সমললৈ যাওক

ঈয়াৰুইঙ্গম (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা
(ঈয়াৰুইঙ্গমৰ পৰা পুনঃনিৰ্দেশিত)

ইয়াৰুইঙ্গম অসমীয়া ভাষাৰ এখন উপন্যাস। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এই উপন্যাসৰ ৰচয়িতা। দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰতৰ স্বাধীনতা লাভৰ কালছোৱাৰ আগে-পিছে টাংখুল নগা সমাজলৈ অহা বিভিন্ন ঘাত-প্ৰতিঘাতৰ কাহিনী এই উপন্যাসত বৰ্ণিত হৈছে। ঈয়াৰুইঙ্গম উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠী ভিত্তিক উপন্যাসসমূহৰ মাজত অন্যতম। এই উপন্যাসৰ বাবে ঔপন্যাসিকগৰাকীয়ে ১৯৬১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ১৯৬০ চনত উপন্যাসখনি প্ৰথম প্ৰকাশিত হৈছিল।

  1. সি যুদ্ধৰ সৃষ্টি; তায়ো যুদ্ধৰ সৃষ্টি৷ তাৰো কামনা আছে; তাইৰো কামনা আছে৷ বচ্ আৰু কি লাগে? নাই, নাই পৃথিৱীখনক আৰু বহুত কিবাকিবিৰ দৰকাৰ৷ আকাশ বতাহ হাবি নৈ এইবোৰৰ দৰেই প্ৰয়োজন প্ৰেম আৰু শান্তিৰ৷[১]
  2. স্বাধীনতাৰ ভাবটো ভাল৷ কিন্তু সেই ভাবটোৱেই জীৱনৰ নামান্তৰ নহয়৷ প্ৰেম শান্তি আদি স্থায়ী মূল্যবোৰৰ পোহৰতহে জীৱনৰ সাৰ্থক ৰূপ ফুটি উঠে আমাৰ চকুত৷[১]
  3. এদিন সকলো পাপীয়েই, সকলো পাপী দেশেই অনুতাপ কৰিব লাগিব৷ পৃথিৱীৰ মানুহে এফালে যেনেকৈ প্ৰবল মাৰণাস্ত্ৰ তৈয়াৰ কৰিছে, আনফালে তেনেকৈ তৈয়াৰ কৰিছে প্ৰেমৰ মহাস্ত্ৰ৷ [১]
  4. জীৱনৰ প্ৰয়োজন যি মুহূৰ্ততে শেষ হ’ল বুলি তাৰ ধাৰণা হ’ল, ঠিক সেই মুহূৰ্ততে সি আৱিষ্কাৰ কৰিলে, পৃথিৱীত জীৱনৰ এনে সুবৃহৎ প্ৰয়োজন আছে, তাৰ তুলনাত এই ক্ষুদ্ৰ প্ৰয়োজনবোৰ একোৱেই নহয়৷ যি তাক বচাই এই প্ৰয়োজনৰ সন্ধান দিলে, তাক সি অনুগত্য দিয়াত একো অসুবিধা বোধ নকৰিলে৷[১]
  5. দেহ চাই এটা মানুহৰ চৰিত্ৰ বুজিব নোৱাৰি৷ আচল চৰিত্ৰ কামত ফুটি ওলায় আৰু ভাবত-৷[১]
