্কাৰ কৰিছে লিয়াঙে। এইখন দেশতেই জন্ম হৈছিল লিয়াঙৰ। বুজা হোৱাৰে পৰা এইখন দেশকেই নিজৰ বুলি জানি আহিছে। নিজৰ বুলি ভাবি আহিছে এইখন সমাজক কেতিয়াও নিজকে বাহিৰৰ মানুহ বুলি অনুভৱ কৰা নাছিল। সেই বিশ্বাস, সেই ধাৰণা, সেই অনুভৱ এক আকস্মিক আঘাতত থান-বান হৈ পৰিব খুজিছে। এই অচিনাকি আৱেগে, অচিনাকি অভিমানে বিপৰ্যস্ত কৰি তুলিছে লিয়াঙক। ইফালে সিফালে ওলাই গ’লে মানুহবোৰক যেতিয়া ঘূৰি ঘূৰি চোৱা দেখে, যেতিয়া মানুহৰ মুখৰ পৰা উফৰি অহা কঠিন মন্তব্যবোৰ শুনে—কাকো ক’ব নোৱৰা কষ্টত ছট্‌ফটাই উঠে লিয়াঙ৷ আকৌ যেতিয়া পুলকহঁতক লগ পায় তেতিয়া ভাব হয় ক’তো যেন একো পৰিৱৰ্তন হোৱা নাই— সকলো যেন ঠিকেই আছে।[৯]
  6. মনৰ কথা ক’বলৈ ভাষাৰ অভাৱ। দুখবোৰে গধুৰ শিলৰ দৰে বাট ভেটি ধৰিছে। কেনেকৈ কওঁ তোমাক— কেনে আছো। মই জানো তুমি কেনে আছা। জানো কাৰণেই মৰি যাব ধৰিছোঁ। ঘৰৰ মানুহে কৰা অপৰাধে জুই হৈ মোক দহি আছে। বাট বিচাৰি বিচাৰি হাবাথুৰি খাইছোঁ। বাট ওলাব। নিশ্চয় ওলাব। তোমাক কোনেও মোৰ পৰা কাঢ়ি নিব নোৱাৰে। কোনেও। তুমি মাত্ৰ গুচি যাওঁ বুলি নক’বা। তুমি নাথাকিলে মই কেনেকৈ জীয়াই থাকিম মেইলিন? আত্মা কাঢ়ি নিলে মানুহ জানো জীয়াই থাকিব পাৰে?[১০]
  7. ভাৰতৰ মাটিত পোত খাই থকা শিপা জানো উঘালি আনিব পাৰি? দলিয়াই থৈ আহিব পাৰি জানো নিজৰ অতীত? ভাৰতৰ মাটি-পানীৰে পুষ্ট জীৱনৰ পৰা পৃথক কৰিব পাৰি জানো নিজৰ অস্তিত্ব?[১১]

মায়াবৃত্ত

  1. পানী নৰৰূপ পৰমাত্মাৰ সন্তান। সেই কাৰণে পানীক নাৰা বুলি কোৱা হয়। সেই নাৰা পৰমাত্মাৰ প্ৰথম নিবাসস্থান। সেয়ে পৰমাত্মাৰ নাম 'নাৰায়ণ'।[১২]
  2. মানুহ সদায় নাৰিকলৰ দৰে হ'ব লাগে। নাৰিকলৰ ভিতৰৰ পানীখিনিক কাকো চুবলৈ দিব নালাগে। চুবলৈ দিলে নাৰিকলটো ফালি পেলাব লাগিব। ফালি পেলালে সেই নাৰিকলৰ পৰা আৰু কেতিয়াও গছ নগজে। সেই নাৰিকলক আৰু ঘটত থৈ কোনেও পূজা নকৰে।[১৩]
  3. তেজীমলাক মাকে ঢেঁকীত খুন্দি মাৰিলে, তেজীমলা লাউগছ হৈ গজিল। লাউগছ কাটি পেলালে জৰাগছ হৈ গজিল। জৰাগছ কাটি পেলালে পদুম হৈ গজিল, তাৰ পিছত পদুমৰ পৰা আকৌ তেজীমলা হ'ল। তেজীমলাক মাৰিব নোৱাৰিলে- কাৰণ তেজীমলাই জীয়াই থাকিব খুজিছিল। জীয়াই থাকিম বুলি ঠিক কৰা মানুহক কোনেও মাৰিব নোৱাৰে।[১৪]
  4. ডাঙৰ কথা ভাবিবি। ডাঙৰ কাম কৰিবি। ডাঙৰকৈ জীয়াই থাকিবি। পোক-পৰুৱাৰ দৰে জন্ম হৈ পোক-পৰুৱাৰ দৰে কোটি কোটি মানুহ মৰি যায়। আমি চবেই মৰিম। কিন্তু ভালকৈ জীয়াই থাকি মৰিব লাগে।[১৫]
  5. উপেক্ষাৰ সমান শক্তি নাই।[১৬]
  6. প্ৰতিজন ব্যক্তিৰ নিজা একোখন পৃথিৱী আছে। সেই পৃথিৱীৰ পৰা তেওঁ বাহিৰৰ পৃথিৱীলৈ চায়। সকলো কথা তেওঁ সেই পৃথিৱীৰ উচ্চতা আৰু দৃষ্টি অনুসাৰে দেখে। সেই পৃথিৱী অনুসাৰে বুজে। মই পৃথিৱীলৈ আকাশৰ সমান ওখৰ পৰা চাম। মই জীৱনক সাগৰৰ দৰে গভীৰকৈ বুজিম। ৰহস্যময় জীৱনক উদ্ঘাটন কৰি, চেষ্টা কৰিম অৰ্থপূৰ্ণ জীৱনৰ গৰাকী হ'বলৈ।[১৭]
  7. সাধাৰণ জীৱনতকৈ ওপৰৰ, মনুষ্য জীৱন। দেৱত্বলৈ নহয়, মই উন্নীত হ'ব বিচাৰোঁ মনুষ্যত্বলৈ।[১৮]
  8. সংগী হ'বলৈ আত্মাৰ বন্ধুত্বৰ প্ৰয়োজন। শৰীৰ ক্ষয় হৈ গʼলেও আত্মাৰ বন্ধুত্বৰে প্ৰেম জীয়াই থাকে। মানুহে ভাৱে সংসাৰৰ বাবে প্ৰেমৰ প্ৰয়োজন। মোৰ মতে বন্ধুত্বহে প্ৰাথমিক। প্ৰেম বন্ধুত্বনিৰ্ভৰ। বন্ধুত্বহীন প্ৰেম এটা হ'ৰমনেল ইল্যুজন মাত্ৰ। এটা শৰীৰনিৰ্ভৰ অনুভৱ। অস্থায়ী। হ'ৰমনৰ নিঃসৰণৰ লগত জড়িত তাৰ জন্ম-মৃত্যু। আৰু একো নহয়।[১৯]
  9. কেতিয়াবা হৈ যায়। সৰু সৰু কথাই জীৱনৰ গতি সলনি কৰি দিয়ে। সৰু শব্দটো ৰিলেটিভ। আনৰ দৃষ্টিৰে চাই সৰু বুলি ভবা যায়, নিজৰ কাৰণে তাতকৈ ডাঙৰ হয়টো আৰু একো নাই।[২০]
  10. ভাৱিছিলোঁ, মানুহেনো কিয় আনৰ দুখৰ কাহিনী পঢ়ি, চকুপানী টুকি ইমান ভাল পায়। আজিকালি ভাব হয়, মানুহে আচলতে সেইবোৰ দুখৰ সৈতে নিজৰ ভিতৰৰ কষ্টবোৰ একাকাৰ কৰি পেলায়। মানুহে আচলতে নিজৰ কাৰণে কান্দে। কান্দি মনৰ বোজা নমায়।[২১]
  11. মই যেতিয়া কষ্টৰ ওচৰত হাৰি যাবলৈ ধৰিছিলো তেতিয়া মই আনৰ ডাঙৰ ডাঙৰ দুখবোৰলৈ চাইছিলো। হাৰি যোৱা সহজ। দুখৰ ওচৰত আত্মসমৰ্পণ কৰি জীৱনটো খৰচ কৰি দিয়া সহজ। মৰি যোৱাও সহজ। মৃত্যুটো হাতৰ ওচৰতে আছে। যেতিয়াই মন যায় তেতিয়াই মৰি যাব পাৰি। কিন্তু মৰিম কিয়? এঘড়ী যুঁজাত আপত্তি কি?[২২]