  6. মাকৰ মৰাশটো ভিতৰতে আছে৷ গভীৰ বেদনা সৈতে এটা গভীৰ ঔদাসীন্য মিলাই সি সম্মুখৰ পৃথিৱীখন এক নিৰ্লিপ্ত দৃষ্টভঙ্গীৰে চাই ৰ’ল৷ তাৰ অনুমান হ’ল, জীৱন সম্পূৰ্ণৰূপে অৰ্থহীন আৰু বিষাদময় এক বাৰিষা, তাত মাজে মাজে যুদ্ধ আৰু দুৰ্দম্য সাহসী ব্যক্তিয়ে কৰা বিদ্ৰোহেৰে অলপ ৰহণ সানি যায়; সেই অপূৰ্ব মুহূৰ্ততহে দেহ-মনৰ প্ৰবৃত্তিবোৰে এক আত্মপ্ৰকাশৰ পথ বিচাৰি পায়৷ বাকীবিলাক মুহূৰ্তত কেৱল সি সহজ জন্ম, মৃত্যু, বিবাহ, শিক্ষাৰ এক অপৰিৱৰ্ৰনীয় আৰু তুচ্ছ ৰূপত ফুটি উঠে৷ সি তেতিয়া গাঁওখনৰ সকলোৰে ওপৰত আস্থা হেৰুৱাইছিল৷ একান্ত মনেৰে কেৱল ভাবিছিল তাৰ শূন্য আৰু অৰ্থহীন জীৱনৰ পিচৰ পদক্ষেপৰ কথা৷ মাক মৰাৰ লগে লগে তাৰ মাটি-বাৰী, ঘৰ-দুৱাৰৰ প্ৰতি মোহ নাইকিয়া হ’ল৷ ছিন্নমূল প্ৰাণে বিচাৰিলে এক ৰোমাঞ্চকৰ আশ্ৰয়৷[১]
  7. মহত্তৰ প্ৰেম কি? যি প্ৰেমে প্ৰেমাস্পদৰ বাবে জীৱন দান দিবলৈ শিকায়, সেই প্ৰেম মহত্তৰ প্ৰেম৷[১]
  8. ভিডেচেলীয়ে এইবাৰ হাঁহিবলৈ ধৰিলে৷ হঠাতে তাৰ কপালৰ গাঁঠি থুপ খালে আৰু সি কৈ গ’ল, “মোক এখন ৰাজ্য লাগে য’ত সোমালে মানুহে অনুভৱ কৰে নগা হৈ ওপজাৰ মানে কি?"মই নগা হ’ব নোখোজো ভিচেডেলী৷ মই মানুহ হ’ব খোজো৷"[১]
  9. মানুহে কেৱল নিজৰ কৰ্তব্য কৰি যাব লাগে, যিদৰে গ্ৰহ-তৰাবোৰে নিজৰ কাম কৰি যায় আপোন কক্ষত৷ তাৰবাবে কোনেও কাৰো প্ৰশংসা বা নিন্দাৰ আশা কৰা উচিত নহয়৷[১]
  10. এদিন ফৰাচী বিপ্লৱ কৰিছিল মানুহে, আন এদিন কৰিছে ৰুছ বিপ্লৱ৷ তথাপি মানুহ সম্পূৰ্ণৰূপে স্বাধীন নহ’ল৷ ফৰাচী বিপ্লৱে জন্ম দিলে নেপোলিয়নক আৰু ৰুছ বিপ্লৱে জন্ম দিলে ষ্টেলিনক; যুগে যুগে বিপ্লৱ প্ৰতাৰিত হৈছে তৰোৱালৰ চোকা ধাৰত আৰু যুগে যুগে মানুহে তৰোৱালৰ বলত স্বাধীনতাক ৰাষ্ট্ৰৰ সীমাৰ চৌহদত সীমাৱদ্ধ কৰি ৰাখিছে৷ সাধাৰণ মানুহে এনে স্বাধীনতা কেতিয়াও বিচৰা নাছিল আৰু আজিও নিবিচাৰে-- সিহঁতে বিচাৰে জীয়াই থকাৰ স্বাধীনতা, শান্তিৰ অবিচ্ছিন্ন সৃষ্টি...৷[১]
  1. ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য (২০১৪)। ইয়াৰুইঙ্গম। চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা:৩১৯,৩০৭, ৪৯, ১০১, ৮৫, ৭৪, ২৫৭, ২৬৫, ২৮৪, ৩০৮,।