  12. অহিংসাৰ পথ যেতিয়া ল'বা, কোনোবাই স্বীকৃতি দিব আৰু ভাল পাব বুলি আশা নকৰিবা। এইটো তোমাৰ নিজৰ দায়বদ্ধতা। অহিংসাৰ পথত লোৱা মানে আত্মৰক্ষা নকৰাটো নুবুজায়। তোমাক মই খুটিবলৈ মানা কৰিছিলোঁ। ফণা তুলিবলৈ মানা কৰা নাছিলো। ফণা তুলিবা। সময়ত, প্ৰয়োজনত ফণা দেখুৱাবা। কিন্তু নুখুটিবা। এয়াহে অহিংসাৰ পথ। অহিংসা মানে অশুভ শক্তিৰ ওচৰত আত্মসমৰ্পণ নহয়। নিজে ভালে থাকিব লাগিব। জীব লাগিব। অহিংসও হ'ব লাগিব।[২৩]
  13. ভগৱানে নিজৰ পিছতে চেতনাৰ দ্বিতীয় স্তৰ মানুহকে দিছে। মানুহৰ জ্ঞানেন্দ্ৰিয় আৰু কৰ্মেন্দ্ৰিয়সমূহ ইমানে সমৰ্থ যে মানুহক সৃষ্টিৰ আটাইতকৈ সমৰ্থ বুলি ক'ব পাৰি। মাত্ৰ কায়া আৰু ভৌতিক জগততে নহয়, অদৃশ্য ক্ষেত্ৰ ৰূপে জনা সূক্ষ্ম জগততো মানুহৰ অসাধাৰণ অধিকাৰ আছে। মানুহ ভ্ৰাম্যমাণ দেৱতা। মানৱ সত্ত্বাক দেৱদুৰ্লভ বুলি কোৱা হয়। ক্ষুদ্ৰাতিক্ষুদ্ৰ পৰমাণুত যেনেকৈ এক সামগ্ৰিক গ্ৰহপিণ্ডৰ শক্তি থাকে তেনেকৈ মানুহৰ কায়াত সিমানেই গোলক আছে যিমান বিশ্ব ব্ৰহ্মাণ্ডৰ তৰা, গ্ৰহ-উপগ্ৰহত। সংসাৰখন জড় পদাৰ্থৰে নিৰ্মিত হৈছে। ইয়াত ভাল আৰু বেয়া বুলিবলৈ একো নাই। সেইবোৰৰ সুখ আৰু দুখৰ অনুভূতি মানুহে নিজে গঢ়ি লয়। পাপ-পুণ্য পদাৰ্থই সৃষ্টি নকৰে। সেইবোৰৰ সুপ্ৰয়োগ আৰু অপপ্ৰয়োগৰ পৰাহে পুণ্য আৰু পাপৰ ধাৰণাৰ সৃষ্টি হয়। বিবেচনা, নিষ্ঠা, দায়িত্ব আৰু সাহস -এয়াই হ'ল চাৰি বিভূতি। শ্ৰম, আত্মবিশ্বাস, মমতা, সহানুভূতি, সাহস, প্ৰসন্নতা, মানসিক সন্তুলন এইবোৰেই মহাজীৱনৰ সমল। মহাজীৱনৰ সম্ভাৱনা সকলোৰে ভিতৰত থাকে। প্ৰশিক্ষণ আৰু অভ্যাসেৰে বিকাশ কৰিব পাৰি। নিজৰ সমীক্ষা কৰোৱা। দোষ-গুণ বাছি উলিওৱা। সৰু সৰু বেয়া অভ্যাসেৰে আৰম্ভ কৰি নিজক পৰিশুদ্ধ কৰা। পৰিৱৰ্তনশীল পৰিস্থিতিৰ সাহসেৰে মুখামুখি হোৱা। নিৰ্বাপিত বন্তিক যদি প্ৰজ্জ্বলিত কৰিব খোজা নিজে প্ৰজ্জ্বলিত বন্তি হোৱা।[২৪]
  14. মোক এন্ধাৰলৈ ঠেলি নিদিবা। মোক অসত্যলৈ ঠেলি নিদিবা। মোক মৃত্যুলৈ ঠেলি নিদিবা। মহাজীৱনৰ পথেৰে মোক যাবলৈ দিয়া। মোক উৰিবলৈ দিয়া উদাৰ আকাশত। ভাল পাবলৈ দিয়া প্ৰকৃতিক, অৰণ্যক, নদীক, সকলোকে...[২৫]

বিভ্ৰান্ত বাস্তৱ

  1. সকলো মানুহে নিজৰ ভিতৰত কঢ়িয়াই ফুৰে বাস্তৱৰ আঁৰৰ বাস্তৱ।যি বাস্তৱ কেতিয়াও কাকো দেখুওৱা নাযায়,কেতিয়াও কাকো কোৱা নযায়।নিজৰ ভিতৰত নিশ্চুপ হৈ থাকে মৃত্যুৰ এন্ধাৰত হেৰাই যোৱা কিছু অনুচ্চাৰিত সত্য।[২৬]
  2. সাফল্যৰ সৈতেই ঢৌ আহে শ্ৰদ্ধা,প্ৰশংসা আৰু সমাজৰ আগশাৰীৰ আসন।সফলতা-বিফলতাৰ সৈতেই সনাসনি থাকে পোহৰ আৰু অন্ধকাৰ।সফলতা যেন এখন ৰঙীন আয়না,যাৰ মাজেদি পোহৰ সৰকি ৰঙীন কৰি তোলে বৰ্ণহীন চৌপাশ।[২৬]
  3. সাফল্য যদি নাই,আৰু একো নাই।আনকি ভালপোৱাও নাই।[২৬]
  4. ভালপোৱাত জানো প্ৰশ্নৰ ঠাই থাকে?ভালপোৱাত জানো থাকে অভিমানৰ নামত আঘাত দিয়া হিংস্ৰতা?ভালপোৱা জানো মৃত্যুৰ পৰা ঘূৰাই আনিব পৰা প্ৰাণদায়িনী শক্তি নহয়?[২৬]
  1. Literary feats lauded. প্ৰকাশক: The Assam Tribune ((Monday, December 29, 2008)). Archived from the original on 2012-02-19. আহৰণ কৰা হৈছে: 2009-10-22.
  2. Chowdhury, Narzary given Akademi award. প্ৰকাশক: The Assam Tribune ((Wednesday, February 18, 2009)). Archived from the original on 2012-02-19. আহৰণ কৰা হৈছে: 2009-10-22.
  3. Chowdhury new NBT Director (2015-07-16). আহৰণ কৰা হৈছে: 2015-07-17.
  4. মাকাম 2015, পৃষ্ঠা. 11.
  5. মাকাম 2015, পৃষ্ঠা. 576.
  6. মাকাম 2015, পৃষ্ঠা. 20.
  7. মাকাম 2015, পৃষ্ঠা. 108.
  8. মাকাম 2015, পৃষ্ঠা. 181.
  9. মাকাম 2015, পৃষ্ঠা. 311-312.
  10. মাকাম 2015, পৃষ্ঠা. 474.
  11. মাকাম 2015, পৃষ্ঠা. 499.
  12. মায়াবৃত্ত 2019, পৃষ্ঠা. 57.
  13. মায়াবৃত্ত 2019, পৃষ্ঠা. 60.
  14. মায়াবৃত্ত 2019, পৃষ্ঠা. 79.
  15. মায়াবৃত্ত 2019, পৃষ্ঠা. 93.
  16. মায়াবৃত্ত 2019, পৃষ্ঠা. 149.
  17. মায়াবৃত্ত 2019, পৃষ্ঠা. 150.
  18. মায়াবৃত্ত 2019, পৃষ্ঠা. 151.
  19. মায়াবৃত্ত 2019, পৃষ্ঠা. 215.
  20. মায়াবৃত্ত 2019, পৃষ্ঠা. 337.
  21. মায়াবৃত্ত 2019, পৃষ্ঠা. 363.
  22. মায়াবৃত্ত 2019, পৃষ্ঠা. 439.
  23. মায়াবৃত্ত 2019, পৃষ্ঠা. 448.
  24. মায়াবৃত্ত 2019, পৃষ্ঠা. 453.
  25. মায়াবৃত্ত 2019, পৃষ্ঠা. 289.
  26. ২৬.০ ২৬.১ ২৬.২ ২৬.৩ বিভ্ৰান্ত বাস্তৱ.
  • চৌধুৰী, ৰীতা (2019)। মায়াবৃত্ত। জ্যোতি প্ৰকাশন।
  • চৌধুৰী, ৰীতা (2015)। মাকাম। জ্যোতি প্ৰকাশন।
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: